Sunday 10 February 2013

Yellow Pig Day হালধীয়া গাহৰি দিবস




আপুনি ছাগৈ ভাবিছে,‘‘কি আকৌ এই হালধীয়া গাহৰি দিবস ?’’

এই অদ্ভুত দিবসৰ উদযাপন আৰম্ভ হৈছিল ১৯৬০ চনত ৷ প্ৰিঞ্চটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত মাইকেল স্পিভাক আৰু ডেভিড ছি. কেলীক ১৭ সংখ্যাটোৰ বৈশিষ্টসমূহ বিশ্লেষন কৰিবলৈ দিয়া হল ৷ ১৭ সংখ্যাটোৰ বিষয়ে ভাবি ভাবি দুয়ো হায়ৰান হৈ গল ৷ অৱশেষত দুয়োজনে এটা উপায় ভাবি পালে ৷ তেওঁলোকে এটা হালধীয়া গাহৰিৰ কথা কল্পনা কৰিলে ৷ এই কাল্পনিক হালধীয়া গাহৰিটোৰ শৰীৰত ১৭ সংখ্যাটোৰ পয়োভৰ আছিল ৷ যেনে ভৰিত ১৭টা আঙুলি আছিল, ১৭টা দাত আছিল, চকুৰ পতাত ১৭ডাল চুলি আছিল
ইত্যাদি ৷

মাইকেল স্পিভাক ভালেমান বিখ্যাত গনিতৰ পাঠ্যপুথি প্ৰনয়ন কৰিছে আৰু সেই পুথিসমুহত হালধীয়া গাহৰিৰ বৰ্ননা  আছে ৷
ডেভিড ছি. কেলীয়ে হেম্পছায়াৰ কলেজৰ গনিতৰ গ্ৰীষ্মকালীন শ্ৰেনীৰ (
Hampshire College Summer Studeis in Mathematics- HCSSiM) পৰিচালনা কৰে ৷ কেলীৰ এই শ্ৰেনীত গনিতত বিশেষভাবে অৰ্হতা থকা ছাত্ৰসকল ভাগ লয় ৷  মূলতঃ এই ছাত্ৰসকলেই ১৭ জুলাই দিনাটোত হালধীয়া গাহৰি দিবস (Yellow Pig Day ) পালন কৰে ৷
অৱশ্যে স্পিভাকৰ সৈতে জড়িত গনিতজ্ঞসকলেও হালধীয়া গাহৰি দিবস পালন কৰে ৷ সেইদিনা  হালধীয়া গাহৰি কেক (
Yellow Pig Cake) খায় আৰু লগতে হালধীয়া গাহৰি কেৰল (Yellow Pig Carols) গাই ফুৰ্তি কৰা হয় ৷ ছাত্ৰসকলে বিশেষ ভাবে তৈয়াৰ কৰা হালধীয়া গাহৰি থকা চোলা পৰিধান কৰাও দেখা যায় ৷

ফটো আৰু তথ্যৰ উৎস : ইন্টাৰনেট

No comments:

Post a Comment