Tuesday 19 February 2013

DGPৰ ভয়ৰ সৈতে Grill সলনি Girl



এবাৰ মোৰ বন্ধু এজনে অসমৰ এজন প্ৰাক্তন DGPৰ সৈতে চেটিং কৰি থাকোতে লিখিলে
‘(নামটো) Sur’
হে প্ৰভু কি হৈ হ’ল!!!!!!!!!!!!!!
ভুল চকুত পৰাৰ লগে লগে বন্ধুৰ বুকু ধিপলিং ধাপলাং কৰিবলৈ ধৰিলে ৷
Sorry Sorry কৈ ৰক্ষা পোৱা নাই ৷
এনে অৱস্থা পাৰিলে ইন্টাৰনেটে দি গৈ ভৰিতে পৰি দিব
‘চাৰ বেয়া নাপাব বেয়া নাপাব, মোৰ ভুল হৈ গ’ল ৷’

DGP চাৰে কৈছে ,‘কি কোৱা হে ?? তোমাৰ কথা শুনি ময়ে ঘামি গ’লো ৷ DGPক চোৰ বুলি কৈ দিলা ৷ মই ক’ত, কেতিয়া কি চুৰ কৰিলো ভাবি ৰক্ষা পোৱা নাই ৷ এতিয়াহে বুকুৰ ধপধপনি কমিছে ৷’

বন্ধুৱে কথাটো কোৱাৰ পাছত মোৰ মনত পৰিল বেলেগ এটা কথা ৷
মই তেতিয়া ঠিকা কৰো ৷
এবাৰ মুখ্য প্ৰবন্ধক, ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰনলৈ এখন চিঠি দিছিলো ,
Dear Sir,
..
….
So in view of the above I request you a provide a girl.
..
Thanking you
Pratibhu Dutta

ৰাথোৰ চাহাবে মোক সুধিলে,‘‘আপ লেড়কী লে কে ক্যা কৰ’গে ?’’
তেতিয়াহে দেখিলো grill খন girl হৈ থাকিল ৷

4 comments:

  1. কৃষ্ণ, চিঠিখন লেখি থকাৰ সময়ত মনটো বেলেগ কৰবাত আছিল যেন পাওঁ দেই...হি হি হি:P

    ReplyDelete
  2. স্পুনাৰিজম নে কি নেকি এইটো??

    ReplyDelete