Tuesday 13 March 2012

জনতাৰ টিক টিক


 জনতাৰ টিক-টিক

কলিকতাৰ পৰা উভতি আহি আছো, ৰেলেৰে ৷ মনত এটা বুজাব নোৱাৰা ধৰণৰ আনন্দ ৷ মোৰ চাকৰি জীবনৰ প্ৰথম কলিকতা যাত্ৰা  ৷ কামখিনি ভাল কৈ কৰি আহিব পাৰিলো ৷ ভালতো লাগিবই, কাৰণ গুৱাহাটি পায়ে প্ৰমোচন হব!

মনতো কিন্তু আন এটা কথাৰ কাৰনেও ভাল লাগি আছে
৷ মই উভতনি যাত্ৰা টিকেট নোহোৱাকৈ আৰম্ভ কৰিছো (আলতে টিকেট আছিল, ৰিজাৰভেছনহে নাছিল)৷
এটা চেপা উত্তেজনা, অলপ উৎকন্ঠা পাছে এনে ধৰণৰ পৰিস্থিতি  মই বৰ উপভোগো কৰো

টি.টি বাবু আহিল
৷ অলপপৰ দৰদাম চলিল ৷ শেষত মোক ৩৯ নম্বৰ বাৰ্থতো দিলে মই, বিশ্ববিজয়ী হাহিঁ এটা মাৰি, বাকি বাৰ্থবিহীনবোৰৰ ফালে কেৰা চাৱনি এটা দি ৩৯ নম্বৰত দীঘল দি পৰিলো হাত ভৰি যিমান পাৰো মেলি দিলো, যাতে কোনো বহিব নোৱাৰে

ৰেল চলিল
৷ মই  মনে মনে শুনি গৈ আছো সহযাত্ৰীৰ অসহনীয় অনৰ্গল কথোপকথন
কিযে অৰ্থহীন কথা পাতি যাব পাৰে!!!
কি দৰকাৰ বাৰু অচিনাকী কাৰোবাৰ লগত ব্যক্তিগত জীৱনৰ কথা আলোচনা কৰাৰ?????
ৰাতি হ’ল, লাইট-চাইট নুমুৱাই শুব লাগে
কিন্তু চাকৰিৰ কথা, পৰিবাৰৰ বেমাৰ, লৰাৰ উৎপাত আদি আলোচনা চলি থাকিল
এসময়ত মোৰ চিলমিল কৈ টোপনি আহিল
হঠাতে, কম্পাৰ্টমেন্টটোত
হুলস্থুল এটা আৰম্ভ হ’ল : চোৰ, চোৰ, চোৰ
মই খক-মককৈ সাৰ পালো
৷ কোনোবা এটাই দৌৰ মাৰি যাওঁতে মোৰ হাতত খুন্ডা মাৰি থৈয়ো গ’ল ৷ মনতে ভাবিলো : কাম নাই আৰু ? হেৰৌ, চোৰে কোনোবা অসাৱধা পাইছে, চোৰ কৰিছে ৷ ইয়াতে চিঞৰ-বাখৰ কৰিবলৈ কিতো আছে ? যাৰ বস্তু চুৰ কৰিলে সি খেদিব নহয় চোৰ !
চকু মেলি দেখো, দুজনমান মোৰ ওচৰত থিয় হৈ আছে আৰু  দুজনমানে অলপ দূৰৈৰ পৰা মোৰ ফালে বৰ আশাৰে চাই আছে
মোৰ একো প্ৰতিক্ৰিয়া নেদেখি এজনে ক’লে : ঐ দিগে গেছে’
মই পুৰামাত্ৰাই বিৰক্ত হ’ল

মনতে ভোৰভোৰালো : যি দিগে গেছে, গেছে’ , মই আকৌ কি কৰিম?
মোৰ সহাৰি দেখি চোৰ খেদা দলতো আতৰি গ’ল৷
পাছৰ দিনা পুৱা সোনকালেই সাৰ পালো ৷ মাটিৰ পিয়লাত চাহ একাপ খাই ল’লো
মন কৰিলো বাওঁহাতত ঘড়ীতো নাই
৷ ক’ত থলো বাৰু ???
পেন্টৰ পকেটত থ’লো নেকি
?? নাই তাত নাই !
বেগত আছে ছাগৈ
!! বিচাৰি চালো, তাতো নাই !
ক’ত গ’ল বাৰু?
সহযাত্ৰী এজনে মাত লগালে : দাদা কি খুজেছেন?
মই আকৌ কেৰা কৈ চালো : হ’ল আৰু আৰম্ভ!! মোৰ ঘড়ীতো বিচাৰি পোৱা নাই ৷ কি দৰকাৰ বাৰু তেওঁৰ টেপেকৈ মাত মাতিবলৈ?
সহযাত্ৰী আকৌ মাত লগালে : ঘড়ীতা খুজেছেন?
মই আচৰিত হৈ ঘুৰি চালো
তেওঁ আৰম্ভ কৰিলে এটা ডাঙৰ লেকচাৰ
মই সংক্ষেপতে কৈছো : আপোনাৰ ঘড়ী বৰ্ধমানতে চোৰে নিলে
৷ ইমান চিঞৰিলো ৷ একো পাত্তাই নিদিলে আপুনি ৷ এতিয়া ইয়াত বিচাৰিলে কি হ’ব ??


দেউতাই মোক ঘড়ীতো ষষ্ঠমান শ্ৰেণীত থাকোতে দিছিল -  HMT JANATA ঘড়ী
আছেনে বাৰু সেই ঘড়ীতো বৰ্ধমানত টিক টিক কৰি?

No comments:

Post a Comment