এতিয়া
৬ টকা হ’ল গৈ ৷ আৰম্ভ কৰোতে ২৫ পইছামান আছিল নেকি জানো ? পাহৰিলো ৷
প্ৰায়
২৭/২৮ বছৰমান আগৰ কথা ৷ ২৫ পইছাৰে কমলৰ পান দোকানৰ পৰা কিনি আনো এটা উইলছ ফিল্টাৰ ছিগাৰেট
৷ তাৰ পাছত কোন এক গোপন ঠাইলৈ গৈ তিনি-চাৰিজন লগ হৈ ছিগাৰেটটো হুপিবলৈ লওঁ ৷ তেতিয়া
আমি হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়ো ৷ ছিগাৰেট হোপা মানে ধোৱাহে উৰুৱাইছিলো ৷ কোনো ধৰণৰ
আমেজ পাইছিলো নে নাই মনত নাই, কিন্তু এটা নিষিদ্ধ কাম কৰাৰ আনন্দ নিশ্চয় পাইছিলো ৷
তাৰ
পাছত আহি কলেজ হোষ্টল পালো ৷ আমাৰ কেইজনমানৰ বাবে ৰাতি ভাত খাই উঠি কোনোবা এটা ৰূমত
সোমাই ছিগাৰেট হোপাটো সেই সময়ত এটা নিয়মৰ দৰে হৈছিল ৷ সাধাৰনতে আমি উইলছ ফিল্টাৰ ছিগাৰেটেই
হুপিছিলো যদিও ৰিজেন্ট কিং, পানামা, ছাৰমিনাৰ, কাপছতান আদি ছিগাৰেটো মাজে মাজে নোহোপা
নহয় ৷
হাইস্কুলৰ
ওপৰৰ শ্ৰেণীত পঢ়া দিনবোৰত যেনেকৈ ছিগাৰেট হোপা মানে মোৰ বাবে ধোৱা উৰুৱা আছিল কলেজ
হোষ্টল পোৱাৰ পাছতো মই ছিগাৰেট হুপি ধোৱাহে উৰুৱাইছিলো ৷ বিশেষ একো আমেজ নাপাইছিলো
৷ এদিন পাছে সকলো সলনি হৈ গ’ল ৷ কেনেকৈ কি হ’ল নাজানো কিন্তু হঠাতে অনুভৱ কৰিলো মই
দেখোন ছিগাৰেট হুপি বৰ আমেজ পাইছো, গাটো কিবা কিবিখন লাগিব ধৰিছে ৷
সেয়াই
আৰম্ভণি ৷ ১৯৮৭/৮ চন মানৰ কথা হ’ব ৷ উইলছ ফিল্টাৰ নহ’লে থাকিব নোৱাৰা হ’লো ৷ কিমান
উইলছ ফিল্টাৰ হুপিলো তাৰ হিচাব নাই ৷ মাজে
মাজে এৰিবলৈ যত্ন নকৰা নহয় ৷ কৰিছো যত্ন ৷ পাছে সেই বিখ্যাত উক্তি, ‘‘ছিগাৰেট এৰিবলৈ
বৰ সহজ, মই জীৱনত ১২০০ বাৰ এৰিছো’’ দোহাই দি প্ৰতিবাৰেই হেলাৰঙে পহৰি পেলাইছো যে ‘‘মই
ছিগাৰেট এৰিছো ৷’’ কেতিয়াবা ছিগাৰেট এৰি মাথো এদিনমানহে থাকো, কেতিয়াবা তাতোকৈ বেছি
দিন ৷ দুবাৰমান কেইবা মাহ ছিগাৰেট এৰি আছিলো ৷
এইবাৰ
পাছে একেবাৰে এৰিলো ৷ এইবাৰ মই মোৰ বাবে ছিগাৰেট এৰা নাই ৷ এইবাৰ ছিগাৰেট এৰিছো মোৰ
ছোৱালীজনীৰ বাবে ৷
প্ৰতিটো
দিনেই মোৰ বাবে এখন যুজ ৷
‘‘মাথো
এবাৰ, মাথো এটা ছিগাৰেট, মাথো এটা হোপা…….. ৷ তাৰ পাছত জীৱনলৈ ছিগাৰেটৰ ফালে ঘুৰি নাচাও
৷’’
সাংঘাতিক
প্ৰলোভন !
‘‘কোনেনো
দেখিব ? কোনেনো গম পাব ? মাত্ৰ এটা হোপা ……………৷’’
উস্
সাংঘাতিক প্ৰলোভন !
পাছে
প্ৰত্যেক বাৰেই ময়ে জয়ী হৈছো ৷
প্ৰত্যেকবাৰেই
প্ৰলোভন অহাৰ লগে লগে মোৰ চকুৰ আগত ভাহি উঠিছে মোৰ ছোৱালীজনীৰ হাঁহি থকা মুখখন ৷
এইবাৰ
হাৰিব নোৱাৰে, হাৰিলে হয়তো হাৰি যাম জীৱনৰ সৈতে ৷
No comments:
Post a Comment