Friday, 14 December 2012

অন্য চিন্তা - ১ : এটা সপোন, এখন সোনৰ অসম, আন এটা নতুন সপোন আৰু এটা আশা


এটা সপোন

প্ৰায় ১৯৮২চন মানৰ কথা ৷
টীয়কৰ বাছ আস্থান ৷
এজন ১২/১৩ বছৰীয়া লৰাই তেওঁৰ ভনীয়েকৰ সৈতে প্ৰত্যেক দেওবাৰে আবেলি ৪মান বজাৰ পৰা ৰৈ থাকে, যোৰহাট অভিমুখী বাছৰ বাবে ৷ তেওঁলোকৰ ঘৰ কাকজানত ৷ দুয়ো টীয়কলৈ আহে, কাৰন ছোৱালীজনীয়ে তাত নাচ শিকে ৷
কিন্তু সমস্যা হ’ল আবেলি ৪ বজাত

যোৰহাট অভিমুখী বাছ তেনেই তাকৰীয়া হৈ পৰে ৷ প্ৰায়ে তেওঁলোকে টীয়কৰ পৰা কাকজনলৈ ৮ কিলমিটাৰ বাট খোজ কাঢ়িব যাব লগা হয় ৷
ভনীয়েক নাচি উঠি ভাগৰি পৰে ৷ তাৰ পাছত সেইবাট খোজ কঢ়া তাইৰ বাবে অসম্ভব হৈ পৰে ৷ তাই আদবাটতে বহি দিয়ে,‘দাদা মই খোজ কাঢ়িব নোৱাৰো ৷’
ককায়েকে তাইক তেতিয়া বোকোচাত তুলিলৈ ঘৰলৈ বুলি আগবাঢ়ে ৷
সেই ককায়েকজনে যেতিয়া আলিবাটত চলি যোৱা গাড়ীবোৰ দেখে তেতিয়া মনতে ভাবে,‘এদিন মই এখন গাড়ী কিনিব লাগিব !’

লৰাজন ডাঙৰ হ’ল ৷ সেই সপোন কিন্তু বুকুত সাবটি ৰাখিলে ৷
এদিন লৰাজন কাকজানৰ পৰা আহি গুৱাহাটী পালেহি ৷ অসম অভিযান্ত্ৰিক মহাবিদ্যলয়ত নাম লগালে ৷ মাজে মাজে তেওঁৰ মন যায় অকমান পথভ্ৰষ্ট হ’বলৈ ৷ কিন্তু সেই সপোনটোৰ কথা মনত পৰি যায় — এখন গাড়ী কিনিব লাগিব !!!!
সেই সপোন বুকুত সাবটিয়ে এদিন তেওঁ এজন সুদক্ষ অভিযন্তা হ’ল গৈ ৷

এখন সোনৰ অসম

যোৱা নিশাৰ কথা ৷ আমি বন্ধু কেইজনমান লগ হ’লো হোটেল দিলীপৰ ১১১ নং কোঠাত ৷ গাড়ী কিনাৰ সপোন বুকুত সাবটি ডাঙৰ হোৱা সুদক্ষ অভিযন্তাজনো আহিছিল ৷
তেওঁ ক’লে,‘প্ৰতিভু দা, মই মেট্ৰিক দিয়াৰ সময়ত আমাৰ গাওঁৰ ফালে ‘সোনৰ অসম গঢ়া’ৰ ঢৌ ৷ মোৰো মনলৈ ভাব আহিল সোনৰ অসমকে গঢ়ো নেকি ৷ বহু ভাবিলো কি কৰা যায় ? মই ভাবি ভাবি পালো গৈ পঢ়া শুনা কৰিলেহে মই মোৰ সপোনটো পূৰাব পাৰিম ৷ লগৰ ভালেমান কেইজন গৈছে ‘সোনৰ অসম’ গঢ়িবলৈ, মই নগ’লেও হ’ব ৷ মই মোৰ ক্ষুদ্ৰ স্বাৰ্থৰ স্বাৰ্থত পঢ়া শুনাতে মন দিলো ৷ ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত ডাঙৰ হোৱা লৰা মই ৷ মোৰ কাৰনে গাড়ী কিনাৰ সপোনটো বৰ মৰমৰ সপোন আছিল ৷ সেই সপোনটোৱেই মোক পঢ়া-শুনা কৰিবলৈ বাধ্য কৰালে ৷’

আন এটা নতুন সপোন

সেই গাড়ী কিনাৰ সপোন দেখা লৰাজনে গাড়ী কিনাক স্বাৰ্থতে সোনৰ অসমৰ সপোনৰ বাদ দিছিল বহু বছৰ আগতে ৷ কিন্তু এতিয়া তেওঁ অসমৰ কাৰনে কিন্তু নিস্বাৰ্থ ভাবে তেওঁৰ সামৰ্থৰ অনুসাৰে কাম কৰি গৈছে ৷ উনিক’ডত অসমীয়া, অসমীয়া উকিপিডিয়া, নিন্টাৰনেটত অসমীয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ, বিভিন্ন সামাজিক কাৰ্য্যত তেওঁৰ অবদান প্ৰশংসনীয় ৷ এতিয়া তেওঁ আৰু বহু নতুন সপোন দেখিছে ৷ তাৰে এটা সপোনত তেওঁ দেখিছে অসমৰ সৰু ঘটনা এটা বিশ্বৰ দৰবাৰলৈ লৈ যোৱা ৷ বহুজনৰ সহায়ৰ প্ৰয়োজন হ’ব ৷ মোৰ দৃঢ় বিশ্বাস আছে তেওঁৰ এই সপোনো সফল হ’ব ৷

এটা আশা

আজিৰ উঠি অহাচামে বাৰু সেই ককায়েকজনৰ দৰে সপোন দেখে নে ??????
আশা কৰিছো, প্ৰাৰ্থনা কৰিছো সকলোৱে দেখক এটা মৰমৰ সপোন যি সপোনে তেওঁলোকক আগবাঢ়ি যাবলৈ বাট দেখুৱাব ৷

সামৰণি :

বন্ধুৱে নিশা বাৰমান বজাত বিদায় ল’লে ৷ তেওঁৰ ডাঙৰ গাড়ীখনৰে গ’লগৈ কাকজনলৈ আৰু মই খুলি ল’লো মোৰ লেপটপ ৷

উপহাৰৰ টোপোলা - মোৰ সকলো বন্ধু বান্ধবলৈ বুলি

এজন মানুহে তেওঁৰ সৰু ছোৱালীজনীক শাস্তি দিলো, তাইৰ দোষ — তাই দামী gift wrapping paper এখন নষ্ট কৰিলে ৷ টকা পইছাৰ বৰ অভাব চলি আছিলে ৷ গতিকে তেওঁ যেতিয়া দেখিলে জীয়েকে সেই কাগজখনৰে এটা উপহাৰ বান্ধিবলৈ যত্ন কৰিছে তেওঁৰ ভীষন খং উঠিলে ৷

যি কি নহওঁক, আগ ৰাতিৰ কথা পাহৰি ৰাতিপুৱা কিন্তু ছোৱালীজনী দেউতাকৰ

ওচৰ পালেহি,‘দেউতা এইতো তোমাৰ কাৰনে ৷’
দেউতাকে বৰ লাজ পালে ৰাতিৰ ব্যবহাৰৰ বাবে ৷
উপহাৰৰ টোপোলাটো খুলি দেউতাকজনৰ আকৌ খং উঠি গ’ল, কাৰন টোপোলাটোৰ ভিতৰত একো নাছিলে ৷

তেওঁ খঙতে চিঞৰি উঠিলে,‘তুমি নাজানা নে কাৰোবাক কিবা উপহাৰ দিলে উপহাৰৰ টোপোলাৰ ভিতৰত কিবা এটা থকা উচিত ?’

সৰু ছোৱালীজনীয়ে দেউতাকৰ ফালে সজল চকুৰে চাই ক’লে,‘দেউতা, এইতো টোপোলা কেনেকৈ খালি হ’ব ? মই ইয়াৰ ভিতৰত বহু মৰম আৰু চুমা ভৰাই দিছো ৷ সকলো তোমাৰ বাবে, দেউতা ৷’

এইবাৰ দেউতাকজনৰ বুকু ভাঙি গ’ল ৷ তেওঁ জীয়েকক সাবট মাৰি ধৰি ক্ষমা খুজিলে ৷

শুনা মতে দেউতাকজনে সেই উপহাৰটি তেওঁৰ বিচনাৰ ওচৰতে ৰাখি থৈছিল ৷ যেতিয়াই তেওঁৰ মনত হতাশা আহে তেওঁ টোপোলাটো খুলি জীয়েকে ভৰাই দিয়া মৰম আৰু চুমাবোৰৰ কথা ভাবে ৷

সঁচা কথা ক’বলৈ গ’লে প্ৰত্যেক ব্যক্তিৰে ওচৰত একোটা উপহাৰৰ টোপোলা আছে আৰু সেই টোপোলাটোত সোমাই আছে আপোনজনৰ অকৃত্ৰিম মৰম আৰু চুমা ৷

পখিলা, মাছ, ভালুক, চিকাৰী, নিগণি, মেকুৰী আৰু প্ৰতিভুৰ সাধু

এই সাধুটোৰ এটা নীতি শিক্ষা আছে, কিন্তু আপুনি ভৱাৰ দৰে নহ’বও পাৰে ৷ মোৰ বেছিভাগ সাধু অৱশ্যে লাগবান্ধ নোহাৱা ধৰনৰ হয় ৷
গ্ৰীষ্মকালৰ কথা ৷ এখন অৰণ্যৰ মাজত থকা হ্ৰদৰ পানীত ওপঙি থকা পাত এখিলাত এজনী পখিলা বহি আছে ৷ পখিলাজনীয়ে ভাবি আছে,‘মই যদি আৰু অকমান তললৈ নামি যাব পাৰো তেনে

হ’লে হ্ৰদৰ পানীয়ে মোৰ শৰীৰত নতুন শক্তি দিব, মই সজীব হৈ উঠিম ৷’
পানীত থকা মাছ এটাই চিন্তা কৰি আছে,‘যদি পখিলাজনী আৰু অকমান তললৈ নামি আহে তেনেহ’লে মই তাইক খাব পাৰিম ৷’
হ্ৰদৰ পাৰত থকা ভালুক এটাই ভাবিছে,‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া মই তাইক খাব পাৰিম ৷’

সেই সময়তে এজন চিকাৰীয়ে হ্ৰদৰ পাৰত বহি দুপৰীয়াৰ ভোজন উলিয়াই ভাবি আছে,‘ভাবিছে,‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া ভালুকটো ওলাই আহিব আৰু তেতিয়া মই তাক ধৰিব পাৰিম ৷’

আপুনি ভাবিছে ছাগৈ,‘বাহঃ হ্ৰদৰ পাৰত যথেষ্ট ঘটনা ঘটি আছে !’
মই কওঁ শুনক আৰু কি কি হৈ আছিল ৷
এটা নিগণি সোমাই আছিল চিকাৰীজন বহি থকা ঠাইডোখৰৰ ওচৰতে ৷ সেই নিগণিটোৱে ভাবি আছে,‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া ভালুকটো ওলাই আহিব ৷ তেতিয়াতো চিকাৰীজনে ভালুকটোক খেদা মাৰি যাবই ৷ তেতিয়া মই চিকাৰীৰ ৰুটিডোখৰ খাব পাৰিম ৷’

অলপ আতৰত বহি থকা মেকুৰী এটাই ভাবি আছে, ‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া ভালুকটো ওলাই আহিব ৷ তেতিয়াতো চিকাৰীজনে ভালুকটোক খেদা মাৰি যাবই আৰু নিগণিটো ওলাই আহিব চিকাৰীৰ ৰুটিডোখৰ খাবলৈ ৷ তেতিয়াই মই তাক ধৰিব পাৰিম ৷’
এই গল্পটো পঢ়ি থকা আপুনি ভাবি আছে মই এইখিনিলৈকে জানোৱে ৷ প্ৰতিভুৱে ইয়াৰ পাছত কি কৰিব ? কি কৰিবনো একো নকৰে ৷ সময় শেষ হৈছে, ক্লাছ আছে, কাইলৈ নতুন কিবা এটা লিখিম ভালকৈ , প্ৰতিশ্ৰুতি দিছো ৷

নীতি শিক্ষা : প্ৰতিভুৱে কিবা এটা লিখিছে বুলিয়ে পঢ়া উচিত নহয় ৷

ভগৱানলৈ মুকলি চিঠি

ভগৱানলৈ মুকলি চিঠি


হে ভগৱান মই Assam Engineering Collegeত থাকোতে থেৰেজাখন ভালকৈ পঢ়িছিলো ৷ তেতিয়াৰে পৰা মনত এটা প্ৰশ্ন আছিল,‘আপুনি বাৰু wiring কৰোতে অকমান গন্ডগোল কৰিলে নেকি?’



বুজাই দিছো কথাটো ৷
মানুহ উৎকন্ঠাত থাকিলে মগজুৱে ক্ৰিয়া কৰে আৰু প্ৰেমত পৰিলে হৃদয়ে (হাৰ্ট) ক্ৰিয়া কৰে ৷

তেনেহ’লে, তীব্ৰ উৎকন্ঠাত কিয় হাৰ্ট এটেক হয় আৰু প্ৰেমত মতলীয়াজন পাগলৰ দৰে হয় ??

মোৰ দৰে বহুতেই কথাতো বুজা নাই, অকমান যদি বুজাই দিয়ে নথৈ ধন্য হ’ম ৷

ইতি
প্ৰতিভু দত্ত

বি.দ্ৰ. — মোৰ এতিয়া কিন্তু চিন্তা হাৰ্ট এটেকটোলৈহে দেই

Monday, 8 October 2012

কিছু অসংলগ্ন কথা :: আৰ ছিগা চুলি তাৰ ছিগা চুলি বান্ধি যাওঁ নেঘেৰী খোপা

কিছু অসংলগ্ন কথা ::
আৰ ছিগা চুলি তাৰ ছিগা চুলি
বান্ধি যাওঁ নেঘেৰী খোপা

(আনৰ মুখে শুনা, ইন্টাৰনেটত পোৱা কথা কেইটামান মোৰ ভাষাৰে)
----------------------------------------------------------------------

কথা নং ১ (দেউতাৰ মুখত শুনা কথা) :

এখন দেশত এগৰাকী প্ৰবল প্ৰতাপী মহিলা আছিল ৷
তেখেতৰ দুজন লৰা ৷                                                                       
এজনক দেশ চলাবলৈ শিকালে আৰু আনজনক উৰাজাহাজ চলাবলৈ শিকালে ৷

দেশ চলাবলৈ শিকোৱাজন উৰাজাহাজ চলাবলৈ গৈ মৃত্যু মুখত পৰিল আৰু উৰাজাহাজ চলাবলৈ শিকোৱাজন দেশ চলাবলৈ মৃত্যু মুখত পৰিল ৷
ভাগ্যৰ কি বিড়ম্বনা !!

কথা নং ২ (ইন্টাৰনেটত পোৱা কথা)
চাৰিওফালে মাথো মুল্যবৃদ্ধিৰ কথা ৷ কিন্তু হৈছে জানো মুল্যবৃদ্ধি ?
নিজেই চিন্তা কৰি চাওক ৷
আজিৰ পৰা ১৫ বছৰ আগেয়ে এটা চিংৰাৰ দাম আছিল ১ টকা আৰু এটা মোবাইল ক’লৰ দাম আছিল ৮ টকা ৷
এতিয়া ?????
এটা চিংৰাৰ দাম ৮ টকা আৰু এটা মোবাইল ক’লৰ দাম ১ টকা ৷
একো মুল্যবৃদ্ধি হোৱা নাই ৷
মাত্ৰ দামবোৰ অলপ ইফাল—সিফাল হৈ গৈছে ৷

কথা নং ৩ (নিজৰ কথা)
আজি বাতৰি কাকতত দেখিলো মাজ নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰলৰ দাম লিটাৰে প্ৰতি ৫৬ টকাকৈ হ্ৰাস পাব হেনো ৷ হয় ৫৬ টকাকৈ , আমাৰ অসমৰ প্ৰথম পৃষ্ঠাৰ প্ৰথম কলমৰ খবৰ ৷ শিৰোনামত কিন্তু ছাপাশালৰ ভুতৰ বাবে ’৫৬ পইছ’ বুলি প্ৰকাশ পাইছে ৷
মই পাছে বেলেগ কথা এটাহে ক’ব খুজিছিলো ৷ পেট্ৰলৰ দাম লিটাৰে প্ৰতি ৫৬ টকাকৈ হ্ৰাসেই হওক বা বৃদ্ধি হওক, মোক বলাব নোৱাৰিলে ৷
সাধাৰন কিন্তু ফলপ্ৰসূ উপায় ৷
তেল দিবলৈ অহাজনৰ হাতত ৫০০ টকাৰ নোট এখন দি চকু দুটা মুদি দিব ৷ কোনো ধৰনৰ মিটাৰৰ ফালে চকু নিদিব — না আপোনৰ গাড়ীৰ Odemeter না পাম্পত থকা মিটাৰ ৷
৫০০ টকাত আগতেও গাড়ী চলিছিল এতিয়াও চলিব ৷ কিমান দূৰ চলিব ??? সেইটো বাদ দিওঁ বাৰু ! ৫০০ টকাত তেলো লাগিব আৰু গাড়ীও চলাব, দুয়োটা কেনেকৈ হ’ব ??

কথা নং ৪ (নিজৰ কথা)
আৰ ছিগা চুলি তাৰ ছিগা চুলি
বান্ধি যাওঁ নেঘেৰী খোপা
এই জতুৱা ঠাঁচৰ অৰ্থ মই ভালকৈ নাজানো ৷ দেউতাৰ মুখতেই শুনিছিলো ৷ 
আচলতে দেউতালৈ মনত পৰিল ছাগৈ ৷ মেট্ৰিক পৰীক্ষাৰ কাৰনে দেউতাই মোক অসমীয়া পঢ়াওঁতে কৈছিল এই জতুৱা ঠাঁচটোৰ কথা ৷
১৯৮৬চনৰ নবেম্বৰ ডিচেম্বৰৰ কথা আজি কিয় জানো মনত পৰিল ?
কাইলৈ পাছে দেউতাৰ জন্মদিন !

Saturday, 29 September 2012

৫টা প্ৰশ্ন



শুনা কথা, সঁচা নে মিছা নাজানো ৷

ৰাজধানীত এগৰাকী বৰ শক্তিশালী মহিলা আছে ৷ তেখেতৰ আচল নামটো কোনেও নাজানে ৷ সকলোৱে মেডাম জী বুলি সম্বোধন কৰে ৷

তেখেত এবাৰ স্কুল এখনলৈ গ’ল ৷ তাত তেওঁ ছাত্ৰ—ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৷
মেডাম জী—
‘যি মন যায় সোধা তোমালোকে ৷ মই দেশৰ সকলো কথায়ে জানো ৷’
কবীনে —
‘মাননীয় মেডাম জী, মোৰ তিনিটা প্ৰশ্ন আছে ৷’
মেডাম জী —
‘সোধা বাৰু ৷’
কবীনে —
‘১নং প্ৰশ্নঃ আপুনি নিজেই প্ৰধান মন্ত্ৰী নহয় কিয় ?
২নং প্ৰশ্নঃ আপোনাক প্ৰধান মন্ত্ৰীয়ে সঁচাকৈয়ে ভয় কৰে নেকি  ?
৩নং প্ৰশ্নঃ ছুইছ বেংকত আপোনাৰ কিমান টকা আছে ?’

টং টং টং………………..
টিফিনৰ বেল বাজিল ৷
মেডাম জী —
মইনাহঁত মই টিফিনৰ পাছত আকৌ আহিম ৷

টিফিনৰ পাছত,
নবীন —
মেডাম জী মোৰ ৫টা প্ৰশ্ন আছে ৷ প্ৰথম তিনিটা কবীনৰ প্ৰশ্ন কেইটায়ে ৷
৪ নং প্ৰশ্নঃ আজি টিফিনৰ বেল ২০ মিনিট আগেয়ে কিয় বাজিলে ?
৫ নং প্ৰশ্নঃ কবীনৰ বেগ, ছাতি সকলো ইয়াতে আছে, কিন্তু তাক পুলিছে ধৰি কিয় লৈ গ’ল ??

.                                                                                                    .
ইন্টাৰনেটত দেখা এখন ফটোৰ আলমত

Thursday, 27 September 2012

মই জানো মোক সিহঁতে ভাল পায়


মই যোৱা ১০ বছৰৰো অধিক কাল শিক্ষকতাৰ সৈতে জড়িত ৷ এই সময়চোৱাত মই বহু লৰা ছোৱালীক পঢ়ালো ৷ বহু ছাত্ৰ—ছাত্ৰী সৌৰোজ্জল ভট্ট, উৎসব , সৌৰভ আগৰৱাল, কৌস্তভ, সুমন কাকতি, অন্নপূৰ্ণা, ৰীদম, ঋষভ বৰদলৈ, হিমাঙ্গনা, ভাৰ্গভ , অভ্ৰ, অৰিন্দম, শ্যামানুজ,সঞ্জয় কাদেল, প্ৰীতম, গায়ত্ৰী, দিপিকা, ৰঞ্জিভ, অৰিঞ্জয়, অল্পাক্ষী…………………..কিমান লৰা—ছোৱালীক পঢ়ালো !
নামবোৰ মনত পঢ়িলেই মনতো ভাল লাগি যায়, কেতিয়াবা চকু দুটা সেমেকি উঠে ৷ এই লৰা—ছোৱালীবোৰৰ লগত লাগি থাকোতেই এটা দশক পাৰ হৈ গ’ল ৷ গমেই নাপালো ৷
কোনোবা AEC পালেগৈ, কোনোবা JEC পালেগৈ, কোনোবা দিল্লী বিশ্ববিদ্যালয় পালেগৈ, কোনোৱা IIT পালেগৈ, কোনোবা NIT পালেগৈ, দুটামান উচ্ছ শিক্ষাৰ কাৰনে বিলাত পালে গৈ ৷ বহুত চাকৰিত সোমাল ৷ গুৱাহাটীলৈ আহিলে মোক লগ কৰে ৷ মই ৰ’ লাগি চাই থাকো ৷ মনত পৰে কোনতো লৰা কেনেকুৱা আছিল, কি কি ভুল কৰিছিল, কি বুলি গালি পাৰিছিলো ৷ সিহঁতক মনত পেলাই দিলে লাজ কৰে ৷ 

ACHIEVERS' POINT
ভালেই পঢ়াওঁ ছাগৈ ৷
নহ’লেনো মোৰ ওচৰলৈ যোৱা এটা দশক ধৰি কিয় পঢ়িবলৈ আহিব ?
ভালেই পঢ়াওঁ ছাগৈ ৷
নহ’লেনো মোৰ ওচৰলৈ মই পঢ়োৱা পুৰণি ছাত্ৰবোৰৰ ভায়েক ভনীয়েকবোৰ পঢ়িবলৈ আহিব নেকি ?
ভালেই পঢ়াওঁ ছাগৈ ৷
নহ’লেনো বাটে—ঘাটে দেখিলে উধাতু খাই আহিব জানো মাত এষাৰ লগাবলৈ ?
ভালেই পঢ়াওঁ ছাগৈ ৷
নহ’লেনো দুৰদুৰণিত থকা ছাত্ৰ—ছাত্ৰীবোৰে মোৰ লগত যোগাযোগ ৰাখিব জানো ?



পেপাৰে পত্ৰই দেখি থাকো ছাত্ৰসমাজ আৰু অপৰাধ ৷ মই কোনো দিনেই ভাবি উলিয়াব পৰা নাছিলো কেনে ধৰনৰ ছাত্ৰ অপৰাধ সৈতে জড়িত হয় ৷
আজি বুজিলো কেনে ধৰনৰ ছাত্ৰ অপৰাধৰ সৈতে জড়িত হ’ব পাৰে ৷
মোৰেই ছাত্ৰ, খুব ভাল ছাত্ৰ ৷ যোৱা ১ মাহ ধৰি ফোন যোগে মোক ধমকি দি আছে ৷ মই গমেই পোৱা নাছিলো ৷ আজি যেতিয়া গম পালো৷  সঁচাই বৰ দুখ পালো ৷ সেইয়া কোনো ধেমালি নাছিল কাৰন অকল মোকেই ধমকি দিয়া নাই ৷ সেই নম্বৰৰ পৰা আৰু বেলেগ বেলেগ মানুহক ধমকি দিছে ৷

খুব দুখ লগা কথা ৷ এইয়া এক মানসিক দুৰ্নীতি ৷
বহু কথাই ক’বৰ মন আছিল, কিন্তু মই খুবেই বেজাৰ পাইছো ৷ আৰু একো নকওঁ ৷
মাত্ৰ এটা কথা, আজি গম পালো মোক মোক ছাত্ৰ সকলে কিমান ভাল পায় ৷ গোটেই ভাৰতৰ পৰা ফোন আহিছে — ‘চাৰ কথাটো জানি বৰ দুখ পালো ৷ গুৱাহাটীলৈ গ’লে আপোনাক লগ কৰিম ৷’
মই মাথো সন্তুষ্টিৰ হাঁহি মাৰো প্ৰতিবাৰেই, ‘মই জানো মোক সিহঁতে ভাল পায় ৷’

Sunday, 23 September 2012

পোলাও আৰু সাহিত্য

আজি দুদিনমানৰ পৰা  বহু কেইজন চিনাকি মানুহে দেখিলেই, লগ পালেই এটাই কথা সোধে — ‘কি হে সাহিত্যিক দেখোন ! ফেছবুকৰ পৰা গৈ যে একেবাৰে ব্লগ !! সাহিত্য সভাৰ সভাপতি হ’বৰ মন ছাগৈ ৷’

মই মনে মনে থাকো, একো উত্তৰ নিদিওঁ, কিনো উত্তৰ দিম ?
মই হ’লো তেনেই সাধাৰন মানুহ ৷  মই ভুল নকৰাকৈ অসমীয়াত ১০ মিনিট কথাকে পাতিব নোৱাৰো ৷ সাহিত্যনো কি কৰিম ??

কিন্তু মই মোৰ চিনাকি মানুহকেইজনৰ কথাৰ লগত সহমত নহয় ৷
হয় মই ফেছবুকৰ পৰা আহি মোৰ ব্লগ পালোহি, সেইটো সঁচা কথা ৷
কিন্তু মই সাহিত্যিক হোৱা বা সাহিত্য সভাৰ সভাপতি হ’বলৈ মন কৰা কথাটোত অকনো সত্যতা নাই ৷
হয়তো তেওঁলোকৰ কিবা ভুল ধাৰনা হৈছে নতুবা অলপ মস্কৰা কৰিছে ৷

মই সাহিত্যৰ ‘স’টোৰে নাজানো, কি আৰু সাহিত্য হ’ব মোৰ দ্বাৰা ?
কিন্তু সেইবুলিয়ে যে মই মোৰ জীবনৰ আশেপাশে ঘটি থকা সৰু সৰু কথাবোৰ কাকো ক’ব নোৱাৰিম  তাৰো মানে নাই ৷
মই দেখি থকা ঘটনাবোৰকে লিখিছো বা ইন্টাৰনেটত পোৱা কোনো ঘটনা মই নিজে বুজি পোৱা ভাষা এটাত লিখিছো ৷
এইখিনি লিখোতে মই এবাৰলৈকো ভবা নাইযে এইয়া কোনো সাহিত্যৰ সৃষ্টি কৰিছো ৷
এইখিনি লিখোতে মই এবাৰলৈকো ভবা নাইযে আন কোনোবাই সাহিত্য বুলি ভাবিব ৷

মই জানো মোৰ কোনো লিখনি বাতৰি কাকত বা আলোচনীত প্ৰকাশ নহয়, কিন্তু মোৰ নিজৰ ব্লগত কিয় নোৱাৰিমনো প্ৰকাশ কৰিব ?? কৰিছো দিয়ক, বেয়া নাপাব ৷


মোক আচৰিত কৰি যোৱা ৭ দিনত কেইবাজনেও (গুগুলৰ মতে ১৩০০তকৈ বেছি visit)  মোৰ ব্লগটোত ভুমুকি মাৰিলে ৷
বহুজনে পৃথিবীৰ বিভিন্ন প্ৰান্তৰ পৰা মোক জনাইছে তেওঁলোকে হেনো পঢ়ি ভাল পাইছে ৷

যিহেতুকে আমেৰিকাত নয়ন, নয়নমনি, নীলান্জনা বা মালবিকাই ভাল পাইছে, যিহেতুকে ঘানাত পাৰমিতাই পঢ়িছে, যিহেতুকে বাহৰেইনত হেমন্তই দৈনিক এবাৰ হ’লেও পঢ়িছে, যিহেতুকে NIT Silcharত মনদীপে ভাল পাইছে, যিহেতুকে অভিজিতে তাৰ ব্যস্ততাৰ মাজতো পঢ়িছে, যিহেতুকে NRLৰ অফিচত কোনোবাই কামৰ মাজতো মোৰ ব্লগত ভুমুকি মাৰিছে
সেয়ে মই ভাবিছো
মোৰ ব্ললত থকা লিখনিবোৰ কোনো সাহিত্যৰ ভিতৰত নপৰে যদিও লিখি থাকো নেকি ?

এইখিনিতেই মনত পৰি গ’ল পোলাও অকমানৰ কথা ৷
এবাৰ আমাক এঘৰলৈ নিমন্ত্ৰণ কৰিলে ৷ বৰ আদৰ সাদৰ কৰিলে ৷ প্ৰথমে মই, ভাইটি আৰু দেউতা খোৱা টেবুলত বহিলো গৈ ৷ মাংস পোলাও বিধে বিধে বস্তু ৷ মই প্ৰথমে পোলাও মাংসকে ল’লো ৷ মুখত দিয়ে গম পালো কথা বিসম ৷ অকনো সা—সোৱাদ নাই ৷ উপায় নাই, ভদ্ৰতাৰ খাতিৰত মনে মনে খাই আছো ৷ গৃহিনী ঠিয় হৈ আছে ওচৰত ৷
বাৰে বাৰে কৈছে,‘অকমান পোলাও দিওঁ, অকমান মাংসকে দিওঁ ৷’
মই পেটো ভাল নহয় নে কিবা এটা কৈ বেছিকৈ নাখাও বুলি ক’লো ৷
ভাইটিয়েও তেনেকৈয়ে কিবা এটা অজুহাত উলিয়ালে ৷
দেউতাই আকৌ খাই থাকোতে কৈ আছে,‘বৰ ভাল হৈছে, বৰ ভাল হৈছে ৷’
গৃহিনীয়ে দেউতা ক’লে,‘দাদা, আপুনি ইমান ভাল পাইছে, অকমান ল’বই লাগিব কিন্তু ৷ ইহঁত দুটাই একোকে নাখালে সেইটোত হে মনটো বেয়া লাগিছে ৷’

দেউতাৰ কাঁহীত আকৌ পোলাও আৰু মাংস  !!!!!!
ঘুৰি আহোতে দেউতাই ক’লে,‘কিবা বস্তু ভাল নাপালে পাইছো বুলি এনেয়ে ক’ব নাপায় ৷ নহ’লে মোৰ দৰে হ’ব ৷’

মোৰ পোলাওখিনি সঁচাকৈয়ে ভাল হৈছে নে বাৰু???????
———————————————————————————————————
এই প্ৰশ্নটো মনলৈ বাৰে বাৰে আহিছে কাৰন
‘আজি দুদিনমানৰ পৰা  বহু কেইজন চিনাকি মানুহে দেখিলেই, লগ পালেই এটাই কথা সোধে — ‘কিহে সাহিত্যিক দেখোন ! ফেছবুকৰ পৰা গৈ যে একেবাৰে ব্লগ !! সাহিত্য সভাৰ সভাপতি হ’বৰ মন ছাগৈ ৷’

Saturday, 22 September 2012

উৰ্বশী পাইপছ এন টিউবছ



লেখকৰ টোকা :
ইয়াত উল্লেখিত কাহিনী হয় কোনো সচা ঘটনাৰ কাল্পনিক ৰুপান্তৰ নতুবা কোনো কাল্পনিক ঘটনাৰ সচা ৰুপান্তৰ ৷
আৰু এটা কথা, কাহিনীকৈ যাওঁতে ভাষাৰ ওপৰত অকনো গুৰুত্ব দিয়া হোৱা নাই ৷ পাঠক—পাঠিকাক সন্পূৰ্ন সুযোগ দিয়া হৈছে স্বইচ্ছাৰে কল্পনা কৰিবলৈ ৷

পানবজাৰত মোৰ ষাড়গৰুটোৱে কি কৰিলে সেয়া আপোনালোকেতো জানেই ৷ ক’লোনে নাই বাৰু কথাটো ?
যি নহওঁক বাৰু তাৰ পাছত …….

উৰ্বশী পাইপছ এন টিউবছত প্ৰেমিকা

পানবজাৰৰ ফুটপাথৰ সেই দুৰ্ঘটনাৰ পাছত  মই অলপ বেলেগ ধৰনে আচৰন কৰিবলৈ ল’লো ৷
ৰাতি সপোনত গান গাই থাকো ‘ বগলী বগা ফোঁট দি যা’ ৷
অকলে থাকিলে গুনগুনাই থাকো, ‘বগাকৈ বগলী বহলাই বহিছে...৷’
বন্ধু মহল চিন্তাত পৰিল , ‘ইয়াৰ আকৌ হ’ল কি?’

এদিন আবেলি কেইবাজনো বন্ধুৱে  পানবজাৰত Feeds-ৰ ওচৰত থকা খাদীভান্ডাৰৰ সন্মুখৰ চিৰি কেইটাতত বহি ‘AC DC জেনেৰেটৰ’ৰ বিষয়ে আলোচনা কৰি আছো ৷
মই ওচৰতে আমন—জিমন কৈ বহি আছো ৷ হঠাৎ আহি ওলালহি মোৰ দুজন পৰম বান্ধব — এজন ‘দিল চোৰ (D.C)’ বলীউডৰ হিৰ, আনজন ‘জেমছ, My Name is JMS, JMS Bond 000, হলীউডৰ হিৰ ৷
মোৰ অবস্থা দেখি সহিব নোৱাৰিলে ৷
মোক হাতত ধৰি লৈ গ’ল অলপ আতৰলৈ আৰু সুধিলে , ‘অ’ বন্ধু তোমাৰ কি হৈছে?’
ইমান দুখৰ দিনৰ মাজত মৰমৰ মাত শুনি মোৰ চকুপানী ওলাই গ’ল ৷ মোৰ চকুপানী দেখি মোৰ দুজন পৰম বান্ধবৰো চকুপানী ওলাই গ’ল ৷
সুধিলে,‘প্ৰেম প্ৰেম জখলাৰ পৰা হামখুৰি খাই পৰি তোমাৰ এই অবস্থা নেকি?’
মই লাহেকৈ মুৰ দুপিয়ালো ৷
হৈ গ’ল, ইমানখিনি ‘ইচাৰাই’ কাফী !
দুই পৰম বান্ধবে ফুছ—ফুছ ফাছ—ফাছ কিবা কথা পাতিলে ৷ তাৰ পাছত মোক ক’লে,‘ব’লা’৷   
মই আচৰিত হৈ সুধিলো, ‘কলৈ ?’

দুই পৰম বান্ধব,‘উৰ্বশী পাইপছ এন টিউবছলৈ৷’

মোৰ অকৌ আচৰিত হোৱাৰ পাল,‘উৰ্বশী পাইপছ এন টিউবছ??? তালৈ গৈ কি কৰিম মই???’

হলীউডৰ হীৰো,‘তাত এজনী ধুনীয়া receptionist আছে ৷ তাইৰ লগত তোমাৰ প্ৰেম চেট কৰি দিম ৷’

কথা শুনি মই ফায়াৰ,‘তোমালোকক মই মোৰ বন্ধু বুলি ভাবিছিলো ৷ তোমালোকে কিন্তু জ্বলা জুইত ঘিউ ঢালিব আহিছা ৷ আজিৰ পৰা তোমালোকক friendship day-ত উইছ নকৰো মই ৷

আৰম্ভ হৈ গ’ল বুজনি ৷  শেষত উপায় নাপাই ওলালো আৰু উৰ্বশী পাইপছ এন টিউবছত থকা প্ৰেমিকাক চাই আহোগৈ বুলি ৷ মই কিন্তু কথাটো clear কৰি দিলো,‘অকল চাবলৈ হে গৈছো দেই, মই কিন্তু প্ৰেম নকৰো ৷’
দুই পৰম বান্ধবৰ চকুৰ চাৱনিয়ে ক’লে,‘ ব’লাচোন তুমি!’

তিনি বন্ধু আগবাঢ়িলো উৰ্বশী পাইপছ এন টিউবছৰ অফিছ ফালে ৷ যিমানেই অফিছৰ ওচৰ চাপিছো সিমানেই মোৰ  tension বাঢ়িছে ৷ তেতিয়া সময় সন্ধিয়া ৬মান বাজিছিল ৷ মই বেক—গীয়েৰ লগাবলৈ চেষ্টা এটা কৰি ক’লো,‘ইমান ৰাতিখন গ’লে কথাটো অলপ বেয়া হ’ব নেকি? Impression বুলিতো কথা এটা আছে ৷’

দুই পৰম বান্ধব জেক—জেকাই উঠিল,‘ সেইটো আমাৰ responsibility ৷ তুমি মাথো আহি থাকা ৷’
উপায় নাপাই দুই পৰম বান্ধবৰ হাতত ধৰি গৈ আছো উৰ্বশী পাইপছ এন টিউবছৰ অফিছলৈ বুলি ৷ দৃশ্যটো এনেকুৱা আছিল যেন মাক—বাপেকে ল’ৰা এটা LP School ত নাম ভৰ্তি কৰি দিবলৈ লৈ গৈ আছে ৷

পালোগৈ তিনিও উৰ্বশী পাইপছ এন টিউবছৰ অফিছ ৷  Ground floor অন্ধকাৰ কোনো নাই ৷ পালো গৈ  first floor৷ তাতো একেই অবস্থা ৷ মোৰ টেনসনত ডিঙি শুকাই গৈছে ৷ D.C. ফায়াৰ জেমছ বন্ডৰ ওপৰত ৷ দিলে ভালকৈ ঢকা দুটামান বন্ডক,‘ কুট্টা, ভালকৈ খবৰ এটা দিব নোৱাৰ?’ বন্ডৰ নিৰ্বিকাৰ উত্তৰ,‘মই sure ৷ আছে তাই কৰবাত, বিচাৰো ভালকৈ ৷ ওলাব কৰবাত ৷’
মনতে ভবিলো,‘কি কৈছে এই দুটাই! প্ৰেমিকা বিচাৰিছো নে হেৰুৱা মোজা?’
চাঞ্চ এটা পাই ক’লো,‘ নহলে বাদ দিওঁ দিয়া আজি ৷’
D.C. ,‘বলা ওপৰৰ ফ্লৰত চাই আহোগৈ ৷’
তেনেতে শব্দ এটা শুনা গ’ল,‘ঠাক, ঠাক, ঠুক,ঠুক, কেৰেক৷’

টাইপিংৰ শব্দ ৷ জেমছ বন্ডৰ মূখত বিশ্ববিজয়ৰ হাঁহি ৷ যেন KGB—ৰ গোপন দলিলহে হাতত পৰিল ৷ চকুৰে দিলে এটা ইংগিত ৷ মই দীঘল কৈ উশাহ এটা ল’লো আৰু মনতে ইস্তদেবতাক সুৱৰি ল’লো,‘ বচাবা আৰু আজি প্ৰেমিকাৰ পৰা ৷’

হাতত সাৰে ভৰিত সাৰে তিনিও পালোগৈ ওপৰৰ মহলা ৷ প্ৰথমে সোমালে জেমছ বন্ড, তাৰৰ পাছত D.C. আৰু একেবাৰে শেষত মই ৷ কিন্তু কথা কি? অফিছ ইয়াতো খালী দেখোন?? কোনো নাই ৷ এটা দীঘল কৰিডোৰ ৷
তাৰ পাছত এল (L) টাইপ এটা ভাজ ৷ আকৌ ওলাল শব্দটো,‘ঠাক, ঠাক, ঠুক,ঠুক, কেৰেক ৷ ’

বন্ডে চকুৰে আকৌ এটা ইংগিত দিলে,‘  L টাইপ এটা ভাজৰ সিটো মূৰেই আছে তোমাৰ প্ৰেমিকা!’

মই ইংগিতে বুজালো,‘প্ৰেমিকাৰ প্ৰথম দৰ্শন মইহে কৰিম ৷’

মনতে ভাবিলো শুনাই দিম আজি  প্ৰেম কটনত শুনা সত্যেন গগৈদাৰ কবিতা ———
হৰিণা হেৰুৱা বনত
প্ৰেমিকাৰ প্ৰথম দৰ্শন
প্ৰেমৰ অনন্য প্ৰতীতি !!!!

বুকুত হাজাৰ সপোনলৈ আৰু চকুত লাজ লাজ চাওঁনিৰে মই আগুৱাই গ’লো L— টাইপ  ভাজটোৰ
ফালে ৷

লাহেকৈ ভুমুকি মাৰি দেখিলো ...................
এখন ভগা চকিত বহি ঠাক, ঠাক, ঠুক,ঠুক, কেৰেককৈ টাইপ কৰি আছে এজন তপামূৰীয়া খুৰাদেৱে ৷