Tuesday, 5 February 2013

ৰায়পুৰত ছিকেন ৰোল



অবশেষত আমাৰ বম্বে যাত্ৰাৰ অন্ত পৰিল আমাৰ মানে মই আৰু মোৰ বহু অভিযানৰ বিশ্বস্ত সংগী অনুজ প্ৰতিম বন্ধু এজন, নবীন তেওঁ মোৰ ৰুমমেট আছিল AEC থকা কালত দুয়ো ৰৈ আছো ছত্ৰপতি শিবাজী টাৰ্মিনাছত আমাৰ কলিকতা অভিমুখি যাত্ৰাৰ বাবে
দুয়ো ৰোমন্থণ কৰি আছো আমাৰ বম্বে যাত্ৰাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা বহুত নতুন কথা শিকিলো : বম্বেখন আমাৰ গাওঁখনতকৈয়ো সৰু (!), গাভাস্কাৰলিটিল মাষ্টানহবওঁ পাৰে (!) আৰু সবাতোকৈ ডাঙৰ শিক্ষাটো সুন্দৰী গাভৰুৱে দুই এষাৰ কথা ভালকৈয়ে পাতিলে বুলিয়ে গাঠিৰ ধন ভাঙি গুৱাহাটিৰ পৰা বম্বেলৈ প্ৰেম নিবেদন কৰিবলৈ যোৱাটো মুৰ্খামিৰ আন এটা নামহে মাথো (!)

সময়মতেই ৰেল চলিবলৈ আৰম্ভ কৰিলে ৰাতিৰ কথা, মই সোনকালেই আপাৰ বাৰ্থত উঠি শুবলৈ সাজু লো ভালেকুশলে বচাই অনাৰ বাবে নেদেখাজনক সেৱা এটা জনালো
মই চকু দুটা মুদি মোৰ ৰুমমেটটোৰ কথা ভাবিবলৈ ধৰিলো সি আমাতকৈ এবছৰ সৰু মোৰ মনত আছে দিনেশে যেতিয়া তাক ৰেগিঙৰ সময়ত “Ohm’s Law”টো বলৈ কৈছিল তেতিয়া নবীনে কিবাবৈভব, বৈভববুলি কৈ আছিল তাৰ পাছত সি আমাক বুজালে তাৰ   নৰমেল বডি টেম্পেৰেছাৰ হেনো ৯৬ ডিগ্ৰী ফাৰহেনাইট    পানবজাৰৰ পৰা হিকছৰ থাৰ্মমিটাৰ এডাল আনি হেনো সেইটো প্ৰমানো কৰি দিব পাৰিব  মই  বুজিছিলো এদিন নবীন এজন চমৎকাৰী ব্যক্তি গৈ তেতিয়াৰে পৰা তাৰ আৰু মোৰ মাজত  ফেভিকল টাইপ যোৰা এটা লাগিল সময় যোৱাৰ লগে লগে আমি সকলোৱে বুজিছিলো নবীনে কৰিব নোৱাৰা কাম বৰ কম আছিল
ৰাতিপুৱা চকু মেলি দেখো নবীনে উনডছিটত বহি আপোন ভোলা হৈ বাহিৰলৈ চাই আছে মই মুখহাত ধুই মুখামুখিকৈ বহি লো অলপ পৰ মনে মনেৰৈ মই কিতাপ এখন উলিয়াই লৈ পঢ়িবলৈ ধৰিলো কিন্তু মোৰ চকু, মনযোগ সকলো নবীনৰ ওপৰত যিমানে সময় গৈছে উৎকন্ঠা সিমানেই বাঢ়িছে কথাটো কি ??? নবীন এক ঘন্টাৰ ওপৰ সময় কেনেকৈ একে ঠাইতে বহি আছে ??? মাতবোলো নাই কেনেবাকৈ বাৰু তাৰ টেম্পেৰেছাৰ  ৯৬ ডিগ্ৰী ফাৰহেনাইটতকৈ তললৈ নামি নেকি ??? মোৰ মনত বহুতো চিন্তাই বাহ লে সেইযে দেৱালীত বম এটাত জুই লগাই দিয়াৰ পাছত ফুটিব ফুটিব বুলি ৰৈ থাকোতে যি অৱস্থা হয় মোৰো তেনে বলৈ ধৰিলে সি একো এটা নকৰাও আৰু তাক কিবা এটা সুধিলেও বিপদ, সি জপিয়াই উঠিব
অপেক্ষাৰ অন্ত পৰিল নবীন থিয় হল ৷ তাৰ পাছত শুৰু হল নবীনৰ নতুন ৰূপ ৷ ষ্টেছনত ৰেল ৰখিবলৈ নাপায়ে, নবীন টাৰ্জানটোহৈ জপিয়াই নামি যায় ৷ তাৰ পাছত প্লেটফৰ্মত তহলি ফুৰে ৷ WHEELERSত হিন্দি আলোচনীৰ পাত লুটিয়াই, মধুৰী আমৰ দৰ দাম কৰে, ধুনীয়া ছোৱালী (?) দেখিলে ৰলাগি চাই থাকে আৰু ৰেলখন চলিবলৈ ধৰিলে আকৌ টাৰ্জানটো হৈ জাপ মাৰি ৰেলখনত উঠেহি আৰু মই ?? ৰেলখন চলিলেই দৌৰ মাৰিব লাগে দৰ্জাৰ মুখলৈ, তাক চিঞৰ মাৰিবলৈ
সেইখিনিলৈকে  মোৰ বিশেষ আপত্তি নাছিল নবীনে প্লেটফৰ্মত দৰদাম কৰে বস্তুৰ ঠিক আছে,  কিন্তু সি প্লেটফৰ্মত যেতিয়া কিবাকিবি কিনে সেই দৃশ্যটো বৰ লাজ লগা ধৰনৰ আছিল ৷ সি প্ৰথমে লং পেন্টটো খোলে, তাৰ পাছত পেন্টৰ তলত থকা পায়জামাৰ ৰছিডাল টান মাৰে আৰু তাৰ পাছত  ৰবাৰ পৰা  পাৰ্ছটো উলিয়াই আনে ৷ উপায় নাপাই এবাৰ তাক কলো,‘‘নবীন তই যদি পইছা পেন্টৰ পকেটত ৰাখিব নোৱাৰ তেনেহলে মোক দে নহলে চুটকেছত ৰাখ ৷ কিন্তু মানুহৰ আগত তেনেকৈ পায়জামা খুলি নাথাকিবি ! কি এনেকৈ পইছা উলিয়াই থাকনো ?’’
তাক আৰু এটা ৱাৰ্নিং দিলো,‘‘শুন, তই আৰু কোনো ষ্টেছনতে নামিব নোৱাৰ মই বাৰে বাৰে তোক মাতিবৰ কাৰনে দৰ্জাৰ মুখলৈ দৌৰিব নোৱাৰো বুজিলি নে?’’
নবীনে মুৰটো দুপিয়ালে কি বুজিলে সিহে জানে ৰেল আহি পালেহি বিলাসপুৰ নবীন থিয় মই,‘‘ যাৱ ?’’
নবীন,‘‘কিবা এটা নাখায় নেকি ?’’
খঙে আহি চুলিৰ আগ পালে ৷
তাক চিঞৰি কোৱাৰ দৰেই ক’লো,‘‘
নামিব নোৱাৰ বুলি কৈছো নহয় ! পেন্ট্ৰী কাৰত যি লাগে তাকেই পাবি বহি থাক ’’
নবীন,‘‘কি খাব কওঁক ছিকেন ৰোল ?’’
মই বুজিলো অকৰা মৈত উঠিল এতিয়া ছিকেন ৰোল নোখোৱালৈকে ৰক্ষা নাই
মই পঢ়ি থকা কিতাপখনৰ পৰা মুৰ নোতোলাকৈয়ে শেষ চেষ্টা এটা কৰি চালো,‘‘মই কিন্তু তোক মাতিবলৈ দৰ্জাৰ মুখলৈ দৌৰিব নোৱাৰো !’’
কিতাপৰ পৰা মুৰ তুলি দেখো নবীন প্লেটফৰ্মত ৷
মই Robert Ludlum  Apocalypse Watch পঢ়াত ব্যস্তহৈ পৰিলো ৰেল চলিবলৈ ধৰিলে কিছু সময় পাৰহৈ নবীন নাই দেখো !! কথাটো কি ?? ইফালে সিফালে চাবলৈ ধৰিলো
কাষৰ আপাৰ বাৰ্থ শুই শুই গৈ থকাজনে মোক সুধিলে,‘‘সাথীকো ধুন্ড হে ’ ?’’
মই লো,‘‘হাঁ হাঁ !!’’  
তেওঁ লে,‘‘ৱহতো বিলাসপুৰ মে হি ৰেহ গায়া ৷’’
সেইটোক দুপাট কাণতলীয়া সোধাই দিবৰ মন তই যদি কথাটো জানাছিলিয়ে আগতেই কোৱা নাছিলি কেলৈ ?? এশ কিলমিটাৰ ৰেল চলাৰ পাছত এতিয়া কাৰ মাথাটো কৰিবলৈ কৈছ ???
মই অলপ চিন্তাত পৰিলো কি কৰা যায় বাৰু ??? মোৰ কাষৰ ছিটত বহি থকা ভদ্ৰলোকজনে  কাম কৰে এভাৰেডি বেটেৰীত, এসময়ত তিনচুকিয়াত আছিল দুই এটা অসমীয়া জানে মোক উপায় দিলে,‘‘একো কথা নাই আপুনি আৰু মই ইয়াৰ পাছৰ ষ্টেছন ৰায়পুৰ জংছনত  ষ্টেছন মাষ্টৰৰ ওচৰলৈ গৈ বিলাসপুৰ ষ্টেছনত এটা এনাউঞ্চমেন্ট কৰি দিবলৈ ৰিকুৱেষ্ট কৰিম ’’
মই
আচৰিত হৈ সুধিলো,‘‘কিহৰ এনাউঞ্চমেন্ট ?’’
এভাৰেডিৰ এজিকিউটিভ,‘‘এনাউঞ্চমেন্টত কৈ দিলেই আপুনি কলিকতাত থাকিব, আপোনাৰ বন্ধুৱে গৈ তাতেই আপোনাক লগ কৰিব গৈ ’’
মই অলপ পৰ চিন্তা কৰি পালো যে এইটোৱেই আটাইতকৈ ভাল সমাধান
কাৰন ৰেলৰ টিকেট মোৰ লগত আছে, মোৰ টকা পইছা মোৰ লগত আছে, নবীনৰ টকা পইছা তাৰ পায়জামৰ ভিতৰত কৰবাত আছে আৰু কলিকতাত আমি উঠিম গৈ তাৰ মামাকৰ ঘৰত মনতে ভাবিলো,‘‘ইয়েছছছছছছছছছছছছ!!’’
ৰেল আহি ৰায়পুৰ সোমাইছেহি মই আৰু  এভাৰেডি ৰেডি হৈ আছো দৰ্জাৰ মুখত ৰেল ষ্টেছনত ৰখিব আৰু আমি দৌৰিম  ষ্টেছন মাষ্টৰৰ ওচৰলৈ ৰেল ৰখিল আৰু আৰম্ভ আমাৰ দৌৰ হঠাতে মাইকত শুনিলো মোৰ নাম, ঠিকনা আদিৰ ঘোষনা কৰিছে আৰু কিবা কিবি কৈ আছে ভালকৈ শুনি বুজিলো নবীনে বিলাসপুৰৰ ষ্টেছন মাষ্টৰৰ যোগেদি সেই কামফেৰা কৰোৱাইছে লগতে বুজিলো নবীন পাছৰ ৰেলখনেৰে ৰায়পুৰ পাবহি, গতিকে মই ৰায়পুৰতে ৰেলৰ পৰা নামি যাব লাগে এইবাৰ আৰম্ভ আমাৰ উভতনি দৌৰ
নিজৰ ছিট পাই বেগ কেইটা টান মাৰিলো উৱা!! এইবোৰ কোনে লগালে ?? গোটেই বেগকেইটা এডাল লোৰ শিকলিৰে অকাই পকাই বান্ধি থোৱা আছে আৰু শিকলিডাল ছিটৰ তলত থকা লোহাৰ ৰড এডালত এটা প্ৰকান্ড তলাৰে সৈতে কপকপীয়াকৈ লাগি আছে মৰিলো এতিয়া ! তলাৰ চাবিটো বিলাসপুৰত আছে কি কৰা যায় এতিয়া ? এভাৰেডিৰ ভদ্ৰলোক আকৌ নামিল উদ্ধাৰ অভিযানত পেন্ট্ৰী কাৰৰ পৰা ১২০ টকা দি কাঠ এচপৰা আৰু ভোটা দা এখন আনিলে
আৰম্ভ শিকলি কটা, তলা ভঙাৰ পৰ্ব চকুৰ আগত ভাহি উঠিল হিন্দি চিনেমাৰ সেই চিৰ পৰিচিত দৃশ্য : বম ফুটিবৰ হৈছে, টিক টক টিক টক ঘড়ীৰ শব্দ ! কিন্তু শিকলি , তলা একো খোল নাখায় মোৰো একেই অবস্থা : ৰেল যায় যায়, কিন্তু শিকলি , তলা একো খোল নাখায়
অৱশেষত যেনিবা খোল খালে, কোনোমতে বেগকেইটা উদ্ধাৰ কৰি চলি থকা ৰেলৰ পৰা জপিয়াই দিলো প্লেটফৰ্মত বেগকেইটা থৈয়ে আৰম্ভ দৌৰ, এইবাৰ ৰেলৰ লগে লগেএভাৰেডিৰ ভদ্ৰলোকক ১২০ টকা ওভটাই দিবলৈ
আৰম্ভ নবীনৰ ৰেলৰ অপেক্ষা এক নম্বৰ প্লেটফৰ্মৰ বেঞ্চ এখনত বহি আছো ৷ বিলাসপুৰৰ ফালৰ পৰা অহা ৰেল দেখিলেই মুৰ তুলি চাওঁ ৷ কিন্তু নবীন নানামেহে নানামে ৷ আবেলিৰ পৰা গৈ গৈ ৰাতি বাজিল নবীনৰ দেখা দেখি নাই মই বেঞ্চখনত বহি বহি জল্পনা কল্পনা কৰি আছো নবীনক কেনেকৈ মাৰিমগুলি মাৰিলে ভাল নে হাওড়া ব্ৰীজৰ পৰা ঠেলা মাৰি দিলে ভাল !
শেষত এখন ৰেলৰ পৰা নবীন নামিল ইফালে সিফালে চাই চাই মোৰ আগেদিয়ে পাৰ হৈ ময়ো নামাতো বুলিয়ে নামাতিলো সি পাৰ হৈ যোৱাৰ পাছত মাত লগালো,‘‘নবীন ’’
সি ঠাইতে ৰৈ ঘুৰি আহি মোৰ ওচৰ পালেহি
বিষ্ফুৰিত নেত্ৰ মানে কি  সেইদিনা তাৰ চকু দুটা দেখিহে বুজিলো !
নবীনৰ মুখেৰে ওলাল,‘‘বাচিলো !’’
সি মোলৈ পেকেট এটা আগবঢ়ালে এটা কাগজৰ পেকেট পেকেট খুলিয়ে মোৰ মুখৰ পৰা ওলাল,
‘‘তই
এই দুটা কিয় লৈ ফুৰিছ ????????????????’’
নবীন,‘‘হাত ঘড়ীটো আৰু এই দুটাৰ বাহিৰে মোৰ হাতত এটা ফুটাকড়ীয়ো নাই আপোনাৰ কথা মতে মই টকা পইছা বেগত ভৰাই থৈছো সেই কাৰনে জনতা ৰেলৰ গাৰ্ডৰ দবাত বহি আহিব লগা যদি আপোনাক ইয়াত লগ নাপালো হয় মই তেতিয়া ঘড়ীটো বিক্ৰী কৰি কলিকতালৈ এটা টিকট কৰিলো হয় (ৰোল দুটা জোকাৰি জোকাৰি) এটা ছিকেন ৰোল আজি খালো হয় আৰু আনটো ৰোল কাইলৈ !!’’

No comments:

Post a Comment