Sunday 16 June 2013

মাইকেল এঞ্জেল’ৰ সৈতে

ইংৰাজীত এটা শব্দ আছে Finesse ৷
অনলাইন অভিধান এখনত চাই দেখিলো দিয়া আছে
n. Refinement and delicacy of performance, execution, or artisanship, ইত্যাদি ৷
Xobdo.orgত বিচাৰি চালো, পাছে অসমীয়া প্ৰতিশব্দটো নাই ৷
অসমীয়া প্ৰতিশব্দটো কি হ’ব পাৰে তাৰ এটা থুলমুল ধাৰণা আছে পাছে সঠিককৈ নাজানো ৷ কোনো দিনেই জানিবলৈ মনেই কৰা নাছিলো নেকি জানো ! আজিহে মনলৈ কথা আহিছে যে অসমীয়া প্ৰতিশব্দটো মই নাজানো ৷ এতিয়া জানিবলৈ মন গৈছে ৷

আচলতে মোৰ কোনো কামতে Finesse নাই ৷ যি কামেই কৰো খৰং-খছকৈ শেষ কৰিব পাৰিলেই মই সন্তোষ্ট হওঁ ৷ বৰ আমনি পাওঁ এই Finesseৰ পাকচক্ৰত সোমাবলৈ ৷

গাড়ী ধোৱাবলৈ চাৰভিচিং চেন্টাৰলৈ যেতিয়া যাওঁ প্ৰথম সময়খিনি ঠিকেই ৰৈ থাকো ৷ তাৰ পাছত যেতিয়া ঘঁহি ঘঁহি গাড়ীখন মচিবলৈ ধৰে মই বৰ আমনি পাওঁ ৷

কথাটো পাছে আজি মনত পৰিল প্ৰাপ্তিৰ বান্ধবী প্ৰাঞ্জনাৰ জন্মদিনৰ উপহাৰ কিনিবলৈ যাওঁতে ৷ বহু গবেষণাৰ অন্তত এওঁ কিবা এটা উপহাৰ পচন্ড কৰিলে ৷ গবেষণাৰ মাজতে এবাৰ ক’বৰ মন আছিল, ‘‘হেৰা উপহাৰ পচন্ড কৰিছা নে ছোৱালীৰ কাৰণে জোৱাই ?’’ কি নো বিচাৰি আছে, কি নো চাই আছে ভাবি মই আচৰিত হৈ যাওঁ ৷ পাৰে কিন্তু দোকানে দোকানে ঘুৰি ফুৰিব !!!

যি নহওঁক Finesseৰ কথালৈ আহো ৷ উপহাৰ পচন্ড কৰি কাউন্টাৰত জমা দিলো ৷ মোক কেছ মেম’ দিলে, মই দাম দিলো ৷ আহিবলৈ ওলাওঁতে এওঁ ক’লে, ‘‘ৰ’বা গিফ্ট পেক কৰাই লওঁ ৷’’
উপহাৰটো লৈ এইবাৰ উপস্থিত হ’লো গৈ বেলেগ এখন টেবুলত ৷ তাত ছেল’টেপ, কেঁচি, গিফ্ট পেপাৰ আদি লৈ ৰৈ আছে এজন ডেকা ল’ৰা ৷
‘‘বাইদেউ, ছিলভাৰ কালাৰটো বাহিৰত ৰাখিম নে পিংক কালাৰটো ?’’
এইবাৰ গবেষণা আৰম্ভ হ’ল গিফ্ট পেপাৰৰ কোনটো ৰং কেনেকৈ দিলে ভাল হ’ব ৷ এওঁ মোৰ ফালে মুখখন ঘুৰোৱা যেন দেখি মই চিলিঙৰ ফালে চাবলৈ ধৰিলো ৷ ‘‘দেওবাৰে সন্ধিয়াটো মই এই বিষয়ত মাত নমাতো’’, মনতে ভাবিলো ৷
মই চিলিঙৰ ফালে চাই থাকোতেই কিবা এটা মীমাংসালৈ আহিল ৷ আৰম্ভ হ’ল উপহাৰৰ ‘গিফ্ট পেকিং’ ৷
মই দূৰৰ পৰা চাই থাকিলো ডেকা ল’ৰাজনৰ কাম ৷
উফ!!!!!!!!!
Finesseৰ সাংঘাতিক উদাহৰণ !
কি নিখুত কাম !
ল’ৰাজনে  উপহাৰটোত এটুকুৰা চেল’টেপ লগাই লৈ দুখোজ পিছুৱাই আহি বিভিন্ন কোণৰ পৰা চাবলৈ ধৰে ৷ মাজে মাজে এওঁৰ ফালেও চাই এবাৰমান ৷ এওঁ ল’ৰাজনক মাজে মাজে দেখুৱাই দিয়ে কেনেকৈ লগালে বেছি ভাল হ’ব বা লাগিব ৷ বহু সময় ধৰি এই কাম চলিল ৷ শ্বপিং মলটোত A.C চলি আছিল যদিও মোৰ মস্তিস্কৰ পাৰা উৰ্ধগামী হ’বলৈ ধৰিলে ৷ উপায় নাপাই মনৰ ভিতৰতে গালি পাৰিবলৈ ধৰিলো, ‘‘মাইকেল এঞ্জেল’ ওলাবলৈ আহিছ ? বেটা তই গিফ্ট পেক কৰিছে নে মোৰ গীৰ্জাঘৰৰ কাৰণে মূৰ্ত্তি খোদাই কৰিছ ? এটা উপহাৰত যদি এনেকৈ থাকিবলৈ হৈছে তোৰ জীৱনত একো উন্নতি নহ’ব !!’’

আচলতে গালি পাৰিব নাপায় ৷ মই Finesseত বিশ্বাস নকৰিলে কি হ’ব ? বহুতেই বিশ্বাস কৰে ৷ বহুতেই বিচাৰে কামবোৰ নিখুত হওঁক ৷
তথাপিও এটা গিফ্ট পেক কৰোতে যদি ১০ মিনিট সময় লাগে মই বৰ টান পাওঁ ৷
কাম ফেৰা মাইকেল এঞ্জেল’ই কৰিছে নে কোনো ৰমেন তালুকদাৰে কৰিছে মোৰ দৰকাৰ নাই ৷

মাইকেল এঞ্জেল’ৰ কথা ওলাল যেতিয়া আৰু এজন আছে ৷ সুবিধা পাওঁতেই কৈ থওঁ ৷ এইজন মাইকেল এঞ্জেল’ৰ সৈতে মোৰ প্ৰতি মাহেই দেখা দেখি হয় ৷ সাধাৰণতে কোনো এক দেওবাৰে ৷
এইজন মাইকেল এঞ্জেল’ৰ আচল নাম লম্বু, লম্বু নাপিত ৷
প্ৰতি মাহতে কোন এটা দেওবাৰে মই লম্বুৰ চেলুনলৈ যাওঁ ৷ মই গৈ পোৱা লগে লগে সি মোৰ মুৰৰ ওপৰত এটা মেচিন (stripper) ঘৰ্ ঘৰ্ কৈ চলাই দিয়ে ৷ ১০ মিনিটো সময় নালাগে ৷ তাৰ পাছত মুৰটো জাৰি-জোকাৰি দিয়ে ৷ 
সেইখিনিলৈকে সকলো ঠিকেই থাকে ৷ তাৰ পাছতে মাইকেল এঞ্জেল’ৰ আত্মাই  লম্বুৰ শৰীৰত প্ৰবেশ কৰে ৷ কেঁচি এখন লৈ এডাল এডাল কৈ চুলি দাড়ি কাটিবলৈ আৰম্ভ কৰে ৷ মাজে মাজে মোৰ পৰা অলপ দূৰলৈ আতৰি যায় ৷ বিভিন্ন কোণৰ পৰা মোৰ দাড়ি-চুলিখিনি চাবলৈ ধৰে ৷ আকৌ ওচৰলৈ আহি আৰম্ভ কৰে তাৰ কাম ৷ মাজে মাজে তাক কওঁ, ‘‘খৰ কৰ ভাই !! যাব লাগে ৷’’
‘‘হো গয়া দাদা ! থোৰা বাকী হ্যায় ৷’’

যেতিয়া তাৰ কাম শেষ হয় তাৰ পাছত মই আইনাত নিজকে চাওঁ ৷ মাইকেল এঞ্জেল’ই নো কি ইমান দেৰী কাম কৰিলে মই পাছে একো বুজি নাপাওঁ ৷
এনেয়ো মোৰ Finesse নাই !!




No comments:

Post a Comment