Friday, 7 June 2013

ৰাজধানী এক্সপ্ৰেছত................

(ককাইদেউ বুলি ক’লে মোমাইদেউ বুলি দেখো ৷ 
দোকানৰ নাম ইনা বুলি লিখা থাকিলে ফেন বুলি দেখা পাওঁ ৷ 
পাঠকৰ পুতেকক নি যেতিয়া কলিতাৰ পৰিবাৰৰ হাতত গতাই দি কওঁ গৈ, ‘‘খুড়ী বাবুক স্কুলৰ পৰা আনিলো ’’ তেতিয়া কলিতা খুড়ীৰ প্ৰতিক্ৰিয়া আছিল, ‘‘ মিছেছ পাঠক মানে বাবুৰ মাক নাই নেকি ঘৰত’’ ? 
কলিতা খুড়ীয়ে ‘বাবুৰ মাক’ শব্দ দুটাত লগাত কৈ বেছি জোৰ দিলে ৷ বুজিলো আকৌ ভুল হ’ল ৷

প্ৰায়ে ভুল কৰি থাকো যদিও বৰ বিশেষ লটিঘটি তেনেকৈ হোৱা নাছিল ৷ 
কানপুৰৰ কথাটো বেলেগ আছিল কিন্তু !!! )

এবাৰ বন্ধু আৰু মই দিল্লীলৈ ফুৰিবলৈ গ’লো ৷ বেছ ‘মৌজ-মস্তি’ কৰিলো ৷ বন্ধু অলপ হিচাবত চলে ৷ মই আকৌ যধে-মধে খৰছ কৰো ৷ মোক প্ৰায়ে সোধে, ‘‘অই ইমান যে খৰছ কৰিছ ঘুৰি যাবলৈ পইছা হ’ব গৈ নে নাই ?’ সেই সময়ত ATM, Credit Card, Net Banking আদি নাছিল ৷ মই বন্ধুক কওঁ, ‘‘ৰাজধানীৰ টিকট কাটি থোৱা আছে ৷ গতিকে চিন্তা নাই ৷’’ বন্ধু মোৰ কথাত পতিয়ন গ’ল যেন নাযায় ৷ হাত টেপি টেপি খৰছ কৰি আছে ৷ মই মনে মনে ভালেই পাওঁ ৷ মোৰ হাত উদং হৈ গ’লেও বন্ধুৰ হাতত কিবা অকনমান থাকিব ৷

উভটিবলৈ দুদিন আছে ৷ বন্ধুৱে মোক সুধিলে, ‘‘ৰাজধানীত খোৱাটো ফ্ৰী দিব নে ?’’
‘‘ফ্ৰী মানে আৰু কি নো ? টিকটৰ লগতে খোৱাৰ দামটো লৈ থৈছে দেখোন ৷’’
বন্ধুৱে আকৌ সুধিলে, ‘‘নহয় মানে মই সুধিছো ৰেলত উঠি খোৱাৰ নামত কিবা দিব লাগিব নেকি ?’’
মই বন্ধুৰ প্ৰশ্নৰ অৰ্থ বুজি পালো ৷ ‘‘নালাগে নালাগে !! মই ৰাজধানীত উঠোতে লগত ফিল্টাৰৰ উইলছৰ পেকেট এটা আৰু মাত্ৰ দহ টকা ৰাখিম ৷’’
‘‘দহ টকা ??’’
‘‘অ ! ৰেল ষ্টেচনৰ পৰা নাৰেংগী ফৰেষ্ট গেটলৈ তিনি টকা ভাড়া ল’ব ৷ মোৰ হাতত থাকিব সাত টকা ৷ যদি কেনেবাকৈ ফিল্টাৰৰ পেকেটটো শেষ হৈ যায় ইমাৰজেঞ্চীৰ কাৰণে লাগিব দেচোন সেই কেইটা টকা ৷ হ’ল বুলি আৰু তিনি টকা লৈ ৰেলত উঠিম নে ?’’
‘‘তেনেহ’লে ময়ো কৰো নেকি খৰছ ?’’, বন্ধুৱে সোধো নোসোধো কৈ সুধিলে ৷
‘‘আৰে সেইটো সুধিব লগা কথা নেকি ?’’

বন্ধু আৰু মোৰ আমাৰ জীৱনৰ সেই দুদিনত যেন মাত্ৰ উদ্দেশ্যটো আছিল, ‘হাতত থকা ধন খৰছ কৰিব লাগিব ৷ কাৰণ ৰাজধানীত খোৱাৰ বাবত একো টকা-পইছা দিব নালাগে ৷ তাৰোপৰি ৰেলৰ পৰা নমাৰ পাছত আমাৰ হাতত বাছ ভাড়াৰ নামত তিনি টকাকৈহে লাগিব ৷’’ বাছ ভাড়াতকৈ বেছ ধন হাতত থকাটো যেন এটা দন্ডণীয় অপৰাধ ৷
ৰাতি বন্ধুৱে মোক সোধে, ‘‘তোৰ শেষ হ’ল নে ?’’
মই বন্ধুক সোধো, ‘‘তোৰ কিমান বাকী ?’’

দুদিন পাছত নিৰ্ধাৰিত ধনৰাশি আৰু উইলছ ফিল্টাৰৰ পেকেট এটা এটা হাতত লৈ আমি গুৱাহাটী অভিমুখী ৰাজধানীত উঠিলো ৷ 
ৰেল চলাৰ লগে লগে খোৱা পানীৰ বটল আহিল, কফী আহিল, ইটো বস্তু খাবলৈ পাইছো, সিটো বস্তু খাবলৈ পাইছো ৷ প্ৰতিবাৰ কিবা এটা খাবলৈ যেতিয়াই পাওঁ মই বন্ধুৰ চকুলৈ চাওঁ আৰু বন্ধুৱে মোৰ চকুলৈ চায় ৷ 
‘‘আমাৰ দৰে বুদ্ধিমান এই পৃথিৱীত নাই !’’, আমাৰ চকুৰ ভাষাৰ ভাবাৰ্থ তেনেকুৱাই আছিল ৷

টিকট পৰীক্ষক আহিল ৷ টিকট দেখুৱালো ৷
‘‘গুৱাহাটী …………..??’’
হাতত থকা বগা কাগজৰ পাতখিলাত কিবা বিচাৰি বিচাৰি আকৌ সুধিলে, ‘‘গুৱাহাটী ?? বাদ মেই দেখেংগে ৷’’
আমি টিকট ভৰাই থ’লো ৷ 

নিশাৰ আহাৰত ফ্ৰাইড ৰাইছ আৰু মাংস খাই নিজৰ নিজৰ বাৰ্থত শুই গ’লো ৷ দিল্লী ভ্ৰমণত বেছ কষ্টও হৈছিল ৷ গতিকে টোপনি গধুৰেই হৈছে ৷ 
মাজনিশা দুইমান বজাত টিকট পৰীক্ষকে আমাৰ দুয়োকে টোপনিৰ পৰা উঠাই ক’লে, ‘‘টিকেট দিখাইয়ে ৷’’
চকু মোহাৰি মোহাৰি টিকেট উলিয়াই দিলো ৷
‘‘কৌন সা ট্ৰেইন কা টিকট লেকে আয়ে হেই আপ লোগ ? চামান লেকে নিছে উৎৰিয়ে ৷’’
আমি খঙতেই ক’লো, ‘‘গুৱাহাটী ৰাজধানী কা টিকট লেকে ৷ এয়েহ গুৱাহাটী ৰাজধানী হি হ্যাই ৷’’
‘‘ভাই চাহাব, হাম কো ভি মালুম হ্যায় কি এয়েহ গুৱাহাটী ৰাজধানী হি হ্যাই ৷৷ লেকিন এয়েহ ট্ৰেইন তাৰিখ দছ জুলাই হ্যাই ৷আপলোগোকো মালুম হ্যাই ? আপলোগোকা টিকট কৌন চা তাৰিখ কা হ্যাই ?’’
মাজৰাতি নাটকৰ বচন মাতি থকা টিকট পৰীক্ষকৰ নাকত ঘোছা এটা মাৰি দিবৰ মন গ’ল ৷
‘‘আৰে ওষ্টাদ, হামাৰা টিকট ভি ১০-০৮-১৯৯৮ কা হি হ্যাই !!!!!!!!!!!!!!!!!!!!’’

তাৰ পাছতে টিকট পৰীক্ষকে আমাৰ দুয়োকে সসন্মানে কানপুৰ চেন্ট্ৰেলৰ ১ নং প্লেটফৰ্মত নমাই দিলে ৷
তেতিয়া আমাৰ দুয়োৰে হাতত আছে দহ টকাকৈ মুঠ বিশ টকা নগদ ধন আৰু প্ৰায় পোন্ধৰটামান উইলছ ফিল্টাৰ ছিগাৰেট ৷

আৰম্ভ হ’ল আন এক অভিযানৰ …………

No comments:

Post a Comment