Tuesday 29 October 2013

ছেটিং

ফেছবুকত সোমাই লৈ প্ৰায়ে কিবা লেখিবলৈ যত্ন কৰো, আনে কি লেখিছে পঢ়ো ৷ তাৰমাজতে কেতিয়াবা ‘ছেটিঙ’ত ব্যস্ত হৈ পৰো ৷

সেউজীয়া লাইটটো জ্বলি থকা দেখিলে চিনাকি অচিনাকি বহজনে কথা পাতে ৷ কেতিয়াবা ময়ো কথা পাতো ৷ ভাল লাগে কথা পাতি ৷ বিভিন্ন ধৰনৰ কথা পতা যায় ৷ মাজে মাজে দুজন এজনে অকনমান বিৰক্ত নকৰাও নহয় ৷ বিৰক্ত হ’লেও প্ৰকাশ নকৰো ৷ মৰমতে, আগ্ৰহতে সোধে ৷ মোৰ কথাটো ছাগে কিমান বিৰক্ত হৈছে কি ঠিক ! বেছিকৈ বিৰক্ত কৰিলে তেওঁক ছেটিঙৰ পৰা disable কৰি থওঁ ৷

দুদিনমান আগতে সৰু ল’ৰা এজনৰ সৈতে কথা পাতিলো প্ৰথমবাৰৰ বাবে ৷ তেতিয়া ৰাতি ১ মান বজিছিল ৷ তেওঁ সুধিলে, ‘‘Uncle আপুনি ফাষ্টফুড ভাল পায় নে ?’’
মই, ‘‘নাই ভাল নাপাওঁ ৷ বেয়া পাওঁ ৷’’
সৰু ল’ৰা, ‘‘কিয় ? গেছ হয় নেকি ?’’
‘হে প্ৰভু ! ৰাতিখন তুমি নিজেই আবিৰ্ভাব হৈ কামুৰিছা নেকি ?’

পাছে কিছুমানৰ সৈতে কথা পাতি ভাল লাগে ৷ যোৱা কালি কথা হ’ল আন এজন সৰু ল’ৰাৰ সৈতে ৷ সৰু মানে বয়স ২২ বছৰমান হৈছে ৷ কেইমাহমান আগেয়ে ইঞ্জিনিয়াৰিং পাছ কৰিছে ৷ মই পঢ়া কলেজখনতেই পঢ়িছিল ৷ ভাল কোম্পানী এটাত চাকৰি পাই অসমৰ বাহিৰত আছে ৷ বেছ সপ্ৰতিভ, অমায়িক ল’ৰা ৷ আমি বহু পৰ কথা পাতিলো ৷ তেওঁ কথাৰ মাজতে জনালে ‘চাৰ কলেজৰ চিনিয়ৰৰ কথা পাতিলে মই বৰ নাৰ্ভাছ হওঁ ৷’’ মোৰ মৰম লাগিল গ’ল ল’ৰাজনলৈ ৷
কথা পাতি আছো ৷ এপাকত তেওঁ জনালে, ‘‘চাৰ যোৱাকালি মই বজাৰ কৰিবলৈ যাওঁতে অলপ বয়সীয়া মহিলা এগৰাকী লগ পালো ৷ তেওঁ ফোনত অসমীয়াতে কথা পাতি থকা দেখি চিনাকি হ’লো গৈ ৷ বহুদিনৰ পাছত অসমীয়াত কথা পাতি ভাল লাগিল ৷’’
মই hmmm জাতীয়া কিবা এটা জনালো ৷
তেওঁ জনাই গ’ল, ‘‘চাৰ, মহিলা গৰাকীৰ স্বামীও আমি পঢ়া কলেজখনৰে পৰা পাছ কৰা ৷’’
মই সুধিলো, ‘‘কোন batchৰ আছিল ?’’
তেওঁ জনালে, ‘‘দ্বিতীয় batchৰ আছিল ৷’’
কথাটো শুনি ভাল পালো ৷ মই ক’ব খুজিলো, ‘মোৰ দেউতাও সেইটো batchৰ আছিল ৷ মোৰ দেউতাৰে বন্ধু হ’ব ৷’ মনতে চিন্তা কৰিলো মই ছাগে চিনি পাম ৷ দেউতাৰ লগৰ বহুজনক মই চিনি পাওঁ বা নাম জানো ৷
মই সুধিলো, ‘‘তেখেতৰ স্বামীৰ নাম কি ?’’
বহু সময় একো উত্তৰ নাই ৷ ৰৈ ৰৈ আমনি লাগি মই টাইপ কৰিলো, ‘‘my dad was also in 2nd batch”.
মই কথাখিনি লেখি উঠি পঠিয়াই উঠিছো মাত্ৰ সিফালৰ পৰা উত্তৰ আহিল, ‘‘he is dead probably’’ ৷
ভালেমান সময় একো কথা বতৰা নাই ৷
তাৰ পাছত তেওঁ আকৌ লেখিলে, ‘‘আচলতে আপুনি সোধেতে মই বহু পৰ ভাবিলো, কি বুলি লেখো ৷ মই মানুহ গৰাকীক একো সোধা নাছিলো ৷ মানুহ গৰাকীয়ে বেছ বয়স্থ ৷ গতিকে মই ভাবিলো যে……..’’
মই ক’লো, ‘‘ধেই হ’ব দিয়া ! cheer up !’’
তেওঁ ক’লে, ‘‘চাৰ আপোনাৰ দেউতাৰ ভাল নে ?’’
মই জানো ল’ৰাজনে চিনিয়ৰৰ সৈতে কথা পাতোতে নাৰ্ভাছ হয় ৷
সেয়ে কওঁ নকওঁকৈ ক’লো, ‘‘he too is dead !”

তাৰ পাছতে সৰু ল’ৰাজন অফ লাইন হৈ গ’ল ৷ আজি তেওঁৰ ফোন নম্বৰ গোটাব লাগিব !


No comments:

Post a Comment