Monday 8 October 2012

কিছু অসংলগ্ন কথা :: আৰ ছিগা চুলি তাৰ ছিগা চুলি বান্ধি যাওঁ নেঘেৰী খোপা

কিছু অসংলগ্ন কথা ::
আৰ ছিগা চুলি তাৰ ছিগা চুলি
বান্ধি যাওঁ নেঘেৰী খোপা

(আনৰ মুখে শুনা, ইন্টাৰনেটত পোৱা কথা কেইটামান মোৰ ভাষাৰে)
----------------------------------------------------------------------

কথা নং ১ (দেউতাৰ মুখত শুনা কথা) :

এখন দেশত এগৰাকী প্ৰবল প্ৰতাপী মহিলা আছিল ৷
তেখেতৰ দুজন লৰা ৷                                                                       
এজনক দেশ চলাবলৈ শিকালে আৰু আনজনক উৰাজাহাজ চলাবলৈ শিকালে ৷

দেশ চলাবলৈ শিকোৱাজন উৰাজাহাজ চলাবলৈ গৈ মৃত্যু মুখত পৰিল আৰু উৰাজাহাজ চলাবলৈ শিকোৱাজন দেশ চলাবলৈ মৃত্যু মুখত পৰিল ৷
ভাগ্যৰ কি বিড়ম্বনা !!

কথা নং ২ (ইন্টাৰনেটত পোৱা কথা)
চাৰিওফালে মাথো মুল্যবৃদ্ধিৰ কথা ৷ কিন্তু হৈছে জানো মুল্যবৃদ্ধি ?
নিজেই চিন্তা কৰি চাওক ৷
আজিৰ পৰা ১৫ বছৰ আগেয়ে এটা চিংৰাৰ দাম আছিল ১ টকা আৰু এটা মোবাইল ক’লৰ দাম আছিল ৮ টকা ৷
এতিয়া ?????
এটা চিংৰাৰ দাম ৮ টকা আৰু এটা মোবাইল ক’লৰ দাম ১ টকা ৷
একো মুল্যবৃদ্ধি হোৱা নাই ৷
মাত্ৰ দামবোৰ অলপ ইফাল—সিফাল হৈ গৈছে ৷

কথা নং ৩ (নিজৰ কথা)
আজি বাতৰি কাকতত দেখিলো মাজ নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰলৰ দাম লিটাৰে প্ৰতি ৫৬ টকাকৈ হ্ৰাস পাব হেনো ৷ হয় ৫৬ টকাকৈ , আমাৰ অসমৰ প্ৰথম পৃষ্ঠাৰ প্ৰথম কলমৰ খবৰ ৷ শিৰোনামত কিন্তু ছাপাশালৰ ভুতৰ বাবে ’৫৬ পইছ’ বুলি প্ৰকাশ পাইছে ৷
মই পাছে বেলেগ কথা এটাহে ক’ব খুজিছিলো ৷ পেট্ৰলৰ দাম লিটাৰে প্ৰতি ৫৬ টকাকৈ হ্ৰাসেই হওক বা বৃদ্ধি হওক, মোক বলাব নোৱাৰিলে ৷
সাধাৰন কিন্তু ফলপ্ৰসূ উপায় ৷
তেল দিবলৈ অহাজনৰ হাতত ৫০০ টকাৰ নোট এখন দি চকু দুটা মুদি দিব ৷ কোনো ধৰনৰ মিটাৰৰ ফালে চকু নিদিব — না আপোনৰ গাড়ীৰ Odemeter না পাম্পত থকা মিটাৰ ৷
৫০০ টকাত আগতেও গাড়ী চলিছিল এতিয়াও চলিব ৷ কিমান দূৰ চলিব ??? সেইটো বাদ দিওঁ বাৰু ! ৫০০ টকাত তেলো লাগিব আৰু গাড়ীও চলাব, দুয়োটা কেনেকৈ হ’ব ??

কথা নং ৪ (নিজৰ কথা)
আৰ ছিগা চুলি তাৰ ছিগা চুলি
বান্ধি যাওঁ নেঘেৰী খোপা
এই জতুৱা ঠাঁচৰ অৰ্থ মই ভালকৈ নাজানো ৷ দেউতাৰ মুখতেই শুনিছিলো ৷ 
আচলতে দেউতালৈ মনত পৰিল ছাগৈ ৷ মেট্ৰিক পৰীক্ষাৰ কাৰনে দেউতাই মোক অসমীয়া পঢ়াওঁতে কৈছিল এই জতুৱা ঠাঁচটোৰ কথা ৷
১৯৮৬চনৰ নবেম্বৰ ডিচেম্বৰৰ কথা আজি কিয় জানো মনত পৰিল ?
কাইলৈ পাছে দেউতাৰ জন্মদিন !

1 comment: