আজি অৱশেষত মই নিশ্চিত হ’লো যে মই সঁচাকৈয়ে সাংঘাতিক ধাৰ্মিক প্ৰাণ ৷
কথাটো বুজাই কওঁ শুনক ৷ নিজেই গম পাব মই কিয় কৈছো ৷
নয়ন আৰু ভাস্বতী আমাৰ ঘৰলৈ অহাৰ কথা ৷ মই নয়নক বাটটো বুজাই আছো ৷
‘‘গনেশমন্দিৰ পাৰ হৈ ৰাজধানী মছজিদ পাৰ হ’বা ...........
আহি থাকিবা........

হাতিগাওঁ.......
ভেটাপাৰা চাৰিআলি......
বিদ্যামন্দিৰ পথ.......
তাৰ পাছত এটা গুৰুদ্বাৰা
পাবা......’’
নয়নে মাত লগালে,‘‘দাদা গনেশমন্দিৰ তাৰ পাছত মছজিদ তাৰ পাছ গুৰুদ্বাৰা এতিয়া গীৰ্জা নেকি ?’’
মই হাঁহি মাৰি ক’লো,‘‘গুৰুদ্বাৰা পাৰ হৈয়ে নামঘৰলৈ যোৱা ৫ম উপপথ পাবা ৷ তাতে হাউছ নম্বৰ ২১ ৷’
মোৰ কাৰণেই নয়নৰ আজি সৰ্ব ধৰ্ম তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ হ’ব ৷

( সেইটোৱে
মোৰ ঠিকনা ৷ কেতিয়াবা আহি দেখা দিলে ভাল পাম ৷)
No comments:
Post a Comment