Thursday 13 June 2013

মই বৰ বেছি দীঘলীয়া নকৰো

এক অচিনাকি চিনাকি নাম – ৰিফাট মান্নান ৷ ফেছবুকৰ পাতত এদিন আকস্মিক ভাবে চিনাকি হ’লো ৷ ৰিফাট একালৰ কৃতী ছাত্ৰ আৰু এতিয়া কুৱেটত কৰ্মৰত এক সুদক্ষ চিকিৎসক ৷

ফেছবুকতেই আমাৰ যোগাযোগ ৷ ইথাৰৰ মাজেৰে অহা বিটছ আৰু বাইছৰ (bits and bytes) মাজেৰেই আমি ভাৱৰ আদান প্ৰদান কৰো ৷

এদিন ৰিফাটে জনালে তেওঁৰ মনৰ কথা ৷
‘‘দাদা, মোৰ দেউতা স্বৰ্গীয় ফতেহুল মান্নানে ৬০ দশকতেই এলিছ ইন ৱানজাৰলেন্ডৰ অসমীয়া অনুবাদ কৰিছিল ৷  দেউতাৰ সমস্ত কৰ্মৰাজী অত-ত’ত সিচৰিত হৈ আছে ৷ মই সেইখিনি এক গোট কৰি সংৰক্ষণ কৰিব বিচাৰিছো ৷’’
মই মোৰ সীমিত জ্ঞানেৰে যিমান পাৰো দিহা পৰামৰ্শ দিলো ৷ মোৰ চিনাকিৰ ভিতৰত কোনে কোনে এই বিষয়ত সহায় কৰিব পাৰিব তেওঁলোকৰ নাম ক’লো ৷ সেইয়া আজি ডেৰ মাহমান আগৰ কথা ৷

এসপ্তাহমান আগৰ কথা ৷ ৰিফাটে খবৰ দিলে, ‘‘দাদা মই ১১ তাৰিখে অসমলৈ যাম ৷ দেউতাৰ কৰ্মৰাজীৰ ওপৰত এটা ৱেবচাইট উন্মোচন কৰিম ৷ আপুনি থাকিব লাগিব কিন্তু ৷’’
১১ তাৰিখে ফোন আহিল, ‘‘দাদা, মই ৰিফাটে কৈছো ৷ ১৩ তাৰিখে আবেলি চাৰিবজাত হোটেল নক্ষত্ৰলৈ আহিব ৷’’

১৩/০৬/২০১৩ৰ আবেলি চাৰি বজা ৷
পালো গৈ হোটেল নক্ষত্ৰ ৷ জ্যোতি প্ৰকাশ নাথ আৰু সুৰজিৎ নেওগ দাদা আগৰে পৰা বহি আছে ৷ ইতিমধ্যে মঞ্চত সভাপতি আৰু আন আন আমন্ত্ৰিত ব্যক্তি সকলে আসন গ্ৰহণ কৰিলে ৷ সেই সকল মাজতে আছে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ইমৰান শাহদেৱ ৷

সভা আৰম্ভ হ’ল ৷

ৰিফাটে  ৱেব চাইটৰ প্ৰকল্পটোৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে ৷ প্ৰথমেই দেউতাকৰ বিষয়ে অকনমান ক’লে ৷ দেউতাকৰ কৰ্মৰাজীৰ কথা ক’লে ৷ তাৰ পাছতে ক’বলৈ আৰম্ভ কৰিলে কেনেকৈ এই প্ৰকল্পটোৰ কথা মনলৈ আহিল ৷ ৰিফাটে অসমীয়াত কথা বতৰাৰ কথা (অ.ক.ব), সাহিত্য ডট অৰ্গ কথা ক’লে ৷ ৰিফাটে অসম সাহিত্য সভাৰ সভাপতিসহিতে সভাত উপস্থিত থকা আন আন ব্যক্তিসকলৰ আগত প্ৰত্যয়েৰে ক’লে আজিৰ তাৰিখত অসমীয়া ই-সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা ৷ ৰিফাটে স্পষ্ট ভাবে ক’লে অ.ক.ব.ত তেওঁ পোষ্ট কৰা দেউতাকৰ সোনালী ফুল কবিতাটোত পোৱা আশাব্যঞ্জক সহাৰি তেওঁৰ বাবে কিমান প্ৰেৰণাদায়ক আছিল ৷ তেওঁ সভাত উপস্থিত ৰাইজৰ আগত অ.ক.ব.ৰ সদস্যসকলৰ নাম লৈ লৈ কৃতজ্ঞতা জনালে ৷ অ.ক.ব.ৰ আমি যিকেইজন সদস্য সভাত উপস্থিত আছিলো আটাই কেইজনৰ বুকু ফুলি গ’ল ৷

ৰিফাটে মাইকটো ধৰি কথা কৈ গৈ আছে ৷ মাজে মাজে কয়, ‘‘মই আৰু বৰ বেছি দীঘলীয়া নকৰো ৷’’ প্ৰথম দুবাৰমান আমি একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলো ৷ তাৰ পাছত হাঁহি ৰখাব নোৱাৰা হ’লো ৷ ৰিফাটে ভাষণ শেষ কৰাৰ কোনো প্ৰচেষ্টাই কৰা নাই ৷ মাথো কৰি গৈছে অ.ক.ব. গুন-গান ৷ আমিও বুকু ফিন্দাই বহি আছো আৰু  শুনি গৈছো ৰিফাচৰ ভাষণ একান্তমনে ৷ ৰিফাটে যেতিয়াই কয়, ‘‘মই আৰু বৰ বেছি দীঘলীয়া নকৰো ’’ মোৰ চিঞৰ এটা মাৰি ক’বৰ মন যায়, ‘‘ৰিফাট আৰু দীঘলীয়া কৰা ৷ আজি সাহিত্য সভাৰ সভাপতি বহি আছে ৷ তেখেতৰ আগত তুমি আমাৰ কথা কৈছা, অ.ক.ব.ৰ কথা কৈছা ৷ তোমাৰ লগতে আমিও গৰ্বিত ৷’’ ৰিফাটৰ কথা শুনি শুনি এপাকত মই নেওগদাক ক’লো, ‘‘ৰিফাটে পাৰিলে আজি আমাক ই-সাহিত্যৰ কাৰণে সাহিত্যিক পেঞ্চন দিয়াইহে এৰিব ৷’’
ৰিফাটে কথাখিনি কৈ থাকোতে বাৰে বাৰে মই তেওঁৰ মুখখনলৈ চাই আছিলো ৷ কি এক সন্তুষ্টিৰ ভাব ফুটি উঠিছে !


ৰিফাটৰ পাছতে ইমৰান শাহদেৱে ভাষণ দিলে ৷ তেখেতেও ভাষণৰ মাজত ক’লে আজিৰ তাৰিখত অসমীয়া ই-সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা ৷

মই মোৰ এই লেখা আৰু বৰ বেছি দীঘলীয়া নকৰো ৷

মাথো এটা কথা কওঁ ‘‘ৰিফাট আজি অ.ক.ব.তে তোমাক কথা দিলো ৷ বাহাৰিস্তান-ই-গাইবীখনৰ অসমীয়া ৰূপান্তৰ ইউনিকোড তোমাৰ কাৰনে, তোমাৰ সোপান সাৰ্থক কৰাৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে ময়ে কৰি দিম ৷ মোক মাথো দুমাহ সময় দিবা ৷’’

বৰ বেছি দীঘলীয়া নকৰো ৷

সময় পাৰে এবাৰ চাব http://www.fatehulmannan.com

No comments:

Post a Comment