Monday 25 February 2013

C.G.ত ফিষ্ট

আজি কটনৰ দিন কাহিনী মনত পৰিছে ৷
১৯৮৭ চন, আগষ্ট মাহ মানৰ কথা হ’ব লাগে ৷
আমি হোষ্টেল সোমাবৰ ১০/১৫ দিনমান হৈছে ৷

ৰেগিং চলি থকা দিনৰ কথা ৷
সঁচা কথা ক’বলৈ গ’লে একো ৰেগিং হোৱা নাছিল, কিন্তু তেতিয়া আমি ১৬ বছৰীয়া ল’ৰা, প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছো ৷ গতিকে কোনোবাই চকু পকাই কিবা এটা সুধিলেই ৰেগিং কৰা যেন লাগে, অলপ ভয় লাগে ৷

ৰেগিং চলি থাকোতে বুজিলো চি.জি. (Cotton Girls)ৰ ফালে যোৱাটো দুৰৰ কথা, চোৱাও নিষেধ ৷ আগতে আমাৰ লগৰবোৰ যিকেইজনী আমাৰ বৌ হ’ব গৈ সেইকেইজনীৰ চিলেকছন হ’ব তাৰ পাছতহে আমি চি.জি. ফালে যাব পাৰিম ৷
কথাটো মনত ৰাখিলো ৷

এদিনৰ কথা ৷
ক্লাছ কৰি আছো ৷ লগৰে কোনোবাই খবৰ দিলে সেইদিনা হেনো চি.জি. ত ফ্ৰেছাৰছ,‘যাবি নেকি ?’
‘যাবি নেকি মানে ? মাতিলে যাম আকৌ !’
‘মাতিছে মাতিছে ! নগ’লে বেয়া পাম বুলি কৈছে ৷’
‘সঁচা ???’
‘কি সঁচা ?? যাব নোৱাৰিম বুলি কওঁতে তাইৰ চকুপানী ওলাই যাওঁ যাওঁ হৈছিল ৷’
‘যাম তেনেহ’লে !’
‘কিন্তু চি.জি. যোৱা মানা যে ?’
‘ধেই ভিৰৰ মাজত সোমাই থাকিম কোনে গম পাব ?’

সন্ধিয়া গৈ পালো গৈ চি.জি. ৷ আমাৰ হোষ্টেলৰ পৰা মই আৰু দুটা, থাৰ্ড মেছৰ পৰা আৰু কেইটামান ৷
আমাক দেখি আমাৰ লগৰ ‘খুড়ী’ আৰু আন দুজনীমান আগবাঢ়ি আহিল ৷
আথেবাথে বহুৱালে গৈ ৷

গপছত বহি আছো ৷ এপাক দেখো সন্মুখৰ শাৰীত বহি দুজনে ঘোপাকৈ চাই আছে আমাৰ ফালে - হোষ্টেলৰ মনিটৰ দুজন ৷
চকুৰ চাৱনি মই অলপ পঢ়িব জানো ৷ সেই জ্ঞানেৰে মই যি বুজিলো তাৰ মানে হৈছে,‘তহঁত কেইটা ইয়াত কেনেকৈ ওলালি ? ব’ল আজি হোষ্টেলত মজা দেখুৱাম ৷’

বুকুখন ঢপঢপাই গ’ল ৷ পাছে চাৰিওফালে চাই দিলে মনিটৰৰ চকুৰ চাৱনি পাহৰি যাওঁ ৷ ইমান বোৰ ধুনীয়া ছোৱালী একেগলে আগতে কেতিয়াও দেখা নাই ৷ ধুনীয়া ধুনীয়া মেখেলা চাদৰ পিন্ধি পিন্ধি থিয় হৈ আছে ৷
বুকুৰ ঢপঢপনি কিন্তু নকমিল, ওলোটাই চৰিলহে ৷

এটা সময়ত ফ্ৰেছাৰছ শেষ হ’ল ৷
মিঠা দৈ আৰু মিঠাই খোৱাৰ লগে লগে অভ্যৰ্থনাৰো অন্ত পৰিল ৷
দুজনীমানে আমাক গেটৰ ওচৰলৈকে আগবঢ়াই বিদায় জনালে ৷

আৰম্ভ হ’ল ইংৰাজীৰ সেই বাক্যটো Long Walk Back To The Pavillion ৷

মনে মনে গৈ হোষ্টেল সোমাইছোহে মাত শুনিলো,‘অই অই এইফালে আহ, এইফালে আহ ৷ ক’ৰ পৰা আহিছ এই ৰাতিখন ৷ ব’ল ৰুমত সোমা আগতে ৷’

পাছদিনা দুপৰিয়ালৈ গাল পিঠি ফৰফৰাই থাকিলে ৷
কিন্তু চি.জি. ফিষ্ট খাইহে এৰিলো !!

No comments:

Post a Comment