Sunday, 25 May 2014

খতৰোঁ কি খিলাড়ী (ঘৰত চেষ্টা নকৰিব)

কেইবাদিনৰে পৰা হাতখনত অকনমান বিষ ৷
গতিকে বেন্ডেজ এটা মাৰি থওঁ ৷
বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন ৷
‘‘কি হৈছে ? দুখ পালা নেকি ?’’ (উত্তৰ - নাই নতুন ষ্টাইলৰ ঘড়ী এটা কিনিলো )
‘‘ডাক্টৰক কিয় দেখুওৱা নাই ?’’ (উত্তৰ - নতুন পঞ্জিকাত দিন-বাৰ চাই দেখুৱাম )

আচলতে মই কিবা বেমাৰ আজাৰ হলে পেলাই নথওঁ ৷ এইবাৰ বিভিন্ন ব্যস্ততাৰ মাজত সময় উলিয়াব পৰা নাই ৷ মোৰ আকৌ চিকিৎসকৰ ওচৰলৈ যোৱা কাৰবাৰটো অকনমান দীঘল ৷
প্ৰথমে ফোন কৰিম মাধবলৈ, ‘‘অই মোৰ অমুক হৈছে ৷ কাক দেখুৱালে ভাল হ?’’
মাধব, ‘‘ধেই ডোষ্টি ! ফোনত এইবোৰ নহয় ৷ তই মোৰ তালৈ আহি যা ৷’’
একো তাৰ তালৈ যাব লগা কথা নাথাকে ৷ ফোনতে সি ডাক্টৰৰ নাম কৈ দিব পাৰে ৷ তথাপিও মাতিব তাৰ অফিছলৈ ৷
 
, ‘‘পুৱা ৮ বজাত এহ্ নালাগে দে ৭-৩০ বজাত আহি যাবি ৷ আমি গজা, চিংৰা আৰু চাহ খাম ৷ আৰু কথা পাতিম ৷’’
‘‘মোৰ কামটো কি হ?’’
‘‘ধেই আহি যাবি না পাৰ্টনাৰ ! অকনমান লেকচাৰ মাৰিব ৷’’

ভাবি ভাল লাগে ৷ ব্যস্ততাৰ মাজতো, বেমাৰৰ মাজতো যে আমি সকলো পাহৰি দুঘন্টামান লেকচাৰ মাৰিবলৈ সময় উলিয়াব পাৰো !
পাছে আজিকালি মাধবক লগ পাবলৈ অকনমান অসুবিধা হোৱা হল ৷
আগতে তাৰ ছেম্বাৰ আছিল চিকিৎসা মহাবিদ্যালয়ত ৷ ৭-৩০ বজাত গলে তাক লগ পোৱা যায় ৷ আজিকালি তাৰ অফিছ তথা চেম্বাৰ আকৌ পানবজাৰত ৷ গলেও সি আকৌ সকলো সময়তে তাত নাথাকে ৷ কেতিয়া চিকিৎসা মহাবিদ্যলায়ত থাকে, কেতিয়াবা চৰকাৰী কামত থাকে ৷ গতিকে মোৰ হাতৰ বিষটোৰ কথা তাক কোৱা হোৱা নাই ৷

এতিয়া উপায় ?
নিজেই বেন্ডেজ এটা মাৰি ললো ৷
বিষ ভাল হোৱা নাই যদিও বঢ়াও নাই ৷
মনতে ভাবি আছো যিদিনা সহ্য কৰিব নোৱাৰা হম সেইদিনা কিবা এটা কৰিম ৷

যোৱাকালি খুলশালী লৰা ভাইমন আহিছিল ৷
মোক দেখিয়ে ভাইমনৰ প্ৰশ্ন, ‘‘ভিনদেউ কি হল হাতত ?’’
মই,‘‘এহ্ নকবা আৰু ! গমেই নাপালো হে কেনেকৈ দুখ পালো !’’
ভাইমন, ‘‘অ ! মই তেনেহলে গম পালো আপুনি কেনেকৈ দুখ পালে ৷’’
মই, ‘‘মানে ?’’
ভাইমন, ‘‘ময়ো আপোনাৰ দৰে এবাৰ গম নোপোৱাকৈ হাতত দুখ পাইছিলো ৷ পাছত ভাবি ভাবি উলিয়ালো বাইক চলাওঁতে দুখ পাইছিলো ছাগে ৷ মই ১০০% কনফাৰ্ম আপুনি বাইক চলাওঁতে দুখ পালে ৷’’
ভাইটিক ওলোটাই সুধিলো, ‘‘সেইবোৰ বাদ দিয়া ৷ ইলাজ কি আছে ?’’
ভাইমনয়ে হাঁহি মাৰি কলে, ‘‘ভিনিহি ১০০% আছে ৷ কৰাব নেকি ?’’
মই, ‘‘কৰাব লাগিছিল হে ৷ কলৈ যাব লাগিব ?’’
ভাইমন, ‘‘মই থাকোতে আকৌ কলৈ যাব ? চাওঁ বেন্ডেজ খোলক আৰু হাতখন দিয়ক ৷’’
কথাখিনি কৈয়ে ভাইমন ব্যস্ত হল মোৰ হাতৰ বেন্ডেজ খোলাত, মই ব্যস্ত হলো ইষ্ট দেবতাক প্ৰাৰ্থনা কৰাত ৷
এওঁ উধাতু মাৰি আহিল, ‘‘হেই হেই কি কৰিছ ????’’
ভাইমনে বায়েকক বুজালে, ‘‘ভিনিৰ হাতখন ঠিক কৰি দিওঁ ৷ তই মনে মনে থাক ৷’’
মই ভয়ে ভয়ে সুধিলো, ‘‘ট্ৰিটমেন্ট মানে কি কৰিবা ? কিবা হিমালয়ৰ বাবাজীৰ তাবিজ আছে নেকি ?’’
ভাইমনৰ খং উঠিল, ‘‘কি ফাল্টু কথা কৈছে ? পুৰা চায়েন্টিফিক মেথদ ! আচলে আপোনাৰ হাতৰ বল-চকেট এটা নিজৰ চকেটৰ পৰা ওলাই গল ৷ এতিয়া মই আপোনাৰ হাতৰ আঙুলিকেইটাত ধৰি টানিম এফালে আৰু আপুনি গাৰ জোৰেৰে নিজৰ হাতখন টানিব ওলোটা ফালে ৷ তেতিয়া আপোনাৰ হাতৰ এই জইন্টটো বহল হৈ যাব ৷ তেতিয়া মই টেপা মাৰি আপোনাৰ বল-চকেটটো নিজৰ ঠাইত বহুৱাই দিম ৷ বছ্ হৈ যাব !’’
মই, ‘‘বিষাব নেকি ?’’
ভাইমন, ‘‘নাই নাই ! গমেই নাপাব ৷ কতককৈ শব্দ এটা শুনিব ৷ শেষ ৷’’

ভাইমন, ‘‘ভিনি ৰেডি নে?????’’
মই, ‘‘বিষাব নেকি ?’’
ভাইমন, ‘টানো নে ?’’
মই, ‘‘অকে !’’
ভাইমন, ‘‘ৰেডি ওৱান, টু, থ্ৰী..............’’
কট্টক !!!!!!!!!!!!!!!!!!
আই ঔ!!!!!!!!!!!!!!!!!!!
তাৰ পাছত মই গমেই নাপালো
কোনেনো আনি
 
ইউনাইটেড কেয়াৰ নাৰ্ছিং হোমৰ ৩০২ নম্বৰ কোঠাত সুমোবালেগৈ !


১৫ এপ্ৰিল, ২০১৪

No comments:

Post a Comment