Wednesday 13 February 2013

শৰাই

১৪ ফেব্ৰুৱাৰী, সোমবাৰ, ২০২৮ চন
শান্তনু বৰুৱাৰ ঘৰৰ দৃশ্য, বৰুৱাৰ মুখেৰে
-----------------------------------------
হেৰা উঠা হে !
মই ওঁ, আ জাতীয় শব্দ দুটামান কৰিলো ৷
আজিৰ দিনটোতনো শুই থাকিব লাগে নে ? সোনকালে উঠা ৷ বহুত কাম আছে ৷
শেষৰ শব্দ দুটাই মোক ভয় খুৱাই দিলে ৷ কি কাৰনে বহুত কাম ওলালে ?
মনত পেলাবলৈ যত্ন কৰিলো যোৱাকালি কিবা বজাৰ-চজাৰ কৰিবলৈ দিছিল নেকি ?
নাই কোনোমতেই মনত নপৰা হল বজাৰ কৰিবলৈ কি দিছিল ৷ মনতে শপত খালো ৫৫ বছৰ ল ৷ আজিৰে পৰা অফিছ আৰু ঘৰ তাৰ মাজত বজাৰখন ৷ সদায়ে কথা পহৰা হৈছো ৷ বজাৰখিনি জমা দিয়াৰ পাছতহে বন্ধুৰ লগ লম ৷ নহলে সদায় বিপদ ৷
আজি বা কি আছে ???
মুখত ব্ৰাছডাল লৈ বাথৰূমৰ পৰা ওলাই আহিলো ৷
দেখিছো এই এচৰীয়া বুট-মগু তিয়াইছে, কল, আপেল মেলি লৈছে ৷
শৰাই দিব ??
কিহৰ শৰাই ???
মনত পৰিল যোৱা দেওবাৰেই বজাৰ কৰোৱাই থৈছিল ৷

চিন্তা কৰিলো সঁচাকৈ আজি আছে কি ?
যোৱাকালি বজাৰ কৰিবলৈ দিওঁতেই একো শৰাইৰ কথা কোৱা নাছিল দেখোন ৷
ওচৰতে বহি আছো ৷
হেৰা......
কি হেৰা হেৰা কৰি আছা ? একো এডাল মনত নাথাকে ! মোৰেই ফুটা কপাল ৷ সেইবোৰ বাদ দিয়া হে ৷ কামকে অকনমান কৰি দিয়া হে ৷
ইছ বৰ বেয়া কথা হল ৷ কি আছিল জানো পায় ???
বাদ দিব লাগিব ৷ হুইস্কি বেছিকৈ খালে হেনো ব্ৰেইনৰ চেলবোৰ বেয়া হৈ যায় ৷ মোক আকৌ মাধবে ৬০ বছৰ পাছতহে বেয়া হয় বুলি কৈছিল ৷ মই সেই কাৰনেহে খাই আছিলো ৷ বাদ দিব লাগিব ৷ এনেয়ে মাধবটো মেডিকেলৰ প্ৰেফেচাৰ হৈছে ৷ একো এটা নাজানে ৷

আপেল এটা হাততলৈ এওঁক সুধিলো,‘হেৰা আজি কিহৰ শৰাই.....
এতিয়াই আপেলটো থোৱা ৷ তোমাৰ একো ঠিক নাই ৷ কথা কৈ কৈ আপেলত কামৰ মাৰি দিবা ৷
আপলেটো থৈ আকৌ সুধিলো,‘মানে মই পাহৰিলো নহয় আজি....
ভেলেন্টাইন ডে আজি ৷
কি ????? পাগল হলা নেকি হে ? ভেলেন্টাইন ডে বুলি শৰাই দিবা ??’
নিদিম কিয় ?? বিয়াৰ ইমান বছৰ হল আজিলৈকে ভেলেন্টাইন ডে বুলি কিবা এটা দিলা নে ? বাদ দিয়া হে ভেলেন্টাইন ডে ৷ যোৱাকালি কিছ জে, তাৰ আগ দিনা হাগ ডে আৰু কিমান কি কি ডে পাৰ হৈ গল ৷ দিলা নে কিবা এটা ??? মই আজি ভেলেন্টাইন ডেত শৰাই দিমেই ৷
এওঁ যি মূৰ্তি ধৰিলে মই ভয়ে খালো ৷
হেৰা নামঘৰলৈ গৈ নামঘৰীয়াক কি বুলি কবা ?? মই তোমাক যোৱাকালি চুমা নাখালো কাৰনে শৰাই দিবলৈ আহিছা ? এটা কথা কিন্তু মই বস্তুখিনিৰ সৈতে তোমাক নামঘৰত নমাইহে দিম দেই ৷ মই নিজেই ভিতৰলৈ যাব নোৱাৰো ৷
হেৰা লাজ নাই তোমাৰ ?? আজি এই ভেলেন্টাইন ডেত এনে কথা কৈছা ? যাবই লাগিব ৷
আৰু শুনা খা খবৰ ৰাখিছা নে নাই ৷ ছোৱালী কলেজলৈ যায় ৷ তোমাৰ কিবা খবৰ আছে জানো ? আজি কালি ইন্টাৰনেটৰ ৰিছাৰ্জৰ কাৰনেও পইছা নিবিচাৰে ৷ মইহে জানো মই কিমান চিন্তাত আছো ৷ তাতে আজি ভেলেন্টাইন ডে !! ছোৱালীজনী ভালে-ভালে ঘৰলৈ আহক ৷ মোৰ কিমান চিন্তা .....

এই বুলি কৈ এওঁ উচুপিবলৈ ধৰিলে ৷
চেহ্ এইবাৰু কবলৈ নাপালো হেপ্পী ভেলেন্টাইন ডে

No comments:

Post a Comment