পাতনি (অলপ বহল)
মেট্ৰিক পাছ কৰি স্বপ্নৰ কলেজখনত পঢ়িবলৈ সুবিধা পালো ৷
মেট্ৰিক পাছ কৰি স্বপ্নৰ কলেজখনত পঢ়িবলৈ সুবিধা পালো ৷
হোষ্টেল এটা ছিট
এটাও পালো ৷ ১৩ আগষ্টৰ দিনা হোষ্টেলত নাম ভৰ্তি
কৰিলো ৷ তাৰ পাছদিনা সেউজীয়া ৰঙৰ হোল্ড-অল,
ক’লা ৰঙৰ টিনৰ
ট্ৰাংক, ৰঙা ৰঙৰ বাল্টি, হালধীয়া ৰঙৰ মগ, মাগুৰ ৰঙৰ
আঁৰকাপোৰ আদিৰে সুসজ্জিত হৈ হোষ্টেল সোমালো গৈ ৷ হোষ্টেলত এটা দুটাকৈ উচ্ছতৰ মাধ্যমিকৰ আৰু ভালেমানজন সহপাঠী আহিল ৷ স্নাতক প্ৰথম বৰ্ষটো ভালে কেইজনমান আহিল ৷
প্ৰথম কেইদিনমান, কেইমাহমান ভালে-কুশলেই পাৰ কৰিলো ৷
লেখত ল’ব লগা ধৰনৰ অঘটন একো ঘটা নাই ৷
ফিজিক্স, কেমেষ্ট্ৰী, কেলকুলাছ শিকোতে আৰু কলেজৰ ধুনীয়া ছোৱালীবোৰ চাওঁতেই সময়বোৰ পাৰ হ’বলৈ ধৰিছে ৷
ফটোৰ উৎস : https://www.facebook.com/photo.php?fbid=129595150430283&set=t.100000092797497&type=3&theater |
আদ্দা, মেটিনি শ্ব’, নাইট
শ্ব’ আদিৰ সোৱাদ, আমেজ
বুজা হোৱা নাই ৷
লাহেকৈ বাৰ্ষিক পৰীক্ষা আহিল ৷
তেতিয়ালৈ পাছে আদ্দা, নাইট শ্ব’, ছিগাৰেট আদিত পাকৈত হৈ উঠিলো ৷
পৰীক্ষা দিবলৈ গৈহে গম পালো ইষ্টদেৱতাই যদি এইবাৰ পাছ কৰাই নিদিয়ে ৰিজাল্ট দিয়াৰ পাছত দেউতাক ‘কথাবোৰ’ বুজাবলৈ অকনমান অসুবিধা হ’ব পাৰে ৷
পৰীক্ষা দি আহি লগৰ কেইটামানৰ সৈতে কথা পাতিলো,‘‘এইবাৰ যিহ’ল হ’ল ৷ অহা বছৰ কিন্তু ভাই ভালকৈ পঢ়িম ৷ আৰু ৰুমবোৰ বেলেগে বেলেগে ল’ব লাগিব ৷’’
মনতে ভাবিলো বন্ধুত্ব ঠিক আছে কিন্তু সন্ধিয়াৰ সময়খিনি ভাস্কৰ, অনিৰ্বান বা মাধৱৰ সৈতে কটাব লাগিব ৷ নহলে …………..
নোৱাৰি আৰু ভাবিব ৷
‘‘হে প্ৰভু !! সুমতি দিবা আৰু মোক !!’’
আগষ্ট মাহ আকৌ আহিল ৷ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ৷
হোষ্টেল আহিয়ে পঢ়াত বহিলো ৷ আগৰ বছৰৰ ভুলবোৰ নকৰো বুলি বদ্ধপৰিকৰ ৷
দুদিনমান প্ৰভুৱে ঠিকেই সহায় কৰিলে ৷

তাৰ পাছত জানো কি লেঠা লাগিল ক’ব নোৱাৰো আৰু !
আমাৰ কেইজনমানৰ গাত ভূতেই লম্ভিলে নে আন কিবাই লম্ভিলে নাজানো ৷
কেইজনমান মানে আমাৰ লগৰ মই, জিম কৰবেট, বৰিছ বেকাৰ আৰু ডিগ্ৰীৰ ৰাজাদা, মনিষ ঝা আৰু এজন আছিল (নামটো নকওঁ, মোৰ ৱালত ভুমুকি মাৰি থাকে) ৷ সন্ধিয়া ৬ বা ৭ মান বজাৰ লগে লগে ভবেনকায়ে আহি খবৰ দিয়ে,‘‘চাৰে মাতিছে ৷’’
চাৰে মাতিছে মানে চুপাৰ চাৰে মাতিছে ৷
আৰু চুপাৰ চাৰে মাতিছে মানে তেখেতে বেলেগ একো কথা নকয় ৷
মাথো ক’ব,‘‘আৰু যদি এদিন এনেকুৱা হয় বেডিং বান্ধি হোষ্টেল এৰিবি ৷’
আমাৰ চুপাৰ চাৰজন আকৌ অলপ মিলিটেৰী মেজাজৰ আছিল ৷ সেই সময়ত সফুৰা নামৰ শিশু আলোচনীখনত ডেম পেহা নামৰ চৰিত্ৰ এটা আছিল ৷ মই ধাৰনা কৰি লৈছিলো আমাৰ চুপাৰ চাৰক দেখিয়ে সেই ডেম পেহাৰ চৰিত্ৰটো কল্পনা কৰিছিল ৷ এবাৰ আমি পঢ়া কলেজখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ সমাৰোহৰ আয়োজন হৈছিল ৷ সেই সমাৰোহৰ অভ্যৰ্থনা সমিতিত চুপাৰ চাৰৰ পদবী আছিল মাৰ্শ্বেল (MARSHAL) ৷ চাৰৰ বেজটোত মাৰ্শ্বেল বুলি লিখা আছিল ৷ আমি সুবিধা পালে কওঁ,‘‘চাৰ আপোনাক ফিল্ড মাৰ্শ্বেল মানেকশ্বৰ দৰে লাগিছে ৷’’ চাৰে বৰ সন্তুষ্টিৰ হাঁহি এটা মাৰে ৷ অৰ্থ,‘‘মই সঁচাকৈয়ে ফিল্ড মাৰ্শ্বেল !!’’
সেইযে টেনিছ খেলত Seeding থাকে তেনেকৈয়ে অলপ আগতে নাম লোৱা আমাৰ কেইটাৰ মাজতো তেনেকুৱা টপ ছিড থাকে ৷ ‘‘এইবাৰ অমুক টপ ছিড ৷’’ টপ ছিড মানে মাত্ৰ এডাল মিহি সুতাত তাৰ হোষ্টেলৰ জীৱনটো ওলমি আছে ৷
এই ছিগো ছিগো, এই ছিগো ছিগো !!
আমি বুজি নাপাওঁ গৰবৰ ক’ত, কেনেকৈ হৈ যায় ৷ ৰাতিপুৱা শুই উঠি ক্লাছলৈ ঠিকেই যাওঁ ৷ ঘুৰি অহাৰ পাছত কি হয় জানো ? কেতিয়াবা হেনো ৰাতি আমি এক/দুই বজালৈকে আনক পঢ়িবলৈ নিদিওঁ, কেতিয়াবা আকৌ হেনো চুপাৰ চাৰে হোষ্টেলৰ ৰুমবোৰত তালাছী চলালে আমাক নাপায় বোলে, কেতিয়াবা আকৌ ডাইনিং হ’লত আমি কিবা গন্ডগোল কৰো হেনো ইত্যাদি ইত্যাদি বহু অভিযোগ ৷ আমি গমেই নাপাও এইবোৰনো কেতিয়া হয় ৷
আমি ছিডেড (seeded) কেইটাই ঠিক কৰিলো যে হোষ্টেলত আমি একে লগে থকা বৰ উচিত কথা নহ’ব ৷ পৰাপক্ষত আমি হোষ্টেলত ইটোৱে সিটোক নেদেখা ভাওঁ জুৰিবলৈ ধৰিলো ৷
কিন্তু যেতিয়াই চুপাৰ চাৰৰ চমন আহে তেতিয়াই আমি এক লগ হওঁ ৷ আমাৰ মাজত কিন্তু সাংঘাটিক একতা ৷ চুপাৰ চাৰৰ তালৈ যাবলৈ ওলোৱাটোক সান্তনা দিওঁ,‘‘চিন্তা নকৰিবি, তোক যদি উলিয়াই দিয়ে আমি গোটেইকেইটাই তোৰ লগতে হোষ্টেল এৰিম ৷’’
অৱশ্যে আমাৰ এখন তুৰুপৰ টেক্কাও আছিল ৷ সেইখনৰ ওপৰত আমাৰ বিৰাট ভৰষা ৷ আমি সদায়ে সেই টেক্কাখনৰ ওচৰত এবাৰ হাজিৰ হওঁ,‘‘কিবা হ’লে কিন্তু বচাব লাগিব দেই !!’’
মূল কাহিনীৰ লগত প্ৰযোজ্য নহয় যদিও বেলেগ কথা এটা কওঁ ৷
এটা সময়ত মন কৰিলো লাহে লাহে ৰাজাদাক চুপাৰ চাৰে নমতা হৈছে ৷ পাছত কোনোবা এটাই খবৰ উলিয়ালে ৰাজাদাই হেনো এদিন অৰুপে ঘৰৰ পৰা অনা নাৰিকলৰ লাড়ু কেইটামান লৈ গৈ চুপাৰৰ চাৰৰ ভৰিত পৰি কৈছিল,‘‘চাৰ মোৰ সেইকেইটাৰ লগত পৰি মতিভ্ৰম হৈছিল ৷ মোক মাফ কৰি দিয়ক ৷’’
মূল কাহিনী (তেনেই সৰু)
এবাৰ চুপাৰ চাৰে মোক আৰু জিম কৰবেটক মাতি পঠিয়ালে ৷ আমি দুয়োটা আচৰিত ৷ চিন্তা কৰি পোৱা নাই ক’ত কি লেঠা লগালো ৷ ভয়ে ভয়ে সোমালো গৈ চুপাৰ চাৰৰ কোঠাত ৷ চাৰে কিবা লিখা মেলা কৰি আছিলে ৷ আমাক বহিবলৈ ইংগিত দিলে ৷ চুপাৰ চাৰৰ সন্মুখত বহি আছো ৷ চাৰে মুখেৰে একো মাত দিয়া নাই ৷ আমাৰ দুটাৰটো আৰু কথায়ে নাই ৷ জিমে কি চিন্তা কৰি আছিলে নাজানো ৷ মই ভাবি আছিলো,‘‘হোষ্টেলৰ পৰা যে উলিয়াই দিলে এই কথাটো ঘৰত মই নিজেই কোৱা ভাল হ’ব নে দেউতাহঁতে নিজে নিজে জনাই ঠিক হ’ব ৷’’
অকনামন পাছত তিনিটা কাপত তিনি কাপ চাহ আহিল ৷ মই বুজা নাই তিনি কাপ কিয় আনিছে ৷ চাৰ অকলেই আছে দেখোন !
চাৰে মাত দিলে,‘‘খা ৷’’
মই জিমলৈ নৰ’লো ৷ ক্ৰেকজেক বিস্কুট দুটাৰে সৈতে চাহ খাবলৈ ধৰিলো ৷ মনতে ভাবিলো,‘‘চাহ খুৱাই লৈছে যেতিয়া হোষ্টেলৰ পৰা নিৰ্ঘাট উলিয়াব ৷ আগতে কেতিয়াও চাহ দিয়া নাছিল আৰু উলিয়ায়ো দিয়া নাছিল ৷ আজি বাৰু উলিয়াই দিয়াৰ আগতে পিটিব নেকি ?’’
জিমেও নিৰ্বিকাৰ ভাবে বিস্কুট চাহ খাই আছে ৷
এপাকত চাৰে মাত লগালে,‘‘তহঁত দুটা পঢ়া শুনাত ভাল ৷ ভাল ঘৰৰ ল’ৰা ৷ ইমান উৎপাত কিয় কৰনো ?’’
মনত ভাবিলো,‘‘এইটো প্ৰশ্নৰ উত্তৰ কেনেকৈ দিম ? কি উত্তৰ দিম ??’’
দুয়ো মনে মনে আছো ৷
চাৰে আকৌ ক’লে,‘‘আমিও তহঁতৰ দৰে ডেকা ল’ৰা আছিলো ৷ আমিও অকনমান উৎপাত কৰিছিলো ৷ কিন্তু সদায়ে চুপাৰ চাৰকৈ কৈ উৎপাত কৰিছিলো ৷’’
চাৰৰ কথা শুনি মোৰ বৰকৈ চাবলৈ মন গৈছিল চাৰৰ কোনটো ঠেং চুটি হৈছেনো ৷
ক’বৰ মন গৈছিল,‘‘চাৰ চাহ খুৱাই হোষ্টেলৰ পৰা উলিয়াব খুজিছে উলিয়াই দিয়ক ৷ ইমান গোকাট মিছা কথাটোনে কিয় ক’ব লাগে ?’’
চাৰে কৈ গ’ল,‘‘তহঁত মোৰ ল’ৰাৰ দৰে ৷ যি কৰিবৰ মন যায় কৰিবি ৷ কিন্তু মোক কৈ কৰিবি ৷ এপ্লিকেচন এখন দি কৰিবি ৷’’
মই মনে মনে চিন্তা কৰিলো,‘‘চিনেমা চাবলৈ যাবৰ কাৰনে কেনেকৈ দৰখাস্ত লিখিব লাগিব বুজিলো, এৰাতি হোষ্টেলত নাথাকিবৰ কাৰনে দৰখাস্ত লিখিব জানো ৷ কিন্তু মাৰপিট কৰাৰ আগতে কেনেকৈ দৰখাস্ত লিখিব লাগে ?? আৰু বি.এন.ডেৰ তালৈ যোৱাৰ দৰখাস্তখনত কি বুলি লিখম বাৰু ?’’
মোৰ চিন্তাত যতি পেলাই জিমে সুধিলে,‘‘চাৰ আমি এপ্লিকেচন দিলে যিকোনো কাম কৰিব পাৰিম নেকি?’’
চাৰে বৰ উৎসাহেৰে ক’লে,‘‘পাৰিবি পাৰিবি !! মোক মাত্ৰ জনালেই হ’ল ৷’’
তাৰ পাছত চাৰে আমাৰ মুৰে কপালে হাত ফুৰাই মৰম কৰি দিলে ৷
দুয়োটাৰে চকুপানী ওলাই আহিল ৷ বুজি পালো হোষ্টেলৰ পৰা আমাক উলিয়াই নিদিয়ে ৷
চুপাৰ চাৰৰ আগত আমি শপত খালো,‘‘চাৰ আজিৰ পৰা আমি এপ্লিকেচন নিদিয়াকৈ একো কাম নকৰো ৷’’
চুপাৰ চাৰৰ কোঠাৰ পৰা ওলায়ে দৌৰ মাৰিলো বন্ধুৰ দোকানলৈ ৷
নাই ছিগাৰেট আনিবলৈ নহয় ৷ আমি দুয়োটাই এক এক দিস্তা কাগজ কিনিলো, দৰখাস্ত লিখিবলৈ ৷
দুদিনমান পাছতে পূজাৰ বন্ধ ৷ আমাৰ এখনো দৰখাস্ত লিখা হোৱা নাই ৷
জিম আৰু মই কথা পাতিলো,‘‘অই কিবা এটা কৰিমেই ৷ কি কৰো ??’’
মাৰপিট নাই, কাৰো ঘৰলৈ যাবলৈ নাই ৷ চিনেমাকে চাব যাম !!!
দুয়োটাই তাকেই ঠিক কৰিলো ৷
কথা মতেই কাম ৷
ভবেনকাইৰ হাতত দৰখাস্ত এখন জমা দি দিলো ৷
৬ বজাত চিনেমা চাবলৈ গ’লো – জিলা পুথিভৰাললৈ ৷
হয় ঠিকেই পঢ়িছে ৷ আমি চিনেমা চাবলৈ গ’লো জিলা পুথিভৰাললৈ ৷
দৰখাস্ততো তাকেই লিখা আছিল — আমি চিনেমা চাবলৈ জিলা পুথিভৰাললৈ গৈছো ৷
কি চিনেমা চালো কৈ আছো বাৰু ৷
সামৰণি (মুঠেও নাটকীয় নহয় )
পুজাৰ বন্ধৰ পাছত আহি হোষ্টেল সোমাইছো ৷
ৰুমত বেগটো থৈ বাহিৰলৈ ওলাই আহিয়ে গম পালো মোক আৰু জিম কৰবেটক চুপাৰ চাৰে মাতিছে ৷
হে ভগৱান !! এইবাৰ কি হ’ল আকৌ ?? হোষ্টেল আহি পোৱা ৫ মিনিটো হোৱা নাই ৷ ডাক পৰিলেই যে ?
পালো গৈ চুপাৰ চাৰৰ কোঠা ৷
আমাক দেখাৰ লগে লগে চাৰে এখন বগা কাগজ জোকাৰি জোকাৰি চিঞৰি চিঞৰি কৈছে,‘‘এইবোৰ কি ?? এইবোৰ কি ?? মোক ‘কা-মু-ফ্লা-জ’ কৰিব আহিছ নেকি ? মোক ‘কা-মু-ফ্লা-জ’ কৰিব আহিছ নেকি ?’’
চাৰক বেছ উত্তেজিত যেন লাগিছে দেখি ৷
মই বুজি পোৱা নাই চাৰৰ হাতত থকা কাগজখনো কিহৰ আৰু এই ‘কা-মু-ফ্লা-জ’ মানেনো কি ৷
শব্দটোনো কোন ভাষাৰ সেইটোকেই ধৰিব পৰা নাই ৷
মই ধাৰনা কৰিলো চাৰৰ হাতত থকা কাগজখন কোনোবা ছোৱালীলৈ লিখা কিবা চিঠিয়ে হ’ব ৷ কিন্তু কোনজনীলৈনো ইমান দৰকাৰী চিঠি লিখিলোনো যে চাৰ ইমান উত্তজিত হৈ গৈছে ৷
এবাৰ ভাবিলো এই ‘কা-মু-ফ্লা-জ’টো আফ্ৰিকাৰ কোনো ভাষাৰ বিয়াৰ সমাৰ্থক শব্দ নেকি বাৰু ৷
চাৰে আকৌ চিঞৰি চিঞৰি ক’লে,‘‘মোৰ মিলিটেৰী ট্ৰেইনিং আছে ৷ তহঁতক কৰ্ট মাৰ্শ্বেল কৰিম ৷ মোক ‘কা-মু-ফ্লা-জ’ কৰিব আহিছ ৷’’
তেতিয়াহে বুজিলো ‘কা-মু-ফ্লা-জ’ মানে camouflage ৷ মানে চাৰৰ মিলিটেৰী মেজাজে উক দিলে ৷
কিন্তু ক’ত কি camouflage কৰিলো ৷ চাৰৰ খং দেখি সুধিবলৈকো ভয় লাগিছে ৷
চাৰে আকৌ ক’লে,‘‘তহঁতক ডিস্ট্ৰিক্ট লাইব্ৰেৰীত চিনেমা দেখুৱাইছে ! লাট চাহাব ওলাইছ ?’’
তেতিয়াহে বুজিলো চাৰৰ খং ক’ত ৷
দুইটাই দীঘলকৈ উশাহ এটা ল’লো ৷
‘‘চাৰ তাকেই কওঁক আকৌ ৷ চাৰ আমি লাইব্ৰেৰীতেই চিনেমা চাব গৈছিলো ৷’’
‘‘ওলা, এতিয়া ওলা ৰুমৰ পৰা !!’’
‘‘শুনকচোন চাৰ , তাত ‘ফিলিম ফেষ্টিভেল’ হৈ আছিল ৷ তাত আমি এখন আমেৰিকান চিনেমা চাইছিলো ৷’’
আমাৰ কথা শুনি চাৰ অকনমান শান্ত হ’ল ৷
‘‘টিকেট ক’ত ?? টিকেট ক’ত ??? টিকেট কেইটা দেখুৱা মোক ৷’’
হে ভগৱান !!!!!!!!!!!!!! ক’ৰ পৰা টিকেট দেখুৱাম ??
আমি সেইদিনা টিকেট নোলোৱাকৈয়ে চিনেমা চাইছিলো ৷ আচলতে টিকেট কিনিব খুজিছিলো ৷ কিন্তু এটা টিকেটত ৫০ টকা কৈ খুজিলে ৷ গতিকে নিকিনিলো ৷ ‘গেটকিপাৰ’লৈ ভোলেনাথৰ প্ৰসাদ আগবঢ়াইহে সেইদিনা আমি চিনেমা চাইছিলো ৷ মোৰ আজি মনত আছে চিনেমাখনৰ নামটো – The Runaway Bride ৷
কিন্তু গেটকিপাৰৰ লগত আমি কি ‘ছেটিং’ কৰিলো সেই কথা চুপাৰ চাৰক ক’ব লাগিলে পিঠি বখলিয়াব ৷ সেই কাৰনে ক’লো,‘‘চাৰ আমি International Cine Associationৰ মেম্বাৰ ৷ আমি টিকেট নকৰাকৈয়ে চিনেমা চাব পাৰো ৷’’
চাৰে অকনমান দেৰী মনে মনে কি চিন্তা কৰিলে ৷
কথা নাই বতৰা নাই আকৌ আগতে জোকাৰি থকা বগা কাগজখন জোকাৰি জোকাৰি ক’লে,‘‘এইবোৰ কি লিখিছ ?’’
ভালকৈ চাই গম পালো সেইখন আমি চিনেমা চাবলৈ যাম বুলি দিয়া দৰখাস্তখন ৷
‘‘এপ্লিকেচন চাৰ ৷’’
‘‘এপ্লিকেচন ! এপ্লিকেচন !! নাজান নেকি এপ্লিকেচন কেনেকৈ লিখে ? এখন এপ্লিকেচনত দুটাই কিয় চহী মাৰি দিছ ?? দুখন এপ্লিকেচন লিখ ৷ এতিয়া লিখ ৷’’
জিলা পুথিভৰালত ২০ আগতে চোৱা চিনেমাৰ বাবে অনুমতি বিচাৰি মই আৰু জিম কৰবেটে ফিল্ড মাৰ্শ্বেলৰ কোঠাত বহি দৰখাস্ত লিখিবলৈ আৰম্ভ কৰিলো ৷
অস্বীকাৰ পত্ৰ
এই কাহিনী সম্পূৰ্ন কল্পনা প্ৰসুত ৷ ইয়াত থকা সকলো চৰিত্ৰ কল্পনা প্ৰসুত ৷ মই নক’লেও পাঠকে বুজি পাব মই, জিম কৰবেট আৰু বৰিছ বেকাৰে একেলগে কোনো কালেই উচ্ছতৰ মাধ্যমিকত সহপাঠী নাছিলো ৷
মই কিন্তু অনুমান কৰিছো ফেছবুকুত থকা প্ৰায় ১৫০জন মান বন্ধুৱে এই কাহিনীটো সঁচা বা সঁচাৰ কাষেৰ পাৰহৈ যোৱা মিছা বুলি গ’ম পাব ৷ যদি তেওঁলোকে তেনেকৈ ভাবে সেইটো তেওঁলোকে নিজৰ ইচ্ছা মতেহে কৰা এক দুষ্কৰ্ম হ’ব ৷ কাহিনীটোত যিমান ‘কা-মু-ফ্লা-জ’ সম্ভব আছিল কৰিলো ৷
তুৰুপৰ টেক্কা সঁচাকৈ আছিল কিন্তু এখন !!
মই ভাবিছো ই-মেইলত এই কাহিনীটো পঠিয়ায়ে দিওঁ নেকি ৷ পঞ্চায়ত ইলেকচনৰ পাছত এদিন আজৰি উলিয়াই পঢ়িব ৷

No comments:
Post a Comment