১৯৮৯চনৰ জুনমাহৰ শেষৰ ফাল বা জুলাইমাহৰ আগ ভাগৰ কথা ৷ আমাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ওলাল ৷ প্ৰথম বিভাগতেই পাছ কৰিলো ৷ পাছে দেউতাহঁতে আশা কৰাতকৈ বহু কম নম্বৰ পালো (দেউতাহঁত বুলিহে কৈছো দেই, মই নিজে আশা কৰাতকৈ বহু বেছি পাইছিলো ) ৷
মাৰ্কছিটখন হাতত লৈ অন্যমনস্কহৈ গুৱাহাটী ৰেলষ্টেচনৰ মাজেদি পল্টনবজাৰৰ ফালে গৈ আছো ৷ উদ্দেশ্য দিছপুৰত থকা পেহীদেউৰ ঘৰলৈ বুলি পল্টনবজাৰৰ পৰা চিটিবাছ ধৰাৰ ৷ যাদব ডায়েৰী পাৰহৈ ত্ৰিশূল ট্ৰেভেলছৰ ওচৰ পাওঁতেই ল’ৰা এজনে মোৰ ফালে আগবাঢ়ি আহি সুধিলে, ‘‘দাদা শিলচৰ ??’’
মই এনেয়ে সুধিলো, ‘‘বাছ কেইটা বজাত যাব ?’’
ল’ৰাজনে বেছ উৎসাহেৰে ক’লে, ‘‘দাদা যাবই আৰু ৷ এই ধৰক আধা ঘন্টা ৷’’
মই ল’ৰাজনক নিৰুৎসাহিত কৰিবৰ বাবেই ক’লো, ‘‘টিকেটটো ছাগে গান্ধী ছিটকেইটাৰহে আছে গৈ !’’
এইবাৰ ল’ৰাজনে আৰু উৎসাহেৰে ক’লে, ‘‘দাদা কওঁক কেই নম্বৰটো লাগিব ? ১ নে ২ ?’’
তেওঁৰ কথা শুনি মই তৎক্ষনাতে হিচাব কৰিবলৈ ধৰিলো,
‘‘মই আজি আহিছো চামগুৰিৰ পৰা …….. পেহীয়ে গম নাপায় মই গুৱাহাটীলৈ আহিছো বুলি………আজি শুক্ৰবাৰ….মই শনিবাৰে পুৱাই শিলচৰ পাম গৈ……….তাৰ পৰা যদি শনিবাৰে নিশাৰ বাছত ছিলঙলৈ উঠি দিওঁ……….দেওবাৰে দিনটো ছিলঙত আৰাম কৰিব পাৰিম………..সোমবাৰে আহি আকৌ পেহীৰ ঘৰ পাই যাম……দেউতা চামগুৰিৰ পৰা মঙ্গলবাৰে আহিব………..তাৰমানে মই দেউতাতকৈ এদিন আগতে আহি গুৱাহাটী পাই যাম……..চিন্তা কি ?’’
আকৌ চিন্তা কৰিলো,
‘‘হাতত টকা ভালেমান আছে …….কাপোৰকানি হাতত লৈ থকা বেগটোত আছে (চামগুৰিৰ পৰা আহি আছিলো)…….যাওঁ গৈ……..শিলচৰো হৈ যাব….ছিলঙো হৈ যাব……মোৰ কামো হৈ যাব ……….’’
কাম মানে সেই সময়ত অসমৰ বাহিৰত থকা আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়বোৰত থকা অসমৰ বাবে সংৰক্ষিত আসনবোৰৰ বাবে শিলচৰত থকা আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ত এখন ফৰ্ম জমা দিব লাগে ৷ সেই ফৰ্মখনত উচ্চতৰ মাধ্যমিকৰ নম্বৰবোৰো দিব লাগে ৷ গতিকে সেই ফৰ্মখন উচ্ছতৰ মাধ্যমিকৰ ফলাফলৰ পাছত জমা দিব লাগে ৷ সাধাৰণতে সেইখন ডাক যোগেই পঠিয়াব পৰা যায় ৷ মই পাছে হিচাব কৰি পালো মই যদি শক্ৰবাৰৰ আবেলিৰ পৰা সোমবাৰলৈ নোহোৱাহৈ থাকো কোনেও গমকেই নাপাব ৷ তেতিয়াৰ দিনত টেলিফোন বোলা বস্তুটোৰ পৰাও কোনো ধৰণৰ ভয় নাছিল ৷ গতিকে সাতে-সোতৰই ভাবি মই ল’ৰাজনক সুধিলো, ‘‘বাছ কেইবজাত শিলচৰ পাব গৈ ?’’
মোৰ কথাৰ উত্তৰ নিদি ল’ৰাজনে মোৰ হাতৰ পৰা বেগটো লৈ বাছৰ ভিতৰ পালে গৈ, ‘‘দাদা এইটো ২ নম্বৰ ছিট, খিৰিকৰ কাষৰ ৷ আপুনি বহক ৷ মই টিকটটো আনি দিছো ৷ অ অ বাছ ৰাতিপুৱা ৬ বজাত শিলচৰ পাব গৈ ৷’’
ল’ৰাজনে টিকটটো আনে মই সাউতকৈ গৈ ওচৰেৰে দোকানৰ পৰা ব্লু ৰিবনৰ বটল
এটা কিনি লিমকাৰ লগত মিহলি কৰি ল’লো ৷
বাছ চলিবলৈ ধৰিলে ৷ খোলা খিৰিকিৰে সোমাই অহা ফিৰফিৰিয়া বতাহজাক
আৰু ব্লু ৰিবনৰ যৌথ প্ৰভাৱত কেতিয়ানো মোৰ টোপনি আহিল গমকে নাপালো ৷
যেতিয়া চকু মেল খালে মন কৰিলো বাছখন ৰৈ আছে ৷ ঘড়িত তেতিয়া
পুৱা ৬মান বাজিছে ৷ তাৰমানে শিলচৰ আহি পালো
৷ চহৰ সোমাৱাই যদিও বেছি দেৰী লাগিব নালাগে ৷ অকনমান শুই লওঁ নে খিৰিকিৰে বাহিৰ
দৃশ্য চাই যাওঁ ৷ চিন্তা কৰিলো ৷
‘‘শুই শুই চকু মুদি মুদি বাহিৰৰ দৃশ্য চাই গৈ থাকো !’’
খিৰিকিত থকা পৰ্দাখন অতৰাই বাহিৰলৈ চালো ৷ তেতিয়াহে গম পালো
শিলচৰ এখন পাহাৰীয়া ঠাই ৷ শিলচৰ পাহাৰীয়া ঠাই !!!!
আগতে দেখোন কোনেও কোৱা শুনা মনত নপৰে ? মই ইমান নাজানো নে ??
আগতে দেখোন কোনেও কোৱা শুনা মনত নপৰে ? মই ইমান নাজানো নে ??
এইবাৰ খিৰিকিৰে মুৰটো বাহিৰলৈ উলিয়াই চাবলৈ ধৰিলো শিলচৰ চহৰখনৰ
পাৰ্শবৰ্তী এলেকাবোৰ ৷
আৰে বাহিৰ কি এইবোৰ ???
(আগলৈ.........)
(আগলৈ.........)
No comments:
Post a Comment