জ্বলা
দিয়া কুকুৰাৰ মাংসটো খোৱা নহল মোৰ ৷ বেলেগ এটা কাহিনী ৷
দেউতা
তেতিয়া চামগুৰি 132
KV Sub Stationত কৰ্মৰত ৷ মই ইঞ্জিনিয়াৰীঙৰ ষ্টেলত থাকো সেই সময়ত
৷
এবাৰ
কিব এটা বন্ধত চামগুৰিলৈ গৈছিলো ৷
নগাওঁৰ
পৰা আহি ওলাল ৰন্টু ৷ ৰন্টু সাংঘাতিক বন্ধু প্ৰিয় ৷ বহু সময় কথা বতৰা পাতিলো ৷
যাবৰ সময় ক’লে, ‘‘অহা দেওবাৰে দুপৰীয়া তুমি আৰু ছীকুৱে আমাৰ
ঘৰতে ভাতসাজ খাবা ৷’’
মই
চিন্তা কৰিলো দেওবাৰে দুপৰীয়া ভাত এসাজৰ কাৰণে চামগুৰিৰ পৰা নগাওঁলৈ ২০ কিলমিটাৰ
বাট যোৱাটো বৰ কষ্টকৰ হ’ব ৷
প্ৰথমে
তাক ক’লো, ‘‘এ নাযাওঁ দিয়া ৷’’
ৰন্টু
মানি লোৱা ভকত নহয় ৷
তাৰ
পাছত ক’লো, ‘‘ছীকুৱে খবৰ কেনেকৈ পাব ?’’
ছীকু
আমাৰ দুয়োৰে বন্ধু ৷ নগাওঁতে থাকে ৷ ৰন্টুৱে উপায় দিলে, ‘‘আৰে
মই আজি তাৰ ঘৰত সোমাই কৈ যাম আকৌ ! তুমি মুঠতে দহবজাত পোৱাকৈ আহি যাবা ৷’’ কথাখিনি কওঁতে ৰন্টুৰ মুখত এক বিশেষ ধৰণৰ হাঁহি আৰু চকুৰ ইংগিত দেখিলো যেন
লাগিল ৷ এই হাঁহি আৰু ইংগিতৰ অৰ্থ এনেকুৱাও হ’ব পাৰে যে ‘অকল ভাতেই নহয়, বেলেগ যোগাৰো থাকিব !’’
‘‘হ’ব বাৰু দিয়া ৷’’
‘‘পাক্কা দহ বজাত আহিবা কিন্তু মেন (MAN) ৷’’
এই
মেন ওলাল মানে বুজিলো সিবিধো থকাৰ পুৰা সম্ভাবনা আছে ৷
দেওবাৰে
ছীকুক লৈ খুটিকটীয়াত থকা ৰন্টুৰ ঘৰ পাওঁতে পাওঁতে প্ৰায় এঘাৰমানেই বাজিল ৷
ছীকু আৰু মই কথা পাতিলো,‘‘ছেহ্ এঘন্টা পলম হ’ল ৷ ৰন্টুৰ গালি খাব লাগিব ৷’’
ছীকু আৰু মই কথা পাতিলো,‘‘ছেহ্ এঘন্টা পলম হ’ল ৷ ৰন্টুৰ গালি খাব লাগিব ৷’’
ৰন্টুৰ
ঘৰ পায় গম পালো সি ঘৰত নাই ৷ মাকক সুধিলো, ‘‘খুড়ী, ৰন্টু
কেনি গ’ল ?’’
‘‘জানো পায় কেনি গ’ল ? হাতত মোনা
এটা লৈ ওলাই ল’ল ৷ কিবা আনিবলৈ আছে বুলি ৷ কি বুজি সুধিলত
একো নক’লেও !! ক’ব নোৱাৰো আৰু কিখন যে
কৰি ফুৰে ৷’’
আমি
দুটাই খুড়ীক নক’লো যে আমি জানো ৰন্টুৱে কি আনিবলৈ গৈছে ৷ মাথো ক’লো,
‘‘ অ অ !’’
খুড়ীয়ে
আমাৰ দুয়োকে ক’লে, ‘‘বহা তোমালোক ৷ ’’
দুয়ো
গৈ ৰন্টুৰ কোঠা পালো গৈ ৷ তবলা, গিটাৰ, ড্ৰাম,
The SUN, VIBES, জোতা, কাপোৰ আদি চাৰিওফালে
সিচৰিত হৈ আছে ৷ তুলিখনৰ তলত আমি বিচৰা বস্তু পায় গ’লো ৷
ছীকু আৰু মই ব্যস্ত হৈ গ’লো ৷
এপাকত
মন কৰিলো এক বাজো বাজো হৈছে ৷ অথচ ৰন্টুৰ দেখা দেখি নাই ৷
‘‘ছীকু আজি ড্ৰাই ডে নেকি ?’’
‘‘নহয়তো আজি ড্ৰাই ডে !! কিবা বেলেগ আনিব নেকি জানো ?’’
‘‘বেলেগ মানে ?’’
‘‘কলহত পোৱাটো আকৌ !’’
মনটো
ভাল লাগি গ’ল ৷ গৰমত কলহ !!!!!!!!!!!!!!!!!!!
আমি
ৰন্টুৰ কোঠাতে কিতাপ পঢ়ি, গিটাৰ বজাই, বিচনাত বাগৰ দি কলহৰ অপেক্ষাত ৰৈ আছো ৷ পেটৰ ভিতৰত নিগণি দৌৰ মাৰি আছে ৷ পাছে কলহ কেইটাৰ কথা কল্পনা কৰি কৰি অপেক্ষা কৰি আছো ৷
‘‘ছীকু, ইয়াৰ ঘৰতে যদি খাই দিওঁ খুড়ীয়ে বেয়াও পাব পাৰে
৷’’
‘‘আৰে আমি ইয়াত কিয় খাম আকৌ ?’’
‘‘গোন্ধাব নেকি ?’’
‘‘কলহ ?? নাই নোগোন্ধায় !’’
ডেৰমান
বজাত বিনা মেঘে বজ্ৰপাত পৰিল ৷
ৰন্টুৰ
মাক মানে খুড়ীয়ে আহি ক’লে, ‘‘ৰন্টুও নাহিল তোমালোকে ইমান
সময় ৰখিলা, এতিয়া আৰু ঘৰলৈ কি উভটি যাবা ৷ ভাত কেইটামানকে
খাই ল’বা আহা ৷ একো নাই কিন্তু পটল কেইটামানকে ভাজিছো ৷’’
মই
ছীকুৰ মুখলৈ চালো ৷ খুড়ীয়ে কৈছে কি এইবোৰ ?
‘‘এতিয়া আৰু ঘৰলৈ কি উভটি যাবা ৷ ভাত কেইটামানকে খাই ল’বা আহা ৷ ....’’
একো
মাত নামাতি পটল ভাজিৰ সৈতে দেওবৰীয়া ভাত খাই আছো ৷
এনেতে
ৰন্টু আহি ওলাল ৷
‘‘আৰে মেন !!!!!!!!!!!! তোমালোক আহিলা নেকি ?? কেইটা
বজাত পালা তোমালোক ? মই তোমালোকৰ কাৰণে মুৰ্গী আনিম বুলি
বজাৰৰ ফালে গৈছিলো ৷ জয়শ্ৰী হ’লত গংগা-যমুনা-সৰস্বতীৰ
পোষ্টাৰ দেখি সেইখনেই চাই দিলো দিয়া ৷ মনতে
ভাবিলো তোমালোকক অহা দেওবাৰেহে ভাত খুৱাম ৷’’
মই তেতিয়া
পটল এটুকুৰাত কামোৰ মাৰি আছো ৷
No comments:
Post a Comment