আমি তেতিয়া হাইস্কুলত পঢ়ি আছো
৷
সুৰজ-শেখৰ
ভাই-ককাই ৷
এবাৰ
সিহতৰ সম্বন্ধীয় ককায়েক দুজন গৈ ওলাল গৈ ৷ দুয়ো হেনো কাঠমান্ডুলৈ যাব ৷
আমাৰ
দুটা কথাত বৰ ফুৰ্তি ৷
প্ৰথম
কথা লগৰ লৰাৰ দাদা মানে আমাৰো দাদা দুজনজন বিলাত ভ্ৰমণত যাব ৷
দ্বিতীয়
কথা, আচলতে এইটো ‘আচল কথা’, দাদা দুজনে এখন ইয়েজদী (yezdi) মটৰ চাইকেল লৈ সুৰজহঁতৰ
ঘৰলৈ আহিছে ৷ তেওঁলোকৰ কাঠমান্ডু-ভ্ৰমণৰ সময়ত ইয়েজদীখন সুৰজহঁতৰ ঘৰতে থাকিব ৷ তেওঁলোক
নাথাকা কেইদিন আমাক আৰু কোনে পায় !!
পাছে
আমি কেনেবাকৈ ইয়েজদীখনৰ ওচৰ চাপিলেই দাদা দুজনে ধমক দিয়ে, ‘‘খবৰদাৰ, ভুলটো এইখনৰ ওচৰলৈ
নাহিবি ৷ এইখন চুলে ভৰি ভাঙি দিম ৷’’ আমি মুৰ জোকাৰি তেওঁলোক দুয়োকে আশ্বাস দিলো,
‘চিন্তা নকৰিব দাদা আমি আপোনালোকৰ সেইখনতকৈ আমাৰ ভৰিকেইটাহে ভাল পাওঁ ৷’
আমি
সদায়ে সুৰজহঁতৰ ঘৰলৈ এপাক মাৰো ৷ দাদা দুজনৰ কুশল-বাৰ্তা লওঁ ৷ লগতে প্ৰশ্ন কৰো,
‘‘দাদা কাঠমান্ডু নাযায় নেকি ?’’ আমাৰ কথা হ’ল, ‘আপোনালোক আহিছে কাঠমান্ডু যাবলৈ ৷
মাহীৰ ঘৰত বহি বহি ভাত খাবলৈ অহা নাই নহয় ৷ সোনকালে আপোনালোক যাওঁক ৷ তেতিয়া আমিও আমাৰ
কাম ধৰিব পাৰিম ৷’
এদিন
আবেলি কামৰূপ এক্সপ্ৰেছত দুই দাদাই কাঠমান্ডু অভিমুখে যাত্ৰ আৰম্ভ কৰিলে ৷ তেওঁলোক
ছাগে চালাকাটি ষ্টেচনত ৰেলত উঠি কোকৰাঝাৰ পোৱা গৈয়ে নাই ৷ আমি ইয়েজদী ওপৰ পালো গৈ ৷
প্ৰথম
দিনা বান্দৰে আম গছত বগোৱাদি আমিয়ো ইয়েজদীখনত বগাই থাকিলো ৷ ঠিয় কৰি থোৱা ইয়েজদীখন
আমি বিভিন্ন ধৰণৰ অংগী-ভংগী কৰি চলাবলৈ ধৰিলো ৷ মটৰচাইকেল চলাই থাকোতে মুখেৰে ‘ধুঁত
ধুঁত ধুঁত …..’ বা ‘ফট ফট ফট..’ বা ‘পেঁপ পেঁপ পেঁপ..’ শব্দ কৰিবলৈ ধৰিলো ৷ ইতিমধ্যে
আমি শ্ব’লে চাই থৈছো ৷ গতিকে মাজে মাজে ‘ইয়ে ডোষ্টি (doo-s-ti)হম নাই তুৰেংগে (tu-ren-gay)’ গানটো গাই জয়-বীৰুৰ
অভিনয়ো কৰিলো ৷
পাছে
তেনেকৈ এদিনহে কৰিব পাৰিলো ৷ পাছ দিনা গোটেই কেইটা ইয়েজদীখনৰ ওচৰ চাপিলো যদিও আটায়ে
একে মুখে ক’লো, ‘‘এনেকৈ ভাল লগা নাই ৷ যদি কেনেবাকৈ আমি সঁচাকৈ চলাব পাৰিলো হয়
!!!’’ আটায়ে শেখৰৰ মুখলৈ চালো ৷ আমি জানো সুৰজে কামটো কৰিব নোৱাৰিব ৷ শেখৰ জাঙোৰ খাই
উঠিল, ‘‘ নাই নাই মই চাবি আনিব নোৱাৰো দেই !! দাদাই দেউতাৰ হাতত চাবি দি গৈছে ৷ মই
চাবি খুজিলে মাৰিব মোক ৷’’ আমি তাক বুজালো, ‘‘চা শেখৰ তয়ে পাৰিবি ৷ আৰু তোক কোনে কৈছে
চাবিটো খুজিব লাগিব বুলি ৷ মনে মনে কৰি আনিবি আকৌ ৷’’ শেখৰ কোনো পধ্যেই মান্তি নহয়
৷ তাৰ কথা, ‘‘তহঁতে মোক চুৰ কৰিবলৈ কৈছে ৷ চুৰ কৰা মহা পাপ ৷’’ আমি তাক বুজাব যত্ন
কৰিছো, ‘‘মনে মনে অনা কাৰ্য্যটোক চুৰ কৰা নোবোলে ৷’’ তাক আমি ইমানখিনিও বুজালো যে চাবিটো
মনে মনে আনিবলৈ যাওঁতে তাৰ লগত আমিও থাকিম ৷ নাই শেখৰৰ এক কথা, ‘‘মই চাবি আনিব নোৱাৰো
৷’’ শেষত তাক ক’লো, ‘‘তই প্ৰথমে চলাবি ৷’’ এইবাৰ দৰবে কাম দিলে ৷ শেখৰ মান্তি হ’ল ৷
‘‘ঠিক আছে ৷ কাইলৈ ৰাতিপুৱা চাৰি বজাত আহি যাবি ৷’’
অক্টোবৰ
মাহৰ পুৱা চাৰিবজাত আমি দহ-বাৰটা গৈ হাজিৰ হ’লো শেখৰহঁতৰ ঘৰ ৷ মনে মনে গেৰেজটো খুলিলো
৷ ইয়েজদীখনৰ ওপৰত শেখৰক বহাই ল’লো ৷ শেখৰৰ
পাছ ফালে বহিল ভুপেন ৷ তাৰ পাছত সিহঁত দুয়োটাৰে সৈতে ইয়েজদীখন ঠেলি ঠেলি আমি লৈ গ’লো
তাহাতৰ ঘৰৰ প্ৰায় এক কিলমিটাৰমান আতৰলৈ ৷ আলিবাটো সেই ডোখৰ ঠাইত অলপ এঢলীয়া হৈ তললৈ
নামি যায় ৷ আমি পাল পাতি পাতি দুটা দুটা কৈ ইয়েজদীখনত উঠো ৷ মুখেৰে ‘ধঁত ধঁত…., ধুঁত
ধুঁত ….. বা পেঁ পেঁ…’’ শব্দ কৰি কৰি ইয়েজদীখন তললৈ চলাই লৈ যাওঁ ৷ মুখেৰে শব্দ নকৰিলে
ষ্টাৰ্ট নোহোৱা ইয়েজদীখন চলাই ভাল নালাগে দেখোন ৷ তল পালে আকৌ ঠেলি ঠেলি ওপৰলৈ আনো
৷ প্ৰথম দুবাৰমান অকনমান ভয় নলগা নহয় ৷ পাছলৈ পাকৈত হৈ গ’লো ৷ ‘ইয়ে ডোষ্টি (doo-s-ti)হম নাই তুৰেংগে (tu-ren-gay)’ত জয় আৰু বীৰুৱে ঠিয়
হৈ যোৱা দি যাবলৈ ধৰিলো ৷ আবেলি সময়ত আমি পাছে শেখৰহঁতৰ ঘৰ ফালে ঘুৰিকে নাচাওঁ ৷ কোনেও
যাতে সন্দেহ নকৰে আমি ইয়েজদীখনত হাত দিছো বুলি ৷
এইবোৰৰ
মাজত পাছে এটা অঘটন নঘটা নহয় ৷
এদিনৰ
কথা ৷
সঞ্জু
আৰু কোনোবা এটাৰৰ পাল আছিল ৷ সঞ্জু আগত বহিছিল ৷ সি বোধহয় ফু্ৰ্তিতে ক্লাটছ
(clutch)ত হাত আৰু গীয়েৰ(gear)ত ভৰি একে সময়তে দি দিলে ৷ নিউট্ৰেল(neutral) অৱস্থাৰ
পৰা কোনোবা এটা গীয়েৰ লাগি ইয়েজদীখন ৰৈ গ’ল ৷ লগে লগে নিউটন চাহাবৰ গতিৰ প্ৰথম সূত্ৰ অনুসৰি সঞ্জু আৰু লগৰটো মাটিত বাগৰি পৰিল ৷ আমি উধাতু
খাই দৌৰ মাৰি গ’লো ৷ আমাৰ সাংঘাতিক চিন্তা হ’ল ৷ কেনেবাকৈ ইয়েজদীখনৰ কিবা এটা হ’ল নেকি আকৌ ? সঞ্জুহঁতৰ বৰ বেছি হ’লে চাল-বাকলি চিঙিব ৷ কিন্তু ইয়েজদীখনৰ কিবা এটা হ’লে দাদাহঁতে কাঠমান্ডুৰ পৰা আহি আমাৰ ভৰি ভাঙি দিব ! আমি আটায়ে সঞ্জুৰ ফালে পোন্ডোৱাকৈ চালো ৷ সঞ্জুৱে সেমেনা-সেমেন কৰি কৈছে, ‘‘কেনেকৈ এইখন ৰৈ গ’ল জানো পায় ? মই দেখোন ব্ৰেক মৰা নাছিলো !’’
খাই দৌৰ মাৰি গ’লো ৷ আমাৰ সাংঘাতিক চিন্তা হ’ল ৷ কেনেবাকৈ ইয়েজদীখনৰ কিবা এটা হ’ল নেকি আকৌ ? সঞ্জুহঁতৰ বৰ বেছি হ’লে চাল-বাকলি চিঙিব ৷ কিন্তু ইয়েজদীখনৰ কিবা এটা হ’লে দাদাহঁতে কাঠমান্ডুৰ পৰা আহি আমাৰ ভৰি ভাঙি দিব ! আমি আটায়ে সঞ্জুৰ ফালে পোন্ডোৱাকৈ চালো ৷ সঞ্জুৱে সেমেনা-সেমেন কৰি কৈছে, ‘‘কেনেকৈ এইখন ৰৈ গ’ল জানো পায় ? মই দেখোন ব্ৰেক মৰা নাছিলো !’’
ইয়েজদীখন
উঠাই লোৱাৰ পাছতে লাগিল লেঠা ! সেইখন দেখাৰ তেনেকৈ একো হোৱা নাই ৷ কিন্তু ঠেলা মাৰিব লৈ গম পালো সেইখন এতিয়া না আগলৈ যায় না পাছলৈ যায় ৷ আমি বাৰটাই মিলি ঠেলিছো যদিও লৰচৰেই নহয় ৷
‘‘অই কি কৰিলি তই ?’’
‘‘অই কি কৰিলি তই ?’’
‘‘কৈছো
দেখোন মই একো কৰা নাই ৷’’, কান্দো কান্দো হৈ সঞ্জুৱে উত্তৰ দিলে ৷
শেখৰে
মুৰে কপালে হাত দি বাটিত বহি দিলে, ‘‘মাৰি দিলি তহঁতে মোক ৷ কিহে যে পাইছিল মোক তহঁতৰ
লগ ল’বলৈ ?’’
সুৰজে
গহীণাই মাত দিলে, ‘‘মই আগতেই কৈছিলো এইবোৰ বৰ ভাল কথা হোৱা নাই ৷’’
আমি
তাক ওলোটাই ধৰিলো, ‘‘তই কেতিয়া কৈছিলি এইবোৰ বেয়া কথা বুলি ?’’
পুৱা চাৰি বজাত চাৰিওফালে আন্ধাৰ হৈ থাকোতেই আমি আৰম্ভ কৰিছিলো আমাৰ গোপন অভিযান ৷ পাচমান বজাত লাহে লাহে পোহৰ হ’বলৈ ধৰিলে ৷ আমি ঠিক
কৰিলো দহ-বাৰটা আছো ৷ ঠেলি যিহেতুকে পৰা নাই ডাঙিয়ে লৈ যোৱা যাওঁক ৷ গোটেই কেইটা ইয়েজদীখনৰ
চাৰিওফালে ঠিয় হৈ সেইখন ডাঙিবলৈ যত্ন কৰোতেই জগিং কৰি কৰি সেইখিনি ওলাল গৈ লটেন ৱাড়ী
দাদা ৷ তেখেতে ভাৰতীয় ষ্টেট বেংকত চাকৰি কৰিছিল আৰু খুব ভাল ক্ৰিকেট খেলে ৷ বেংকত চাকৰি
কৰিলেও আমাৰ লগতে খেলে ৷ ৱাড়ীদাদাক দেখাৰ লগে লগে আমি গৈ তেওঁৰ ভৰিত পৰি দিলো, ‘‘দাদা
বচাওঁক ৷’’ ঘটনাটো কি হ’ল তেখেতক বুজালো ৷ ৱাড়ীদাদাই আহি ইয়েজদীখন নিউট্ৰেল কৰি দিলে
৷
‘‘চা
এনেকৈ নিউট্ৰেল কৰে ৷’’
‘‘দাদা
নিউট্ৰেল মানে কি ?’’
‘‘নাজান
? ক্লাটছ জাননে নাই ? গীয়েৰ ?? নাজান ?’’
দাদাই
আমাক ইয়েজদী এখন কেনেকৈ চলাব লাগে গোটেইখিনি কথা শিকাই দিলে ৷ তাৰ পাছত সুধিলে, ‘‘বুজিলি
কথাবোৰ ?’’
‘‘হয়
দাদা বুজিলো ৷ এবাৰ চলাই দেখাই দিব নেকি ?’’
‘‘নাই
নাই !! খবৰদাৰ নচলাবি এইখন ৷ পৰিব লাগিলে ভৰিত লোহা লগাব লাগিব ৷ নচলাবি কিন্তু কৈ
দিছো ৷’’
আমি
আটায়ে মুৰ জোকাৰিলো, ‘‘হয় দাদা নচলাওঁ ৷’’ পাছে দাদাৰ কথাখিনি শুনি থাকোতে বা দাদাক
প্ৰতিশ্ৰুতি দিওঁতে মোৰ চকু বাকীবোৰৰ মুখলৈ গৈ আছিল ৷ কিয় নাজানো কিন্তু মোৰ এনে লাগিছিল
যেন ৱাড়ী দাদাক দিয়া প্ৰতিশ্ৰুতিটো এটা ভুৱা প্ৰতিশ্ৰুতি ৷
যি নহওঁক শেখৰহঁতৰ ঘৰৰ বাকী লোকসকল সাৰ পোৱাৰ আগতেই আমি ইয়েজদীখন ঠেলি গেৰেজ পোৱালো গৈ ৷
সেইদিনা আবেলি আটায়ে গৈ পালো গৈ সঞ্জুৰ ঘৰ ৷
সেইদিনা আবেলি আটায়ে গৈ পালো গৈ সঞ্জুৰ ঘৰ ৷
‘‘ভৰি
ফুলি আছে নেকি ?’’
‘‘নাই,
কিন্তু শুন মই অকনমান তেল গোটালো ৷ এক লিটাৰমান হ’লে হ’ব নে ?’’ সঞ্জুৰ প্ৰশ্ন ৷
‘‘কি
তেল ?’’
‘‘আৰে
পেট্ৰল আকৌ !!’
আমি
আচৰিত সঞ্জুৱে ভৰিত দুখ পাইছে কাৰণে পেট্ৰল কিয় গোটাইছে আকৌ ৷
সঞ্জুৱে
আকৌ ক’লে, ‘‘কিয় ? কাইলৈ নচলাৱ নেকি ? কি এনেকৈ ষ্টাৰ্ট নোহোৱাকৈ চলাম সদায় সদায় ?
কাইলৈ আচলকে চলাম দে ৷’’
সঞ্জুৰ
ভৰিৰ খবৰ লোৱা আৰু নহ’ল গৈ আমাৰ !!
পাছদিনা
আকৌ পুৱা চাৰিবজাত সুৰজ-শেখৰহঁতৰ গেৰেজৰ পৰা ইয়েজদীখন ঠেলি ঠেলি উলিয়াই আনিলো ৷ এইবাৰ
আমি দুই কিলমিটাৰমান আতৰলৈ গ’লো ৷ কথা আছে ৷ ‘আচলকে চলাম’, বহুত শব্দ হ’ব ৷ ঘৰত ধৰা
পৰি যাব পাৰো ৷ নিৰাপদ দূৰত্ব বুলি নিৰ্ধাৰিত হোৱা ঠাই ডোখৰ পায় আৰম্ভ হ’ল ইয়েজদী ষ্টাৰ্ট
কৰাৰ প্ৰক্ৰিয়া ৷ এটা এটা কৈ কিক মাৰি মাৰি চেষ্টা কৰি আছো ৷ গাৰ জোল বৈ গৈছে ৷ নাই
ইয়েজদীৰ
ষ্টাৰ্ট হোৱাৰ নাম-গোন্ধ নাই ৷ আমি ঠিক কৰিলো আগৰ সেই মুখেদি শব্দ কৰাটোৱে ভাল ৷ তাৰ
পাছতে মোৰ ভাগ্য ভালেই আছিল নে বেয়াই আছিল নাজানো ৷ কিন্তু মই কিকটো মাৰি দিওঁতে ‘ধঁত..ধঁত..
’’ শব্দ কৰি ইয়েজদীখনে প্ৰাণ পায় উঠিল ৷ লগে লগে হাত চাপৰি বাজিল ৷ মই গৰ্বতে লাজ লাজ
কৰি বেঙাটোৰ দৰে ঠিয় হৈ আছো ৷
‘‘চলা,
চলা তয়ে চলা ৷’’, গোটেই কেইটাই মাত দিলে ৷
‘‘নাই
নাই মই নচলাওঁ ৷ মই ষ্টাৰ্ট কৰিলো, তহঁতে চলা ৷’’, মই ক’লো ৷ আচলতে ক’বলৈ যেয়া পালো
মোৰ ভয় লাগে বুলি ক’বলৈ ৷
বাকীকেইটায়ো
ছাগে ক’বলৈ বেয়া পালে, ‘আমাৰ ভয় লাগে’ ৷ সিহঁতে মোক বুজালে, ‘‘তই ষ্টাৰ্ট কৰিছ যেতিয়া
তয়ে চলা ৷’’
মই
উপায় নাপায় বহিলো ইয়েজদী চলাবলৈ ৷ পাছফালে বহিল শেখৰ ৷ নিউট্ৰেলৰ পৰা ৱাড়ীদাদাই শিকাই
দিয়াৰ দৰে গীয়েৰ লগাই ক্লাটছ এৰি দিলো ৷
‘‘অই
অই কি ক’ৰ …………’’,
‘‘মৰিলো…………….’’,
‘‘ৰখা………………’’,
‘‘ব্ৰেক
মাৰ্…………………..’’
এইবোৰ
হেনো সেই সময়ত লগৰ বোৰে চিঞৰিছিল ৷ মোৰ কানত
একোকে সোমোৱা নাছিল ৷
সেই
সময়ত মোৰ দুটাই চিন্তা আছিল যে ওপৰলৈ উঠি থকা চকাটো কেনেকৈ তললৈ নমাব পাৰি আৰু ব্ৰেক
কোনখিনিত আছে ?
কেনেকৈ
কি হ’ল নাজানো আমি দুটা ইয়েজদীখনত বহি থকা অৱস্থাতে সেইখন চলিবলৈ আৰম্ভ কৰিলে ৷ নিজৰে
বিশ্বাস নোহোৱা হৈ গ’ল ৷
‘‘বাহ্
পাৰিছো তাৰমানে !!’’
এটা
চাৰিআলি পায় মই পোনে পোনে যাবলৈ ধৰোতে শেখৰে পাছফালৰ পৰা চিঞৰিলে, ‘‘অই পাগল হৈছে নেকি
? সেইফালে কিয় গৈছে ? আমাৰ ঘৰেই পায় যাম দেখোন !’’
শেখৰ
কথা শুনিহে চাৰিআলিত মই ইয়েজদী ঘুৰাই দিলো সোফালে ৷
‘‘পাছে
ই কি ?’’
নিউটনৰ
গতিৰ প্ৰথম সূত্ৰ প্ৰয়োগ হৈ গ’ল ইয়েজদীৰ ওপৰত, ‘‘যেতিয়ালৈকে কোনো বাহ্যিক বলে ক্ৰিয়া
নকৰে তেতিয়ালৈকে ৰৈ থকা বস্তু এটা ৰৈ থাকে আৰু গৈ থকা বস্তু এটা গতিৰ পৰিবৰ্তন নোহোৱাকৈ
গৈ থাকে ৷’’ বাহ্যিক বল প্ৰয়োগ কৰিবলৈ মই ব্ৰেকডাল বিচাৰি নাপালো ৷ ফলত ইয়েজদী, শেখৰ
আৰু মই – তিনিও গৈ সোমালো গৈ খালত ৷
শব্দ
শুনি, চিঞৰ শুনি ওচৰ পাজৰৰ মানুহ গোট খালে ৷ ইতিমধ্যে লগৰবোৰো আহি উপস্থিত হ’ল ৷
মোক
খঙেৰেই সুধিলে, ‘‘এইবোৰ কি কৰিলি ?’’
‘‘মই
কি কৰিলো আকৌ ? যি কৰিলে চাৰ আইজাক নিউটনে কৰিলে ৷’’
No comments:
Post a Comment