Friday 28 June 2013

আই. আই.টি.ৰ চেন্ডেল

আজি দিনটো পঢ়োৱাই ভাগৰি জুগৰি ঘৰ সোমাইছো মাত্ৰ ৷ এওঁৰ চিঞৰ বাখৰ আৰম্ভ হৈ গ’ল ৷
‘‘তুমি মানুহ মাৰি দিবাহে ! এনেকৈনো যাব লাগে নে ? অকনমান চাই চিতি যাব নোৱাৰা নেকি ?’’
মই কি হ’ল একো বুজা নাই ৷ মাকৰ চিঞৰ শুনি প্ৰাপ্তি ওলাই আহিল ৷
এইবাৰ তাই আৰম্ভ কৰিলে, ‘‘দেতা !! তুমি কিয় এনেকুৱা কৰা বাৰু ? অকনমান চাব লাগে দিয়া চোন ! মানুহে তোমাক দেখি কি বুলি ভাবিছে বাৰু ?’’
মই সুধিলো, ‘‘কি হ’ল নো ?’’
দুয়ো দেখুৱাই কি হ’ল দিওঁতে মোৰ মনত পৰিল আই. আই.টি.ৰ চেন্ডেললৈ !

ফ্লেছবেক

আমি পঢ়া স্কুলখনত আমাতকৈ দুই শ্ৰেণী ওপৰত এজন বৰ চোকা ল’ৰা আছিল ৷ সকলোৱে ভাবিছিল তেওঁ মেট্ৰিকত স্থান লাভ কৰিব ৷ ফলাফল ভালেই হৈছিল যদিও তেওঁ স্থান নাপালে ৷ তাৰ পাছত তেখেতৰ খবৰ নোপোৱা হ’লো ৷
নিজেই মেট্ৰিক পৰীক্ষা পাছ কৰি কলেজ পালো ৷ হোষ্টেলত কেনেবাকৈ কথাটো ওলাল যে সেই আমাতকৈ দুই শ্ৰেণী ওপৰত পঢ়া দাদাজন পঢ়া স্কুলখনতে ময়ো পঢ়িছিলো ৷
দুজনমান জেষ্ঠ আবাসীয়ে মোক উৎসাহ দিলে, ‘‘দাদা এতিয়া আই. আই.টি.ত জাননে ? তয়ো আই. আই.টি.ত পঢ়িব লাগিব ৷’’
মই মুৰ দুপিয়াই সহাৰি জনালো, ‘‘অ অ ৷’’
জেষ্ঠ আবাসী কেইজনে মোক ক’লে, ‘‘দাদাই কেনেকৈ ক্লাছলৈ গৈছিল জান ?’’
মই ভাবিলো এইটো কেনে ধৰণৰ প্ৰশ্ন ?
তেওঁলোকেই জনালে, ‘‘তেওঁ এবাৰ ক্লাছলৈ যাওঁতে পিন্ধি যোৱা চেন্ডেলজোৰৰ ফিটা চিঙি গ’ল ৷ তাৰ পাছত তেওঁ কি কৰিলে কচোন ?’’
মই উত্তৰ দিলো, ‘‘মুছিৰ ওচৰলৈ গ’ল ছাগে !!’’
জেষ্ঠ আবাসী কেইজনে মোৰ উত্তৰত বৰ ৰস পালে, ‘‘হাঃ হাঃ হাঃ !! তোৰ একো নহ’ব ঔ ! তেওঁ ফটা চেন্ডেল চি.এম.তে এৰি সুদা ভৰিৰেই ক্লাছলৈ গুছি গ’ল ৷’’
মই, ‘‘সঁচা নে ?’’
‘‘আৰে অকল সেয়ে নে ? বহুবাৰ তেওঁ দুভৰিত দুপাট বেলেগ বেলেগ চেন্ডেল পিন্ধিও ক্লাছ কৰিবলৈ গৈছিল ৷ বুজিলি কেনেকৈ পঢ়িলে আই. আই. টিত ছিট পাব পাৰি ?’’

মই ভালকৈয়ে বুজিলো কথাটো যে আই.আই.টি.ত ছিট পাবলৈ হ’লে চেন্ডেলৰ অৱদান যথেষ্ট থাকিব ৷
মোৰেই কপাল বেয়া আছিল ছাগে ৷ এদিনো চেন্ডেলৰ ফিটা নিচিগিল ! দুই ভৰিত দুপাট বেলেগ বেলেগ চেন্ডেল পিন্ধিও ক্লাছলৈ যোৱা নহ’ল নহ’ল কাহানিও ! মই যে আই.আই.টি. ছিটো নাপালো ৷ এইটো অৱশ্যে বেলেগ কথা মই যে আই.আই.টিৰ প্ৰবেশ পৰীক্ষাও দিয়া নাছিলো ৷

আই.আই.টি.ত নপঢ়িলো যদিও আজি কালি আই.আই.টি.ৰ প্ৰবেশ পৰীক্ষাৰ বাবে পঢ়াও ল’ৰা ছোৱালীবোৰক ৷ প্ৰায়ে  মাক বাপেকবোৰে সোধে, ‘‘আই.আই.টি.ৰ কাৰণে কেনেকৈ পঢ়িব লাগে ?’’
কেতিয়াবা কেতিয়াবা মোৰ মন যায় ক’বলৈ, ‘‘আই.আই.টি.ত ছিট পাবলৈ হ’লে চেন্ডেলৰ অৱদান যথেষ্ট ৷’’

আজি ঘৰ পাই পাছে মন ভাল লাগি গ’ল ৷ দিনটোত আই.আই.টি.ৰ প্ৰবেশ পৰীক্ষাৰ বাবে কেলকুলাছ, এলজেব্ৰা পঢ়ালো ৷ ভালেমান অংকও কৰালো ৷ লগতে গোটেই দিনটো বাও ভৰিত এপাট নীলা চেন্ডেল আৰু সো ভৰিত এপাট বগা চেন্ডেল পিন্ধি আছিলো ৷
আজি ল’ৰাবোৰেও অংক ভালকৈয়ে বুজি পাইছিল ৷

কথাটো সঁচা ছাগে, ‘‘‘আই.আই.টি.ত ছিট পাবলৈ হ’লে চেন্ডেলৰ অৱদান যথেষ্ট ৷’’

No comments:

Post a Comment