Saturday 29 September 2012

৫টা প্ৰশ্ন



শুনা কথা, সঁচা নে মিছা নাজানো ৷

ৰাজধানীত এগৰাকী বৰ শক্তিশালী মহিলা আছে ৷ তেখেতৰ আচল নামটো কোনেও নাজানে ৷ সকলোৱে মেডাম জী বুলি সম্বোধন কৰে ৷

তেখেত এবাৰ স্কুল এখনলৈ গ’ল ৷ তাত তেওঁ ছাত্ৰ—ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৷
মেডাম জী—
‘যি মন যায় সোধা তোমালোকে ৷ মই দেশৰ সকলো কথায়ে জানো ৷’
কবীনে —
‘মাননীয় মেডাম জী, মোৰ তিনিটা প্ৰশ্ন আছে ৷’
মেডাম জী —
‘সোধা বাৰু ৷’
কবীনে —
‘১নং প্ৰশ্নঃ আপুনি নিজেই প্ৰধান মন্ত্ৰী নহয় কিয় ?
২নং প্ৰশ্নঃ আপোনাক প্ৰধান মন্ত্ৰীয়ে সঁচাকৈয়ে ভয় কৰে নেকি  ?
৩নং প্ৰশ্নঃ ছুইছ বেংকত আপোনাৰ কিমান টকা আছে ?’

টং টং টং………………..
টিফিনৰ বেল বাজিল ৷
মেডাম জী —
মইনাহঁত মই টিফিনৰ পাছত আকৌ আহিম ৷

টিফিনৰ পাছত,
নবীন —
মেডাম জী মোৰ ৫টা প্ৰশ্ন আছে ৷ প্ৰথম তিনিটা কবীনৰ প্ৰশ্ন কেইটায়ে ৷
৪ নং প্ৰশ্নঃ আজি টিফিনৰ বেল ২০ মিনিট আগেয়ে কিয় বাজিলে ?
৫ নং প্ৰশ্নঃ কবীনৰ বেগ, ছাতি সকলো ইয়াতে আছে, কিন্তু তাক পুলিছে ধৰি কিয় লৈ গ’ল ??

.                                                                                                    .
ইন্টাৰনেটত দেখা এখন ফটোৰ আলমত

No comments:

Post a Comment