Wednesday 14 March 2012

সৰু কালৰ খেলিমেলি



মই সৰু থাকোঁতে মোৰ বহু বৰ বৰ খেলিমেলি হৈ গৈছিল ৷
যেনে : বাওঁহাত আৰু সোঁহাতৰ মাজত খেলিমেলি হৈ গৈছিল ৷
যেনে : ডেৰ আৰু আঢ়ৈৰ মাজত খেলিমেলি হৈ গৈছিল ৷ উপায় নাপায় মই "চাৰে এক" আৰু "চাৰে দুই" নামৰ দুটা নতুন সংখ্যা আৱিষ্কাৰ কৰি লৈছিলোঁ ৷
যেনে : (ভাতৃপ্ৰতীম অভিজিতে মনত পেলাই দিলে) ওপৰৰ শ্ৰেণীত অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত খেলিমেলি হৈ গৈছিল ৷

এতিয়া আৰু কি ক'?
মাথোঁ খেলিমেলি ৷
ভাৱ হয়, সৰুকালৰ খেলিমেলিখিনিয়ে ভাল আছিল নেকি বাৰু !!!!!!!!!!!!!


1 comment:

  1. মোৰ আকৌ আমদানি আৰু ৰপ্তানিৰ মাজত খেলিমেলি ৷ আজিও আছে সেই খেলিমেলি ৷ইংৰজীতে ভাল আহিলে import আৰু গ'লে export বুলি কব পাৰি ৷

    ReplyDelete