১৯৮৯চনৰ আগ ভাগতে মোৰ মাৰ গলব্লাডাৰৰ অপাৰেচনৰ বাবে মা-দেউতা,
ভাইটি-ভন্তি আটায়ে আহি গুৱাহাটীলৈ বুলি আহিল ৷ মই আকৌ হায়াৰ চেকেন্ডেৰী পৰীক্ষাৰ বাবে
পঢ়া শুনা কৰিবলৈ বুলি গুৱাহাটীৰ হোষ্টেলৰ ঘৰ পালো গৈ ৷
ঘৰত অকলে থাকো ৷ ৰন্ধা-বঢ়াৰ লগত মোৰ কোনো ধৰণৰ সম্বন্ধ নাই
৷ পুৱা, দুপৰীয়া, সন্ধিয়া, ৰাতি ভোক লাগিলেই ওচৰ চুবুৰীয়া বা লগৰ লৰাৰ ঘৰলৈ গৈ খায়
লওঁ গৈ ৷
এদিনৰ কথা ৷ তাৰিখ মনত নাই ৷ পাছে সেইদিনা দেওবাৰ আছিল আৰু
ৰাতি দূৰদৰ্শনত সেই দিনা মোগল-এ-আজম চিনেমাখন দেখুৱাইছিল ৷
আমাৰ ঘৰৰ ওচৰতে থকা মানুহ এজন আহিল মোক লগ কৰিবলৈ ৷
আমাৰ ঘৰৰ ওচৰতে থকা মানুহ এজন আহিল মোক লগ কৰিবলৈ ৷
‘‘ভালে আছা ?’’
‘‘আছো খুড়া ৷ আহক বহিব অলপ ৷’’ মই ভদ্ৰতাৰ খাতিৰত ক’লো ৷
‘‘পঢ়া-শুনা কৰি আছা নে ? মই আদি তোমাক আমনিহে কৰিলো ছাগে
৷’’
‘‘নাই নাই খুড়া ! কিহৰ আমনি আকৌ ?’’ কথাখিনি ক’ব লাগে কাৰণেহে
তেনেকৈ ক’লো ৷ খুড়াদেউ ওচৰতে কিয় আহিছে মই ধৰিব পৰা নাই ৷ বাটে-ঘাটে দেখিলে মই তেখেতক
কেতিয়াও মাত দি পোৱা নাই আৰু তেখেতেও মোক কোনোদিনে মাত দিয়া নাই ৷ তেখেতনো আচলতে কিয়
আহিছে মই ধৰিব পৰা নাই ৷
মোৰ কথা শুনি খুড়াদেৱে ক’লে, ‘‘নাই নাই পৰীক্ষা আছে ৷ পঢ়া-শুনা
কৰিব লাগে ৷ ব’লা বাৰু অলপ বহো তোমালোকৰ তাত ৷’’
বৈঠকখানাত খুড়াদেউ এখন ছোফাত বহিল ৷ মোক কিবা ক’ব বুলি তেখেতৰ
সন্মুখত অলপ পৰ থিয় হৈ ৰ’লো ৷ একো নোকোৱা দেখি ময়ে ক’লো, ‘‘মাৰ অপাৰেচন আছে যে সেইকাৰণে
মাহঁত গুৱাহাটীলৈ গৈছে ৷’’ খুড়াদেউৰ মুখলৈ চাই মন কৰিলো তেখেতে চকুদুটা মুদি বহি আছে
৷ কি কৰো কি নকৰো কৈ ময়ো তেখেতৰ সন্মুখৰ ছোফাখনতে বহিলো ৷
বহি আছো ৷ এখন ছোফাত মই আৰু মোৰ সন্মুখত খুড়াদেউ ৷ মই চাই
আছো খুড়াদেউৰ চকুলৈ আৰু খুড়াদেৱে বহি আছে চকু দুটা মুদি ৷ মই মনতে ভাবি আছো, ‘‘খুড়াদেৱে
বাৰু চকু মুদি মুদি কি ইমান চিন্তা কৰি আছে ? কেতিয়া মেল খাব চকু? কেতিয়া মোক ক’ব কথাখিনি
?’’ কি কথা ক’ব জানিবলৈ বৰ মন গৈ আছে ৷ মেল নাখায়হে নাখায় ৷ সেইযে আগৰ দিনত ঋষি-মুণিসকলে
তপস্যা কৰে খুড়াদেউক দেখি মোৰ সেইবোৰ কথা মনত পৰি গ’ল ৷ মনতে ভাবিলো কেনেবাকৈ অপেশ্বৰী
এজনী আহি যদি অকনমান নাচ-বাগ কৰি দিলে হয় !!
অপেশ্বৰী নহাকৈয়ে খুড়াদেউৰ চকু মেল খালে ৷
‘‘হেৰি নহয়, তুমি ৰাতি কেই বজাত ভাত খোৱা বাৰু ?’’
‘‘নমান বজাত খাওঁ খুড়া ৷’’
‘‘হমমমম ! ন বজাত ! কি খায় ভাল পোৱা ? মাছ নে কুকুৰা ?’’
‘‘কুকুৰা খুড়া ! কুকুৰা খায় ভাল পাওঁ ৷’’
খুড়াদেউৰ মুখত হাঁহি বিৰিঙি উঠিল, ‘‘কুকুৰা !! ময়ো ভাল পাওঁ
কুকুৰা ৷’’
খুড়াদেউৰ কথা শুনি মই আচৰিত
হ’লো ৷ কথা নাই বতৰা নাই প্ৰথমবাৰৰ বাবে মোৰ লগত কথা পাতিছে তাকো মই কি খায় ভাল পাওঁ
!! কিবা এটা সন্দেহ কৰি কৈ দিলো, ‘‘খুড়া, মই কুকুৰা খায়হে ভাল পাওঁ ৷ ৰান্ধিব নাজানো
কিন্তু ৷ এই কেইদিন মাহঁত নাই যে সেই কাৰণে যাৰ ঘৰলৈকে খাবলৈ মাতে তালৈকে গৈ ভাত খায়
আছো ৷’’
‘‘আজি ৰাতি তুমি আমাৰ ঘৰতে ভাত খাবা দিয়া ৷’’
মনতে ভালেই পালো যদিও ক’লো, ‘‘নালাগে খুড়া …… হ’ব দিয়ক বাৰু
৷’’
খুড়াই মোৰ কথাত বৰ গুৰুত্ব নিদি ক’লে, ‘‘আহিবা তেনেহ’লে নজাত
পোৱাকৈ ৷ শুনাচোন তুমি কুকুৰা মাংসত জ্বলা দিলে খোৱা নে ?’’
‘‘খাওঁ খাওঁ খুড়া ৷’’
‘‘কাটাই কাটাই নবজাত পোৱাকৈ আহি যাবা কিন্তু ৷’’
ময়ো কাটাই কাটাই নবজাত পালো গৈ খুড়াদেউৰ ঘৰ ৷ পদুলিমুখ পায়
দেখো গোটেই ঘৰ অন্ধকাৰ ৷ আছে নে নাই কোনোবা বাৰু ? কলিং বজাই ৰৈ আছো ৷ অকনমান সময় পাছত
দুৱাৰ খোল খালে ৷ খুড়াদেৱে দুবাৰখন খুলিয়ে ভিতৰলৈ সোমাই গ’ল ৷ মোক আহিলা, আহা, বহা
জাতীয় একো নক’লে ৷ বেঙাটোৰ দৰে অকণমান সময় বাহিৰত ৰৈ মই সোমাই গ’লো ভিতৰলৈ ৷
বৈঠকখানাত জ্বলি আছে এটা ‘ডিম-লাইট’ ৷ এখন চকিত বহি আছে খুড়া
৷ ভালকৈ চাই দেখো চকু দুটা মুদি আছে ৷ কি কৰো কি নকৰো কৈ মই তেওঁৰ সন্মুখৰ চকিখনতে
বহিলো ৷ ইফালে সিফালে চাই কাকো দেখা নাপালো ৷ পোন্ধৰ মিনিটমান তেনেকৈ পাৰ হ’ল ৷ খুড়াদেউ
বহি আছে চকু মুদি, খুড়ীদেউৰ দেখা দেখি নাই ৷ এবাৰ ভাবিলো মনে মনে ঘৰলৈকে গুছি যাওঁ
নেকি ? তাৰ পাছতে মনত পৰিল ভাত ক’ত পাম ৰাতিখন ৷ তাতে জ্বলা দিয়া কুকুৰাৰ মাংসৰ কথা
আছে ৷ মাজে মাজে ঘৰৰ ভিতৰৰ ফালে বেঙা মেলি চাবলৈ যত্ন কৰো ৷ গোটেই ঘৰতে জিৰো-পাৱাৰৰ
ডিম লাইট জ্বলাই থোৱা আছে ৷ একো নেদেখি ৷ দেখিব নালাগে বাৰু ৷ কিন্তু ভিতৰত একো সাৰ-সিকতিও
নাই ৷
চাৰে নমান বজাত খুড়ীদেৱে দেখা দিলে ৷ মনতে ভাবিলো এইবাৰ মাতিব
খাবলৈ ৷ পাছে তেখেতেও আহি চকি এখনত বহি চকু দুটা মুদি দিলে ৷ ময়ো চকু দুটা মুদি বহি
থাকিলো ৷ মনতে ভাবিলো, ‘‘আজি জ্বলা দিয়া কুকুৰাৰ মাংস খায় হে যাম ৷’’
দহ বাজিবলৈ পোন্ধৰ মিনিটমান থাকোতে খুড়ীদেৱে মাত দিলে,
‘‘তুমি নমান বজাত ভাত খোৱা নেকি ?’’
‘‘হয় খুড়ী ৷ পঢ়া-শুনা কৰো যে সেই কাৰণে সোনকালে খাওঁ ৷’’
‘‘হমমমমমমম … ! আমি এঘাৰমান বজাত খাওঁ ৷’’
‘‘হে ভগবান !! যাহ্ আজি এগাৰ বাজক, বাৰ বাজক, জ্বলা দিয়া
কুকুৰাৰ মাংস খায় হে যাম ৷’’ মনতে ভাবিলো ৷
আকৌ চকু মুদি বহি ৰ’লো খুড়াদেউ, খুড়ীদেউ আৰু মই ৷ বহু পৰ
যোৱাৰ পাছত খুড়ীয়ে ক’লে, ‘‘তোমাৰ দেৰী হ’ব ছাগে ৷ মই ভাতত ধৰো গৈ ৰ’বা ৷’’
‘‘তাৰ মানে কি বাৰু ?? এতিয়া ভাত ৰান্ধিবলৈ ধৰিবহে নেকি
???’’, মনতে ভাবিলো ৷
পাছে বেছি পৰ ৰ’ব লগা নহ’ল ৷ খুড়ীয়ে মাত লগালে, ‘‘ভাত বাঢ়িছো
দেই ৷’’
তেখেতৰ কথাখিনি শেষ হ’ল কি নহ’ল ৷ খুড়াদেউ একে জাপে গৈ খোৱা
মেজ পালে গৈ ৷ ময়ো তেখেতৰ পাছে পাছে দৌৰ মাৰি যোৱা দি গ’লো ৷ খোৱা মেজখনৰ এটা মুৰে
মই আনটো মুৰে খুড়া ৷ খুড়ী খুড়াৰ ওচৰতে বহিল ৷ ডিম লাইটৰ পোহৰ যদিও খোৱা-পাতত মন কৰি
ভালকৈয়ে দেখিছো এসোপামান ভাত, ডাইল আৰু বন্ধা কবি ভাজি ৷ পাছে জ্বলা দিয়া কুকুৰাৰ মাংস নাই দেখোন !! মনতে ভাবিলো
এইখিনি খাই হোৱাৰ পাছত দিব ছাগে ৷
পাছে খুড়াই মাত লগালে, ‘‘হেৰা, জ্বলা দিয়া কুকুৰাৰ মাংস দিয়া
নাই যে ? এওঁকো দিয়া আকৌ ৷’’
খপজপাই খুড়ীয়ে ক’লে, ‘‘অ অ ! দিছো ৰ’বা ৷’’
খুড়ীয়ে জ্বলা দিয়া কুকুৰাৰ মাংস খুড়াক ঠিকেই দিলে ৷ পাছে
মোক নিদিলে দেখোন ! পাছৰ বাৰত দিব ছাগে ৷
খুড়াই মোক সুধিলে, ‘‘জ্বলা দিয়া কুকুৰাৰ মাংস কেনে পাইছা
?’’
মিছা মাতিবলৈ মন নগ’ল ৷ মই নুশুনা ভাওঁ জুৰিলো ৷
খুড়াই আকৌ মাত লগালে, ‘‘হেৰা, এওঁক আৰু অকনমান জ্বলা দিয়া
কুকুৰাৰ মাংস দিয়া আকৌ ৷’’
মনতে ভাবিলো, ‘‘অকণমান হ’লেও দিব কিন্তু ৷ জ্বলা দিয়া কুকুৰাৰ
মাংস খাম বুলি ইমান দেৰী বহিলো ৷’’
এইবাৰো মোৰ ভাগত জ্বলা দিয়া
কুকুৰাৰ মাংস নপৰিল ৷ মই নিজে লৈ ল’বলৈ মাংসৰ বাটিটো আছে মেজখনৰ সিফালে ৷ খুড়া-খুড়ীৰ
ডিম লাইটত দেখি থকা মুখ দুখন দেখি অলপ ভয়ো খালো ৷ নিজেই মাত দিলে, ‘‘খুড়ী বৰ বেলেগ
জ্বলা দিছে দেই !!! মাজ্জা লাগিল জ্বলা দিয়া কুকুৰাৰ মাংস খায় ৷’’
ভাত খায়, মুখ-হাত ধুই এক মিনিটো
নৰখিলো তাত ৷ মই আজিও বুজি পোৱা নাই মোক সেইদিনা কিয় নিমন্ত্ৰণ কৰিছিল ‘‘জ্বলা দিয়া
কুকুৰাৰ মাংস’’ খাবলৈ ৷
বাপৰে কি সাংঘাটিক বেপাৰ ! সেইদিনা জ্বলা কুকুৰাৰ মাংস খালে তেনেহলে !
ReplyDelete