শনিবাৰৰ
সন্ধিয়াটো এনেয়ে ঘৰত বহি আছো ৷ মটৰ চাইকেলৰ শব্দ শুনিয়ে গম পালো দেৱব্ৰত আহিছে ৷ আন্ধাৰ
বাৰান্ডাখনৰ এচুকত দুই বন্ধু বহি ল’লো ৷ ভালে মান সময় বাৰান্ডাখনত আয়নাৰ গিলাছৰ ঠুনক-ঠানাক
বাহিৰে আন একো শব্দ শনা নগ’ল ৷
এটা সময়ত মই মৌনতা ভংগ কৰিলো ৷
বাহিৰে আন একো শব্দ শনা নগ’ল ৷
এটা সময়ত মই মৌনতা ভংগ কৰিলো ৷
‘‘বৰ
চিন্তাত পৰিছো বুজিছ নে ?’’
মোৰ
ফালে নোচোৱাকৈয়ে দেৱব্ৰতই সুধিলে, ‘‘কি হ’ল এইবাৰ ?’’
‘‘ভাবি
আছো ফ্লেট এটা লওঁ নে মাটি ডোখৰত ঘৰ এটা সাজো ৷ একো এটা সিদ্ধান্ত আহিব পৰা নাই ৷ এতিয়াও
বহি বহি তাকেই চিন্তা কৰি আছো ৷’’
এইবাৰ
দেৱব্ৰতই গিলাছটো থৈ মোৰ ফালে ঘুৰি বহিল, ‘‘চা বন্ধু ! তই হৈছ মাটিৰ মালিক ৷ ফ্লেটৰ
কথা নাভাবিবি ৷ যেনেকৈয়ে হওঁক ঘৰ এটা সজাৰ কথা ভাব ৷ গুৱাহাটী মহানগৰীত মাটিৰ মালিক
হৈ তই কি ফ্লেটত থকাৰ কথা ভাবিছ ?’’
মই
বুজাবলৈ আৰম্ভ কৰিলো ঘৰ সাজি থাকিলে কি কি অসুবিধা হ’ব, ফ্লেটত থাকিলে কি কি সুবিধা
হ’ব ৷ মোৰ যুক্তিখিনি শুনি দেৱব্ৰত অকনমান সময় মনে মনে থাকি আৰম্ভ কৰিলে, ‘‘তোৰ কথাখিনি
ঠিক, কিন্তু……’’
‘‘কি
ঠিক কথা ? একো ঠিক কথা নহয় !’’ আমি উচপ খাই উঠিলো ৷ এওঁনো কেতিয়া আন্ধাৰত আমাৰ পাছ
ফালে ঠিয় হৈ আছিল গমকে পোৱা নাছিলো ৷
তেওঁ
ক’বলৈ ধৰিলে, ‘‘মই ইমান কৈছো যেনে তেনে এচলীয়াকৈ হ’লে ঘৰ এটা সাজি মাটি ডোখৰলৈকে যাওঁ
৷ আপোনাৰ বন্ধুৱে (মোৰ ফালে দেখুৱাই) মোৰ কথা শুনিলেহে !’’
দেৱব্ৰতই
সুবিধাই পালে, ‘‘তাই ঠিকেই কৈছে ৷ তই সব কথা বাদ দে ৷ তাইৰ কথা শুন ৷ সৰুকৈ হ’লেও ঘৰ
এটা সাজি তালৈ গুছি যা ৷ মাটিৰ মালিক হৈ কিয় ভাড়াঘৰত থাকিবি ?’’
তাৰ
পাছত দেৱব্ৰত আৰু এওঁ ব্যস্ত হ’ল ‘এটা সৰু ঘৰ’ৰ নক্সা তৈয়াৰ কৰাত ৷
এপাকত
দেৱব্ৰতই সুধিলে, ‘‘মাটি কিমান আছে ?’’
‘‘ডেৰ
কথা ৷’’
‘‘ধেই দীঘলে কিমান, বহলে কিমান সেইবোৰ ক ৷ দেখা নাই নেকি ড্ৰয়িং আকি আছো ৷’’
‘‘ধেই দীঘলে কিমান, বহলে কিমান সেইবোৰ ক ৷ দেখা নাই নেকি ড্ৰয়িং আকি আছো ৷’’
মই
চকু দুটা মুদি মুদি হিচাবটো দি ক’লো, ‘‘বহু দিন হ’ল ৷ বছৰেই হ’ল নেকি জানো ৷ মাটি ডোখৰলৈ
যোৱাই নাই ৷’’
এওঁ
কান্দো কান্দো হৈ আপত্তি কৰিলে, ‘‘মই ইমান কৈ থাকো এবাৰ গৈ মাটিখিনি চাই আহিবলৈ ৷ নুশুনে
মোৰ কথা ৷’’
মই
তেতিয়াও চকু মুদিয়ে আছো, ‘‘কি চাব যাবি আৰু ! মাজে মাজে ভাৱ হয় কিয় যে কিনিলো মাটিখিনি
!’’
দেৱব্ৰতই
নক্সা সামৰি ক’লে, ‘‘এটা কাম কৰো ৷ মই কাইলৈ ৰাতিপুৱা আহিম, মাটিখিনি চাম ৷ তাৰ পাছতহে
ড্ৰয়িঙটো কম্পলিট কৰিম ৷’’
মোৰ সাংঘাতিক খং উঠিছিল যদিও শ্ৰীমতীৰ উলাহত উজলি উঠা চকু দুটা দেখি দেৱব্ৰতক সুধিলো, ‘‘তই তাৰমানে আই.আই.টি. পৰা আৰ্কিটেক্সাৰ পাছ কৰিলি ?’’
মোৰ সাংঘাতিক খং উঠিছিল যদিও শ্ৰীমতীৰ উলাহত উজলি উঠা চকু দুটা দেখি দেৱব্ৰতক সুধিলো, ‘‘তই তাৰমানে আই.আই.টি. পৰা আৰ্কিটেক্সাৰ পাছ কৰিলি ?’’
শ্ৰীমতী
জেকজেকাই উঠিল, ‘‘কোনোবাই ভাল কথা এটা ক’লে তোমাৰ খালি ঠাত্তা ৷ দাদা কাইলৈ ৰাতিপুৱা
আহিব ৷ এওঁ নগ’লে ময়ে যাম ৷’’
পাছদিনা
দেৱব্ৰত, মই আৰু শ্ৰীমতী মাটি লৈ বুলি ওলালো ৷ স্বপ্নৰ ঘৰৰ নক্সা তৈয়াৰ কৰিম আজি ৷
এবছৰ
পাছত গৈছো ৷ কেইবাটাও নতুন নতুন ঘৰ হ’ল ৷ বাটটো আচহুৱা যেন লাগিল ৷ নিজৰ মাটিডোখৰেই
বিচাৰি নোপাৱা হ’লো ৷
যিখিনি
ঠাইত মাটিডোখৰ আছিল যেন অনুমান কৰিলো ঠিক তাৰ ওচৰতে ঠিয় হৈ সুধিলো,‘‘হেৰা, কোন ডোখৰ
আছিল হে ? একো দেখোন ধৰিবই পৰা নাই ৷’’
মোৰ
প্ৰশ্নৰ উত্তৰ নিদি এওঁ কান্দি কান্দি মাটিত বহি দিলে, ‘‘আমাৰ মাটি ডোখৰত এইটো কাৰ
ফ্লেট ?’’
No comments:
Post a Comment