Saturday 16 February 2013

মোৰ ফাৰ্ষ্ট এন্ড লাষ্ট ষ্টেজ পাৰফৰ্মেঞ্চ



আমি তেতিয়া কলেজত থাৰ্ড ইয়েৰত ৷
অলপ ধমকি দি দিব পৰা যায় ৷ আচলতে দম কটা (Dom Quota)ত বহুত কাম কৰিব পৰা যায়
সেইবাৰ কলেজ উইকত কোৰাছত আমাৰ হোষ্টেল  ফাৰ্ষ্ট হল ৷
গতিকে ফাইনেল ফাংছনৰ দিনা হোষ্টেলৰ কোৰাছেৰেই প্ৰগ্ৰেম আৰম্ভ হব ৷ সেই সময়ত সেইটোৱে  নিয়ম আছিল ৷
মই চিন্তা কৰি চালো, দম কটা লগাব লাগিব, নহলে জীৱনত ষ্টেজত গান গাব নাপাম ৷ লাষ্ট ছাঞ্চ ৷
মই হোষ্টেলৰ কমন ৰূমত কৰিলো ,‘ এইবাৰ কোৰাছ ময়ো গাম !!
লৰাবোৰে মানি ললে ৷

ৰিহাছেললৈ গলো ৷
এক নে দুই মিনিট ৰিহাৰছেল কৰাৰ পাছতে মিউজিক ডাইৰেক্টৰে কলে,‘আপুনি ৰিহাৰছেল নকৰিলেও হ, ফাংছনত গৈ ডাৰেক্ট গাই দিব দিয়ক !
মই,‘হেহ্ পাৰিম জানো তেনেকৈ ? সুৰ তাল নিমিলিলে কি হ?’
মিউজিক ডাইৰেক্টৰ হুমুনিয়াহ এটা কাঢ়ি ক’লে, ‘‘দাদা আপুনি যি পাৰফৰ্মেঞ্চ দিছে তাৰ পৰা আপোনাৰ সুৰ মিলিব নাই বাদ দিয়ক বাকীবোৰ তাল-সুৰ  একো নিমিলা হৈ গৈছে ৷ চিন্তা নকৰিব ৷ আমি লেটেষ্ট টেকনিক ইউজ কৰিম ৷
মই,‘কি?’
মিউজিক ডাইৰেক্টৰ,‘আপুনি মুখেৰে মাত উলিয়াব নালাগে, মাত্ৰ লিপছ মিলাই যাব ৷
মোৰ টেনছন হৈ গ,‘হেহ পাৰিম জানো তেনেকৈ ??? নহলে বাদ দি দিয়া !
মিউজিক ডাইৰেক্টৰ,‘নাই দাদা কি কৈছে?? আপুনি কিয় বাদ দিব?? একো টেনছন নাই ৷ গোটেই গানটো এখন ছাৰ্ট পেপাৰত ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিম আৰু আপুনি সেইবোৰ চাই চাই ওঠ মিলাই যাব ৷ একডম Cool দাদা !!
কথা শুনি দীপৰ বিলৰ পাৰৰ জানুৱাৰীৰ Cool Cool বতৰতো মই ঘামি গলো ৷
ত ফছিলো আহি ??
ষ্টেজত গান গোৱা মিছনটো বাদ দিব ওলালো ৷
লগৰবোৰে নেৰে গাব্বইলাগিহ হেনো ৷
মৰণত শৰণদি পালোগৈ কলেজ অডিটৰীয়াম , ফাইনেল ফাংছনৰ দিনা ৷
গ্ৰীণৰূমত সোমাই দেখো মোৰ কাৰছ পাৰ্টী ৰেডী ৷
ইফালে লগৰ বন্ধু পাৰ্টীও ৰেডি গিলাছপানীৰ বটললৈ ৷ প্ৰগ্ৰেমৰ আগেয়ে অলপ......., তেতিয়া হেনো পাৰফৰ্মেঞ্চ ভাল হব ৷
মই আকৌ বিৰাট ছিৰিয়াছ ৷ গতিকে বহি গলো, বন্ধুৰ সৈতে ৷
এটা সময়ত মিউজিক ডাইৰেক্টৰ, কালছাৰেল ছেক্ৰেটেৰী সকলো আহিল,‘দাদা হল যদি আহক, ফাংছন আৰম্ভ কৰো !
.
..
...
ষ্টেজত উঠি দেখো ছাৰ্ট পেপাৰত লিখা আছে ডাঙৰ ডাঙৰ আখৰেৰে

সুদুৰ সাগৰ সিমনাত............
মই পজিচন ললো, ঠিক ছাৰ্ট পেপাৰৰ সন্মুখত ৷
কোৰাছ আৰম্ভ হ,
গোৱাই গালে, বজোৱাই বজালে, মই লিপছ মিলালো ৷
এটা সময়ত কোৰাছ শেষ হল ৷
কোৰাছৰ দল উংছেৰে গ্ৰীণ ৰূমলৈ গল ৷
মই ষ্টেজৰ মউকত থকা চিৰিৰে দৰ্শকৰ ফালে আগবাঢ়িলো ৷
প্ৰথম শাৰীতে বহি আছিল অপৰাজিতা বাইদেউ ৷
মই তেওঁৰ ফালে বৰ গৰ্বেৰে চালো ৷
বাইদেৱে কলে,‘তোমাৰ পাৰফৰ্মেঞ্চ ভালেই হৈছে কিন্তু  লিপছকেইটা মিলাই দিয়া হলে বেছি ভাল হয় !

No comments:

Post a Comment