Monday 11 February 2013

তুমি বমি কৰিবাই নি

শিলচৰত অভ্যৰ্থনা চলি আছে ৷
এগৰাকী বৃদ্ধাই মোক প্ৰশ্ন কৰিলে,"তুমি বমি কৰিবাই নি ?"
মই কলো,"নাই নকৰো ৷"
বৃদ্ধাই আকৌ প্ৰশ্ন কৰিলে,"তুমি বমি কৰিবাই নি?"
মই কলো ,"নাই নকৰো , কিচ্ছু খোৱ৷ই নাই বমি কিয় কৰিম ৷"
বৃদ্ধাই মানি লোৱা নাই কথাটো ৷
আকৌ প্ৰশ্ন কৰিলে,"তুমি বমি কৰিবাই নি?"
মাথা বেয়া হৈ গৈছে ৷ ভাবিলো বঙালীত ক’লে বুজি পাব ৷
এইবাৰ মই যিমান বঙালী ভাযা জানো তাৰ সমস্ত জ্ঞান গোটাই লো,‘'না না আমি কেন বমি কৰিম বৌদি ? কিচ্ছুতেই নকৰো ৷’’

তেনেতে মোৰ বাংলাভাষী শালপতিয়ে আহি মোক উদ্ধাৰ কৰিলে,‘‘ভিনি, আইতাই আপুনি বমি কৰিব নে নাই সোধা নাই ৷ তেখেতে  বেলেগ কথা এটাহে সুধিছে আপোনাক ৷’’
শালপতিয়ে বৃদ্ধাক বুজাই দিলে,‘‘না গঠাকুর মা, হেরা বৌমিকের (ভৌমিকের) বাই (ভাই) না, হে গৌহাটীর অন্য মানুষ ৷’’
তাৰ পাছত মোক বুজালে বৃদ্ধাই হেনো সুধিছে মই কোনোবা ভৌমিকৰ ভাই নেকি ?

(বন্ধু উজ্জল সন্দিকৈৰ দেৱালত থকা কথাখিনিকে মই মাথো অসমীয়া আখৰত টাইপ কৰিছো)

No comments:

Post a Comment