মই ৩য় শ্ৰেণীৰ বছৰেকীয়া দি ঘৰত সময় কটাইছো ৷ আজৰি পৰত নিউটন, আৰ্কিমিডিছ,
এডিচন, গেলিলিও আদিৰ কথা পঢ়ি অনুপ্ৰাণিত হৈছো
৷
হঠাতে থিৰাং কৰিলো, ‘‘নাই এনেকৈ আৰু নহ'ব ৷ মই বৈজ্ঞানিক
হৈহে এৰিম ৷ কিবা এটা সূত্ৰ, কিবা এটা তথ্য আৱিস্কাৰ কৰিহে
এৰিম ৷’’কোনে পাই আৰু !!!!!!!!!!!!!!!!!!!!
হৈ গলো মই বৈজ্ঞানিক ৷ একানপতীয়াকৈ লাগি গলো সত্যৰ সন্ধানত ৷
এডিচনক হেনো
দেউতাকে ঘৰৰ গেৰেজতে এটা লেবৰেটৰী সাজি দিছিল ৷ মই এখোপ ওপৰলৈ গৈ “দেউতাৰ গেৰেজতে”
এটা লেবৰেটৰী সাজি ললো ৷
মোৰ লেবৰেটৰীতত
যথেষ্ঠখিনি সাসৰঞ্জাম যেনে লোহা-লক্কৰ, হাতুৰি-বটালি আদি আছিল ৷ মাজে মাজে মই
দেউতাৰ লগত তেখেতৰ “প্ৰজেক্ট site” লৈ গৈ মোৰ লেবৰেটৰীতত কামত আহিব পৰা বিভিন্ন
সা-সামগ্ৰী আনিবলৈ আৰম্ভ কৰিলো ৷ তেনে
যাত্ৰা এটাত মই পাইছিলো এক অত্যাধুনিক যন্ত্ৰ – এটা ৱেল্ডিঙ হেলমেট ৷ (১৯৮০
চনত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়তহে মোৰ হেলমেটটোৰ মূল্য বুজি পাইছিলো মই)৷
পাছে লেবৰেটৰীত মই “সত্যৰ সন্ধানত” বৰ বিশেষ একো কৰিব পৰা নাছিলো
৷ গতিকে মই এটা “ৰাসায়নিক শাখা” খুলিলো ৷ ‘সুলেখা’ৰ বটল, ‘অন্নপূৰ্ণা ঘিউৰ’ বটল
আদিত মই বিভিন্ন ধৰনৰ ৰাসায়নলৈ “সত্যৰ সন্ধান” চলাই গলো ৷ মোৰ ৰাসায়নত আছিল
মিঠাতেল, চিয়াঁহী, চাবোন পানী, টুহিনা
আদি ৷ কামটো কৰি বেচ ভাল লাগিছিল ৷
কিন্তু ৰাসায়ন বিজ্ঞানটো একো এটা আৱিস্কাৰ কৰিব নোৱাৰি মই
মোৰ “সত্যৰ
সন্ধান” মহাকাশ বিজ্ঞান আৰু প্ৰাণীবিজ্ঞানলৈ প্ৰসাৰিত কৰিলো ৷
ৰাতি হ’লে
আকাশত হাতীপটি, তাৰকামন্ডল আদিত “সত্য” বিচাৰি পাওঁ নেকি তাৰ চেষ্টা চলালো ৷
দুপৰীয়া মা অকনমান
জিৰাবলৈ লওঁতেই মই বাৰীৰ চুক পাওঁগৈ ৷ চেষ্টা চলাও প্ৰাণীজগতত কিজানি পাই যাওঁ
কিবা “সত্য”!!!
এদিন বাৰীৰ
মধুৰি নে বগৰী গছজোপাৰ তলত ৰৈ বৰ আশাৰে চাই আছিলো ৷ আশা কৰি আছিলো কিজানিবা ফল এটা মোৰ মূৰত পৰিব
আৰু মই “ছাৰ নিউটনৰ” দৰেই কিবা এটা আবিস্কাৰ কৰিব পাৰিম ৷
হঠাৎ চকু পৰিল
মোৰ নিজৰে বাওঁহাতৰ বুঢ়া আঙুলিটোলৈ !!!!!!!!!!!!!!
হে প্ৰভূ এয়া
কি দেখিছো মই!!!!!!!!!!!!!!!!!!!!
আৰ্কিমিডিছৰ
দৰে “ইউৰেকা,ইউৰেকা” বুলি (কাপোৰ পিন্ধি আছিলো দেই) দৌৰ মাৰিলো মোৰ বন্ধুকেইজনমানৰ
ওচৰলৈ ৷
মোৰ
বন্ধুকেইজনমানে জানিছিল মই সেই সময়ত “সত্যৰ সন্ধান”ত ব্ৰতী বুলি ৷ মোৰ মুখমণ্ডলৰ
ভাব-ভঙ্গিমা দেখিয়ে সিহঁতে বুজিলে “কিবা এটা” আৱিস্কাৰ হ’ল ৷ বেছ আগ্ৰহেৰে সুধিলে,‘‘ কি আৱিস্কাৰ
কৰিলি ?’’
মই যেতিয়া
মোৰ আৱিস্কাৰৰ কথা ক’লো তেতিয়া বন্ধু সকলৰ যি প্ৰতিক্ৰিয়া আছিল তাৰ কাৰণে মই
প্ৰস্তুত আছিলো ৷ গেলিলিওলৈ মনত পেলালো ৷ সেই মহান গেলিলিওৰ কথাও প্ৰথমে কোনেও
মানি লোৱা নাছিল ৷ মোৰ বন্ধু সকলেও মোৰ আবিস্কাৰ কথা মানি লোৱা নাছিল ৷ মই
গেলিলিওৰ দৰেই এটা প্ৰয়োগৰ যোগেদি মোৰ আৱিস্কাৰৰ সত্যতা প্ৰমাণ কৰিবলৈ মনস্থ কৰিলো
৷
প্ৰয়োগৰ
কাৰণে প্ৰয়োজন হ’ল এটা নখ, প্ৰায় দুমাহ মানৰ বাবে ৷ কোনো আগবাঢ়ি নহা দেখি মই নিজৰ
নখতে প্ৰয়োগটো কৰিব খুজিলো ৷
কিন্তু মোৰ
চকুছৰহা বন্ধুসকলে ক’লে,‘‘নহ’ব, তই তোৰ নিজৰ আবিস্কাৰৰ প্ৰয়োগ নিজৰ নখত কৰিব নোৱাৰ ৷ আমি তোক নখ আনি
দিম ৷’’
যদিও
বন্ধুকেইজনে তেনেকৈ কৈছিল তথাপিও কিন্তু
নখ বিচাৰি পোৱাটো বৰ সহজ কথা নাছিল ৷ উপায় উলিয়ালে শিবুৱে ৷ তাৰ ভায়েক ৰাজু আমাতকৈ
৩ বছৰমান সৰু আছিল ৷ ৰাজু বেছিভাগ সময় আমাৰ লগতে থাকে ৷ তাৰ ভৰিৰ বুঢ়া আঙুলিৰ নখতে
আমি প্ৰয়োগটো কৰিবলৈ ঠিক কৰিলো ৷
শিবুক মাথো দহাই দহাই বুজালো যে তাৰ এটা গুৰুদ্বায়িত্ব থাকিব ৷
সি ৰাজুৰ “বুঢ়া আঙুলিৰ নখটো” মাকৰ চকুৰ পৰা লুকুৱাই ৰাখিব লাগিব ৷
শিবুক মাথো দহাই দহাই বুজালো যে তাৰ এটা গুৰুদ্বায়িত্ব থাকিব ৷
সি ৰাজুৰ “বুঢ়া আঙুলিৰ নখটো” মাকৰ চকুৰ পৰা লুকুৱাই ৰাখিব লাগিব ৷
...
.....
মোৰ
বৈজ্ঞানিক জীৱনৰ সবাতোকৈ গুৰুত্বপৰ্ণ মূহুৰ্ত ৷ শিবুহঁতৰ বাৰীৰ চুকত নিৰ্ধাৰিত সময়ত
মই, শিবু, ৰাজু আৰু বাকী বন্ধুকেইজন উপস্থিত হ’লো ৷
বন্ধুকেইজনে প্ৰথমেই কাগজৰ ফুলৰ মালাৰে মোক সম্বৰ্ধনা জনালো ৷ সত্যৰ সন্ধানৰ বাবে
নিজৰ নখ এটা আগবঢ়াই দিয়াৰ বাবে ৰাজুকো কাগজৰ ফুলৰ মালাৰে সম্বৰ্ধনা জনাৱো হ’ল ৷ হাত চাপৰি বাজিল ৷
তাৰ পাছত ঘৰৰ
পৰা মনে মনে লুকুৱাই অনা জেতুকাখিনি ৰাজুৰ বুঢ়া আঙুলিৰ নখত লগাই ক’লো, ‘‘বাছ্ ! হৈ গ’ল কাম ৷’’
বন্ধুকেইজন
ঠিয়হৈ ৰ’ল বিস্ফুৰিত নেত্ৰে, যেন এইমাত্ৰই কিবা এটা হ’ব ৷
মই ক’লো,‘‘ব’ল হৈ গ’ল
কাম ৷ আমি দুমাহমান পাছত চাম কি হ’ল ৷’’
...
.....
তাৰ দুদিনমান
পাছত দেউতাই গুৱাহাটীৰ পৰা আনি দিলে এখন চাইকেল ৷ চাইকেল পোৱাৰ পাছত মোৰ “সত্যৰ
সন্ধান” অলপ কমি আহিল ৷ পাছত গৈ এনে অৱস্থা হ’লগৈ যে দুমাহমান পাছত মনতেই নপৰিল
ৰাজুৰ বুঢ়া আঙুলিৰ নখটোৰ কথা ৷
...
....
সেই ঘটনাৰ
পাছত প্ৰায় ২০/২২ বছৰ পাৰ হ’ল৷ বিয়া পাতিলো ৷ শ্ৰীমতীয়ে এদিন ৰিম’ভাৰেৰে “বুঢ়া আঙুলিৰ
নখ”ৰ নেইল পলিছ গুচাই আছিল ৷ মোৰ হঠাৎ মনত পৰি গ’ল ৰাজুৰ “বুঢ়া আঙুলিৰ নখ”ৰ
জেতুকাখিনিলৈ ৷
নিজৰ দাম
বঢ়াও বুলি শ্ৰীমতীক কাহিনীটো শুনালো ৷
আধা শুনিয়ে শ্ৰীমতীয়ে ধমক দিলে, ‘‘নিজৰ কাম বন নাই বুলি আমাৰো নাই বুলি ভাবিছা নেকি? নখ যেতিয়া গজি আহে জেতুকাৰ ৰং তেনেকৈ নুগুছি কেনেকৈ গুছিব আকৌ ?’’
আধা শুনিয়ে শ্ৰীমতীয়ে ধমক দিলে, ‘‘নিজৰ কাম বন নাই বুলি আমাৰো নাই বুলি ভাবিছা নেকি? নখ যেতিয়া গজি আহে জেতুকাৰ ৰং তেনেকৈ নুগুছি কেনেকৈ গুছিব আকৌ ?’’
মই মনে মনে ৰ'লো ৷
.......
মোৰ আবিস্কাৰটো আছিল : নখত লগোৱা জেতুকা আদিৰ ৰঙ নখৰ পৰা এটা অৰ্ধগোলাকাৰ patternত নোহোৱা হৈ আহে৷ সময় যোৱাৰ লগে লগে নখটো চন্দ্ৰকলাৰ দৰে বাঢ়ি যায় আৰু জেতুকা ৰঙো ক্ৰমান্নয়ে আগুৱাই গৈ এসময়ত নোহোৱা হৈ যায় ৷
No comments:
Post a Comment