Wednesday 14 March 2012

পানী পথৰ যুজ (ধাৰাবাহিক)


ঘটনাৰ পটভুমি :
এটা হোষ্টেলৰ নং ৪ ব্লক, মোৰ  ব্লক

ঘটনাৰ পাতনি :
আমাৰ সেই ব্লকতো কলেজখনৰ আটাইতকৈ সৰু ব্লক, মাথো ৬টা ৰুম আৰু ১২জন আবাসী ৷ এশ-এবুৰি সমস্যা ৷ আটাইতকৈ ডাঙৰ সমস্যা  পানীৰ

 

ব্লকৰ কাষতে দুটা টেঙ্কি আছে – এটা ১ নং ব্লকৰ আৰু ইতো ৪ নং ব্লকৰ ৷ দুয়োটা টেঙ্কিতে পানী সমানে থাকিলেও এক নম্বৰৰ বাথৰুমত পানী চৌচৌৱাই ওলাব কিন্তু চাৰি নম্বৰৰ বাথৰুমত ওলাব এটোপাল-দুটোপালকৈ 

অনুসন্ধান আৰম্ভ হ’ল, Brain Storming হ’ল কিবা উপায় ওলায় নেকি! অলেখ পৰীক্ষ-নিৰীক্ষাৰ অন্তত আবিস্কাৰ হ’ল এটা উপায়
 
উপায়
যেতিয়া ৪ নম্বৰত পানী লাগে তেতিয়া এক নম্বৰৰ টেঙ্কিত থকা outlet valve টো অকমান বন্ধ কৰি দিব লাগে
তেনে কৰিলত চাৰি নম্বৰৰ বাথৰুমত পানী চৌচৌৱাই ওলাল কিন্তু এক নম্বৰৰ বাথৰুমত ওলাল এটোপাল-দুটোপালকৈ ৷ আমাৰ সুখ আৰম্ভ হ’ল আৰু এক নম্বৰৰ আৰম্ভ হ’ল অনুসন্ধান ৷ এদিনে দুদিন পাছতে তেওঁলোকে গম পাই গ’ল উৰহী গছৰ ওৰ ক’ত ৷ দিলে এক নম্বৰৰ outlet valve ঠিক কৰি ৷ আমাৰ আকৌ পানী নোহোৱা হ’ল ৷
এইবাৰ আমি আমাৰ strategy change কৰি দিলো ৷ যেতিয়াই আমাক পানীৰ দৰকাৰ হয় ভাল্ভ ঘোটালাটো কৰি লওঁ আৰু তাৰ পাছতে ভাল্ভ আকৌ আগৰ দৰে কৰি দিওঁ ৷ এক নম্বৰত ক্ষনিকৰ কাৰণে পানী নোহোৱা হয় ছাগৈ কিন্তু কাকো মই ভাল্ভ চাবলৈ পাহাৰ বগাই আমাৰ ব্লকলৈ অহা নেদেখিলো

গোপন মিটিং
এদিন ৰাতি এখন গুপুত মিটিং বহিল  মিটিঙত  ব্লকৰ গোটেই কেইজন আবাসী গোট খালে ৷  স্থায়ী সমাধান সূত্ৰ বিচাৰি বহুত দেৰি মিটিং চলিল ৷ এপাকত মোৰ ‘তিখৰ’ ৰুমমেট আৰু ‘ভয়ঙ্কৰ’ ৱালমেট উঠি গ’ল ৷ দুয়োৰে মাজত চলিল ফুচ্-ফুচ, ফাচ্-ফাচ ৷ কাগজ-কলম লৈ কিবা-কিবি আক-বাক চলিল ৷ ৰেখাঙ্কণ হ’ল ৷ দূৰৈৰ পৰা দেখি আমাৰ engineering drawing যেন লাগিল
 
হঠাতে দুয়ো ঘোষণা কৰিলে,  problem solve হৈ যাব ৷’
আমি বাকীবোৰে একো নকৈ চাই থাকিলো ‘তিখৰ’ আৰু ‘ভয়ঙ্কৰ’ৰ
মুখলৈ
আকৌ দুয়ো ক’লে,  ‘না ৰহেগা বাঁশ, না বাজেগা বাঁসুৰী’
আমি চক খাই উঠিলো ৷ 
‘কি কৈছে এই দুটাই?????? ১ নম্বৰত বম্-চম দি দিব নেকি?’
এইবাৰ ৱালমেটে মাত লগালে,  ‘শুই থাক, শুই থাক এতিয়া৷ কাইলৈ বহুত কাম আছে৷ আমি (মানে
‘তিখৰ’ ৰুমমেট আৰু ‘ভয়ঙ্কৰ’ ৱালমেট) দুটা ৰাতিপূৱাই যাম হাথিয়াৰ আনিবলৈ ৷’



২য় খন্ড :
পাছদিনা কলেজত দুয়োৰে দেখাদেখি নাই ৷ কেনেবাকৈ দেখো নেকি  বুলি  ইফালে-সিফালে বিচাৰিলো ৷ কিন্তু দুই সিদ্ধক কোনেও মন কৰা নাই কলেজত  ৷ দুপৰীয়া যেতিয়া ঘুৰি গৈ হোষ্টেল পালো, দেখো দুয়ো বহি আছে বাৰান্ডাত চকি দুখনত ৷ ৰুমত সোমাই দেখিলো বিচনাখনৰ ভৰিৰ ফালৰ খুটাদুটা প্ৰায় এক-ডেৰ ইঞ্চিমান কাটি থোৱা আছে ৷ বিচনাখন এতিয়া এঢলীয়া হৈ গ’ল ৷ ঘুৰি চাই দেখো ৰুমমেটৰ বিচনাখনৰো একেই অবস্থা ৷ ইতিমধ্যে বাহিৰত হৈ হাল্লা আৰম্ভ হৈছে ৷ জবাব বিচৰা হৈছে দুয়োৰে পৰা ৷ সিহতো কম নহয়, প্ৰশ্ন কৰোতাৰ status আৰু প্ৰশ্নত থকা ভাবুকিৰ ওপৰত ভিত্তি কৰি উত্তৰ দি গৈছে
কাৰোবাক যদি কৈছে : মন গৈছিল, কৰি দিলো (তোৰ যিমন যায় তই কৰ এতিয়া)৷
আন কাৰোবাক কৈছে : কৰিলো আৰু (কিবা কৰিবি এতিয়া?)
কাৰোবাক আকৌ কৈছে : আমাৰ হাথিয়াৰ খিনি
testing কৰি আছিলো
তেতিয়ালৈ বাহিৰত যি কথা বতৰাৰ শুনিলো তাৰ পৰা বুজিলো ৪ নং ব্লকৰ আটাইবোৰ বিচনা এঢলীয়া হ’ল ৷ হঠাতে ৰুমমেট,ৱালমেট দুয়ো জাপ মাৰি উঠিল আৰু উপস্থিত সকলো ব্লকাবাসী(block-mate)ক ৪০ নং ৰুমলৈ লৈ গ’ল ৷ সকলো সোমালো ৰুমটোৰ ভিতৰলৈ ৷ ৰহস্যজনক হাহিঁ মাৰি ৱালমেটে আলমাৰিৰ পৰা উলিয়াই আনিলে এখন কৰত, এটা বটালি আৰু এটা মাৰতুল ৷ বুজিলো যোৱাকলি ৰাতি উল্লেখ কৰা হাথিয়াৰ এইখিনিয়ে ৷ কিন্তু পানী কেনেকৈ আনিব এই হাথিয়াৰেৰে?
ৰুমমেটেই আৰম্ভ কৰিলে : এই হাথিয়াৰ কেইপদ দি আমি এটা মাৰাত্মক ‘জিনিস্’ তৈয়াৰ কৰিম আৰু আমাৰ পানীৰ সমস্যা খতম
কোনোবা এটাই সুধিলে : তহতে এই হাথিয়াৰ পালি ক’ৰ পৰা?

ৱালমেটে আট্টহাস্য এটা কৰি ক’লে : ক’ৰ পৰা আনিম আৰু???? Workshopৰ পৰা আনিলো আকৌ
ৰুমমেটে আকৌ আৰম্ভ কৰিলে : এইতো এটা top-secret operation হ’ব ৷ কোনেও যেন গম নাপায় ৷
পুলক নে মিশ্ৰজী কোনোবাই সুধিলে : অপাৰেশন কেতিয়া শুৰু হ’ব?
ৱালমেটে হাহিঁ এটা মাৰি ক’লে :
the game has started ৷ তহতে মাত্ৰ বাট চাই থাক ৷



৩য় খল্ড :

পাছদিনা ৰাতিপূৱা ৪-৩০ মানতে বাৰান্দাত ভূন-ভূন, ভান-ভান ৷ ভালদৰে মন দি গম পালো ‘তিখৰ’ আৰু ‘ভয়ঙ্কৰ’ ৷ কথা কি ? যি দুটাই আজিলৈকে ৭-২০ৰ ফাৰ্ষ্ট বাছতে উঠি পোৱা নাই সিহঁত দুইটা ৪-৩০ বজাতে বাৰান্দাত যে!!!!!!!!!!!!
কথা যি য়ে নহওঁক, এতিয়া শুই থকাতোৱে বুদ্ধিমানৰ কাম হ’ব ৷ এই দুটাৰ পাল্লাত পৰি আগতে দুবাৰমান কোনোমতে এক্সপেল নোহোৱাকৈ বাছিলো ৷ এতিয়া 7th semesterত ৰিস্ক নলওঁ দেই মই!!!

অলপ পৰ শুবলৈ পালো যেনিবা ৷
এপাকত পুলকে আহি মাত লগালে  : আপোনাক দিগন্তদাৰ ৰুমলৈ মাতিছে ৷
মই কথাসাৰত  গুৰুত্ব নি দি শুই থাকিলো ৷ এক-দুই মিনিট পাছতে কাষৰ ৰুমৰ পৰা যেনেকৈ মোৰ নামতো চিঞৰি-চিঞৰি মাতিবলৈ আৰম্ভ কৰিলে মই আৰু নুঠি নোৱাৰিলো ৷

পালোগৈ দিগন্তৰ ৰুম ৷ মোৰ বাহিৰে ব্লকৰ বাকীবোৰ দিগন্তৰ ৰুমতে আছে ৷ ৰুমত সোমায়ে দেখিলো ‘তিখৰ’ৰ হাতত এক ইঞ্চিমান ব্যাস (diameter)ৰ আৰু প্ৰায় আঠ ইঞ্চিমান দৈৰ্ঘ(length)ৰ টাঙোনৰ টুকুৰা এডোখৰ ৷ মই সোমাই অহা দেখিয়ে গদা ঘুৰোৱা দি অঙ্গি-ভঙ্গি কৰিবলৈ ধৰিলে ৷ মই কাৰোফালে বিশেষ মন নিদি দিগন্তৰ আলমিৰাৰ পৰা উলিয়াই ফিল্টাৰ এটা জ্বলাই ল’লো ৷

দেখিলো ‘ভয়ঙ্কৰে’ চকুৰে ‘তিখৰ’ক ইঙ্গিত এটা দিলে ৷
খুব সম্ভব ক’লে : আৰম্ভ কৰ ৷
তিখৰ : দেখিছে নে নাই?
‘খিতি খিতি খিত তাও, খিতি খিতি খিত তাও’ জাতীয় ভঙ্গিমা ৷ বাকীবোৰৰ কি হৈছিল মই নাজানো, কিন্তু মই মনে মনে ভবিছিলো : দিওঁ নেকি তাক সেইডালেৰেই বেল্টি খুৱাই ? ৰাতিপুৱাই উঠাই এইবোৰ দেখুৱাব আহিছ ?
ইতিমধ্য ‘ভয়ঙ্কৰে’ হয়তো অনুমান কৰিলে ৰুমৰ ভিতৰত  বাকীবোৰৰো ভাব-ভঙ্গি বৰ উৎসাহজনক  নহয় ৷
কাৰণ,
দাসে বড়োৰ হাত চাবলৈ আৰম্ভ কৰিলে ৷
মিশ্ৰজীয়ে চাদা মলিবলৈ আৰম্ভ কৰিলে ৷
পুলক আৰু লম্বুৱে টোপনিয়াবলৈ আৰম্ভ কৰিলে ৷
দিগন্তই তাৰ ৱাকমেনত ‘আনে ৱালা কাল এক স্বপ্না হেয়’ শুনিবলৈ আৰম্ভ কৰিলে ৷
মোৰ চকু দুটাৰে জুই ওলাবলৈ  আৰম্ভ কৰিলে ৷

‘ভয়ঙ্কৰে’ কথা বেগতিক দেখি ‘তিখৰ’ৰ হাতৰ পৰা টাঙোনডাল লৈ আৰম্ভ কৰিলে : এইডাল দেখিছ ?
দিগন্তই  চকু দুটা মুদি-মুদিয়ে ক’লে : নাই দেখা, আমি গোটেইকিটা অন্ধ ৷ তই কৈ যা কি কৰিব খুজিছ ৷
ভয়ঙ্কৰ : এইডালৰ অ’. ডি. (O.D= Outer Diameter) ১ নন্বৰলৈ যোৱা পাইপডালৰ আই.ডি.(I.D.= Inner Diameter)কৈ ১ মি.মি. কম ৷
বড়োৱে সুধিলে : মেজাৰমেন্টটো কেনেকৈ ল’লি ?
ভয়ঙ্কৰ আৰু তিখৰৰ দুয়োটা প্ৰশ্ন শুনি অলপ আচৰিত হ’ল ৷ যেতিয়া মেজাৰমেন্টৰ প্ৰচিডিইওৰ শুনিলো তেতিয়া মনতে ভাবিলো এইদুটাই জোখ-মাখ বিভাগত চাকৰি পোৱাতো খাটাং ৷
তিখৰে তাৰ তৰ্জনী আৰু বুঢ়া আঙুলি দুটাৰে টাঙোনডালৰ ব্যাস জুখি দেখুৱালে ৷
বুজিলো, স্লাইড কেলিপাৰৰ দিন উকলিল ৷
পুলকে শুধিলে : অ’. ডি. বুজিলো, পাইপডালৰ আই.ডি. কেনেকৈ ল’লি ?
ভয়ঙ্কৰে এটা আলোড়নকাৰী পদ্ধতিৰ বিষয়ে জনালে : দেখিয়ে গম পালো ৷

ভয়ঙ্কৰে কথা আৰু আগবাঢ়িব নিদি ক’লে : ৰাতিপুৱাৰে পৰা হাতূৰি-বতালী মাৰি আমি এইডাল ৰেডি কৰিছো ৷ আজি দুপৰীয়া যেতিয়া হোষ্টেল খালী থকিব তেতিয়া আমি এইডাল এক নন্বৰৰ পাইপডালত থুকি দিম ৷
দিগন্ত বিচনাৰ পৰা জাপ মাৰি উঠিল : পাগল হৈছ নেকি তহতঁ দুটা ? খবৰদাৰ  তেনেকুৱা নকৰিবি কিন্তু ৷

ভয়ঙ্কৰ : ধুৰ, বেহু নেকি বে?? কোনেও কিন্তু মুখ নেমেলিবি ৷ বাকী আমাৰ ৰিস্ক ৷

আমি এটা-দুটাকৈ ৰুমৰ পৰা ওলাবলৈ ল’লো ৷
তিখৰে কিন্তু নাচি থাকিল ‘খিতি খিতি খিত তাও, খিতি খিতি খিত তাও’

৪থ খন্ড :

সময়মতেই কলেজ পালোগৈ ৷ প্ৰথম ক্লাছ কৰিয়ে গ’ম পালো তিখৰ আৰু তাৰ গুৰু ক্লাছ কৰিবলৈ অহা নাই হেনো ৷ এবাৰ ভাবিলো, যাওঁ নেকি কানত ধৰি চোচৰাই আনো দুয়োকে ৷
কি কৰিম, কি নকৰিম ভাবি থাকোতেই ১২-৩০ বাজিল ৷ বাছখনৰ পৰা নামিয়ে বেলেগ সকলো কথা বাদ দি ভয়ঙ্কৰ আৰু তিখৰৰ খবৰ ল’লো ৷ এফালৰ পৰা বিচাৰি গ’লো – নিজৰ ৰুম, ডাইনিং হল, কমন ৰুম, হোষ্টেলৰ 24/7 কেচিনো-বাৰ (casino-bar) ৷ কিন্তু দুয়োটাৰে টিকনি এডালো বিচাৰি নাপালো ৷ গ’ল কলৈ ?
কমন ৰুমৰ সমুখৰ বাৰান্ডাখনত নাপাত্তাহৈ থিয় হৈ আছো ৷ দেখিলো হোষ্টেলৰ পিয়ন হৰেন দা আহি আছে নিজৰ ৰুমৰ পৰা, মুখত এমোকোৰা হাঁহি ৷
মোক দেখি সুধিলে, ‘দত্তবাবু, পাৰ্টিলৈ নাযায় নেকি?’
‘পাৰ্টি, কিহৰ পাৰ্টি?’
‘মোৰ ৰুমত চাওক গৈ’ ৷
একে দৌৰে পালো গৈ  হৰেন দাৰ ৰুম ৷ ভিতৰৰ দৃশ্য দেখি টেমা গৰমহৈ আহিল ৷ ভয়ঙ্কৰ বহি আছে টুল এখনত, দেখি ভাব হ‘ল যেন ‘দশ মূলূকৰ পুলিছে ধৰিব নোৱাৰা ডন’ ৷ মুখত চিগাৰেটো  ওলমি আছে আৰু জুইশলা আছে তিখৰৰ হাতত ৷ ‘চাল্লা, ক্লাছ নকৰি এইখন কৰি আছ?’

মোক দেখাৰ লগে লগে ভয়ঙ্কৰে মাত লগালে, ‘প্ৰভু, গিলাছ এটা লৈ বহি দিয়া ৷ অলপ চেলিব্ৰেট  কৰো ৷’
‘চেলিব্ৰেট ? কি চেলিব্ৰেট ?’
তিখৰ একে জাপে আহি মোৰ ওচৰ পালেহি ৷
‘গিলাচ পাতক, গিলাচ পাতক ৷ mission successful ৷’
মোক আচৰিত হোৱা যেন দেখি ভয়ঙ্কৰে বুজাই দিলে, ‘ঠিলা ঠুকি দিলো ৷ একৰ পানী বন্ধ আজিৰ পৰা ৷ ’
মই লগে লগে গিলাচ পাতি দিলো ৷

পানীপথ মানে water lineৰ যুজ আৰম্ভ হৈ গ’ল তেনেহ’লে!!!!!!!!!!!


৫ম খন্ড :

হৰেনদাৰ কেছিনবাৰৰ পৰা আবেলি চাৰিমান বজাত আহি নিজৰ ব্লকলৈ বুলি উভটিলো ৷
দুৰৈৰ পৰায়ে দেখিলো ব্ৰজেন, হেমন্ত, ছি.আৰ.পি., সুৰেশ,মামা আৰু কেইবাটাও পানী টেঙ্কিৰ ওচৰত পায়চাৰি কৰি আছে ৷
 
মই পোনে পোনে ৰূমলৈকে পোনালো যদিও বাকী দুটা গৈ পানী টেঙ্কিৰ ওটৰ পালে গৈ ৷
‘‘কি হ? এক নম্বৰত পানী নাই নেকি ?’’
হেমন্তই জেৰা কৰা দি সুধিলে,‘‘তহঁত দুটাই কেনেকৈ গম পালি ? কোনটো ভাল্বত গৰবৰ কৰি থৈছ ?’’
লগে গলে বাকী কেইটায়ো জেক-জেকাই ধৰিলে,‘‘মাথা বেয়া হৈ আছে ৷ সোনকালে ঠিক কৰ ভাল্ব ৷ কথা বেয়া হৈ যাব কিন্তু ৷’’
মোৰ ৰূমমেটে মাত লগালে,‘‘আব্বে কি ভাল্বৰ কথা কৈছ ? নিজেই চাই ল, কৰবাত কিবা গৰবৰ আছে যদি ৷ ছেলেঞ্জ আছে বে একো বিচাৰি নাপাবি তহঁতে ৷’’
ৱালমেটে গম পালেই গৰবৰ হৈয়ে গ’ল !!
গলে গলে নামি গ’ল ডেমেজ কন্ট্ৰলত,‘‘তহঁতে এটা কাম নকৰ কিয় ? নিজে কিমান পানী টেঙ্কিৰ ভাল্ব ঘুৰাই থাকিবি ? ডাইৰেক্ট পি.ডাব্লিউ.ডি অফিছত গৈ হাঙ্গামা কৰি নিদিয় কিয় ? আব্বে জংগী আন্দোলন গঢ়ি তোল বে ৷’’
আন্দোলনৰ নাম শুনাৰ লগে লগে গোটেই কেইটা টেঙ্কিৰ ওচৰৰ পৰা আহি ঠিক মোৰ ৰূমৰ সন্মুখত থকা চিৰিৰ ওচৰ পালে ৷
আৰম্ভ হ’ল আন্দোলনৰ পৰিকল্পনা ৷
ময়ো ৰূমৰ পৰা ওলাই আহিলো ৷
এক নম্বৰৰ কেইটাই মন দি শুনি আছে আৰু আচল দুটাই পৰামৰ্শ দি আছে ৷
শেষত সিদ্ধান্ত হ’ল কলেজলৈ যাওঁতে আৰু কলেজৰ পৰা উভটি আহোতে প্ৰতিবাৰতে পি.ডাব্লিউ.ডি অফিছত সোমাই চিঞৰ-বাখৰ কৰিব আৰু যদি তাতো কাম নিদিয়ে তেনেহ’লে এদিন পি.ডাব্লিউ.ডি অফিছত ঘেৰাও কৰিব ৷
‘‘চা আমি কিন্তু ঘেৰাও কৰিমেই, পানী নোলালেতো কৰিমেই ওলালেই কৰিম ৷’’
মই সুধিলো,‘‘পানী ওলালে কি বুলি ঘেৰাও কৰিবি ?’’
‘‘পানী কিয় ওলোৱা নাছিল বুলি কৰিম ৷ এদিনতো ক্লাছ কেঞ্চেল হ’ব ৷’’
গোটেই কেইটাৰ মুখৰ ফালে চাই বুজিলো এতিয়া আৰু ৰক্ষা নাই ৷
আন্দোলন হ’বই তাৰমানে .............

(আগলৈ)

4 comments:

  1. আগলৈ থৈ দিয়াখিনি সোনকালে লিখক। এঢলীয়া বিচনাত কেনেকৈ শুলে, তিখৰ ৰুমমেট আৰু ভয়ানক ৱালমেটে পানীপথৰ যুদ্ধত আত্মসমৰ্পন, জয় নে পৰাজয় বৰণ কৰিলে জানিবলৈ আগ্রহেৰে ৰৈ আছো :)

    ReplyDelete
  2. পানী আম্দোলন খণ্ডটি সোনকালে লিখক আকৌ ।

    ReplyDelete
  3. পাছৰখিনি !!!!!!!!!!!!

    ReplyDelete