Friday, 8 February 2013

ভক্তিহে আচল কথা



দেওবাৰ পুৱাই বৰ হতাশহৈ ৰুমৰ পৰা বাহিৰলৈ ওলালো ৷ হতাশ হ’বৰে কথা, কাৰণ কাইলৈ book-keeping & accountancyত ‘বেক’ প্ৰায় নিশ্চিত হৈ গৈছে ৷ কি কৰিম নকৰিম কৈ ঠিয় হৈছোহে মাথোন, কাষৰ ৰুমৰ পৰা ওলাল  দিগন্ত ৷ একো কথাৰ আদান-প্ৰদান হোৱা নাই যদিও গম পালো মোৰ বাহিৰেও আৰু এটাৰ বেক লাগিব তাৰমানে ! মনতো অলপ পাতল হোৱা যেন লাগিল ৷ তাৰ অলপ পাছতে বাহিৰলৈ ওলাল  উজ্জল
বৰ গহীণ হৈ ক’লে : মন্দিৰৰ পৰা আহিবি গৈ নেকি?
বুজিলো
উজ্জল বুজাইছে : এনেকৈ আমি একো কৰিব নোৱাৰো ৷ গতিকে অলপ আশীৰ্বাদ লৈ আহিলে কথাতো বেয়া নহব ৷
আমিও ভাবিলো : ঠিকেই কৈছে৷
কিন্তু বিপদ হ’লেই নহয় ৷ বাছ আহি পালেহিয়ে, অথচ মই আৰু দিগন্তই গা-পা ধোৱাই নাই ৷ কেনেকৈ যাম এতিয়া ?

উজ্জলে আকৌ আমাক উদ্ধাৰ কৰিলে ৷
সমিধান দিলে : মই গা ধুই থৈছো ৷ ময়ে আটাইৰে হৈ পুজা কৰি দিম ৷ এনেইয়ো ভক্তিহে আচল কথা ৷
মই আৰু
দিগন্ত বৰ ৰক্ষা পৰিলো, ভাবিলো : বিপদৰ বন্ধুহে আচল বন্ধু ৷ আমি গা পা ধোৱা নাই, অথচ সি উপায় উলিয়াই দিলে ৷ যোৱা তিনি বছৰত সি আমাক কিমান বিপদৰ পৰা ৰক্ষা কৰি কিমান নতুন বিপদ পেলাই দিছো হিচাব কৰিবলৈ মন নগ’ল আৰু !

বাছ আহিল, ততাতৈয়াকৈ ওলাই উঠিলোগৈ বাছত ৷ কামাখ্যা মন্দিৰ পালোগৈ ৷ বিৰাট গহীণ গোটেইকিটা ৷ উদ্দেশ্য এটায়ে : এইবাৰ বচোৱা, দুনাই এনে হ’ব নিদিওঁ আৰু ৷ বাহিৰতে প্ৰসাদ, চাকি আদি কিনি গতালো
উজ্জলৰ হাতত ৷ আমিতো গা-পা নোধোৱাকৈ আহিছো ৷ গতিকে মন্দিৰৰ ভিতৰলৈ সোমাব  নোৱাৰো ৷ উজ্জলেই আমাৰ হৈ কামফেৰা কৰি দিব ৷ দৰ্শৰ কাৰণে  বিৰাট লাইন ৷ মন সেমেকি গ’ল ৷ উজ্জলৰৰ ফালে চাই গ’ম পালো কিবা উপায় আছে ৷
সি
ক’লে : মই আহিয়ে থাকো, মোৰ গোটেইখন চিনাকি, চাই থাক মই কি কৰো !
আমাক আচৰিত কৰি
সঁচাকৈয়ে উজ্জল সোমাই গ’ল মন্দিৰৰ ভিতৰলৈ ৷ একো লাইন-চাইন ধৰিব লগা নহ’ল
আমি গ’ম পালো - পুজা হ’ব, আশীৰ্বাদ পাম, পৰীক্ষাত পাছ কৰিম এইবাৰলৈ
বাহিৰত উৎকন্ঠাৰে ৰৈ আছো ৷ অলপ পাছত দেখো
উজ্জল ওলাই আহিছে মন্দিৰৰ পৰা তাৰ চিৰপৰিচিত হাঁহিটোৰ সৈতে ৷ বুজিলো হৈ গ’ল কাম ৷
উজ্জলে
ক’লে : হৈ গ’ল পুজা, পাছ কৰিম দে ৷
আকৌ এটা সেৱা জনাই আমি উভতিলো ৷

‘প্ৰাগজ্যোতিষ’ পাৰ হৈছো ৷ তিনিওৰে চকুত পৰিল নতুন চিনেমা লাগিছে : জুনুন ৷
ইটোয়ে সিটোলৈ চালো আৰু বাছৰ পৰা নামি দিলো ৷ কোনেও কাকো একো নক’লো যদিও আমি বুজিলো : আমাৰ কোনো চিন্তা নাই ৷ আশীৰ্বাদ পালোৱে আৰু কোনেনো দেওবাৰে দুপৰীয়াখন পঢ়িবগৈ ? তাতকৈ অলপ মনটো ভাল কৰি লৈ যোৱাই বুদ্ধিমানৰ হ’ব ৷

 চিনেমা চলি আছে ৷ হঠাৎ মনত পৰিল গ’ল book-keeping & accountancyৰ কথা, মনত পৰি গ’ল পুজাৰ প্ৰসাদো দেখোন আমি খোৱা নাই ৷ কাগজৰ ঠোঙাত হাত ভৰালো চিনেমা হ’লৰ অন্ধকাৰ মাজতে ৷ খেপিয়াই থাকোতে হাত পৰিল পেৰাজাতীয় মিঠাই এটাত ৷ মই আচৰিত, ওলাল ক’ৰ পৰা পেৰা ? আমিতো কিনা নাছিলো !
উজ্জল
ক সুধিলত ক’লে : পুজা আমাৰ special হৈছে, গতিকে প্ৰসাদো special দিছে ৷ খাই দে ৷
ময়ো চকুটো মুদি ভৰাই দিলো মিঠাই মুখৰ ভিতৰলৈ, প্ৰাৰ্থনা এটা কৰি কৰি ৷ পেৰাটো গৈ জিভাত লাগোতেহে গম পালো, সোৱাদ বেলেগ দেখোন ! পেৰাটো আকৌ মুখৰ বাহিৰলৈ আনিলো ৷
‘‘আ
ৰে!!! এইটো আকৌ কি???????’’—উজ্জললৈ চাই অলপ খঙেৰেই প্ৰশ্ন কৰিলো ৷
উজ্জলে
মোৰ হাতলৈ চাই ক’লে : অ’ চাকি নজলালে নেকি?  একো নহয় দে, এনেইয়ো ভক্তিহে আচল কথা ৷
চিনেমাৰ পৰ্দাত ৰাহুল ৰয় তেতিয়া এটা কুকুৰনেছিয়া বাঘলৈ ৰূপান্তৰিত হৈছে আৰু মোৰ দৃশ্যপটত ভাহি উঠিছে কাইলৈ পৰীক্ষা হলত আমি ৰূপান্তৰিত হৈছো তিনিটা ভেড়াছাগলীলৈ....

1 comment: