Saturday 19 October 2013

চিলাপথাৰত সীমান্ত তামুলীৰ ঘৰ বিচাৰি

লক্ষীমপুৰৰ পাছত আলং আৰু তাৰ পৰা যাম মেন-ছু-কালৈ যাত্ৰা বেছ দীঘল এওঁলোকে বিভিন্ন ধৰণৰ কথা পাতি গৈ আছে মই কথা বতৰাত বিশেষ ভাগ লোৱা নাই গুৱাহাটী নগাওঁৰ মাজত আজি কালি গাড়ী অকনমান জোৰত চলাব পাৰি ময়ো যিমান পাৰি সিমান জোৰত চলাবলৈ ধৰিলো
অকনমানি (মানে বিথি, তনয় আৰু প্ৰাপ্তিকেইটা নিজৰ মাজতে কথা বতৰাত ব্যস্ত পাছে তনয়ে মাজে মাজে মোক সুধিবলৈ ধৰিলে, ‘‘পাপলু মহা, আমি চিলাপথাৰ পাম নে ?’’
মইমেপত চাব লাগিবজাতীয় এটা উত্তৰ দিলো
তাৰ পাছৰে পৰা মন কৰিলো তনয়ে কেইবাবাৰো চিলাপথৰাৰ পাম নে নাই জানিবলৈ যত্ন কৰিলে পাছে মাক ইৰাণী নাইবা মোৰ পত্নী পিকলুৰ পৰা সদুত্তৰ নাপালে মই ভাবি পোৱা নাই তনয়েনো কিয় ইমান কৈ চিলাপথাৰৰ খবৰ লৈছে মই আচৰিতেই হৈছো যে গুৱাহাটীত ডাঙৰ দীঘল হোৱা, সৰুৰে পৰা ইংৰাজী মাধ্যমত পঢ়া ১১ বছৰীয়া ৰা এটাই চিলাপথাৰৰ কথা কেনেকৈ গম পালে

আমি  তেজপুৰত উপস্থিত লো   এখন হোটেলত সোমালো চাহ একাপ খাওঁ বুলি তাতহে চিলাপথাৰৰ ৰহস্য ভেদ তনয়ৰ বায়েক বিথিয়ে মোক সুধিলে, ‘‘পাপলু মহা জানানে তনয়ে কিয় ইমানকৈ চিলাপথাৰৰ কথা কৈ আছে ?’’
বিথিয়ে প্ৰশ্ন কৰাৰ ধৰণ দেখি মোৰ সুধিবৰ মন আছিল, ‘‘তনয়ৰ গাৰ্ল ফ্ৰেন্ডৰ ঘৰ আছে নেকি তাত ?’’ তাৰ সলনি সুধিলো, ‘‘কিয় ? কি আছে চিলাপথাৰত ?’’
গম পালো চিলাপথাৰত সীমান্ত তামুলীৰ ঘৰ
কোন এই সীমান্ত তামুলী ?

তনয়লৈ মৰম লাগি সীমান্ত তামুলী তনয়ৰ ঢোলৰ গুৰু তনয়ৰ ইচ্ছা সি এবাৰ লেও তাৰ গুৰুৰ ঘৰত সোমাই মাত এষাৰ লগাই যাব আনে কিবা কোৱাৰ আগতেই মই লো, ‘‘ সোমাম আমি চিলাপথাৰত ’’ এওঁক আৰু তাৰ মাক ইৰাণীক লো, ‘‘সোমাম দেই ! তনয়ে ইমান হেপাহ কৰিছে তাৰ গুৰুৰ ঘৰখন চাবলৈ ’’
যাত্ৰা আকৌ আৰম্ভ তনয়ে আমাক জনালে, ‘‘জানা চাৰ  (সীমান্ত তামুলী) আলঙলৈ ৯৩ বাৰ গৈছে !’’
‘‘তেওঁ আলঙলৈ ৯৩ বাৰ কিয় গৈছে ?’’
তনয়ে জনালে, ‘‘চাৰৰ মামাকৰ ঘৰ আলঙত ’’
মই চিন্তা কৰিবলৈ ধৰিলো, ‘মই দেখোন নিজৰ মামাৰ ঘৰলৈ কেইবাৰ গৈছো হিচাব কৰি থোৱা নাই সীমান্ত তামুলীয়ে বাৰু কিয় হিচাব কৰি থৈছে তেওঁ মোমায়েকৰ ঘৰলৈ কেইবাৰ গৈছে ?’’
এটা কথাত নিশ্চিত লো তনয়েঢোলৰ চাৰ সৈতে আলং তথা চিলাপথাৰৰ কথা বাৰুকৈয়ে আলোচনা কৰি থৈছে

সেই  নিশা লক্ষীমপুৰত কটাই পাছৰ দিনা আমি আলঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো
চামাৰজাৰ পালো গৈ তনয়ৰ প্ৰশ্ন, ‘‘চিলাপথাৰ পালো নেকি ?’’
ধেমাজি পালো গৈ তনয়ৰ প্ৰশ্ন, ‘‘চিলাপথাৰ পালো নেকি ?’’
ধেমাজি পাৰ লো তনয়ৰ প্ৰশ্ন, ‘‘চিলাপথাৰ পালো নেকি ?’’
লিকাবালিৰ বাট ভুল কৰি মই আগুৱাই লো পাছত আন এক বাটেৰে গৈ লিকাবালি ওলালো গৈ গতিকে চিলাপথাৰত সোমোৱা নহ তনয়ে মনটো বেয়া কৰিলে তাক বুজালো, ‘‘ঘুৰি আহোতে চিলাপথাৰত সোমাম ’’

আলং, মেন-ছু-কা হৈ আমি আকৌ উভটি আহিলো তনয়ৰ প্ৰশ্ন আৰম্ভ , ‘‘চিলাপথাৰ পালো নেকি ?’’
লিকাবালি পাৰ হৈ আহি পালো চিলাপথাৰ তনয়ে জনালে তাৰঢোলৰ চাৰ ঘৰ চিলাপথাৰৰ হায়াৰ চেকেন্ডেৰী স্কুলৰ ওচৰত সেই দিনা আকৌ সীমান্ত তামুলী গৈ আছে কোনো এক অনুস্থানত ভাগ লোৱাৰ উদ্দেশ্য ৰাজস্থানৈ বুলি গাড়ী ৰথাই ডেকা ৰা এজনক সুধিলো, ‘‘হেৰি শুনকচোন ! হায়াৰ চেকেন্ডেৰী স্কুলখনৰ কাৰণে কোন ফালে যাব লাগিব ?’’
ডেকা ৰাই উত্তৰ দিলে, ‘‘এখন হায়াৰ চেকেন্ডেৰী জোনাইৰ ফালে আছে সেইখনৰ কাৰণে………’’
আমি গাড়ীত বহি থকা কেইজনে এজনে সিজনৰ ফালে চাবলৈ ধৰিলো আমি চিলাপথাৰত আকৌ জোনাইৰ হায়াৰ চেকেন্ডেৰী কিয় বিচাৰিম ?
আমি প্ৰশ্ন কৰিলো, ‘‘চিলাপথাৰত হায়াৰ চেকেন্ডেৰী নাই নেকি ?’’
ডেকা ৰাই উত্তৰ দিলে, ‘‘কিয় নাথাকিব ? আছে ’’ তাৰ পাছত তেওঁ আৰম্ভ কৰিলে এক প্ৰকাৰৰ আখ্যান কেইবা মিনিট ধৰি বুজালে কেনেকৈ যাব লাগিব
শেষত লো, ‘‘ বুজিলো ’’
হয় আমি বুজিলো যে আন এজনক সুধিব লাগিব ‘‘হেৰি শুনকচোন ! হায়াৰ চেকেন্ডেৰী স্কুলখনৰ কাৰণে কোন ফালে যাব লাগিব ?’’
অৱশেষত সুধি সুধি ওলালো গৈ হায়াৰ চেকেন্ডেৰী স্কুলৰলৈ যোৱা বাটটো  
ইতিমধ্যে ইৰাণীয়ে নিজৰ মোবাইলত বিচাৰি পালে সীমান্ত তামুলীৰ পৰিবাৰৰ ফোন নম্বৰ শ্ৰীতামুলীৰ পৰিবাৰে জনালে হায়াৰ চেকেন্ডেৰী ৰোডতে তেওঁলোকৰ পৰিয়ালৰে গেলামালৰ দোকান এখন আছে সেইখনত খবৰ কৰিলেই আমি শ্ৰীতামুলীৰ ঘৰৰ ঠিকনা জানিব পাৰিম এইবাৰ আৰম্ভ হায়াৰ চেকেন্ডেৰী ৰোডত থকা শ্ৰীতামুলীৰ পৰিয়ালৰ গেলামালৰ দোকানৰ সন্ধান গৈ গৈ পালো গৈ হায়াৰ চেকেন্ডেৰী স্কুল ওচৰতে দোকান কেইখনমান তাৰিণী দা (তনয়ৰ দেউতাক) আগবাঢ়ি খবৰ কৰিবলৈ
ঘুৰি আহি জনালে যে যিজনৰ লগত কথা পাতিলে তেওঁ প্ৰকৃততে শ্ৰীতামুলীৰেই ভায়েক
এইবাৰ আমাৰ ওচৰত আছে তনয়ৰঢোলৰ চাৰ ঘৰৰ ঠিকনা
কেন্দুগুৰি পাৰ হৈ নগাওঁ নামৰ গাওঁখনলৈ যাব লাগিব

আগবাঢ়ি লো এটা তিনিআলি পালো আকৌ খেলি-মেলিখন লাগিল এজনক দেখি সুধিলো, ‘‘কেন্দুগুৰিলৈ কেনি যাব লাগিব ?’’
মানুহজনে বেছ আচৰিতহৈ প্ৰশ্ন কৰিলে, ‘‘হেঁ ???’’
আকৌ প্ৰশ্ন কৰিলো, ‘‘নগাওঁলৈ কোনফালে যাব লাগিব ? মানে  আমি সীমান্ত তামুলীৰ ঘৰলৈ যাব খুজিছো ’’
মানুহজনে ভ্ৰু কোচাই প্ৰশ্ন কৰিলে, ‘‘সীমান্ত তামুলী মানে সেই যে ঢোল বজাই ?’’
আমাৰ সকলোৰে মুখত হাঁহি বিৰিঙি উঠিল, ‘‘ ! ঢোল বজাই !’’
মানুহজনে হাঁহি এটা মাৰি লে, ‘‘পোনে পোনে গৈ থাকক তিনি আলিটো পাৰ হৈ এখন দোকান পাব সেইখন পাৰ হৈ এটা চাৰিআলি পাব তাত বাওঁহাতে সোমাই লেই নগাওঁ পাব তাত কাৰোবাক সুধিলেই দেখুৱাই দিব সীমান্তৰ ঘৰ সকলোৱে তাক চিনি পায় ’’

ৰক্ষা !!!!!!!!!!!!!!
আগবাঢ়ি লো আমাক কোৱা মতেই এটা তিনিআলি পালো আকৌ খেলি-মেলিখন লাগিল এইবাৰ বয়সস্থ মানুহ এজনক  সুধিলো, ‘‘সীমান্ত তামুলীৰ ঘৰ কোন ফালে জানে নেকি ?’’ তেখেতৰ লগতে থকা ছোৱালীজনীয়ে মাত লগালে, ‘‘সীমান্ত তামুলী মানে যে ঢোল বজাই ? অলপ আগত গৈ এখন দোকান পাব সেইখন পাৰ হৈ এটা চাৰিআলি পাব তাত বাওঁহাতে সোমাই লেই নগাওঁ পাব তাত কাৰোবাক সুধিলেই দেখুৱাই দিব সীমান্ত তামুলীৰ ঘৰ সকলোৱে তেখেতক চিনি পায় ’’
ৰক্ষা !!!!!!!!!!!!!!
আগবাঢ়ি লো আগবাঢ়ি লো মানে গৈয়ে আছো খেলি-মেলি লাগিবলৈ একো নাই আমি না দোকান এখন পাইছো না কিবা চাৰিআলি পাইছো
এইবাৰ ৰখালো চাইকেল মাৰি গৈ থকা ককাইদেউ এজনক, ‘‘ ককাইদেউ ! এই নগাওঁলৈ কেনেকৈ যাব লাগিব বাৰু ?’’
ককাইদেউ আমাৰ প্ৰশ্ন শুনি বেছ আচৰিত তেওঁ আমাক ওলোটাই প্ৰশ্ন কৰিলে, ‘‘তহঁত নগাওঁলৈ যাব ?’’
আমি উৎসাহেৰে লো, ‘‘ নগাওঁলৈ যাম ’’
ককাইদেৱে আমাক বুজালে, ‘‘এইয়া উত্তৰ পাৰ নগাওঁ আছে দক্ষিণ পাৰত তেজপুৰ পাৰহৈ যাব লাগিব বহুত দূৰ যাব লাগিব ’’
হাঁহিমেই নে কান্দিম ধৰিব পৰা নাই
তথাপিও বুজালো, ‘‘ককাইদেউ আমি সেই নগাওঁৰ কথা কোৱা নাই আমি কেন্দুগুৰিত থকা নগাওঁৰ কথা কৈছো চিলাপথাৰত থকা নগাওঁৰ কথা কৈছো !’’
ককাইদেৱে বৰ চিন্তিত হৈ লে, ‘‘এহ্ তহঁতক কোনে এই ফালে পঠিয়ালে ? ভুল কৰিলি নহয় এইফালে আমাৰ চিলাপথাৰৰ নগাওঁ নাই নহয় ’’
এনেতে শ্ৰীতামুলীৰ পৰিবাৰৰ ফোন আহিল আমি ফোনককাইদেউ হাতত দিলো

ককাইদেউ ফোনত ব্যস্ত
ককাইদেৱে শ্ৰীতামুলীৰ পৰিবাৰৰ লগত অকন সময় কথা পাতি বুজিবলৈ যত্ন কৰিলে কেন্দুগুৰিৰ ওচৰৰ নগাওঁ কোন ফালে আছে ৷ তাৰ পাছত আমাৰ ফালে চাই ক’লে, ‘‘তহঁতক কোনে এইফালে আহিবলৈ দেখুৱালে ? এইফালে নগাওঁ নাই নহয় ৷ উভটি যা ৷ ৰেল লাইন পাৰ হৈ …………..’’
ককাইদেৱে বুজাবলৈ আৰম্ভ কৰিলে আমি কেনেকৈ গৈ সীমান্ত তামুলীৰ ঘৰ পাম গৈ ৷ মই আধাতে একো নুবুজা হ’লো ৷ এটা কথাই বুজি পালো অহা বাটে উভটি গৈ আন কাৰোবাক সুধিব লাগিব শ্ৰী তামুলীৰ ঘৰৰ ঠিকনা ৷

উভটি আহিলো ৷ আহি উপস্থিত হ’লো আগতে এৰি অহা তিনিআলি এটাত ৷
এজনক দেখি সুধিলো, ‘‘কেন্দুগুৰিলৈ কেনি যাব লাগিব ? মানে আমি সেই যে ঢোল বজাই সীমান্ত তামুলী তেওঁৰ ঘৰলৈ যাব খুজিছিলো ৷’’
উত্তৰ আহিল, ‘‘তেনেহ’লে আপোনালোক অহা বাটে উভটি যাওঁক ৷ সীমান্তৰ ঘৰ নগাওঁতহে ! তিনি লিটো পাৰ হৈ এখন দোকান পাব সেইখন পাৰ হৈ এটা চাৰিআলি পাব তাত বাওঁহাতে সোমাই লেই নগাওঁ পাব তাত কাৰোবাক সুধিলেই দেখুৱাই দিব সীমান্তৰ ঘৰ সকলোৱে তাক চিনি পায় ’’

উভটিলো অহা বাটে ৷ এইবাৰ চকুত পৰিল এটা তিনিআলি ৷ সৰু ল’ৰা দুজনক দেখি সুধিলো, ‘‘অ ভাইটি ! সীমান্ত তামুলীৰ ঘৰ ক’ত অ ? সেই যে ঢোল বজাই !’’
ল’ৰা দুটাই নিজৰ মাজতে কথা পাতিলে,
‘‘সীমান্ত তামুলী মানে ……..’’
‘‘সেই যে বুলবুলিহঁতৰ গাওঁত ঘৰ…………’’
তাৰ পাছত তেওঁলোকে আমাক ক’লে, ‘‘এই তিনি লিটো পাৰ হৈ এখন দোকান পাব সেইখন পাৰ হৈ এটা চাৰিআলি পাব তাত বাওঁহাতে সোমাই লেই নগাওঁ পাব তাত কাৰোবাক সুধিলেই দেখুৱাই দিব সীমান্ত তামুলী ঘৰ সকলোৱে তেওঁক চিনি পায় ’’
আমি ল’ৰা দুজনক বুজালো যে সেই তিনিআলিটো পাৰ হৈ আমি এবাৰ গৈছিলো ৷ ক’তো দোকান বা চাৰিআলি চকুত নপৰিল ৷ ল’ৰা দুজনে ক’লে, ‘‘আমি চাইকেল লৈ আগে আগে গৈ আছো ৷ আপোনালোক পাছে পাছে আহি থাকক ৷’’
পথ প্ৰদৰ্শক আগে আগে আৰু আমি পাছে পাছে ৷
গৈ আছো আমি সীমান্ত তামুলীৰ ঘৰলৈ বুলি ………….







No comments:

Post a Comment