Sunday, 27 October 2013

ফেছবুক একাউন্টটো ডি-এক্টিভেট কৰি দিওঁ নেকি বাৰু?

যোৱা কেইদিনমান ধৰি মাথো দৌৰা দৌৰি ৷ শ্ৰীমতী পূৱা ৬ মান বজাতে স্কুললৈ যায় ৷ ঘুৰি আহি পাওঁতে নিশা ৯মান বাজি যায় ৷ তাৰ পাছতো কিবা কিবি কামত ব্যস্ত ৷ হোৱাৰে কথা ৷ তেওঁলোকৰ স্কুলে এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক আয়োজন কৰিছে ৷ তেওঁৰ লগে লগে মোৰো ব্যস্ততা বাঢ়িছে ৷
ক্লাছ কৰি থকাৰ মাজতে তেওঁৰ ফোন আহে, ‘‘ক’ত আছা ?’’
মই দীঘল উশাহ এটা লৈ সোধো, ‘‘ক’লৈ যাব লাগিব ?’’
কেতিয়াবা যদি ‘just দুই চেকেন্ডৰ কাৰণে চান্দমাৰীৰ পৰা ভেটাপাৰাৰ আমাৰ ঘৰলৈ গৈ, ঘৰৰ পৰা ২০০ মিটাৰ আতৰত থকা তেওঁৰ স্কুলত কিবা এটা দি আহিব লাগে’ আন কেতিযাবা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অডিটৰিয়ামত থৈ আহিব লাগে নাইবা গীতাঞ্জলীৰ পাৰ্লাৰলৈ লৈ যাব লাগে থ্ৰেডিং কৰাবলৈ ৷

মই কাম বন সামৰি ঘৰলৈ উভটি আহি শ্ৰীমতীৰ বাবে অপেক্ষা কৰি থাকো ৷ লোহাৰ গেটখনত ‘খটং’কৈ শব্দটো হোৱাৰ লগে লগে ‘কৰি থকা দৰকাৰী কাম’ আধাতে সামৰি দুৱাৰখন খুলি দিওঁ গৈ, ‘‘আহিলা ?
‘‘সাংঘাতিক ভাগৰ লাগিছে ৷ এতিয়া আৰু একো নকৰো ৷ ভাতকেইটা খায়ে শুই নিদিলে মোৰ গা বেয়া হৈ যাব ৷’’
মনতে ভাবো, ‘‘হয়তো কথাটো ৷ ১৫ ঘন্টামান কাম কৰিছে ৷ এওঁ শোৱা পাছত আজি অলপ ৰাতিলৈ ‘দৰকাৰী কাম’ত বহিব পাৰিম ৷’’

শ্ৰীমতী পাছে ড্ৰয়িং ৰূমৰ ছোফাতে বহি লয় ৷ তাৰ পাছত দিনটোত কি কি হ’ল তাৰ এটা চমু বিবৰণ দিয়ে ৷ মোৰ মনটো যদিও মই আধাতে সামৰি থৈ অহা ‘কৰি থকা দৰকাৰী কাম’ত থাকে তথাপিও যিমান পাৰি সিমান আন্তৰিকতাৰে তেওঁৰ কথাবোৰ শুনিবলৈ যত্ন কৰো ৷ মাজে মাজে চিন্তা কৰো আধাতে এৰি অহা ‘কৰি থকা দৰকাৰী কাম’ত বা আৰু কি কি নতুন ‘আপ-ডেট’ আহিছে ??
শ্ৰীমতীক মনত পেলাই দিবলৈ যত্ন কৰো তেওঁৰ বৰ ভাগৰ লাগি আছিল ৷ ভাতকেইটা খায়ে শুই নিদিলে তেওঁৰ গা বেয়া হৈ যাব পাৰে ৷
তেওঁ কয়, ‘‘ৰবাচোন, অকনমান কথা পাতি লওঁ ৷ আৰু কি হ’ল জানা ? আজি প্ৰিঞ্চিপাল মেডামে…..’’

এটা সময়ত তেওঁ বহাৰ পৰা উঠি শোৱা কোঠাৰ ফালে খোজ দিবলৈ ধৰে, ‘‘আজি মই আৰু একো কাম নকৰো দেই ! বাকীখিনি তুমি সামৰিবা ৷’’
কোঠাত সোমায়ে, ‘‘তুমি যে কি মানুহ !! এইটো গোটেই গাহালী কৰি থৈছা ! ইমান জধলা কেনেকৈ হ’ব পাৰা বাৰু ?’’
তাৰ পাছত আৰম্ভ হয় ‘কোঠা-ছাফাই’ অভিযান ৷
‘‘হেৰা তুমি ফ্ৰেছ হোৱা চোন ! মই দুই মিনিটতে গোটেই ৰূম টিপ-টিপ কৰি দিম ৷’’
ৰূমটোত অত ত’ত থকা কাপোৰবোৰ মই আলমাৰি, কাপোৰ ধোৱা চৰিয়া আদিত থ’বলৈ আৰম্ভ কৰি দিওঁ ৷
এওঁ মুখৰ ভিতৰতে কিবাকিবি কৈ কৈ বাথৰূমত সোমাই গৈ ৷

মই বাহিৰৰ পৰা মাত দিওঁ, ‘‘হেৰা ভাত বাঢ়ি দিওঁ নে ? তোমাৰ ভাগৰ লাগিছে নহয় ৷ সোনকালে ভাত খাই শোৱা আৰু ৷’’
শ্ৰীমতী বাথৰূমৰ পৰা ওলায়ে সোধে, ‘‘আজিও গোটেই দিনটো ফেছবুক কৰি আছিলা ? কাম নাই আৰু !!’’
‘‘ভাত বাঢ়িছো দেই !’’
‘‘ভাত খাম ৷ কিন্তু কি ইমান ফেছবুক কৰি থাকা নো ?’’
মনে মনে শপত খালো ‘আজিৰ পৰা ফেছবুক নকৰো, যেতিয়ালৈকে ৰূমটো পৰিপটি হৈ নাথাকে !’’
এওঁ আকৌ ফেছবুকৰ কথা কোৱাৰ আগতেই বিষয়টো সলাবলৈ যত্ন কৰিলো, ‘‘আজি কোনে কি ড্ৰেছ কৰি আহিছিল ?’’

এক মিনিটমান একো উত্তৰ নাই ৷
তাৰ পাছত ৷


‘‘আজি জ্যোৎস্নাই কি ধুনীয়া নীলা কাপোৰ এজোৰ পিন্ধি আহিছে ! বিৰাট ভাল লাগিছিল তাইক ৷’’
‘‘ক’ত কিনিছিল ?’’ বুলি সুধিয়ে গম পালো ভুলটো কৰি পেলালো ৷
‘‘ৰূপাছ্ বুটিকৰ পৰা ল’লে ৷ ময়ো এজোৰ ল’ম বুলি ঠিক কৰিছো ৷’’
‘‘হে ভগৱান ! মই এজোৰ কাপোৰ ল’ম বুলি ভাবিছোৰ সলনি দেখোন একেবাৰে ঠিক কৰিছো বুলিয়ে কৈ দিলে !’’
তথাপিও চেষ্টা এৰি নিদিলো, ‘‘ল’বা মানে ৰূপা নে কোন তেওঁৰ তাত কাপোৰ থাকিবও লাগিব নহয় ৷ তেওঁলোকে ভাল ভাল কাপোৰ মাত্ৰ এজোৰেই বনায় ৷ সেই কাপোৰজোৰ জ্যোৎস্নাই লৈ ল’লে ৷ এতিয়া গৈ তাত ভাল কাপোৰ নাপাম ৷ গৈ লাভ কি হ’ব ?’’
এওঁ মোৰ ফালে যেনে দৰে চালে তাৰ অৰ্থ ‘তুমি মোক কি বুলি ভাবিছা ?’ বা তেনে কিবা এটাই হ’ব ৷
‘‘মই জ্যোৎস্নাৰ পৰা ফোন নম্বৰ লৈ বুটিকলৈ ফোন কৰিলো ৷ তেনেকুৱা আৰু ভাল ভাল কেইবাজোৰো কাপোৰ আছে তাত ৷ কাইলৈ ৯ বজাত মাতিছে ৷ মই কাপোৰজোৰ ল’মেই ৷ তুমি যদি ফেছবুক কৰি থাকিব পাৰা ময়ো কাপোৰ ল’ব পাৰিম ৷’’

কানখন চফা কৰিবৰ মন গ’ল ৷ কি শুনিলো, কি বুজিলো ধৰিব নোৱাৰিলো ৷
‘‘তুমি যদি ফেছবুক কৰি থাকিব পাৰা ময়ো কাপোৰ ল’ব পাৰিম ৷’তাৰ মানেটো কি ?? আৰে আগতে যদি কথাটো জানিলো হয় ফেছবুক একাউন্টটো ডি-এক্টিভেট কৰি থ’লো হয় ৷’’
মই একো নোকোৱা দেখি সুধিলে, ‘‘তুমি যাব পাৰিবা নহয় ?’’

কি বুলি কওঁ বাৰু ?
নোৱাৰো ?
নে ফেছবুক একাউন্টটো ডি-এক্টিভেট কৰি দিওঁ ?
এইজোৰ পাছে শ্ৰীমতীৰ নিজৰ সৃষ্টি


2 comments: