১৯৭৬ চনৰ কথা ৷
অস্থায়ী আৱাসিক এলেকা, চালাকাটি, বঙাইগাওঁ তাপ বিদ্যুৎ কেন্দ্ৰ ৷
আমি নতুনকৈ আহি থাকিবলৈ লোৱা আৱাসিক এলেকাটোত এটা আচহুৱা খেল দেখা পালো ৷ মই খেলটোনো কেনেকৈ খেলিব লাগে তাৰ বিষয়ে একো বুজি পোৱা নাছিলো ৷ তথাপিও মন্ত্ৰমুগ্ধ হৈ চাই ৰৈছিলো ৷
মোৰ সম্পূৰ্ণ বিশ্বাস হৈছিল যে এই খেলটো মই আয়ত্ত কৰিব পাৰিম ৷ মই আন এটা ধাৰণা (বহু পাছত গম পালো ভুল ধাৰণা) কৰি ল’লো যে এই খেলটো খেলিলে শাৰীৰিক আঘাত পোৱাৰ ভয় অকনো নাই!!!!!!
আক-তাক সুধি মই খেলটোৰ বিষয়ে দুই-এটা তথ্য গোটালো ৷
ক্ৰিকেট ৷
খেলটোৰ নাম ক্ৰিকেট ৷
লগতে গম পালো উইকেট মানে কি, বাউন্ডেৰী মানে কি, চিক্সাৰ মানে কি, ৰাণ মানে কি, আউট কেনেকৈ হয় ইত্যাদি ইত্যাদি ৷
আটাইতকৈ ডাঙৰ ক্ৰিকেট খেলটোৰ উদ্দেশ্যটো বুজিব পাৰিলো যেন লাগিল ৷
বেট আৰু ৰবৰৰ বল গোটাই ল’লো ৷
বুবু, জয়, শিবেশ, ঋতুৰাজ, চিকু, ৰাজীব, কনক, পদম সিং আৰু কেইবাটাও ল’ৰাৰে এটা দল গোট খালে ৷ মোৰ মতে পদমে লাছিথ মালিংগাতকৈ বহু ভাল শ্লিংগাৰছ মাৰিছিল ৷
মোৰ ক্ৰিকেটাৰ জীৱনৰ আৰম্ভ হল ৷ হাতত বেটলৈ যেতিয়া মই ৰবৰৰ বল সজোৰে মাৰি পঠিয়াব পাৰিলো তেতিয়াই মোৰ এটা বিশ্বাস হ’ল এদিন মই এজন সুনিপুন ক্ৰিকেটাৰ হব পাৰিম ৷ তেতিয়ালৈকে মই এই কথাটো জনা নাছিলো ক্ৰিকেট খেল প্ৰকৃততে কাঠৰ বল এটাৰেহে খেলে ৷ তেনে বুলি জনা হলে ছাগৈ মই কাহানিও ক্ৰিকেট নেখেলিলোহেতেন !
ফটোৰ উৎস : collectorsprints.com |
আমাৰ খেল ঠিকেই চলি আছিল ৷ হঠাৎ এটা কেনা লাগি গল ৷ আমাৰ দললৈ বিতু নামৰ নতুন এটা ল’ৰা আহিল ৷ বিতুৰ ক্ৰিকেটৰ জ্ঞান দেখি আমাৰ ধাৰণা এটা হ’ল সি খেলটোৰ এজন বিশেষজ্ঞ |
বিতুৱে আমাক জনালে ক্ৰিকেট খেলটোত আৰু এটা ঘটনা ঘটিব পাৰে যাক কোৱা হয় “অ’ভাৰ বাউন্ডেৰী” ৷ বিতুৱে অ’ভাৰ বাউন্ডেৰীৰ নাম লোৱাৰ লগে লগে আৰু দুটামান ওলাল অ’ভাৰ বাউন্ডেৰীৰ নাম আগতে শুনা ৷ পাহিৰ আছিলে হেনো ইমান দিনে ৷
কিন্তু আমাৰ সাংঘাতিক সমস্যা হ’ল ৷ নামহে শুনিছে হেনো ৷ আৰু একো নাজানে ৷
এই “অ’ভাৰ বাউন্ডেৰী” হব কেনেকৈ আৰু এই “অ’ভাৰ বাউন্ডেৰী” হৈ যোৱাৰ পাছত ৰাণ কিমান পোৱা যাব ?
গতিকে মেৰিলিবন ক্ৰিকেট ক্লাব আমি চালাকাটিতে খুলিলো ৷
ক্ৰিকেটৰ নতুন নতুন নিয়ম উলিয়ালো :
নিয়ম ১ : বল চুচৰি, চুচৰি সীমা পাৰ হ’লে বাউন্ডেৰী বুলি কোৱা হ’ব ৷ “বাউন্ডেৰী”ত ৪ ৰাণ পোৱা যাব ৷
নিয়ম ২ : মাটিত নপৰাকৈ সীমা পাৰ হ’লে অ’ভাৰ বাউন্ডেৰী বুলি কোৱা হ’ব ৷ “ছিক্সাৰ”ত ৬ ৰাণ পোৱা যাব ৷
নিয়ম ৩ : বলটো মাটিত এবাৰ বা দুবাৰ মান পৰি সীমা পাৰ হ’লে অ’ভাৰ বাউন্ডেৰী বুলি কোৱা হ’ব ৷ “অ’ভাৰ বাউন্ডেৰী”ত ৫ ৰাণ পোৱা যাব ৷ white ball (পাছলৈ wide ball বুলি কৈছিলো ), LPW (পাছলৈ LBW বুলি কৈছিলো ) ত থকাৰ দৰেই “অ’ভাৰ বাউন্ডেৰী’’ৰ ক্ষেত্ৰটো আম্পায়াৰৰ হাতত থাকিব সম্পূৰ্ণ অধিকাৰ ৷
(মোৰ মনত পৰা মতে ১৯৭৮ চন মানতহে ছিক্সাৰ আৰু অ’ভাৰ বাউন্ডেৰীক একেটা কথা বুলি ঘোষণা কৰা হৈছিল)
No comments:
Post a Comment