Sunday 10 February 2013

এক ব’লত এক ৰাণ



অলেখিত ইতিহাসৰ ৰোমন্থণ
এক বলত এক ৰাণ

(বণি দা আৰু চন্দনৰ সহায় লৈ)

১৯৮৯-৯০ কলেজ সপ্তাহ ৷
ক্ৰিকেট মেত্ছখন আছে হোষ্টেল চাৰিৰ লগত ৷ টিম চিলেকচ হৈ  আছে তিনি নম্বৰৰ ফিল্ডত পুৰাদমে Practice চলিছে মই বলটো লৈ অফ স্পিন আৰম্ভ কৰিলো তেতিয়ালৈকে মই জীবনত যিমান বাৰ  অফ স্পিন  কৰিবলৈ চেষ্টা কৰিছিলো এবাৰো বল টাৰ্ন কৰা মনত নপৰে সেই দিনা কি নাজানো মোৰ অফ স্পিনত অফ স্পিন নালাগে লেগ স্পিনো বলৈ ধৰিলে কোনে কি বুজিলে নাজানো মই কিন্তু গম পাই লো কথা কি ! যিমান বাৰ বল কৰিলো সিমান বোৰ বল পিট থকা শিলগুটিত পৰিল গতিকে বলে অফ স্পিন , লেগ স্পিন কলো হবলৈ ধৰিলে    আমাৰ দলত মোৰ নামটো এতিয়া আৰু নোসোমাই পাৰে নে ? পালো যেতিয়া আৰু কোনে পাই !! বগা পেন্ট, জোতা আদি গোটাই আনিলো ৷

দলত থকা কেইজনমান ছিনিয়ৰ আছিল কাম্য প্ৰসাদ মিশ্ৰ দা, কুশল ভূঞা দা, নিপন দাস দা, অভিজিৎ ভূঞা দা, ৰাজীব দাস দা, ভবেশ দা, ৰাজজ্যোতি দাস দা ৷ বাকী নামবোৰ মই অলপ পাহৰিছো (বহুত বছৰ হ) কাম্য দা, কুশল  দা, অভিজিৎ ভূঞা দা, ৰাজীব দাস দা মেইন ষ্ট্ৰাইক বলাৰ নিপন দা অফ স্পিন কৰিব

খেল আৰম্ভ হ'ল ৷
চাৰি নম্বৰৰ হৈ খেলিছিল সৌৰভ দা, বনজিত দা, আমাৰ লগৰ চন্দন দাস, প্ৰাণজিত বৰা ৷
চাৰি নম্বৰৰ প্ৰথম বেটিং ৷
অপেনিং আহিছিল গৌৰ বুঢ়াগোহাই দা আৰু বনজিত দা ১০ ৰাণ মান নৌ হওঁতেই গৌৰ দা আউট
বনজিত দা সাংঘাটিক বেটছমেন কটনৰ দিনৰে পৰা জানো, একে হোষ্টেলতে আছিলো   তেওঁ ২৩ কৰি আউট হৈছিল ৷ অলপ আশাৰ ৰেঙণি দেখিলো ৷ বেট ধৰিবলৈ আহিল চন্দন ৷ কোকৰাঝাৰৰ পৰা আহিছে , তাত লুইত পৰীয়া তৰুণ সংঘৰ হৈ খেলে (কোকৰাঝাৰত  লুইতৰ পাৰ!!) ৷ আগৰ এখন Practice Matchত ৭৫ মান কৰি দেখুৱাইছে ৷ বনজিত দাই চন্দনক সকিয়াই গ: আৰু কোনো নাই, তোৰ ওপৰতেই ভৰসা ৷
শুনিয়ে মন ভাল লাগি গল ৷  
চন্দনৰ বেটিং আৰম্ভ হল ৷ কমান পাছতে স্কৰ হ’ল গৈ ৫০ মানত উইকেট আমাৰ মনোবল বাঢ়ি   আহিল সৌৰভ দা ৷ ফিল্ডত কোনোবাই কোৱা শুনিলো : সৌৰভ বলাৰ, সৌৰভ বলাৰ ফাৰ্ষ্ট চেমটো (চন্দন) উৰাই দিলে হৈ যাব কাম

সেই Partnership close in- ফিল্ডাৰ কিজনে বল অলপ চুবলৈ পালে, আমি deep-ত থকা কিজনে বল ওপৰেৰে উৰি যোৱাহে দেখিলো ৷ বলাৰ, বলাৰ বুলি কোৱা সৌৰভ দাই ৭টা ছয় মাৰিলে, চন্দনে ২টা ছয় মাৰিলে সৌৰভ দা ৭২,  চন্দন ৫৪ ৷ ২৫ ওভাৰত ১৮৪ ৰাণ ৷

আমাৰ বেটিং আৰম্ভ হ'ল ৷
স্ক'ৰবৰ্ডত ৰাণ বুলিবলৈ একো নাই তেনেকৈ ৷ এফালৰ পৰা বাঘা-বাঘা Batsman আউট হৈ গৈ আছে ৷ তাৰ মাজে মাজে আকৌ ৱাইড, ' বল, বাই, মিচ ফিল্ডিংৰ জোৰত দুই- এক ৰাণ হৈ আছে   ১৮৪ নালাগে ১০০ ৰাণো নহব ৷ বুজি গলো সকলোৱে ৷ বাউন্ডেৰীৰ বাহিৰত বহি আছো চাৰিৰ বলাৰে বল কৰে, আমাৰ Batsman বেট ঘূৰাই ৰাণচাণ একো নহয় আমিবোৰে উপায় নাপায় নিজৰ Batsmanকে গালি পাৰিবলৈ ধৰিলো

বেলেগ এটা কথা কবৰ  মন গৈছে ৷ ঘটনাটো এনে ধৰনৰ ৷ লুইত পৰীয়া চন্দনে 4th নে 5th চেমিষ্টাৰ এজনলৈ কেইবাটাও Short Pitch মাৰিলে ৷ চিনিয়ৰৰ সহ্য নহল ৷
চন্দনৰ ওচৰলৈ গৈ কলে : আব্বে, তই 1st চেম হৈ Short Pitch মাৰিছ??? পাবি মছলা ৷
চন্দনৰ হাজিৰ জৱাৱ : দাদা nextটো In-Deeper মাৰিম ৷

এটা সময়ত, বেট ধৰিবলৈ আহিল বণি (অভিজিৎ) দা  ৷ উস্ কি আক্ৰমনাত্মক বেটিং!!!
সেইদিনা দেখিলো  মোৰ জীবনৰ এটা স্মৰনীয় ই
নিংছ ৷ Clean Hitting  ৷ অভাৰৰ প্ৰথমতেই ৪ বা ৬ কিবা  মাৰি দিয়ে আৰু অভাৰ শেষ হোৱাৰ আগতেই ১ ৰাণ এটালৈ নন্-স্ত্ৰাইকিং এণ্ড পাই গৈ ৷ পাছৰ অভাৰত আকৌ একে কাম কৰে ৷
কেই ৰাণমান বাকি আছে জিকিবলৈ ৷
আমাৰ  ৮ নম্বৰ Batsman আউট হ'ল ৷

বেট ধৰিবলৈ আহিল তিনিৰ স্পেসিয়েলিষ্ট ১০ নম্বৰ
Batsman ৷ তেওঁৱো কোকৰাঝাৰৰ পৰায়ে অহা ৷
মোৰ কথা কৈছো ৷
কি প্ৰেছাৰ আছিল বুজাব নোৱাৰো এতিয়া ৷ মই বেট ধৰিবলৈ গৈ আছো ৷ মই প্ৰথম বলতো কেনেকৈ খেলিব লাগিব সেইটো বুজাই বুজাই চাৰিজনমান ছিনিয়ৰ মোৰ লগতে আহি পিটছ পালেহি ৷
নকলেও হ'ব ছাগৈ উপদেশতো কি আছিল !
"তই/ তুমি চকু কান মুদি ৰাণ এটা ল'লেই হ'ল ৷ বণি নন্-স্ত্ৰাইকিং এণ্ডত আছে"
এনেকুৱা অবস্থা পাৰিলে ছিনিয়ৰকিজনে মোৰ হৈ বেটিঙেই কৰিলে হয় ৷ তেখেতসকল বাধ্যত পৰিহে উভতি গল ৷

মোৰ মনত আছে সৌৰভ দাৰ এক্সপ্ৰেস ডেলিভাৰী ৷ উপদেশ মতেই কান মুদি বেট লগাই দিলো ৷ বল ফাইন লেগৰ ফালে গ'ল ৷ এক ৰাণ !!!
মই গৈ নন্-স্ত্ৰাইকিং এণ্ডত ৷ মনতে ভাবিলো - জিকি গ'লো ৷

পাছৰ ব'ল ৷
সৌৰভ দাৰ বল ৷  প্ৰায় আন্ডাৰ আৰ্ম কৰিলে অহাৰ দৰে চুচৰি যোৱা বল এটা, আমি সৰুতে কৰা গ্ৰাছ বল ৷
বণি দাই  বেট
ঘূৰালে ৷
ই কি !!!!!!
বণি দা বেটৰ তলেৰে গৈ লাগিলগৈ ষ্টাম্পত ৷
বণি দা আউট !!!!!!!!!!!!! ৫৩ বলত ৮৪ ৰাণ ৷ বণি দা
য়ো ৭টা ছয় মাৰিছিল ৷
নিপন দা ১১ নম্বৰত আহিল ৷ পাছে আমি দুটাই মিলি ৩ ৰাণহে কৰিব পাৰিলো ৷
আচল কামফেৰা কৰিব নোৱাৰিলো ):

উপহংসাৰ
:

সেই খেলখনেই মোৰ এ.য়ি.ছি. জীবনৰ শেষ খেল আছিল ৷ কাৰন মই দুনাই চিলেক্ট নহলো আৰু !! কিন্তু এটা কথা ৷ মোৰ strike rate 100 % ৷ এটা বলত এক ৰাণ কৰিছিলো,  তাকো  নট আউট ৷ কিয়যে মোক আকৌ টিমত নললে আজিও গম নাপালো ৷

বণিদাৰ  কাৰনেও
.য়ি.ছি. জীবনৰ শেষ খেল আছিল ৷ তেওঁ ফাইনেল চেমিষ্টাৰত আছিল ৷ কেইদিনমান আগতে লগ পাই  বণিদাসেই খেলখনৰ কথা মনত পেলাই দিছিলো ৷ বণি দাই লে সেই খেলখনত হৰাৰ দুখত হেনো তেওঁ বহুদিন ক্ৰিকেট নেখেলাকৈ আছিল ৷ সেই খেলখনত দুখ ইমানেই বেছি লাগিছিল হেনো যেতিয়া AECIANSত তেওঁ নাম Inter Hostel CricketHighest Scorer হিচাবে ওলাইছিল খঙতে আলোচনীখনেই দলি মাৰি দিছিল ৷

সছাকৈয়ে AECত হোৱা Inter Hostel খেলবোৰৰ Emotion বোৰ বৰ Intense আছিল ৷
এইখেলখন হৈ যোৱা আজি ২২ বছৰতকৈয়ো বেছি হল ৷ মই Blogৰ কাৰনে লিখিবলৈ লৈ সেই খেলখনৰ লগত জড়িত কেইবাজনৰো লগত কথা পাতিলো ৷ মই খেলখনৰ নাম লোৱাৰ লগে লগে আটাইকেইজন ৰোমাঞ্চিত হৈ উঠিল ৷ খেলখনৰ কথা এনেদৰে কৈ গল যেন যোৱা কালিহে খেলখন হৈ গৈছে !!

সেই খেলখনত হৰাৰ দুখৰ কথা ওলালেই যেতিয়া আৰু এটা গুপুত তথ্য আজি ফাদিল কৰি দিওঁ আজি ৷

হাৰি উঠি গোটেই হোষ্টেলত শোকৰ বণ্যা ৷ গতিকে ৰাতি ইটো পাৰ্টিক এটেককৰাৰ প্লেন এটা হল ৷ পাছে দিপৰ বিলৰ ফালৰ পৰা অহা গেলনকেইটা অলপ ষ্ট্ৰং আছিল ৷ গতিকে ২/৩ ঘন্টামানৰ ভিতৰতে শোকসন্তপ্ত আটাইকেইজন টোপনিত লালকাল হলো ৷ গতিকে এটেককৰাৰ প্লেন তল পৰিল
 ৷ নহলে সেই ৰাতি কি লঙ্কা কান্ড হল হয় ভাবিলে আজিও ভয় লাগি যায় ৷


(এই লিখাটো আজি বহুদিনৰ আগেয়ে লিখা ৷ কলেজৰ ব্লগত ইতিমধ্যে প্ৰকাশ হৈছে )

No comments:

Post a Comment