Friday 25 October 2013

খেয়ালী মোৰ মনৰ আকাশ : মন উৰুৱাই লৈ যোৱা গীতৰ কথাৰে

ফেব্ৰুৱাৰী মাহত ৰা-ছোৱালীবোৰৰ পৰীক্ষাবোৰ আৰম্ভ হোৱাৰ লগে লগে মোৰ কাম-বন নোহোৱা হয় হাতত অফুৰন্ত সময় বন্ধু এজনে মোলৈ পঠিয়াই দিয়া লিংক এটাত ভালেমান পুৰণি গীতৰ সংগ্ৰহ দেখা পালো দিনে নিশাই তাকেই শুনি আছিলো

দুদিনৰ আগৰ কথা ৰাতি বিচনাত বহি বহি শুনি আছো জ্যোতিৰ্ময় কাকতিদেবে কন্ঠতদূৰে দূৰে কোনে মুৰুলী বজালে৷ মোৰ ওচৰতে বহি মোৰ ছোৱালী প্ৰাপ্তিয়ে কিবা ছবি আকি আছিল ৷ হঠাৎ মন কৰিলো তাই ছবি আকি আকি গুণগুণাই আছে
দূৰে দূৰে কোনে মুৰুলী বজালে
সুৰে সুৰে ধৰনী পাচলি কঁপালে..’
মই তাইক কলো,‘কি পাচলি কঁপালে বুলি গাইছা ? পাচলি কিয় কঁপাব ?’
প্ৰাপ্তিয়ে ছবি বাদ দি মোৰ ওচৰলৈ আহি কলো,‘মন দি শুনা পাচলি বুলিয়ে গাইছে দেখোন ৷ নহলে কি বুলি গাইছে নো ?’
গানটো ভাল দৰে মন কৰি দেখিলো হয় ময়ো দেখোন পাচলি বুলিয়ে শুনিছো !
মনতে ভাবিলো,‘শীলা কি জাৱানী বা বাহৰ চুঙা দৈ শুনি ডাঙৰ হোৱা মোৰ ছোৱালীয়ে গাব খুজিছে এই গানবোৰ ৷ কথাখিনি বিচাৰি দিয়াটো মোৰ কৰ্তব্য ৷ ইন্টাৰনেটতে বিচাৰিলো কৰবাত গীতৰ কথাখিনি, কবিতাটো পায় যাবও পাৰো ৷ নাই নাপালো ৷
আচলতে বিচাৰিবলৈ মই নাজানোৱে গীতিকাৰনো কোন ৷
তাৰ পাছত মনলৈ আহিল,‘কাম-বন নাই এই কেইদিন ৷ দ্বিতীয় বিশ্বযুদ্ধৰ ছিনেমাবোৰ পাছতো চাব পাৰিম ৷ তাৰ আগে গানবোৰকে শুনো, যিমান পাৰো শুদ্ধকৈ কথাবোৰ লিখি যাম ৷ তাৰ পাছত কোনোবা জনা মানুহক দিম, ভুলখিনি শুধৰাই দিবলৈ ৷
মনলৈ এবাৰ আহিল মোৰ মোমাইদেউৰ বন্ধু ৰফিক মামাৰ কথা ৷ তেখেতৰ ওচৰত এই গানবোৰৰ কথা নালাগে স্বৰলিপিও পাব লাগে ৷ মই বহুবাৰ তেখেতৰ কন্ঠত শুনিছো এইবোৰ গান ৷ ৬০ দশকৰ পৰা ৯০ দশকলৈ অসম চিকিৎসা মহাবিদ্যালয়ত বা ডিব্ৰুগড়ত হোৱা কোনো মেহফিলত ছাগৈ বহুতেই শুনিছে ৰফিক মামাৰ কন্ঠত এইবোৰ গান ৷ তথাপি ভাবিলো নিজেই চেষ্টা এটা কৰি চাওঁচোন ৷ একো নহলেও গানবোৰ বাৰে বাৰে শুনাৰ সুবিধা এটাকে পাম ৷

জ্যোতিৰ্ময় কাকতি, জ্যোতিষ ভট্টাচাৰ্য্যদেব আৰু মিহিৰ বৰদলৈৰ গীতখিনিৰেই কাম আৰম্ভ কৰো বুলি ভাবিলো ৷
লাগি গলো গান শুনিবলৈ, কবিতাবোৰ বুজিবলৈ ৷
যিমানেই শুনিছো সিমানেই প্ৰেমত পৰিছো ৷
কি যে মন্ত্ৰমুগ্ধ কৰিব পৰা
কবিতা,
সুৰ,
কন্ঠ !
মন উৰি গল আশীৰ দশকলৈ ৷ মনত পৰিল ডিব্ৰুগড় আৰু কেতিয়াবা গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত সেই মনোমোহা গীতৰ অনুস্থানবোৰলৈ ৷ পুৰণি ৰেডিওটো বিচাৰি উলিয়ালো ৷ জাৰি-জোকাৰিলৈ, নতুন বেটাৰী লগাই পকাবলৈ ধৰিলো ৷ কেনেবাকৈ কিজানি শুনিবলৈ পাব পাৰো সেই গানবোৰ ৷ ডিব্ৰুগড় কেন্দ্ৰটো লগাবকে নোৱাৰিলো আৰু যোৱা দুদিনত গুৱাহাটী কেন্দ্ৰৰ পৰা এই গানবোৰ হয়তো প্ৰচাৰ হোৱা নাই ৷

যোৱা দুদিনত ৮টা গানৰ কথাখিনি লিখি উলিয়াবলৈ সক্ষম লো বহু শব্দত প্ৰশ্নবোধক চিহ্ন দি লগাত পৰিলো
মনত পৰিলপাচলিশব্দটোলৈ সেইটো দেখোন এতিয়াও পাচলি হৈয়ে আছে কি জানো ?
মাখন লাল দাস চাৰক অনলাইন দেখি গানৰ লিংটো পঠিয়াই দি সুধিলো,‘চাৰ শব্দটো কি বাৰু ? মই দেখোন পাচলি যেন শুনিছো
চাৰে শুনি মোক লো,‘হেৰা ময়ো পাচলি যেনেই পাইছো
মোৰ মনতে ভাবিলো দূৰে দূৰে কোনে মুৰুলী বজাই পাচলি কঁপাব ?’
চাৰ আৰু মোৰ কান বেয়া হল ৷
ইন্দ্ৰনীল গায়ন অনলাইন ৷ ভাল কবিতা লিখে ৷ গানৰ লিংটো পঠিয়াই দি তাক সুধিলো,‘শব্দটো কি বাৰু ? মই দেখোন পাচলি যেন শুনিছো
দাদা মই চাই-চিতি বাৰু
পাছদিনা সি মেছেজ দিলে,‘দাদা শব্দটো কাছুলী লাগে কাছুলীৰ অৰ্থ আৱৰণ
সেই সময়তে অনলাইন দেখা পালো বন্ধু অয়ন উত্তমক তেওঁক গীতৰ কথাখিনি দি সুধিলো,‘কি পাৰে বাৰু ?’
লগে লগেই উত্তৰ দিলে,‘কাঁচুলীমানে একো নাই.... কাঁচুলিমানে তিৰোতাৰ স্তনযুগল ঢাকিবলৈ ব্যৱহাৰ কৰা এক অন্তৰ্বাস
মনতে ভাবিলো এটা গীত সম্পূৰ্ণ

আজিৰ কথা
এটা ক্লাছ টেষ্ট আছিল প্ৰশ্ন কাকতখন দি মই চকীত বহি আছো ৰাহতে পৰীক্ষা দি আছে মোৰ আকৌ এই কেইদিন গান শুনি শুনি অনবৰতে কবিতাৰ কথাবোৰেই মনলৈ আহি থকা হৈছে নোৱাৰাকৈয়ে গুণগুণালো
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি নিৰব শব্দ চয়নে..’
মোৰ সন্মুখত বহি পৰীক্ষা দি থকা আৰ্জভ ফুকনে লিখিবলৈ বাদ দি মোৰ ফালে চাবলৈ ধৰিলে ৷ মই অলপ লাজেই পালো ৷ মাষ্টৰ হৈ পৰীক্ষা হলত গান গাই আছো ৷ এইবাৰে নিশব্দে গুণগুণাবলৈ ধৰিলো এপাকত মন কৰিলো আৰ্জভ ফুকনে পৰীক্ষা দি আছে যদিও মুখেৰে কিবা বিৰবিৰাই আছে ৷ মনে মনে গৈ তাৰ পাছত ঠিয় হলো গৈ ৷ সি গুণগুণাই আছে
যোৱাৰ পৰত
সৰা শেৱালী বুটলি
কি কোৱা ?
নাই যে সময়
উভটি চোৱাৰ
এতিয়া বিদায় দিয়াৰ
যোৱাৰ পৰত
সৰা শেৱালী বুটলি
কি কোৱা ?...’
আৰে মাৰিয়া মন্টেচৰিত পঢ়া, ইংৰাজীত ফৰফৰাই কথা কোৱা আৰ্জভ ফুকনে এই গানটো কেনেকৈ জানিলে ?
পৰীক্ষা শেষ হল ৷
মই তাক সুধিলো,‘তুমি পৰীক্ষাৰ মাজত কি গান গাই আছিলা ?’
আৰ্জভ ফুকনে এটা ৰহস্যপূৰ্ণ হাঁহি মাৰি মোক সুধিলে,‘চাৰ এতিয়া কলৈ যাব ?’
মই ভ্ৰু কোচাই উত্তৰ দিলো,‘ঘৰলৈ ৷ কিয় সুধিলা ?’
চাৰ সময় আছে যদি আমাৰ ঘৰলৈ যাব নেকি ? আইতাই তালৈ লৈ যাব খুজিছো ৷
মোৰ প্ৰশ্নৰ উত্তৰ নিদি আইতাকৰ কথা কিয় উলিয়ালে ?
পালোগৈ আইতাৰ ওচৰ ৷
আইতাকে মোৰ খা-খবৰ ললে ৷ আৰ্জভ ফুকন বহিল পিয়ানোত ৷
বজাই গ
‘‘যোৱাৰ পৰত
সৰা শেৱালী বুটলি
কি কোৱা ?...’’

‘‘
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি মুগ্ধ মুগ্ধ নয়নে
কি নো কয়, দুটি নিৰব শব্দ চয়নে…’’

‘‘
খেয়ালি মোৰ মনৰ আকাশ
ক্ষণে ক্ষণে বৰণ সলায়..’’

মই শেষত সুধিলো,‘তুমি এইবোৰ গান কেতিয়া শিকিলা ?’
চাৰ এইবোৰ গান শুনি শুনিয়ে মই ডাঙৰ হৈছো ?’
মানে ?’
চাৰ এইবোৰ মোৰ সোন মামা ককাৰ গান ৷
 
আৰ্জভ ফুকনৰ আইতাকে মাত লগালে,‘‘খেয়ালি মোৰ মনৰ আকাশ প্ৰথম বাৰৰ বাবে গ্ৰামফোনত মই গাইছিলো ৷ (তফজ্জুল) আলি চাৰে নিজেই মোক শিকাইছিল ৷ তাৰ পাছত সোনদাই (জ্যোতিষ ভট্টাচাৰ্য্য) গাইছিল আৰু তাৰ পাছত জ্যোতিৰ্ময় (কাকতি) দাদাই গাইছিল ৷ মোৰ ওচৰত সোনদাৰ গোটেইবোৰ গানৰ ৰেকৰ্ড আছে ৷ কিন্তু এতিয়া নাবাজে সেইবোৰ ৷
মই লগে লগে লেপটপটো খুলি তেখেতক শুনাই গলো মোৰ ওচৰত থকা জ্যোতিষ ভট্টাচাৰ্য্যদেব ১১ টা গানৰ ট্ৰেক ৷ আইতাই ককায়েকৰ, আৰ্জভে ককাৰ গানবোৰ একান্ত মনে শুনি গল ৷

লগতে কলো মই যে শুনি শুনি গানৰ কথাবোৰ লিখি উলিয়াইছো ৷
তেওঁ সেইখিনি চাই দিলে ৷ দুই এটা ভুল আছিল, শুধৰাই দিলে ৷
মই ৰূবায়টক (তফজ্জুল আলি চাৰৰ পুত্ৰ) কৈ তোমাক বাৰু বাকীখিনি কবিতা/গীতৰ কথা অনোৱাই দিম ৷
আহিবৰ পৰত মোৰ গালে মুখে মৰম কৰি, আশীৰ্বাদ দি বিদায় দিলে ৷

ঘৰলৈ আহি থাকোতে গুণগুণাই আছিলো ৰাণু ফুকন বাইদেউৰ কন্ঠত প্ৰথমবাৰৰ বাবে বানীবদ্ধ হোৱা গীতটোৰে এটা লি
তোমাৰ ওঁঠত ফুলে যদি
এটি হাঁহিৰ ফুলাম পাহি
সৰা পাতত চিঠি লিখি দিবা উৰুৱাই…..’
 

1 comment: