Wednesday 14 March 2012

অশান্ত প্ৰহেলিকা : মোৰ JATৰ প্ৰস্তুতি, চিত্ৰনাট্য আৰু কিবা কিবি

অশান্ত প্ৰহেলিকা : মোৰ JATৰ প্ৰস্তুতি, চিত্ৰনাট্য আৰু কিবা কিবি.......




(বিয়া এখন খাবলৈ টঙলালৈ গৈ আছিলো ৷ বাটতে ভোক বেছিকৈয়ে লাগিল৷ তৃপ্তি ধাবাত সোমাই কিবা অলপ খাই ল’লো ৷ লগত আছিল মৃণ্ময় বৰুৱা দাদা আৰু ভাতৃ প্ৰতীম নিৰজ আৰু অগ্নি ৷ কথা পাতোতে, পাতোতে আমি চেৰাপুন্জিৰ চুনশিলৰ খনিৰ পৰা গৈ ছিলেট, বম্বেহৈ জাকাৰ্টা পালোগৈ ৷ অগ্নিয়ে ক’লে : দাদা আপুনি কি সদায়ে এনেকৈ “চাৰপ্ৰাইজ” দি থাকে নেকি?
অলপ ফুলি গ’লো
৷ কিবা এটা কথা মনত পৰি গ’ল ৷ ভাবিলো লিখা যাওঁ
বিয়াৰ পৰা আহি লগ পালো বণিদাক
৷ বণিদাই যি ক’লে শুনি মাথা ঘুৰি গ’ল ৷ ঠিক কৰিলো লিখিম ৷ মোৰ বৰটোকোলা দুটা আছে৷ এটা পুণেত থাকে, আনটো অইল দুলিয়াজানত থাকে৷ দুয়ো জাপ মাৰি উঠিল : লিখক, লিখক৷
তাৰ পাছতে এইখন আৰম্ভ কৰিলো)

১ম খন্ড :
কটনৰ নিউ হোষ্টেল ৷ হায়াৰচেকেন্ডেৰী পৰীক্ষা দি আছো ৷ মাজে মাজে মোৰ বন্ধু এটাই খা-খবৰ ল’বলৈ আহে বন্ধু মানে মোৰ তাৱৈদেউৰ ল’ৰা ৷ তাৰ দেউতাক আৰু মোৰ দেউতা ইন্জিনীয়াৰীং কলেজৰ দিনৰে বন্ধু ৷ এতিয়া সি আৰু মই
এদিন সি মোক সুধিলে : ফাইনেলৰ পাছত কি কৰিবা?
মই ক’লো : JAT-ৰ কাৰনে প্ৰিপেয়াৰ কৰিব লাগিব৷
সি আাকৌ সুধিলে : ক’ত থাকিবা তেতিয়া?
মই ক’লো : হোষ্টেলতে থাকিম ৷ বাকীবোৰো থাকিব
বন্ধু জাঙোৰ খাই আহিল ৷ ক’লে : তুমি আমাৰ ঘৰ থাকোতে আকৌ হোষ্টেলত কিয় থাকিবা ? আমাৰ ঘৰত থাকিবা আকৌ
মই অলপ আচৰিত হ’লো আৰু লগতে অলপ বিৰক্ত হ’লো ৷ আচৰিত হ’লো, কাৰণ দুবছৰ দেখোন ইয়াতে থাকিলো আৰু এমাহ থাকিলে আকৌ কি অসুবিধা হ’ব  ? বিৰক্ত হ’লো কাৰণ, দুবছৰীয়া বান্ধোনৰ পাছত এতিয়া অলপ আজাদি পাইছো ৷ ৰাতি ৰাতি অশোকা, অপ্সৰা যাব লাগিব ৷ ক’ত অশোকা, অপ্সৰা ক’ত আৰু কতাৱৈদেউৰ ঘৰ!!!!!!!!!!!!
ফিজিক্স নে কেমেস্ট্ৰীৰ প্ৰেক্টিকেল আছিল ৷ তাৰ পাছতে নেগুৰ কটা বাঘ!!! কোনে পাই আজি???  প্ৰেক্টিকেল শে্ষ কৰি ততাতৈয়াকৈ হোষ্টেলৰ ফালে খোজ ল’লো চি.এম. হোষ্টেলৰ গেইটখন পাৰহৈয়ে চকুত পৰিল নিউ হোষ্টেলৰ সন্মুখত তাৱৈদেউৰ ৰঙা লাইট লগোৱা বগা এম্বেছাডৰ গাড়িখন ৷ বুকু চিৰিংকৈ মাৰিল ৷ ঘটনা বেলেগ যেন লাগিল
নিউ হোষ্টেল পা গম পালো আজি বন্ধু অকলে নহয়, লগত আমৈদেউ ৷ কিন্তু ৰুমৰ ভিতৰত সোমাই মোৰ চকু কপালত উঠিল ৷ হাঁহিম নে কান্দিম ধৰিব পৰা নাই

২য় খন্ড :
ৰুমত সোমাই দেখো বন্ধুবৰ বহি আছে মোৰ পালেংখনৰ তক্তাৰ ওপৰত, আমৈ বহি আছে কাঠৰ চকিখনৰ ওপৰত আৰু মোৰ ৰুমমেটতো বহি আছে মোৰ ট্ৰাঙ্কতোৰ ওপৰত
ট্ৰাঙ্কৰ কাষতে ধুনীয়াকৈ বান্ধি থোৱা আছে মোৰ হ’ল্ড-ও’লতো!!!
বুজিলো কি হ’ল
ৰুমমেটতোকে দোঘোচামান সোধাই দিম যেন লাগিল
আমৈলৈ চাই বেঙা হাঁহি এটা মাৰিলো
তেখেতে ক’লে : পৰীক্ষা শেষ হ’ল নহয়, ব’লা
মই ক’ব খুজিছিলো : আমৈ পৰীক্ষাহে শেষ হ’ল , আচলখিনি আজি ৰাতিহে আছে ৷ নাযাওঁ নেকি আজি ?
ঘুৰি চাই দেখো লাভ নাই ৷ মোৰ বস্তু গৈ ৰঙা লাইট লগোৱা বগা এম্বেছাডৰৰ ডিকিত
চুপ-ছাপ গাড়িত উঠিলোগৈ ৷ খঙতে ৰুমমেটতোকো ভালকৈ মাত দিয়া নহ’ল ৷ নিতু, পদুম, প্ৰণব কাকো মাত লগোৱা নহ’ল
গৈ বন্ধুৰ ঘৰ পালোগৈ ৷ দুমহলীয়া ঘৰ ৷ আমৈদেউহ’ত তলত থাকে, বন্ধু অকলে দুটা ৰুমলৈ ওপৰত থাকে মই যাম, পঢ়া-শুনা কৰিম গতিকে মোক ওপৰৰ ৰুম দুটা এৰি দি বন্ধু তলৰ মহলা পালেগৈ ৷ দেখো বিচনা, চকি-টেবুল সকলো ৰেডি কৰি থৈছে
যেতিয়া বন্ধুৱে মোক বৰুৱা এজেঞ্ছিৰ দ্বাৰা প্ৰকাশিত আৰু তিনিজন গ’ল্ডমেডেলিষ্টিৰ দ্বাৰা প্ৰণিত ইন্জিনীয়াৰিং এন্ট্ৰেন্ছ পৰীক্ষাৰ সহায়িকাখন উলিয়াই দিলে মই আৰু ৰ’ব নোৱাৰিলো ৷ অলপ ভয়ে ভয়েই ক’লো : বন্ধু ষড়যন্ত্ৰতো কি কৈ দিয়া
বন্ধুৱে মোৰ মুখলৈ চাই যি হাঁহি মাৰিলে মোৰ অন্তৰাত্মা কঁপি উঠিল ৷ বৰ চিনাকি এই হাঁহি ৷ আমি ভুক্তভোগীয়েহে জানো এই হাঁহিৰ অৰ্থ কি হব পাৰে !
কি কি কৰোৱা নাই বন্ধুৱে আমাৰ দ্বাৰা ৷ এইবাৰতো মই অকলে ৷ বাচিমনে বাৰু অভিযানৰ অন্তত ? ৰাতি শুবলৈ লৈ মনতে ভাবিবলৈ ধৰিলো কি হ’ব বাৰু এইবাৰ!!!!!
কোকৰাঝাৰৰ অটব্য শালকাঠনিত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযানটো কৰোতে বাৰু আমি হাইস্কুল পাইছিলোহে মাথোন ৷
 
হৰিণাগুৰিৰ পাহাৰৰ পৰা আমাৰ ঘেগেলা চাইকেলেৰে মাউন্টেন বাইকিং কৰি নামি আহোতে মই মৰিম বুলিয়ে ভাবিছিলো ৷ 
এবাৰ ক্লাছ চিক্সমানত থাকোতে ৰাতি তাৰ ঘৰত থাকিবলৈ গৈছিলো আমি চাৰিটামান ৷ কিনো আৰু গৈছিলো? সিয়ে মাহঁতক সৈমান কৰি আমাক লৈ গৈছিল ৷ ডাঙৰ ছাৰপ্ৰাইজ এটা দিব বোলে ৷ ৰাতি ভাতখোৱাৰ পাছত ডিম-লাইট অ’ন কৰি “ডাঙৰ ছাৰপ্ৰাইজ”তো দিলে ৷ বিচনাৰ তলৰ পৰা উলিয়ালে প্ৰায় এক-ডেৰ ফুটমান দীঘল এটা জন্তু   মুখত এগালমান চেল’টেপ মাৰি থোৱা আছিল ৷ মই জন্তুতো এটা ঘৰিয়াল বুলি ভাবিছিলো ৷ 
বন্ধুৱে জ্ঞান দিলে : এইতো কেকো সাপ ৷ আজি আমাৰ লগতে শুব
শুই থকাতোৱে ভাল কথা হ’ব ৷ দেখা যাওঁক কি হয় !!!

৩য় খন্ড :
পুৱা ১১ মান বজাত মই ওলালো ‘নিজৰ হোষ্টেল’লৈ বুলি, বন্ধু ওলাল তেওঁৰ কলেজলৈ বুলি ৷
আমৈদেৱে অবশ্যে সুধিছিল : তোমাৰ ক’ছিং ক্লাছ ৪ বজাৰ পৰাহে নহয় জানো ? আমৈদেৱে নোকোৱা কথাখিনিও বুজিলো ৷ মনতে ভাবিলো  : কেইটামান ভাল ভাল অজুহাত বিচাৰি থ’ব লাগিব
হোষ্টেল পালোগৈ ৷ যোৱা নিশাৰ জমনিখিনি শুনিলো ৷ ভাগ্য ভাল মোক কোনেও নুসুধিলে মইনো কি কৰিলো যোৱা ৰাতি ৷ 
৪ বজাৰ পৰা কামৰুপ একাডেমীত ক্লাছ কৰি ৭মান বজাত ঘৰ পালোগৈ ৷ ৰাতি হ’লে অলপ পঢ়া-শুনা কৰো – কাৰণট চাইকেল, অৰ্গেনিক কেমিস্ট্ৰি, ইন্টিগ্ৰেছন যি পাৰো পঢ়ি যাওঁ
 

মাজে মাজে তলৰ মহলাৰ পৰা আহি বন্ধুৱে দেখা দিয়েহি ৷ বিশেষ একো নকয় , নকৰে ৷ এই ৰুটিন কেইবাদিনো চলিল ৷ যিমানেই দিন বাগৰিছে মোৰ টেনছন সিমানেই বাঢ়িছে ৷ মই জানো মোৰ বন্ধুক ৷ এয়া একো ভাল লক্ষণ নহয় ৷ বন্ধুৱে ১০/১৫ দিন একো বিস্ফোৰণ নঘটোৱাকৈ আছে ৷ এইটোতো এটা নিশ্চিত অশণি সংকেত!!!!!

এদিন ক্লাছ কৰি মই ঘৰ সোমাইছোহি ৷ সেইদিনা তাৱৈদেউ ঘৰতে আছিল ৷ মই ওপৰলৈ নগৈ তলতে হাত-মুখ ধুই চাহ একাপ খাই ল’লো ৷ অলপ তাৱৈদেউৰ ওচৰত বহিলো ৷ তেখেতে স্বভাৱসিদ্ধ গলগলীয়া মাতেৰে সুধিলে : কেনে চলিছে (পঢ়া-শুনা) ?
মই ক’লো : কৰি আছো ৷ বহুত কথা পাহৰি গৈছো ৷ অলপ কষ্ট কৰিব লাগিব
এনেয়ে কৈ দিলো তেনেকৈ ৷ ভাবিলো এইতোৱেই “বেস্ট লাইন অ’ব এক্সন” হ’ব ৷ 

লগতে এইতো কথা মনত পৰিল যোৱা দুটা বছৰ গধুলি চাহ নোখোৱাকৈ পাৰ হৈছিল ৷ তাৱৈদেউ থাকিলে চাহকাপ নাখালেও চলিব
তাৱৈদেউ অলপ পৰ একো নোকোৱৈ থাকি হঠাৎ মনত পৰা দি সুধিলে : আমাৰতোৱে পঢ়া-শুনা কৰিছে নে?
মই কি ক’ম ভাবি থাকোতেই তেখেতে আকৌ ক’লে : আজি কোন আহিছে, এইবোৰ ?
মই উচপ খাই উঠিলো ৷ সুধিলো : কোনবোৰ ?
তাৱৈদেউৱে যিদৰে মোৰ ফালে চালে তাৰ মানেতো মোৰ এনে লাগিছিল : দগধাতো কৰবাৰ, কথা কবলৈ আহিছ? তহতঁক মই ওপজাৰে পৰা পাইছো

মই আৰু কথা আগ নবঢ়হাই চাহৰ কাপতো কোনোমতে নভঙাকৈ থৈ ওপৰ মহলালৈ দৌৰ মাৰিলো ৷

ৰুমত সোমাই দেখো ৭/৮জন মান আমাৰ বয়সৰ ল’ৰা, ২জন খুৰাদেউ টাইপ মানুহ আৰু এজনী দিপলিপ যুবতী ৷ (ইমান দুৰ্যোগৰ মাজতো মনতো ভাল লাগি গ’ল৷ কোন কলেজত বা পঢ়ে?)
ই বাৰু হিপনটিজিম জানে নেকি? বন্ধুৱে বাৰু কেনেকৈ ইমানবোৰ মানুহ সন্মোহিত কৰে ? মোৰ বা আমাৰ কথা বেলেগ ৷ আমি লি.পি. স্কুলত থাকোতেই সি আমাক গিৰাই দিছিল ৷ কিন্তু এই খুৰাদেউ দুজনৰ কি হ’ব ?
বন্ধু মোক দেখিয়ে যিটো ইংগিত দিলে তাৰ মানে হৈছে : তুমি মনে মনে থাকিবা ৷ খালি মূৰতো দুপিয়াই থাকিবা ৷ বাকী মই চম্ভালি ল’ম
বুকু ধপধপাবলৈ ধৰিলে ৷ কৰিছে কি ? কি চম্ভালিছে ? মই একো বুজা নাই
মোৰ হাৰ্ট এটেক হোৱা যেন লাগিল যেতিয়া বন্ধুৱে ঘোষণা কৰা শুনিলো : মইযে কৈ আছিলো মোৰ বন্ধু প্ৰতিভূৰ কথা, ইয়ে হয় ৷ আমাক ইয়ে বচাব এতিয়া
লগে লগে হাত-চাপৰি ৷ মোৰ উশাহ-নিশাহ বন্ধহৈ আহিছিল ৷ এটা কথা অবশ্যে ক’ব লাগিব, দিপলিপ যুবতীযে যেতিয়া মোৰ ফালে চাই মিচিককৈ হাঁহি এটা মাৰি দিলে মই মনতে ভাবিলো অন্ততঃ কষ্ট সাৰ্থক হ’ব
বন্ধুৱে ইতিমধ্যে বাকীবোৰৰ লগত মোক চিনাকী কৰাই দিলে ৷ গম পালো যুবতীৰ নাম

হঠাৎ মোৰ সম্বিত ঘুৰি আহিল ৷ মই কৰিব লাগিব কি???

৪থ খন্ড :
 
আলহি গ’ল, আমি ভাত খালো, আহি ওপৰ পালোহি ৷
মই মনে মনে আছো ৷ চাই আছো বন্ধুৰ মুখৰ ফালে ৷ জানো প্ৰশ্ন কৰি লাভ নাই ৷ তথাপিও মোৰ চকুৰ চাৱনি যিটো কৰিছো তাৰ মানেতো হৈছে : কোৱা আৰু এতিয়া !!!!
বন্ধু নিৰ্বিকাৰ ৷ দিয়াচলাই কাঠি এডালেৰে দাঁত খৰকিয়াই আছে ৷ দেখিলে এনে লাগে যেন একোৱে নাজানে৷ উপায় নাই ৷ ৰৈ আছো

এটা সময়ত দাঁতৰ গুৰি চফা হ’ল গৈ ছাগৈ ৷ 
ক’লে : আহিছিল যে দুৱৰাদা, তেওঁ খুব ভাল সঙ্গীত পৰিচালক ৷
মই মুখেৰে একো নামাতিলো ৷ তথাপিও মোৰ চকুৰ চাওনিয়ে ঠিকেই কৈছে : এই সব বাদ দিয়া, আচল কথা কোৱা
বন্ধুৱে কৈ গ’ল : আৰু যে সমিৰণ দা আহিছিল খুব ভাল কেমেৰামেন ৷ নামতো শুনিছা ছাগৈ ?

কথা শুনি বুকুখনে ধাপলুংকৈ মাৰিলে৷ ই ক’ৰবাত চিনেমা-তিনেমা বনাই থকা নাইতো?????
বন্ধুৱে মোৰ চকুলৈ নোচোৱাকৈ কৈ গ’ল : ঠিকেই ভাবিছা তুমি
মই কোনোমতে সুধিলো : মানে ?
বন্ধুৱে ক’লে : আমি চিনেমা এখন বনাই আছো ৷ তুমি অলপ হেল্প কৰি দিব লাগে

মোৰ সুধিবলৈ মন গৈছিল : মই আকৌ কি কৰিম??? দুৱৰাদা সঙ্গীত পৰিচালক, সমিৰণ দা কেমেৰামেন, তুমিতো নিৰ্ঘাট ডাইৰেক্টৰ, দিপলিপ যুবতী নায়িকা, বাকী থকাৰ মাজত নায়ক-খলনায়ক আছে৷ মই আকৌ কি কৰিম ? টেকনিকেল স্পটবয়????

বন্ধুৱে সহায়কণ কৰি দিলে যেনিবা ৷ যেন একোৱে হোৱা নাই তেনে ভাবত ক’লে : আমাৰ সকলো ৰেডি হৈ আছে তুমি মাত্ৰ কাহিনীটো লিখি দিব লাগে  

এনে লাগিল যেন মোৰ কান আৰু মগজুৰ মাজৰ স্নায়ুডালে ঠিককৈ কাম কৰা নাই
মই সুধিলো : কি কৈছা তুমি?
মোৰ কথা শুনি বন্ধুৱে যি হাঁহি মাৰিলে মোৰ এনেকুৱা লাগিল যেন মই সাংঘাটিক জমনি কথা এটাহে ক’লো ৷ আজি কালিযে কমেডি চাৰ্কাছত অৰ্চনা পূৰণ সিঙে হাঁহে ঠিক তেনেকৈ ৷ কোনোমতে উশাহলৈ বন্ধুৱে ক’লে : তুমি কিয় ইমান চিন্তা কৰাহে ?
মনতে ভাবিলো : মূৰতো দেৱালত মাৰি দিম নে বন্ধুৰ মূৰত

বন্ধুৱে আকৌ ক’লে : তুমি একো চিন্তা নকৰিবা ৷ আমাৰ কাহিনী ৰেডি হৈ আছে ৷ তুমি খালি স্ক্ৰিপ্ট লিখি দিলেই হ’ব
মোৰ ফালে অলপ পৰ চাই, কিবা এটা ভাবি সুধিলে : স্ক্ৰিপ্ট মানে কি জানা নহয়?
যদিও মই উত্তৰ দিব লাগিছিল নাজানো বুলি মই সুধিলো : দোস্ত কথা এটা কোৱাচোন, মোক এই বাৰু  গুৰুদ্বায়িত্ব কি কাৰনে দিলা ?

যি উত্তৰ পালো সেইযা অকল মোৰ বন্ধুৱেই ভাবি উলিয়াব পাৰে ৷
ক’লে : মেট্ৰিক পৰীক্ষাত তুমি আমাৰ আটাইকেউটাৰে ভিতৰত ভাল ৰিজাল্ট কৰিছিলা গতিকে চিনেমাৰ লিখা-পঢ়াৰ কামখিনিও তুমিয়ে কৰিব লাগিব
বুজিলো, বন্ধুৱে কৈছে মই লিখিব লাগিব ৷ মানে মই পাৰিম নে নাই সেইতো ইমান ডাঙৰ কথা নহয়
ভাবিলো কৈ চাওঁ নেকি : মেট্ৰিক পৰীক্ষাত মই নকল মাৰিহে পাছ কৰিছিলো ???
বন্ধুৱে আকৌ আৰম্ভ কৰিলে : তুমি পাৰিবা ৷ মই দেখুৱাই দিম ৷ এতিয়া শুই থাকা ৷ কাইলৈৰ পৰা কামত লাগি যাব লাগিব

বন্ধু শুবলৈ গ’ল ৷ ময়ো বিচনাত পৰিলো ৷
ভাবিলো : এইবাৰ বৰ বেয়া প্ৰপ’জেল দিয়া নাই যেন পাওঁ
দিপলিপ’ৰ চেহেৰাতো চকুৰ আগত ভাহিবলৈ ধৰিলে
আকৌ সন্দেহ হ’ল, বাচিম জানো ? মোৰ এইজন বন্ধু মানেইতো এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন!!!!!!

৫ম খন্ড : 
 
ৰাতিপুৱা শুই উঠি দেখো বন্ধুবৰ ৰৈ আছে মোৰ কাৰণে চাহ একাপলৈ ৷ মুখহাত ধুই ওচৰত বহিলো, চাহ একাপ হাতত ল’লো

অলপ সময় ৰৈ বন্ধুৱে ক’লে : আমি কাহিনীতোৰ  কাৰণে অস্ট্ৰেলীয়ালৈ যাব লাগিব
নাকে-মুখে যেনিযে তেনিযে চাহ সোমাই গ’ল
মই ক’লো : মোৰতো পাছপৰ্ট নাই৷

মোৰ কথাত বিশেষ গুৰুত্ব নিদি কৈ গ’ল : আচল কাহিনীতো অস্ট্ৰেলীয়াৰ কেইজনমান কলেজীয়া ল’ৰা-ছোৱালীৰ ৷ আমি তাকে গুৱাহাটিৰ পটভুমিত লিখি উলিয়াম
মোৰ সুধিব মন গৈছিল : তুমি আমাৰ দেশৰ ল’ৰা-ছোৱালীৰ কাহিনী এটা নল’লা কেলৈনো ?
পাছে সুধিলো : তুমি এই কাহিনীতো পালা ক’ত?

বন্ধুৱে কৈ গ’ল : কেইজনমান কলেজীয়া ল’ৰা-ছোৱালী পিকনিক খাবলৈ পাহাৰ এখনলৈ গৈছিল ৷ তাতে এটা গুহাৰ ভিতৰলৈ সোমাই গৈ ল’ৰা-ছোৱালী কেইটামান হেৰাই গ’ল ৷ এইতোৱে কাহিনীতোৰ সাৰমৰ্ম৷

বন্ধু আকৌ মৌণ হৈ গ’ল, কি কাৰণে তেওঁহে জানিব ৷ হয়তো মোক ভাবিবলৈ সময় দিছে নাইবা এনেয়ে ৰৈ দিছে যাতে মোৰ উৎকন্ঠা আৰু বাঢ়ে
মই সুধিলো : কাহিনী বাৰু হৈ যাব, চুটিং ক’ত কৰিবা ? গুৱাহাটিত গুহা পাবা ক’ত ?
বন্ধুৰ মুখলৈ চায়ে গম পালো গুৱাহাটিতে গুহা আছে
বন্ধুৱে ক’লে : আছে, গুৱাহাটিত গুহা আছে ৷ ৰেডিওঁ চেন্টাৰৰ ওপৰত যে মস্ত টাৱাৰতো আছে, তাৰ ওচৰতে এটা ধুনীয়া গুহা আছে ৷ আমাৰ কাম হৈ যাব
…..
বহি গ’লো দুই বন্ধু কাগজ, কলম, ভুজিয়ালৈ ৷ বন্ধুৱে কাহিনীকৈ যায় মই লিখি যাওঁ ৷ 

অলপ লিখাৰ পাচতেই বুজিলো, স্ক্ৰিপ্ট লিখা মানে কি স্ক্ৰিপ্ট লিখা মানে “ডাইৰেক্টৰে কৈ যোৱা কথা / কাহিনীৰ শ্ৰুতলিপি লিখা”
 
মাজে মাজে মই দুই-এটা মান ডাইল’গ সলনি কৰি দিলো এসময়ত ডাইৰেক্টৰ বন্ধুৱে মোলৈ চাই হাঁহি এটা মাৰিলে ৷ হয়তো বুজালে : কোৱা নাছিলোনে, মই তুমি পাৰিবা বুলি ?
 
এপাকত বন্ধুক সুধিছিলো : চিনেমাখনৰ নাম কি ?
বন্ধুৱে উত্তৰ দিলে : প্ৰহেলিকা
মই কিবা এটা ভাবি ক’লো : পাৰ্টনাৰ , প্ৰহেলিকা নথৈ অশান্ত প্ৰহেলিকা থলে চাছপেন্ছ বেচি হ’ব নেকি ?  
কবলৈহে পালো, বন্ধুৰ প্ৰতিক্ৰিয়া চাবলগীয়া আছিল ৷ এনে লাগিল যেন অস্কাৰ নহ’লেও ফিল্মফেয়াৰ এৱাৰ্ডহে যেন পালে ৷ মোক দাঙিলৈ দুপাকমান মাৰি চিঞৰিলে : বঢ়িয়া, বঢ়িয়া৷

এনেকৈয়ে চিত্ৰনাট্য আগবাঢ়িল আৰু মোৰ পঢ়া-শুনা পাছ পৰিল ৷ কাম ভালেখিনি আগবাঢ়িল ৷ মই বুজিলো বন্ধুৱে চিনেমাৰ কিছু কথা জানে
এদিন মোক হঠাতে ক’লে : ব’লা, জেছমিনৰ পৰা আহোগৈ, কাম এটা আছে
লাভ নাই কাৰণে সোধা নাই কি কাম আছে ৷ যাওঁতে ভাবি গৈছো নিশ্চয় আমি “টমেট’ চছ্”ৰ বটল আনিবলৈ যোৱা নাই ৷ ক’বলৈ পাহৰিছো, জেছমিন হৈছে সেই সময়ত গুৱাহাটিত থকা এটা নাম কৰা টমেট’ চছৰ কোম্পানী ৷ 

গৈ পালোগৈ কালাপাহাৰৰ ফালে থকা জেছমিনৰ কাৰখানা ৷ দেখিছো ৰঙালাউ, বিলাহী আদিৰে মস্ত, মস্ত কেৰাহিত জেছমিন টমেট’ চছ্ তৈয়াৰ আছে ৷ বহি আছো অফিছযেন লগা ৰুম এটাত
অলপ পাছত  পেটুৱা মানুহ এজন আহিল ৷ চিনাকি কৰি দিলে – হৰিপদ সৰকাৰ, জেছমিনৰ মালিক ৷ নমস্কাৰ দিলো
কথা-বতৰা শুনি গম পালো তেওঁ অশান্ত প্ৰহেলিকাৰ প্ৰযোজক
মই ইফাল-সিফাল কৰি চাৰিওফালে চালো ৷ভালেইতো দেখিছো হৰিপদবাবুৰ ব্যবসায় ৷ ভাল দেখিবলৈ আৰু কি আছে ? ৰেবতীৰ ছাউ-ছাউৰ পৰা আৰম্ভ কৰি, কল্যাণীৰ আলু পৰঠাৰ পৰা ৰিজাৰ্ভ বেঙ্ক চাৰিআলিৰ হোটেল কেলিফৰ্নিয়াৰ ঘুগুণীলৈকে সকলোতেতো জেছমিনই জেছমিন ৷ বন্ধুৱে কিবা যাদু জানে নেকি বাৰু??? কেনেকৈ হৰিপদবাবুক সৈমান কৰালে বাৰু???
 
আলোচনাৰ অন্ত এইটো ঠিক হ’ল যে হৰিপদবাবুৱে প্ৰথমে দহহাজাৰ টকা দিব ৷ কাম যিমানে আগবাঢ়ি যাব তেখেতে টকা দি যাব

ৰিক্সাত উঠি ঘূৰি আহোতে মনতো ভাল ৷ কামতো হ’বগৈ তাৰ মানে

ঘৰ পালোহি
পাছদিনা দেওবাৰ ৷ বন্ধু কেনিবা ওলাই গ’ল  তাৱৈদেউ ঘৰতে আছিল ৷ এপাকত মোক মাতি  পঠিয়ালে
 
গলগলীয়া মাতেৰে ক’লে : বুজিছ, মাজতে আমাৰ এইটোৰ মূৰত চিনেমাৰ ভূত সোমাইছিল৷ কোনোমতে ভূত খেদিলো৷ তই আহিছ, মই ভাল পাইছো৷ অন্ততঃ তোৰ লগত পঢ়ি সি দুই এটা কথা শিকিছে
মই কোনোমতে সেপ ঢুকি সুধিলো : ক’তনো পঢ়িছে ?
তাৱৈদেউৱে ক’লে : সেইযে তোৰ লগত লিখা-পঢ়া কৰিছে, সেয়ে বহুত ৷ তই যি পাৰ শিকাই দিবি ৷ পাৰিছেনে বাৰু সি ?
বুজিলো বন্ধুৱে তলত কৈ আহে, মোৰ লগত ফিজিক্স পঢ়ে বুলি
মোৰ ক’বলৈ মন গৈছিল : মই আৰু কি শিকাম, মোকেই শিকাই আছে৷
তাৱৈদেউৱে কৈ গ’ল : আগৰ তাৰ চিনেমা কৰা বন্ধুকেইটা পালে মই আটাইকেইটাৰে ভৰি ভাঙিম৷ (মোলৈ চাই) বুজিছ, যদি সি আকৌ চিনেমাৰ কথা কয়, তই মোক ক’বি তই তাক বুজাব অলপ ৷
মই বুজিলো, মই এতিয়া ডবল এজেন্ট হ’লো ৷
মনতে ভাবিলো : তাৱৈদেউৱে যেতিয়া গম পাব মই স্ক্ৰিপ্ট লিখি আছো বুলি তেতিয়া ছাগৈ ভৰিৰ লগতে মোৰ হাত দুখনো ভাঙিব
                             
অন্তিম খন্ড :
সাংঘাটিক বিপদত পৰি গ’লো
বিচনাখনত বহি বহি চিন্তা কৰি পাৰ পোৱা নাই কি কৰা যায় ৷ হাজাৰ হ’লেও বন্ধুক বিপদত পেলাব নোৱাৰো ৷ ইফালে তাৱৈদেউ মোৰ পিতৃতুল্য ব্যক্তি ৷ তেখেতৰ কথাও পেলাব নোৱাৰো
ভাবি ভাবি পালোগৈ বন্ধুৰ আগত এক্টিং কৰিম, মোৰ JATৰ প্ৰস্তুতি একোকে হোৱা নাই ৷ কিনো আৰু এক্টিং কৰিম সচাকৈয়ে একো হোৱা নাই! এইতো কৰিলে বন্ধুৰ চিনেমা বন্ধ নহয়, কিন্তু মোৰ ‘হাত-ভৰি কেইটা’ বচাব পাৰিম ছাগৈ !
মাজে মাজে  মই অবশ্যে বন্ধুক বুজাবলৈ চেষ্টা কৰো যে “এই চিনেমা-তিনেমা কৰা কামতো বৰ বুধিয়কৰ কাম নহয় ৷ আনকি বহুসময়ত এনেকুৱাও হৈছে যে চিনেমাত লাগি থকাৰ কাৰনে বহুতৰে হাত-ভৰিও ভাঙি গৈছে৷”
পাছে এইবোৰ চেষ্টাৰ একো লাভ নাই!!! বন্ধুৱে খুব সম্ভব জানে কথাতো যে মই ডবল এজেন্টৰ কাম কৰি আছো আৰু লগতে ভালকৈ জানে তাৰ দৰব কি  
কেতিয়াবা কৈ দিয়ে : ব’লা  ‘দিপলিপ’ৰ ঘৰৰ পৰা আহোগৈ
আকৌ কেতিয়াবা কৈ দিয়ে : যাবা নেকি ? গুহাটোত কিবা এটা চাই আহিব লাগিছিল ৷ ‘
দিপলিপ’ক লগ পোৱাৰ আশাত, এডভেঞ্চাৰৰ মোহত মই আকৌ তাৱৈ-আমৈকে ‘ডবল ক্ৰছ’ কৰি লাগি যাওঁ অশান্ত প্ৰহেলিকাৰ পাছত

…..
……………….
কাহিনী আগবাঢ়িল
মস্ত-মস্ত এলছিছিয়ান কুকুৰ দুটালৈ পুলিছ আহি ওলালেহি  গুহাত হেৰুৱা ল’ৰা-ছোৱালী বিচাৰি ৷ আমাৰ কাহিনী ভালেমান আগবাঢ়িল



…….
……………..
ক’ব নোৱাৰাকৈয়ে  আপদীয়া ইন্জিনীয়াৰিঙৰ এন্ট্ৰেন্ছ পৰীক্ষাডাল আহি ওলালেহি ৷ পৰীক্ষা দিলো আৰু তাৰ এদিন নে দুদিন পাছত মই তাৱৈদেউৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ যাবলৈ ওললো  
বিদায়ৰ মূহুৰ্তত বন্ধুৱে মোক ঘৰৰ চাদলৈ লৈ গ’ল
ব্ৰহ্মপ্ৰতিজ্ঞা এটা কৰালে যেন মই অশান্ত প্ৰহেলিকাৰ নিৰ্মাণৰ ৰহস্য কাৰো আগত, বিশেষকৈ আমাৰ দুয়োৰে ঘৰত,  ভুলতো উল্লেখ নকৰো
লগতে এইতো খবৰো মোক দিলে যে যদি দৰকাৰ পৰিলে বন্ধু পলাই গৈ হ’লেও পূণাত থকা ফিল্ম ইন্চটিটিউত পঢ়িবই হেনো
এই কথাতোওঁ যাতে মই গুপুতে ৰাখো
ময়ো বন্ধুৰ দুহাতত ধৰি অশ্ৰুসিক্ত নয়নেৰে, মূৰ জোকাৰি-জোকাৰি প্ৰতিশ্ৰুতি দিলো
লগতে অবশ্যেই ভাবিছিলো : বন্ধুৱে বাৰু তেওঁৰ পূণালৈ যোৱাৰ পৰিকল্পনাৰ কথা মোক নোকোৱা হ’লে এডমিচন নাপালে হয় নেকি? কি দৰকাৰ আছিল আৰু এটা বোজা মোৰ ওপৰত জাপিবলৈ?
...
....
তাৰ পাছত বহুদিন পাৰ হ’ল৷
ইন্জিনীয়াৰিঙত চিট পালো নতুন পৰিবেশ পালো
অশান্ত প্ৰহেলিকা তল পৰিল ৷ অবশ্যে বন্ধুৰ আগত কৰি অহা প্ৰতিজ্ঞা আৰু তাৱৈদৱে ‘চিনেমা কৰা বন্ধুকেইটা পালে মই আটাইকেইটাৰে ভৰি ভাঙিম’ বুলি দিয়া ভাবুকিৰ কথা মই পাহৰা নাছিলো
মাজে মাজে অশান্ত প্ৰহেলিকাৰ কিনো কি হ’লগৈ  জানিবৰ মন যায় ৷ কিন্তু সেইটো ‘মোবাইলৰ যুগ’ নাছিল, নাছিল ‘ফেছবুকৰযুগ’৷ দিনৰ দিনতো ইন্জিনীয়াৰিঙত ক্লাছ, আবেলি পাণবজাৰৰ ৰঙীণ সময় আৰু নিশা  হোষ্টেলৰ আমেজ ৷ তাৰ পাছত আৰু  কেন্টাৰত উঠি গৈ অশান্ত প্ৰহেলিকাৰ খবৰ কৰিবলৈ মন নোযোৱা হ’ল
...
....
দুটামান ষাণ্মাষিক পাৰ হ’ল ৷ মা-দেউতা তেতিয়া দেউতাৰ চাকৰিসুত্ৰে চামগুৰিত থাকে ৷ মই কিবা এটা বন্ধত চামগুৰিলৈ বুলি গ’লো
সন্ধিয়া দেউতা উভতি আহি খবৰ দিলে যে অলপপৰ পাছতে তাৱৈ আৰু আমৈ আমাৰ ঘৰত ৰাতি থকাকৈ আহি পাবহি ৷ হঠাৎ অলপ ভয়  লাগি গ’ল ৷ যদি কেনেবাকৈ অশান্ত প্ৰহেলিকাৰ কথা সোধে ??? 
নিজকে সান্তনা দিলো : নাই নোসোধে ৷ কাৰণ তাৱৈদেউৰ জানিবৰে উপায় নাই ৷ আমি কিমান কি কৰি থৈছো, কেইটা কথানো জানে?
 
তেখেতসকল আহি পালেহি ৷ মই দেখাৰ লগে লগে ভৰিত পৰি সেৱা কৰিলো ৷ লগতে এটা প্ৰাৰ্থনাও কৰিলো নেদেখাজনক : বচাবা আৰু এইবাৰলৈ ৷ ইয়াৰ পাছত কাহানিও এদিন-দুদিন বন্ধ পালেই ঘৰলৈ বুলি দৌৰ নামাৰো ৷ কলেজতে থাকিম

অলপ আলেঙে আলেঙেই ফুৰিলো ৷ মাজে মাজে দুবাৰ-এবাৰ টুকুৰিয়াই চালো, কিজানিবা কিবা খবৰ পাওঁয়ে অশান্ত প্ৰহেলিকাৰ  
কথাই কথাই গম পালো  বন্ধু গৈ পূনা পালে গৈ ৷ 
ভাবিলো : ফিল্ম ডাইৰেক্টৰ হ’বলৈ পঢ়া-শুনাটো আৰম্ভ কৰিলেই, গতিকে আৰু কিহৰ চিন্তা ৷ দিওঁ নেকি সুধি, অশান্ত প্ৰহেলিকাৰ কথা ?
সুধিব লওঁতেই গম পালো বন্ধুৱে  পূনাত ফিজিক্সত মেজৰলৈ ডিগ্ৰীহে পঢ়ি আছে ৷ 
হে প্ৰভূ ভাল বচালা আজি!!!!!!!!!!!!

ৰাতি ভাতৰ টেবুলত তাৱৈয়ে দেউতাৰ ফালে চাই সুধিলে : হেৰা, তুমি অশান্ত প্ৰহেলিকাৰ নাম শুনিছা?

কোনোমতে  চকিখনৰ পৰা নপৰাকৈ বহি থাকিলো
ভাবিলো : কাইলৈৰ পৰা ভগা হাতেৰে খাব লাগিব৷  
দেউতাই উত্তৰ দিলে : ৰন্জু হাজৰিকাৰ উপন্যাস নেকি?
তাৱৈয়ে মোৰ ফালে চাই ক’লে : তই শুনিছনে নাই?
মই তলমুৰ কৰিলো, নিজৰ হাত-ভৰিকিটালৈ চালো

তাৱৈয়ে ক’লে : ওলাবি কালিলৈ, অশান্ত প্ৰহেলিকা নাচাৱ নেকি?
 ************************************

7 comments:

  1. ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...
    -নীলান্জনা

    ReplyDelete
    Replies
    1. নীলান্জনা,

      তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷

      সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷

      মৰমেৰে
      প্ৰতিভু দা

      Delete
  2. Replies
    1. দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷
      :)

      Delete
  3. ভাল লাগিল্...

    ReplyDelete