Sunday, 25 May 2014

ৰিজাৰ্ভ লগা

এজনৰ ২৮২ খন বাপুকনৰ আকৌ ৫০তকৈ কম ৷
বাপুকনে ভাবি পোৱা নাই কেনেকৈ এনে হ‘ব পালে ৷
বাপুকনে নভবাই ভাল ৷

আমিবোৰেই ভাবি আছো, ‘‘কেনেকৈ হ‘ব পালে ?’’

মই ভাবি ভাবি পালো গৈ ‘‘ৰিজাৰ্ভ লাগিল’ ৷

বাপুকনে এইবোৰ বুজি নাপাব ৷
তেওঁনো কেতিয়া বাজাজ ছুপাৰ চলাই পাইছে ?

বাজাজ ছুপাৰ চলোৱা সকলে জানে কথাটো ৷
তেল শেষ হোৱাৰ আগে আগে ৰিজাৰ্ভ লাগে ৷
তেতিয়া তেল ভৰাব লাগে নিয়মমতে ৷
সাধাৰণতে আমাৰ দৰে সাধাৰণ মানুহৰ তেল ভৰোৱা নহয় ৷
কিন্তু আমাৰ বাজাজ ছুপাৰ চলি থাকে ৷
উপায় এটা আছে ৷

টিকাটো দাঙি প্ৰথমে বাওঁ ভৰিটো মাটিত থৈ বাজাজ ছুপাৰখন বাওঁ কাটি কৰি দিব লাগে ৷
তাৰ পাছত সোভৰিটো মাটিত থৈ বাজাজ ছুপাৰখন সো কাটি কৰি দিব লাগে ৷

তাৰ পাছত কিক মাৰি দিব লাগে ৷

ভাগ্য ভাল থাকিলে ষ্টাৰ্ট হ‘ব ৷
যদি হয় পোনে পোনে পেট্ৰল পাম্পলৈ গৈ ১০ টকাৰ তেল ভৰাই ল‘ব ৷

যদি ভাগ্য বেয়া তেতিয়া ষ্টাৰ্ট নহ‘ব ৷
তেতিয়া ঠেলি ঠেলি পেট্ৰল পাম্প গৈ থাকিব লাগে ৷

বাপুকনৰো সেয়ে হৈছে ৷
তেওঁ কিক মাৰি চাব লাগে ৷
যদি ষ্টাৰ্ট হয় হ‘ব নহ‘লে ঠেলিব লাগিব ৷

No comments:

Post a Comment