মোক চিনি পাইছা নে ?? নাই পোৱা ??
মোক ধৰিব পাৰিছা নে ?? নাই পৰা ???
মই কোন কোৱাচোন !!! ক’ত পাৰিবাহে ক’বলৈ ? আহ যাহেই নাই !
বিয়া, সভা, মেল, মিটিং, অফিছ, কাছাৰী সকলোতে মোক বহুতেই তেনেকৈ প্ৰশ্ন কৰে ৷
বেছি ভাগ সময়ত মইনো কি উত্তৰ দিম নুশুনি উত্তৰো নিজেই দিয়ে ৷
এনেকুৱা নহয় যে মই প্ৰশ্ন কৰোতাক চিনি পোৱা নাই ৷
সঁচা কথা ক’বলৈ গ’লে তেখেতক দেখাৰ লগে লগেই, তেখেতে প্ৰশ্ন কৰাৰ বহু আগতেই, মোৰ মস্তিস্কই তেখেতৰ বিষয়ে মই জনা সকলো তথ্য খুচৰিবলৈ আৰম্ভ কৰে ৷ কোনটো কোষতনো সেই তথ্যবোৰ জমা হৈ আছে সেই কোষটো বিচাৰিবলৈ ধৰে ৷ প্ৰায়ে বিচাৰি পায় যায় বহু তথ্য ৷
কিন্তু মোক যদি সুধি দিয়ে
‘‘মোক চিনি পাইছা নে ?? নাই পোৱা ??
মোক ধৰিব পাৰিছা নে ?? নাই পৰা ???
মই কোন কোৱাচোন !!! ক’ত পাৰিবা ক’বলৈ ? আহ যাহেই নাই !’’ তেনেহ’লে তৎক্ষনাতে মোৰ মস্তিস্কত খেলিমেলি কিবা খেলিমেলি লাগি যায় ৷
হয়তোবা তথ্য জমা কৰি ৰখা কোষটোকে বিচাৰি নাপায়, নহয় তথ্য পৰিবাহী স্নায়ুডালৰ কিবা বিজুতি ঘটে ৷
‘লিংক ফেইল’ হয় ৷

মই স্বীকাৰ কৰো মই মনত পেলাব নোৱাৰাৰ বাবে বৰ হতাশ হৈ যাওঁ ৷
হতাশ হৈ যাওঁ,
কাৰন মই কিবা এটা নোৱাৰিলো
কাৰন কোনোবা এজনৰ মনত ছাগৈ দুখ দিলো
কাৰন তেখেতৰ সৈতে ছাগৈ মোৰ কিমান স্মৃতি সাঙোৰ খাই আছে
কাৰন ……
মই কিন্তু তেনে পৰিস্থিতিত প্ৰশ্ন কৰোতাজননো কোন সেই কথা জানিবলৈ যত্ন নকৰো ৷
সেই সময়ত মই অনুমান কৰিবলৈ যত্ন কৰো মই তেখেতক চিনি নোপোৱাৰ বাবে তেখেতৰ প্ৰতিক্ৰিয়াটো কেনে ধৰনৰ হৈছে ৷
প্ৰশ্ন কৰোতাসকলৰো প্ৰতিক্ৰিয়া বেলেগ বেলেগ ধৰনৰ হয় ৷
বহুজন আছে যি সঁচাকৈয়ে মনতে বেজাৰ পাই মই পাহৰি যোৱাৰ বাবে ৷
তেনে ক্ষেত্ৰত বেছি ভাগ সময়তে মই কৈ দিওঁ,‘‘হয় মই পাহৰিছো ’’ বা তেখেতেই দি দিয়ে নিজৰ পৰিচয় ৷ তাৰ পাছত বৰ উৎসাহ বৰ আগ্ৰহেৰে কথা পাতো ৷
বহু সময়ত আকৌ এনে অনুমান হয় মই চিনি নোপাৱাৰ বাবে প্ৰশ্ন কৰোতাজনে মনতে বেয়া পাইছে কিন্তু মই যদি কওঁ, ‘হয় মই পাহৰিছে’ তেতিয়া আৰু বেয়া পাব ৷ হুলস্থুল কৰিব ৷ মনে মনে থাকি আকৌ মস্তিস্কৰ কোষবোৰ খুচৰিবলৈ ধৰো ৷ তেখেতকো টুকুৰিয়াবলৈ ধৰো কিজানিবা কিবা এটা সম্ভেদ পায় যাওঁ ৷ কেতিয়াবা সফল হওঁ, মনত পৰি যায় কাৰ লগত নো কথা পাতি আছো ৷ কেতিয়াবা ধৰা পৰি যাওঁ ৷ যোৱা ২৫ জানুৱাৰীৰ দিনা নৱজিৎ শইকীয়াক চিনি নাপালো ৷ হয় তাৰ সৈতে মই একেলগে ৪ বছৰ একেখন কলেজতে আছিলো ৷ Control System, Digital Electronics আদি পেপাৰবোৰৰ ক্লাছো একে লগে কৰিছিলো ৷ ফেছবুকতো কথাবতৰা হৈ থাকো ৷ কিন্তু যি সময়ত সি মোক দেখি খেদা মাৰি আহিলে,‘‘আৰে প্ৰতিভূ দেখোন’’ বুলি মোৰ মস্তিস্কৰ ‘লিংক ফেইল’ হৈ গ’ল ৷ নোৱাৰিলো ভাবি উলিয়াব ৷ নৱই পাছে বেছি সময় খৰছ নকৰি কৈ দিলে,‘‘মই নৱ ৷’’

কিছুমান এনে প্ৰশ্ন কৰোতা থাকে আকৌ যাক দেখিলে লাগে তেওঁলোকে যেন মই পাহৰি যোৱাৰ কাৰনে বৰ ভাল পাইছে ৷ নাপাবও পাৰে, মোৰ কেনেকুৱা লাগে তাকেহে কৈছো ৷ কিয় জানো ভাব হয় বৰ উৎসাহিত হৈ যায় দেখোন তেওঁলোক ৷
সোধে,‘‘নাই পোৱা চিনি ৷’’
মই মুৰ জোকাৰি কওঁ,‘‘নাই পোৱা চিনি ৷’’
কেই ডেছিবেলমান বঢ়াই আকৌ সোধে,‘‘নাই পোৱা চিনি ৷’’
মই মুৰৰ জোকাৰণি অকনমান বঢ়াই কওঁ,‘‘নাই পোৱা চিনি ৷’’
ডেছিবেল যিমানে বাঢ়ে মোৰ মুৰৰ জোকাৰণিও সিমানে বাঢ়ে ৷
তেওঁলোকে যদি মই কথা পাহৰা কথাটোত আনন্দ পাব পাৰে মইনো তেওঁলোকৰ আনন্দত চেচাপানী কিয় ঢালিব নোৱাৰিম ?
এটা সময় এনে আহে গৈ যে হয় তেওঁলোকে নিজৰ ডেছিবেল বঢ়াবলৈ সংকোছ কৰে নহয় মোৰ মুৰৰ জোকাৰণি দেখি ভয় খায় ৷ তেতিয়া আৰম্ভ কৰে নিজৰ পৰিচয় দিবলৈ ৷ মই কিন্তু লগে লগেই মোৰ চকু-কান-নাক সকলো বন্ধ কৰি দিওঁ ৷ মস্তিস্ক হৰতাল !
যিমান মন যায় বুজাই থাকক ৷ মই কিন্তু নুবুজো তেওঁলোকনো কোন ৷ মনত পৰিলেও, চিনি পালেও নকওঁ,‘‘মনত পৰিছে বা চিনি পাইছো’’ বুলি ৷
যদি নিজৰ পৰিচয় নিজে জানেই তেনেহ’লেনো প্ৰথমবাৰ মই ‘চিনি পোৱা নাই’ বুলি কওঁতেই কৈ নিদিলে কিয়,‘‘মই অমুক ৷’
খেল আৰম্ভ হ’লেই, সকলোকে জনায়ে দিলে মোৰ কথা মনত নাথাকে ৷ এতিয়া মই মনত নেপেলাব মন নাই !!
কেতিয়াবা অৱশ্যে কথা বেছি দূৰলৈ গৈছে যেন লাগিলে কওঁ,‘‘ধেই ধেমালি কৰি আছিলো ৷ কিয় চিনি নাপাম বাৰু ?? আৰু বাকী খবৰ ?’’
তেনে পৰিস্থিতিত পাছে খবৰ আদান-প্ৰদান বৰ বেছি নহয় গৈ ৷
আপুনি এইটো পঢ়ি উঠি ভাবিব পাৰে,‘‘আজি প্ৰতিভূৰ হ’ল কি ?? কাম নাই এনেয়ে লিখি দিলে ৷’’
আচলতে আজি দুদিনমান ধৰি মই ভালেমান কেইজনমান চিনি পাব লগা মানুহক চিনিয়ে নাপালো ৷ বাকী সকলো কথা মনত থাকে ৷ কেলকুলাছৰ ফৰ্মূলা, আন কাৰোবাৰ গাড়ীৰ নম্বৰ, বিভিন্নজনৰ ঘৰৰ ঠিকনা, কৰিবলৈ বাকী থকা কাম, ….
মই কিন্তু চেহেৰাবোৰ মনত ৰাখিব নোৱাৰো ৷ কিয় তেনে হয় জানো পায় ?
চেহেৰা চিনি নোপোৱাৰ দুটামান উদাহৰন দিওঁ ৷
১ নং উদাহৰনঃ বৰ্ফীখন চাই নামি আহিছো ৷ মনতে ভাবিছো,‘‘কোন জানো এই ঝিলমিল চেটাৰ্জী ?? বৰ ভাল এক্টিং কৰিছে ৷’’ পাছত মানুহে কথা পতা শুনিহে গম পালো সেইয়া হেনো প্ৰিয়ংকা চোপ্ৰা !
২ নং উদাহৰনঃ বহু বহু বছৰ আগৰ কথা ৷ মই তেতিয়া কলেজত ৷

বন্ধুত ঘৰলৈ গৈছো ৷
এটা ৪/৫ বছৰীয়া বেছ স্মাৰ্ট ল’ৰাই মই চাইকেলেৰে গৈ থকা দেখি ক’লে,‘‘দাদা ঘৰত থৈ আহিবা নেকি ?’’
ভালকৈ চাই দেখিলো,‘‘অ’ অমুকৰ ল’ৰা !’’
তাক চাইকেলত তুলি লৈ
গৈ আছো ৷
এপাকত সি চিঞৰিবলৈ ধৰিলে,‘‘আমাৰ ঘৰ সৌফালে সৌফালে ৷’’
মনতে ভাবিলো,‘‘এই সৰু সৰু ল’ৰাবোৰে কি কি যে ভাবি থাকে নহয় !!!’’
পালো গৈ লৰু ল’ৰাটোৰ ‘ঘৰ’ ৷ তাৰ ‘মাক’ ভিতৰৰ পৰা ওলাই আহি এবাৰ মোৰ ফালে চাইছে, এবাৰ ‘পুতেকৰ’ ফালে চাইছে ৷ শেষত মোক সুধিলে,‘‘অ’ কোৱাচোন ৷’’
‘‘ইয়াক বাটতে পাই লৈ আহিলো ৷’’
‘‘অ’ ! আহা আহা , ভিতৰতে বহা ৷’’
বহিলো গৈ ভিতৰত ৷ পুতেক কিন্তু মোৰ কোলাত ৷ না পুতেকে মাকক মাতিছে, না মাকে পুতেকক মাতিছে ৷ কথা কি ?
এপাকত মাক গৰাকীয়ে ক’লে,‘‘চাহ একাপৰে খোৱা নহ’লে ৷’’
মই,‘‘নাই নাই খুড়ী চাহ নালাগে ৷ মই যাওঁ ৷’’
এইবুলি কৈ মোৰ গাত আঠাৰ দৰে লাগি থকা পুতেকক যিমান পাৰি সিমান মৰমেৰে, আলফুলে মাকৰফালে গটা এটা মাৰি দিলো ৷
মাক গৰাকীয়ে মোক সুধিলে,‘‘বাবুক আমাৰ ইয়াত থৈ যোৱাযে তাৰমানে মিছেছ শৰ্মা ক’ৰবালৈ গৈছে নেকি ?’’

অলপতে বাবুৰ বিয়া হৈ গ’ল ৷ মই মাত লগাবলৈ যাওঁতে সি তাৰ পৰিবাৰৰ সৈতে চিনাকী কৰি দিওঁতে কথাটো মনত পৰি গ’ল ৷
৩ নং উদাহৰনঃ কিছু বছৰ আগৰ কথা ৷ মই গাড়ীৰে চান্দমাৰিৰ পৰা কমাৰ্ছ কলেজ অভিমুখে আহি আছো ৷ চান্দমাৰিত বাছৰ কাৰনে ৰৈ থকা ভদ্ৰ মহিলা এগৰাকী আৰু এজনী ছোৱালীয়ে গাড়ী ৰখাবলৈ বৰকৈ হাত জোকাৰিলে ৷ মই নৰখিলো ৷ গাড়ীৰ আৰ্ছীত দেখা পালো দুয়ো মোৰ গাড়ীৰ পাছে পাছে কোবাকুবিকৈ কেই খোজমান আহিছিলো ৷ মই কিন্তু নৰখিলো ৷ অচিনাকী মানুহক লিফ্ট দি বিপদত পৰিবলৈ নাই দেই !! অকনমান দূৰ গৈ চিন্তাও হ’ল,‘কোনোবা চিনাকী আছিল নেকি আকৌ !’ নাই মনত নপৰিল ৷ ৰাতি আহি ঘৰ পালো ৷ দুয়োৰে কথা পাহৰিলো ৷ ভাতৰ পাতত মায়ে ক’লে,‘‘তই আমাৰ দুজনীক এৰি থৈ আহিলি কেলৈ ?’’
হৰি হৰি !!!!!!!!!!!!!!!!
হৰি হৰি !!!!!!!!!!!!!!!!
No comments:
Post a Comment