Saturday 9 February 2013

সমবাহু ত্ৰিভুজৰ মাজত এজন পাৰ্ট টাইম ধুবী



শেষ চেক-আপৰ কাৰনে ডাক্টৰৰ তালৈ শ্ৰীমতীক লৈ যাবলৈ ওলাইছো ৷ কোন দিনা হস্পিতলত সোমাব লাগিব কোৱাৰ কথা আছে সেই দিনা ৷
মা আমাৰ লগতে যাবলৈ ওলাইছে ৷ গম পালো বজাৰলৈ যাব হেনো কিবা কাপোৰ কিনিবলৈ ৷ মনে মনে অলপ খং উঠি আহিল ৷ কি যে অনবৰতে কাপোৰ কিনি থাকে !!

ঘুৰি আহি দেখো মা ব্যস্ত চিলাই মেছিনটোত ৷ ভালকৈ মন কৰি দেখিলো বগা থান-কাপোৰ কেই মিটাৰমান কিনি আনিছে ৷ কাপোৰৰ পৰিমান দেখি ভাবিলো মায়ে ছাগৈ বিচনা চাদৰ জাতীয় কিবা চিলাবলৈ খুজিছে ৷ কিন্তু বিচনা চাদৰ আকৌ কিয় লগা হ’ল  ? সুধিবলৈ মন নগ’ল ৷

পাছ দিনাখন দুপৰীয়া ঘৰলৈ আহি দেখিলো কাপোৰ মেলা ৰছি কেইডালত বগা বগা
সমবাহু ত্ৰিভুজৰ মেলা ৷ যিফালেই চাওঁ সেইফালেই মাথো  দেখো তিনিকোনীয়া কাপোৰৰ টুকুৰা কিছুমান মেলি থোৱা আছে ৷
মাক সুধিলো
,‘‘কি এইবোৰ ?”
উত্তৰ পালো,“নেপকিন এইবোৰ ৷ অকমানিৰ কাৰনে লাগিব
মই অলপ খঙেৰেই ক’লো,মা তোমাৰো যে কাম আৰু ! কি দৰকাৰ ইমানবোৰ নেপকিন চিলাবলৈ ?
মায়ে একো উত্তৰ নিদি মাথো হাঁহি এটা মাৰি ক’লে,হেৰৌ, মই তিনিটা ল’বা-ছোৱালী এনেয়ে ডাঙৰ কৰা নাই ৷
...
.....
বাপেক হ’লো ৷
NICU,ICU, অসম মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজৰ শিশু চিকিৎসা বিভাগ তল ওপৰ কৰি এমাহ মান পাছত ছোৱালী আহি  অৱশেষত ঘৰ সোমালেহি ৷
সেইদিনা ৰাতি মায়ে মোৰ হাতত বগা বগা সমবাহু ত্ৰিভুজবোৰ গতাই ক’লে,এনেয়ে বাপেক হোৱা নাই ৷ আজিৰ পৰা ৰাতি ৰাতি এইবোৰ ধুব লাগিব ৷ ভালকৈ ধুবি ৷ চাবি যাতে অকনো দাগ নাথাকে ৷’’

গা ধোৱা ঘৰত এচৰিয়া সমবাহু ত্ৰিভুজলৈ মই হৈ গ’লো এটা পাৰ্ট টাইম ধুবী ৷
প্ৰথম দুদিনামান মা আৰু শাহু আয়ে গা ধোৱা ঘৰৰ দুৱাৰ মুখত ৰৈ চাইছিল মই কাম ফেৰা ঠিক মতে কৰিছো নে নাই ৷

কেইবা ৰাতিও চলিল মোৰ এই পাৰ্ট টাইম কামফেৰা ৷ লাহে লাহে দেখিলো বহুকেইটা ত্ৰিভুজৰ ৰঙ বগাৰ পৰা গৈ বেলেগ হ’ল গৈ ৷ কোনোমতেই বগা কৰিব নোৱাৰি দেখোন ৷ ইফালে
“strict instruction” আছে যে কোনোমতেই কাপোৰ ধোৱা চাবোন ব্যৱহাৰ কৰিব নোৱাৰো ৷
‘‘চাবি কিন্তু চাবোন নিদিবি ৷ খাৰ আছে ৷ অকমানিৰ চালৰ কাৰনে বেয়া ৷’’
 
মই দেখিলো উপায় নাই ৷
এদিন কামৰ পৰা উভটি আহোতে গনেশগুৰিৰ দাৰ্জিলিং ষ্টোৰছত সোমালোগৈ ৷
কিনি পালেলো কেই মিটাৰমান বগা কাপোৰ ৷
মায়ে ঠিকেই হাঁহিটো মাৰিছিল ৷


No comments:

Post a Comment