Friday 8 February 2013

জাগাৰাত কলম্বাছ



মই, খৰ্কাবাহাদুৰ , জুলিয়ান, প্ৰনবজ্যোতি, অৰুন ছৌধুৰী আৰু বাকী দুটা কোন আছিলো পাহৰিলো ৷ নলবাৰীলৈ গৈ আছো, উদ্দেশ্য দেবজিতৰ বায়েকৰ বিয়া ৷ পালোগৈ নলবাৰী তাৰ পৰা দেবজিতে বুজাই দিয়াৰ দৰেই জাগাৰালৈ বুলি আকৌ কেন্টাৰত উঠিলো  ৷ সময়ত জাগাৰা পালোগৈ
 
কেন্টাৰৰ পৰা নামিয়ে জুলিয়ানে দোকান এখনত সুধিলোগৈ দেবজিতৰ গাওঁখনৰ ঠিকনা গাওঁখনৰ নাম পাহৰিলো এতিয়া (১৯৯০ চনৰ কথা) ৷ তথাপিও মনলৈ আহিছে এটা নাম — নপ্তিপাৰা ৷ নহ’বও পাৰে কিন্তু ! ঠিকনা বুজিলৈ জুলিয়ানে দেখুৱালে পথাৰ এখনৰ ফালে, ‘‘ব’ল এইফালে যাব লাগিব ’’

পথাৰৰ মাজে মাজে আধা ঘন্টামান খোজ কাঢ়িলো ৷ চাৰিওফালে ঘোপমৰা অন্ধকাৰ আমাৰ বাহিৰে সেই বাটটোত আৰু কোনো নাই  হঠাতে জুলিয়ান বহি দিলে আলিবাটৰ ওপৰত ৷ আমি আচৰিত
জুলিয়ানে ক’লে,‘‘বৰ বিপদ হ’ল ৷ মানে তহতৰ কোনোবাই পূব কোনফালে হয় জানিবি নেকি ?’’
আমি সুধিলো,‘‘কিয় লাগে তোক পূব কোনফালে ?’’
জুলিয়ানে উত্তৰ দিলে,‘‘মানে দোকানখনত মোক পথাৰৰ মাজৰ এই চাৰিআলিটো পোৱাৰ পাছত পূবলৈ যাবলৈ কৈছিল ৷ এতিয়া পূব নাজানিলে কোন ফালে যাবি ?’’
এক গোৰ মাৰি দিব মন গ’ল জুলিয়ানক,‘‘সদায় বিপদত পেলায় এই গৰুটোৱে !’’
ৰ্কাই মাত লগালে,‘‘ঘুৰি গৈ সুধিবৰ দৰকাৰ নাই ৷ ব’ল ব’ল আগুৱাই গৈ থাকো হাজাৰ হ’লেও  আমি বিজ্ঞানৰ ছাত্ৰ ৷ কল’ম্বাছে তৰা চাই চায়ে দেশ বিদেশ ঘুৰি ফুৰিছিল ৷ আমিও নপ্তিপাৰা উলিয়াব পাৰিম ব’ল ’’

কোনে বুজাব এই কেইটাক যে কল’ম্বাছে তৰা চাই চাই ভাৰতলৈ বুলি হি আমেৰিকা পাইছিলগৈ!

উৎস : divineancestry.com
কিন্তু উপায় নাই এতিয়া
আকাশলৈ চাবলৈ ধৰিলো
আমি  সাতজন কল’ম্বাছে
সেই নিশা আমি নভোমন্ডলত কিমানযে তৰা দেখিলো!!!
ধ্ৰুব তৰা তিনি-চাৰিটামান ওলাইছিল জুলিয়ানে যদি সোফালে দেখা পায়, মই বাওঁফালে দেখা পাওঁ ৷
ধ্ৰুব তৰাকেইটাৰ ওপৰত লম্বন পদ্ধতি (Parallex Method) প্ৰয়োগ কৰি জুলিয়ান আৰু খৰ্কাই সেই নিশা পূব দিশটো চাৰিটা দিশত উলিয়াই দিছিল  
…………..
এবাৰ বেঞ্জামিন কামানৰ ফটোগ্ৰাফীত থকা তৰাবোৰ দেখি কথাটো মনত পৰি গৈছিল ৷
মাজতে অৰুনক লগ পাওঁতেও কথাটো ওলাইছিল ৷




































2 comments:

  1. পিছে নপ্তিপাৰা পালেগৈ নে আন ক'ৰবাত ওলালগৈ :)

    ReplyDelete