Sunday 10 February 2013

lnc korile

ফেছবুকত চিনাকী হোৱা ছোৱালী এজনী ৷
আছে ফ্ৰেন্ডছ লিষ্টত ৷
কথা বতৰা হোৱা নাই ৷
আজি হঠাতে মেছেজ দিলে - lnc korile

মই ভাবিলো,‘ফছিলো বাপ্পেকে !!’
lnc korile মানে ইঞ্চিয়ুৰেনচ কৰিলো নে নাই সুধিছে ৷
কি কওঁ এতিয়া ??
নাই কৰা বুলি ক’লে ক’ব,‘নাই যেতিয়া এটা কৰক দাদা ৷’
কৰিছো বুলি ক’লে ক’ব,‘আছে যেতিয়া আৰু এটা কৰক দাদা ৷’
মাৰ্ছ মাহ পালেহি যেতিয়া ক’ত সুদাই এৰিব ৷
এবাৰ ভাবিলো ব্লক কৰি দিওঁ নেকি ?

তথাপিও সাহস কৰি সুধিলো,‘lnc mane ki?
একো উত্তৰ নাই ৷
আকৌ সুধিলো,‘lnc mane ki?
একো উত্তৰ নাই ৷

তাৰ অলপ পাছতে উত্তৰ আহিল,‘‘moi xudhisu lunch korile?"

No comments:

Post a Comment