চিনেমাত,
উপান্যাসত, গল্প আদিত প্ৰায়ে পঢ়িবলৈ পাই থাকো প্ৰেম ক’ত, কেতিয়া, কেনেকৈ হৈ যায় কোনেও
ক’ব নোৱাৰে ৷ ওপৰৱালাই কপালত লেখি দিয়া দিনাখন আপুনি নিবিচাৰিলেও প্ৰেমত পৰি যাব ৷
আন হাতে যদি ওপৰৱালাই লেখি দিয়া নাই তেনেহ’লে আপুনি হাজাৰ চেষ্টা কৰিলেও একো লাভ নাই
৷ আপুনি কথাটো বিশ্বাস কৰে নে নকৰে মই নাজানো ৷ মই কিন্তু কৰো ৷
মই
তেতিয়া অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ৷ সেই সময়ত সকলোৱেই জানিছিল মই কোনো ছোৱালীৰ
সৈতে বৰ বিশেষ মাত বোল নকৰিছিলো ৷ এনেকুৱা নহয় যে মোৰ মাতিব মন নগৈছিল ৷ গৈছিল মন মাতিবলৈ
৷ পাছে আমি প্ৰথম সান্মাষিকত থাকোতেই এটা অঘটন ঘটিছিল যাৰ বাবে মই অভিযান্ত্ৰিকৰ শিক্ষা
প্ৰথম দুমাহতে সামৰি ডিব্ৰুগড় বৰবাৰীত দোকান এখন দি জীৱন নিৰ্বাহ কৰিম বুলি ভাবিছিলো
৷ তেতিয়াৰে পৰা মই ছোৱালীবোৰৰ পৰা আতৰে আতৰেই ফুৰিছিলো ৷
প্ৰেম
?????
হাঃ
হাঃ হাঃ !!!!!
ভাবিব
নোৱাৰা ধৰণৰ কথা ৷ তেনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ আছে ৷
আৰু
ভাবিব নোৱাৰা ধৰণেই এদিন অঘটন ঘটি গ’ল ৷
বিধিৰ
লিখন ………..
আমি তেতিয়া অলপ ওপৰৰ শ্ৰেণীত ৷ প্ৰথম
সান্মাষিকত বহু নতুন নতুন যুৱতী আহিছে ৷ চাৰিওফালে ওখল-মাখল ৷ ইতিমধ্যেই বহুজনে নিজৰ
নিজৰ প্ৰচেষ্টা আৰম্ভ কৰিছে ৷ মই পাছে একেবাৰেই নিৰ্বিকাৰ হৈ আছো ৷ লাইন মৰা বা ছোৱালী
জোকোৱাৰ কথা বাদেই দিলো কোন কোন সুন্দৰীনো আহিছে তাৰো খবৰ ৰখা নাই ৷ লগৰবোৰে আলোচনা
কৰিলে মনে মনে শুনি থাকো ৷ চেত্ৰী, পঙ্কজহঁতৰ মুখত শুনিছো পাছে নামবোৰ ৷
এদিন বিয়লি চাৰি বিছৰ বাছত মই আৰু বন্ধু এজন ওলালো পানবজাৰলৈ বুলি ৷
বন্ধু আৰু মই বাছৰ পাছফালৰ দুৱাৰখনত ওলমি
গৈ আছো ৷ বাছ গৈ কলেজ চৌহদ পাৰ হৈ সুন্দৰবড়ী মান পাইছে ৷
বন্ধুৱে মাত দিলে, ‘‘আব্বে, তই গম পাইছ নে নাই কথাটো ?’’
বন্ধুৱে মাত দিলে, ‘‘আব্বে, তই গম পাইছ নে নাই কথাটো ?’’
মই বন্ধুৰ ফালে আতৰিত হৈ চালো ৷
বন্ধুৱে তেওঁৰ গোফৰ তলৰ সেই বিখ্যাত হাঁহিটো
মাৰি ক’লে, ‘‘তোৰ কেছ ফিটিং হৈ গৈছে ৷ (আগফালে দেখুৱাই কৈ গ’ল) সেই ফাৰ্ষ্ট চেমিষ্টাৰজনীয়ে
অথনিৰে পৰা তোক চাই আছে !’’
মুৰ তুলি চাই দেখিলো যি গৰাকী যুৱতীৰ
কথা কৈছে তেওঁৰ কাৰণে হেনো মহাৰণ হ’বৰ উপক্ৰম হৈছে ৷ মোহিণী সুন্দৰী !! মোৰ হৃদপিণ্ডৰ
দুটামান ঢপঢপণি ৰৈ যোৱা যেন লাগিল ৷ তথাপিও অলপ খঙেৰেই ক’লো, ‘‘তাতে কি হ’ল ?’’
বন্ধুৱে মোক ধমক দি ক’লে, ‘‘তই মনে মনে
গৈ থাক ৷ আৰু খবৰদাৰ !! তাইৰ ফালে ভুলটো নাচাবি ৷ মই ক’ম তোক কি কৰিব লাগিব ৷’’
বন্ধুৰ এই বিষয়ত বিশেষ বুৎপত্তি আছিল
৷ তেওঁ হেনো গোফৰ তলৰ হাঁহিটো মাৰিয়ে ‘দিল চুৰ’ কৰি লৈ যাব পাৰিছিল ! গতিকে বন্ধু কথা
মানিবলৈ মন গ’ল ৷ পাছে এতিয়া চকু যুৱতীৰ চকুৰ পৰা আতৰ কৰিব নোৱাৰা হ’লো ৷ বাছ গৈ জালুকবাৰী
পাই মানে মই গাবলৈ ধৰিলো
‘‘কাৰোবাৰ দুনয়ন
সৰগৰ তৰা যেন লাগে,
নাজানো মোৰ কি যে হ’ল
নাজানো মোৰ কি যে হ’ল.....
সঁচাকৈ ধৰিব নোৱাৰা হ’লো, মোৰ কি হ’ল
!
যুৱতীৰ দুচকুৱে যেন মোৰ হৃদয়ত প্ৰেমৰ
প্লাৱন আনিছে ৷
বন্ধুৰ ফালে চাই অসহায় হৈ সুধিলো, ‘‘এতিয়া
কি হ’ব ?? বাছখনে তিনি কিল’মিটাৰ বাট পাৰ নকৰোতেই যদি মোৰ এই অৱস্থা হয় তেনেহ’লে প্ৰেমৰ
সাগৰ মই কেনেকৈ পাৰ কৰিম ?’’
বন্ধুৱে বাছৰ পাছ দুৱাৰত ওলমি ওলমি মোক
প্ৰেম-পিৰিতি, যুৱতীৰ চকুৰ ভাষা, যুৱতীৰ মনৰ ৰহস্য আদি বিষয়ত গুৰু গম্ভীৰ ভাষণ দিলে
৷ বাছ গৈ কালীপুৰমান পাইছে গৈ ৷ বন্ধুৱে ঘোষণা কৰিলে, ‘‘প্ৰভূ (মোক বন্ধুৱে মৰমতে প্ৰভূ
বুলি মাতে) আজি সঁচাকে হৈ গ’ল কাম ৷ তই কিন্তু বেক গীয়েৰ লগাই নিদিবি ৷ চা না ( যুৱতীৰ
ফালে দেখুৱাই) এক্কেবাৰে ফিডা হৈ আছে ৷’’
মই কোনোমতে মাতটো উলিয়াই ক’লো, ‘‘ভাই
মোৰ ভয় লাগিছে ৷’’
বন্ধু জাঙোৰ খাই উঠিল, ‘‘ধুৰৰ পাৰ্টনাৰ
!! কিহৰ ভয় ?? তই আমাৰ হীৰো বে !!’’
বন্ধু বিচক্ষণতাৰ ওপৰত মোৰ হঠাতে সন্দেহ
হ’বলৈ ধৰিলে ৷ তেওঁ মোৰ কথা বুজি পোৱা নাই আকৌ বুজালো, ‘‘আব্বে মোৰ ভয় মোৰ ফালে চাই
থকা সেই ছোৱালীজনীলৈ ৷ তই সেই কথাটোও নুবুজ নেকি ? চা হীৰোগিৰি বেলেগ বস্তু, প্ৰেম
নিবেদন বেলেগ বস্তু ৷ চেমেষ্টাৰ পৰীক্ষা পিছুৱাই দিব লাগে আব্বে ইউনিভাৰছিটিৰ ভি.ছি.ৰ
লগত মই অকলেই লাগি যাম ৷ কিন্তু প্ৰেম নিৱেদন কৰিব মই নোৱাৰিম পাৰ্টনাৰ !’’
বন্ধুৱে আকৌ আৰম্ভ কৰিলে প্ৰেম নিবেদনৰ
আদি পাঠ ৷ বন্ধুৱে মোক সকলো কথা খুটি-নাটি মাৰি স্পষ্টকৈ বুজাই দিলে ৷ ইফালে যুৱতীৰ
দুচকুৱে মোক প্ৰেমৰ হাজাৰ কবিতা শুনাই আছে ৷ বন্ধুৰ পৰা লাভ কৰা জ্ঞানৰ সহায়ত দুচকুৰ
প্ৰেমৰ কবিতাবোৰ মই সম্পূৰ্ণৰূপে পাঠোদ্ধাৰ কৰিবলৈ সক্ষমো হৈছো ৷
বাছ গৈ ফাছীবজাৰমান পাইছে গৈ ৷ হঠাতে
মই চিঞৰি উঠিলো, ‘‘আজি হয় গুৱাহাটী নহয় ৰঙামাটি ৷’’
এইবাৰ বাছ পালে গৈ পানবজাৰ ৷ যুৱতী বাছৰ
পৰা নামিল আগ দুৱাৰেদি, মই নামিলো পাছ দুৱাৰেদি ৷
মোৰ এনে লাগিল যুৱতীয়ে যেন চকু টিপিয়াই
মোক তেওঁৰ ফালে মাতিছে ৷ মই তেওঁৰ ফালে আগুৱাই গ’লো ৷ যিমানেই আগবাঢ়িছো সিমানেই খোজ
থৰকবৰক হ’বলৈ ধৰিছে ৷ মোৰ এনেকুৱা লাগিছে যেন পানবজাৰৰ পদপথত মোৰ হৃদপিণ্ডই এতিয়া কাম
কৰিবলৈ বন্ধ কৰি দিব ৷ এনে লাগিছে যেন মই পানবজাৰৰ পদপথত বেহুচ হৈ পৰি যাম ৷ মই নিজকে
পৰি যোৱাৰ পৰা বচাবলৈ মোৰ পাছফালে থকা ৰেলিং এডালত খামোচ মাৰি ধৰিলো ৷ তাকে যুৱতীয়ে
খিল খিলাই হাঁহি মাৰি ক’লে, ‘‘চাব দেই ষাড় গৰুটোৱে খোচ্ মাৰি দিব৷’’
মই উচপ খাই ঘুৰি চাই দেখিলো ৰেলিং বুলি
পদপথত জিৰাই থকা ষাড়গৰু এটাৰ শিঙতে ধৰি আছো ৷ একো নাই হোৱা যেন ভাৱ এটা দেখুৱাই ক’লো,
‘‘অহ্ একো নাই দিয়া ৷ কোৱা খবৰ !’’
যুৱতীয়ে মোক সুধিলে, ‘‘আপোনাৰ নামটো কি
?’’
মই আচৰিত ৷ মোক বন্ধুৱে মুখামুখি হ’ব
পৰা বিভিন্ন পৰিস্থিতিৰ কথা কৈছিল ৷ কিন্তু এইটো পৰিস্থিতিৰ কথা এবাৰো কোৱা নাছিল ৷
কি কৰিব লাগে মই একো বুজি পোৱা নাই ৷ চকু কানে কাম নকৰা হৈ আছে ৷ শ্বাস-প্ৰশ্বাসতো
বেছ কষ্ট অনুভৱ কৰিছো ৷ কোনোমতে মাতটো উলিয়াই সুধিলো, ‘‘তুমিনো মোৰ নামটো কিয় জানিব
খুজিছা ?’’
পদপথতে মোৰ হাত এখনত ধৰি যুৱতীয়ে ক’লে,
‘‘আপোনাক মোৰ নিজৰ দাদাৰ দৰে লাগিছে !’’
হঠাতে মই মোৰ শৰীৰৰ পাছে ফালে অনুভৱ কৰিলো
ষাড়গৰুটোৰ শিং দুটাৰ প্ৰচণ্ড খোচ্ এটা......
বিধিৰ লিখন .....
No comments:
Post a Comment