Friday, 14 December 2012

পখিলা, মাছ, ভালুক, চিকাৰী, নিগণি, মেকুৰী আৰু প্ৰতিভুৰ সাধু

এই সাধুটোৰ এটা নীতি শিক্ষা আছে, কিন্তু আপুনি ভৱাৰ দৰে নহ’বও পাৰে ৷ মোৰ বেছিভাগ সাধু অৱশ্যে লাগবান্ধ নোহাৱা ধৰনৰ হয় ৷
গ্ৰীষ্মকালৰ কথা ৷ এখন অৰণ্যৰ মাজত থকা হ্ৰদৰ পানীত ওপঙি থকা পাত এখিলাত এজনী পখিলা বহি আছে ৷ পখিলাজনীয়ে ভাবি আছে,‘মই যদি আৰু অকমান তললৈ নামি যাব পাৰো তেনে

হ’লে হ্ৰদৰ পানীয়ে মোৰ শৰীৰত নতুন শক্তি দিব, মই সজীব হৈ উঠিম ৷’
পানীত থকা মাছ এটাই চিন্তা কৰি আছে,‘যদি পখিলাজনী আৰু অকমান তললৈ নামি আহে তেনেহ’লে মই তাইক খাব পাৰিম ৷’
হ্ৰদৰ পাৰত থকা ভালুক এটাই ভাবিছে,‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া মই তাইক খাব পাৰিম ৷’

সেই সময়তে এজন চিকাৰীয়ে হ্ৰদৰ পাৰত বহি দুপৰীয়াৰ ভোজন উলিয়াই ভাবি আছে,‘ভাবিছে,‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া ভালুকটো ওলাই আহিব আৰু তেতিয়া মই তাক ধৰিব পাৰিম ৷’

আপুনি ভাবিছে ছাগৈ,‘বাহঃ হ্ৰদৰ পাৰত যথেষ্ট ঘটনা ঘটি আছে !’
মই কওঁ শুনক আৰু কি কি হৈ আছিল ৷
এটা নিগণি সোমাই আছিল চিকাৰীজন বহি থকা ঠাইডোখৰৰ ওচৰতে ৷ সেই নিগণিটোৱে ভাবি আছে,‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া ভালুকটো ওলাই আহিব ৷ তেতিয়াতো চিকাৰীজনে ভালুকটোক খেদা মাৰি যাবই ৷ তেতিয়া মই চিকাৰীৰ ৰুটিডোখৰ খাব পাৰিম ৷’

অলপ আতৰত বহি থকা মেকুৰী এটাই ভাবি আছে, ‘যদি পখিলাজনী অকমান তললৈ নামি যায় তেনেহ’লে মাছটোৱে তাইক খাবলৈ অকমান উঠি আহিব আৰু তেতিয়া ভালুকটো ওলাই আহিব ৷ তেতিয়াতো চিকাৰীজনে ভালুকটোক খেদা মাৰি যাবই আৰু নিগণিটো ওলাই আহিব চিকাৰীৰ ৰুটিডোখৰ খাবলৈ ৷ তেতিয়াই মই তাক ধৰিব পাৰিম ৷’
এই গল্পটো পঢ়ি থকা আপুনি ভাবি আছে মই এইখিনিলৈকে জানোৱে ৷ প্ৰতিভুৱে ইয়াৰ পাছত কি কৰিব ? কি কৰিবনো একো নকৰে ৷ সময় শেষ হৈছে, ক্লাছ আছে, কাইলৈ নতুন কিবা এটা লিখিম ভালকৈ , প্ৰতিশ্ৰুতি দিছো ৷

নীতি শিক্ষা : প্ৰতিভুৱে কিবা এটা লিখিছে বুলিয়ে পঢ়া উচিত নহয় ৷

No comments:

Post a Comment