উনাশী-আশী চন মানত
মই প্ৰথমবাৰৰ বাবে নৈশবাছ দেখিছিলো নেকি জানো !
বন্ধত চালাকাটিৰ পৰা গুৱাহাটীলৈ আহো ৷ মথুৰা নগৰত, ঠিক ‘ডাউন টাউন’ৰ কাষতে খুড়াদেউৰ ঘৰত এদিনমানৰ বাবে বাহৰ পাতো ৷ তাৰ পৰা সাধাৰনতে ৰত্নগিৰি নামৰ নৈশ বাছ এখনত গোলাঘাটলৈ যাওঁ ৷
এতিয়া যে অসম সচিবালয়ৰ মুখ্যদ্বাৰ আছে তাৰ ওচৰতে ৰাতি গুৱাহাটী-শ্বিলং পথত থিয় হৈ ৰৈ থাকো ৰত্নগিৰিৰ বাবে ৷ ‘ব্লু হিল’, ‘গ্ৰীণ ভেলী’, ‘আসাম ভেলী’, ‘কেপিটেল’, ‘ত্ৰিশূল’ কিমান বাছ আহে ! বাছ এখন অহা দেখিলেই ডিঙি মেলি মেলি চাওঁ কেনেবাকৈ ৰত্নগিৰি আহিছে নেকি !
বাছবোৰ আহি অকনমান সময়ৰ কাৰণে ৰখে ৷
কেইখনমান বাছত আকৌ ভিডিও থাকে ৷ সেইবোৰ ‘ভিডিও কোছ্’ বুলি কয় হেনো ৷ কেতিয়াবা ৰৈ থাকোতেই অকনামন সময় ‘তা থেইয়া তা থেইয়া হ’ কৰি নাচি থকা জিতেন্দ্ৰ বা জয়া প্ৰদাক দেখা পাওঁ ৷ গোলাঘাটলৈ যোৱা এখনো বাছত ভিডিও নাথাকে ৷ ডিব্ৰুগড়লৈ যোৱা বাছত ভিডিও থাকে ৷ দেউতাক কওঁ,‘‘অহা বাৰ বন্ধত আহোতে প্ৰথমে মামাৰ ঘৰলৈকে যাম দিয়া নহ’লে ৷’’ আচল কথাটো হ’ল মামাৰ ঘৰ মানে ডিব্ৰুগড়লৈ যাওঁতেই চিনেমা এখন চাবলৈ পাম ৷
বহু দিন হ’ল নৈশ বাছত যোৱা নাই ৷
তথাপিও মোৰ বহু নৈশ বাছ যাত্ৰাৰ এটা যাত্ৰা মনত পৰিছে ৷ তাকেই ক’ব খুজিছো ৷
মৰানৰ পৰা গুৱাহাটীলৈ খিৰিকি কাষৰ চিট :
১৯৯২ চনৰ ২৪ জানুৱাৰীৰ নিশা ৷
মৰানৰ পৰা গুৱাহাটীলৈ আহিম ৷
তাৰিখ মনত আছে কাৰণ এইটো অইল কলনীত মানু বাইদেউৰ বিয়া খাই উভটি অহাৰ কথা ৷ ৰৈ আছো ডিব্ৰুগড়ৰ ফালৰ পৰা অহা ‘আসাম ভেলী’ৰ বাছ এখনৰ কাৰণে ৷ এটা সময়ত বাছ আহিল ৷ মই উঠি নিজৰ চিটলৈ গৈ দেখো কোনোবা এজন বহি আছে ৷
‘‘ককাইদেউ, এইটো মোৰ চিট ৷’’
তেখেতে কাষৰ চিটটো দেখুৱাই ক’লে,‘‘‘এ ভাইটি তুমি মোৰ চিটতে বহা ৷ মই ইমান দূৰ বহি আহিলোৱে ৷ তাতে মই আকৌ খিৰিকিৰ কাষৰ চিটত বহাৰ বৰ হেপাহ ৷’’
বিয়াত টোপনি খটি ৷ ময়ো ভাবিলো মোৰ কাৰণেও খিৰিকিৰ কাষত বহা বা মাজৰ ফালৰ চিটত বহা একেই কথা ৷ মইটো শুই থাকোতে ‘ককাইদেউ’ৰ কান্ধতে মুৰটো থ’ম ৷ তেখেত গ’ম পোৱা নাই কাষত কোন বহিছে !
‘‘হ’ব হ’ব বহক আপুনি তাত ৷ মই ইয়াতে বহিছো ৷’
বহিছো বুলি ক’লো মাত্ৰকেই বহি লৈ মই শুবলৈ সাজু ৷ জানুৱাৰী মাহৰ নিশাৰ বাছৰ যাত্ৰা ৷ ভীষণ ঠান্ডা ৷ জোতা, খুলি চিটত ভৰি তুলি ৰঙা-ক’লা নগা শ্ব’ল এখন উলিয়ালৈ ভালকৈ মেৰিয়াই ল’লো ৷
কেতিয়া টোপনি আহিল মনত নাই কিন্তু বাছখনে মৰান এৰা মই গ’ম নাপালো !
এপাকত চকু এটা লাহেকৈ মেলি দেখো বাছ বোকাখাটত মনালিছা হোটেলৰ সন্মুখত ৰৈ আছে ৷ কাষতে বহি থকা ককাইদেৱে প্ৰায় আতুৰত পৰি চিঞৰ মৰাৰ দৰেই মোক ক’লে,‘‘চাওঁ চাওঁ অকনমান আতৰহৈ দিয়াচোন ৷’’ ময়ো টোপনিৰ জালতে খপ-জপকৈ ভৰি কেইটা আতৰাই দিলো যাতে তেখেত ওলাই যাব পাৰে ৷
মই মনতে ভাবিলো,‘‘ভাল শুলো কিন্তু ! বিয়াত দুদিন শোৱা নাই ৷’
এপাকত খিৰিকি কাষত বহা ককাইদেউ ঘুৰি আহিল ৷
‘‘ককাইদেউ বাহিৰলৈ গৈছিল ?’’
‘‘বৰ জোৰত লাগিছিল হে ৷’’
‘‘জোৰত লাগিছিল ? আপুনি দেখো বহিয়ে আছিলে ? মোক আগতেই মাত দিব লাগিছিল ৷’’
‘‘এহ্ কি কোৱা হে ভাইটি !! তোমাক শিৱসাগৰৰ পৰা মাতি দি আছো ৷ শিবসাগৰত জগাওতে চিঞৰি চিঞৰি গালি পাৰিলা মুতুৰা নেকি বুলি ৷ যোৰহাটত জগাওতে যি কেইটা মাত মাতিলা সেই কেইটা তুমি ক’ত শিকিলা তুমিহে জানা দেও ৷ এতিয়া হেৰি নহয় তুমি তোমাৰ খিৰিকিৰ কাষৰ চিটতে বহা ৷ মোৰ খিৰিকিৰ কাষৰ চিটত বহাৰ হেপাহ পলাল ৷’’

:D :D :D
ReplyDelete