Sunday, 16 September 2012

আমেৰিকাৰ গল্প



আমেৰিকাৰ গল্প :                                                              
ম্যাকডোনাল্ডত বহি শিংৰা খাই আছো। তেওঁলোকৰ শিংৰাবোৰ অসাধাৰণ। আমেৰিকাৰ সকলো ৰেস্টুৰেন্টেতে সাধাৰনতে ভাৰতীয় খাদ্য থাকে। নহলে ৰেস্টুৰেন্ট অচল।

হঠাৎ দাঁতৰ ফাকত টান কিবা এটা যেন লাগি ধৰিল । বাদাম নেকি? আকৌ কামোৰ মাৰিলো । উহু, বাদাম ইমান টান নে? মুখৰ পৰা বস্তুটো উলিয়াই বস্তুটো প্লেটত থলো । ঠনৰ কৰি শব্দ এটা হল। এইটো কি আকৌ !
শিংৰাৰ ভিতৰত পাথৰ ! আৰু অলপ ডাঙৰ হোৱা হ
লে এইটো এটা মার্বল
বুলিযে কব পৰা গল হয় ।

ৰকষ্টাৰৰ দৰে চিৎকাৰ কৰি মাতিলো,‘ওয়েটাৰ !

মোৰ ফালে নোচোৱাকৈয়ে ওয়েটাৰে নির্বিকাৰভাবে কলে, ‘ফিল্টাৰৰ পানী নাই।

মেজাজটো শিংৰাতকৈও গৰম হৈ গল। এইবাৰ জোৰে চিঞৰিলো,‘ এইফালে আহা ৷

ওয়েটাৰে হাত মোহাৰি মোহাৰি কাষলৈ আহি নির্বিকাৰভাবে সুধিলে,‘ কি সমস্যা?’

মই প্লেটেত থকা পাথৰটো দেখুৱাই সুধিলো,‘এইটো কি?’

ওয়েটাৰ,‘পাথৰ। শিংৰা সৈতে ফ্রি দিয়া হৈছে। আপনাৰ অ্যাকুৰিয়ামত ব্যবহাৰ কৰিব পাৰিব।

মোৰ মেজাজ আৰু গৰমহৈ গ,‘মশকৰা কৰিছা?’


ওয়েটাৰ,‘কাস্টমাৰৰ সৈতে আমি মশকৰা নকৰো। আৰু যদি আপুনি বিচাৰে মশকৰা কৰিব লাগে তেনেহ’লে তাৰ কাৰনে এক্সট্রা চার্জ দিব লাগিব।
মোৰ ৰকষ্টাৰৰ মেজাজ ঠান্ডাহৈ গল ৷
আমেৰিকাৰ শিংৰা খোৱাই বুদ্ধিমানৰ কাম হব !
—————————————
টোকা :
১.এক বাংলাদেশী গল্প অকমান সালসলনি কৰি উপস্থাপণ কৰা হৈছে ৷ মূল গল্পত আৰু কিছু কথা আছিল ৷ কিন্তু মই হাজাৰ চেষ্টা কৰিও বুজিব নোৱাৰিলো সেইখিনৰ অৰ্থনো কি ৷
ৰচনা কাল — ২৭ আগষ্ট/২০১২

No comments:

Post a Comment