Monday 28 January 2013

বম্বে



দুয়ো পালোগৈ বম্বে ৷
হয় বম্বে, তেতিয়া মায়ানগৰীৰ নাম বম্বে আছিল ৷
তাত ভৰি দিয়ে গম পালো আমি হৈছো দুটা কূপ মণ্ডুক, নিজৰ নাদৰ পৰা গৈ মহাসাগৰত পৰিলো ৷
চাৰিওফালে মাথো মানুহ, যানবাহন !!!!!!!!!!!!!!!!
কোলাহল !!!!!!!!!!!!!!!
অট্টালিকা, ইমাৰতবোৰ দেখি তবধ মানিছো !!
দুয়োটাই ইটোৱে সিটোৰ হাতত খামুচ মাৰি ধৰি থাকো ৷
হেৰালে একে লগে হেৰাম !!!
পদে পদে অঘটন ৷
নিতৌ নতুন শিক্ষা ৷
আজি অঘটনৰ কথা নকওঁ ৷
কি কি নতুন কথা শিকিলো তাৰে দুটা কথা কওঁ ৷

এক নং কাহিনী :

দুয়ো সোমালো এখন আটকধুনীয়া ৰেষ্টোৰাত ৷
সোমায়ে কাৰুকাৰ্য্য দেখি তবধ মানিলো ৷ তেনে ধৰনৰ ৰেষ্টোৰাত আগতে সোমোৱাৰ কথা বাৰু বাদেই দিছো, আমি চিনেমাটো দেখা নাছিলো ৷
‘‘প্ৰতিভূদা, বেলেগত যোৱাই ভাল হ’ব নেকি ?? বলক কোনোবা ইৰানী কেফেতে সোমাওঁ গৈ ৷’’
‘‘ধেই তোমাৰো যে ইমান ভয় নহয় !!! কি কৰিব হে ?? আমাৰো পইছা আছে !!’’

বচন ঠিকেই মাতিলো যদিও মই একো আওভাও পোৱা নাই ৷
অকনমান ৰৈ ভালকৈ চাই বুজিলো, সেইখন ৰেষ্টোৰাত কোনেও আহি আমাৰ পৰা অৰ্ডাৰ নল’ব ৷
ছেল্ফ চাৰ্ভিছ !!
দুয়ো বহাৰ পৰা উঠি গ’লো ৷ এঠাইত খাদ্যবোৰ সজাই থোৱা আছে ৷ প্ৰত্যেক বিধি খাদ্যৰে মূল্যবোৰো লিখি থোৱা আছে ৷ যি মন যায় ল’ব লাগে আৰু এঠাই সেই বস্তুখিনিৰ মূল্যটো দি আৰামত বহি খাব লাগে ৷ বঢ়িয়া নিয়ম ৷ আমি কেতিয়া নেদেখা, কেতিয়াও নাম নুশুনা খাদ্যকেইবিধমান বাচি ল’লো ৷ মূল্য পৰিশোধ কৰিলো ৷ তাৰ পাছত একেবাৰে আচুতীয়া চুক এটাত বহি ল’লো ৷
চুকত নবহি আমাৰ উপায় নাই ৷ সকলোকে দেখিছো কাটা-চামুছ, কটাৰী আদিৰে খোৱা-বোৱা কৰিছে ৷ আমি টকা দিছো, গতিকে হাতেৰে খাম ৷
খাই আছো ৷ খাই থাকোতেই মন কৰিলো আমি খোৱা পানীৰ গিলাছ কেইটা অনা নাই ৷ ছেল্ফ চাৰ্ভিছ, গতিকে নিজেই আনিব লাগিব ৷
‘‘অই পানী আনা গৈ ৷’’
‘‘প্ৰতিভূ দা, এই পানী আনা কাৰবাৰটো বা আকৌ কেনেকুৱা হয় !’’
‘‘তোমাৰ দ্বাৰা নহ’ব আৰু !! আৰে পানীত আকৌ কি জেং থাকিব পাৰে ? যাবা,  টেপ খুলিবা, পানী আনিবা ৷’’
ইফালে-সিফালে চাই দেখিলো, এটাইৰ পৰা বাকী গ্ৰাহকসকলে পানী আনি আছে ৷
‘‘সেইফালে যোৱা ৷ গিলাছ দুটা লৈ যাবা ৷’’
গ’ল লগৰজন ৷ অকনমান পাছতে দুহাতে দুটা খালি গিলাছ লৈ উভটি আহিল ৷
‘‘প্ৰতিভূ দা, মই কৈছিলো নহয় !! মই পানী আনিব নোৱাৰো ৷’’
‘‘কিয় নোৱাৰা আনিব ?? সৌটো দেখোন পানীৰ ফিল্টাৰ ৷’’
‘‘প্ৰতিভূ দা, পানী ফিল্টাৰ ঠিকেই আছে ৷ কিন্তু পানী তাৰ পৰা ল’বলৈ টেপটোত একো চুইছ নাই ৷’’
মনতে ভাবিলো,‘‘দিওঁ নেকি এক মাৰ মাৰি ??’’
‘‘হেৰা তুমি কি ইঞ্জিনীয়াৰ হে ?? টেপ থকিলে কৰবাত কিবা এটা থাকিবই ৷ তল ফালে মন কৰিবা ৷ কিবা লিভাৰ এডাল থাকিব ৷ সেইডাল গচক মাৰি দিবা ৷ পানী ওলাই আহিব ৷’’
লগৰজন আকৌ গ’ল ৷
অকনমান পাছতে আকৌ দুহাতে খালি গিলাছ দুটা লৈ উভটি আহিল ৷
‘‘নাই দাদা ৷ তলতো একো নাই !!’’
মই ক’লো,‘‘ব’লা চাচোন কি টেপত চুইছ নোহোৱা পানী ফিল্টাৰ এইটো৷’’
দুয়ো গৈ পালো গৈ পানী ফিল্টাৰৰ ওচৰ ৷ হয় ফিল্টাৰটোত পানী ওলাবলৈ নল এটা আছে ৷ কিন্তু সেইটোৱে আছে আৰু একো নাই ৷ তেনেহ’লে পানী ওলাই কেনেকৈ ??? দুয়ো চিন্তাত পৰিলো ৷ পানী খাবলৈ বেলেগত পায় যাম ৷ সেই কথাটো ইমান ডাঙৰ কথা নহয় ৷ কিন্তু নলৰ পৰা পানী ওলাই কেনেকৈ ???? জানিবলৈ বিৰাট মন গৈছে ৷ কথাটো কাৰোবাক সুধিলেই হৈ যায় ৷ কিন্তু আগতেই কৈছো সেই সময়ত আমি আছিলো ‘‘দুটা কূপ মণ্ডুক’’ ৷ না ইংৰাজী ক’ব পাৰো, নাই হিন্দি ক’ব জানো ৷ কথাই কথাই ভয় ৷ ৰৈ আছো সেই আচৰিত পানী ফিল্টাৰৰ ওচৰত ৷

আন এজন গ্ৰাহক পানী ফিল্টাৰৰ দিশে আহি থকা দেখিলো ৷
‘‘হেৰা, সেই মক্কেলটো আহিছে দেখিছা নহয় ?? সি পানী ল’ব ৷ কেনেকৈ লয় মন কৰি  থাকো দিয়া ৷ সি যোৱাৰ পাছ আমি তাৰ টেকনিকটো লগাই আমি পানী পায় যাম ৷ ’’
গ্ৰাহকজন আহিল, গিলাছটো নলটোৰ তলত থ’লো আৰু লগে লগে পানী ওলাবলৈ ধৰিলে ৷
আৰে!!!!!!!!!!!!!!!! যাদু নেকি ????
মই কাহিনী বুজি গ’লো ৷ লগৰটোৰ পিঠিত বাঘঢকা এটা মাৰিলো ৷
‘‘কৈছিলো নহয় ভৰিৰ ওচৰত লিভাৰ এডাল আছে ৷ আছে সেইডাল ৷ নহ’লে কেনেকৈ পানী ওলাব হে??? ’’
দুয়ো এইবাৰ পানী ফিল্টাৰটো তন্ন তন্নকৈ নিৰীক্ষণ কৰিবলৈ ধৰিলো ৷
এপাকত কিবা ভাবি লগৰজনে গিলাছটো পানীৰ নলটোৰ তলত পাতি দিলে ৷
পানী ওলাবলৈ ধৰিলে ৷
‘‘প্ৰতিভূ দা, ওলাইছে ওলাইছে!!’’ কৈ চিঞৰিবলে ধৰিলে ৷
দৃশ্যটো এনেকুৱা আছিল যেন আমি দুটাই শ্ৰীহৰিকোট্টাৰ পৰা INSAT 1Bক সফলতাৰে প্ৰক্ষেপনহে কৰিলো ৷ ফুৰ্তিতে ৰ’ব নোৱাৰা হ’লো ৷
গিলাছে-গিলাছে পানী খালো ৷

ৰেষ্টোৰাখনৰ পৰা হাঁহি হাঁহি ওলাই আহিলো ৷
(পাছত বহু জল্পনা কল্পনা কৰি বুজিলো টেপটোত বোধহয় কিবা বিশেষ ধৰনৰ আলোক সংবেদক (Photo Sensor)   লগোৱা আছিল ৷ এই ধৰনৰ সংবেদকৰ কথা কৰবাত ভুলতেও পঢ়িবলৈ পোৱা মনত নাছিল ৷)

দুই নং কাহিনী :
বম্বেত কেইদিনমান কটাই আমি পুনা পালোগৈ ৷ কেইবাদিনো থকাৰ কথা ৷
ৰাতিৰ আহাৰৰ বাবে আমি বেছ সাধাৰন ধৰনৰ হোটেল বিচাৰি উলিয়ালো ৷
ৰাতি ৯মান বজাত হোটেলখনত উপস্থিত হওঁ গৈ ৷ মই খোৱাত খৰ ৷ ১০ / ১৫ মিনিটতে খাই বৈ শেষ কৰি মেনেজাৰজনৰ ওচৰতে বহি হয় বাতৰি কাকত পঢ়ো, নহয় ছিগাৰেট হোপি থাকো বা এনেয়ে বহি থাকো ৷ লগৰজনৰ খাই শেষ হওঁতে প্ৰায় আধা ধন্টামান লাগে ৷ সি মোৰ ওচৰ পোৱাৰ লগে লগে গুৱাল গালি পাৰো,‘‘খাওঁতে ইমান দেৰি কৰিলে কেনেকৈ হ’ব ৷’’

এদিনৰ কথা ৷ মই বহি আছো মেনেজাৰৰ ওচৰত ৷ কোনোবা মানুহ এজন আহি মেনেজাৰৰ সৈতে কথা হৈছে ৷ তেতিয়ালৈ প্ৰায় ১ মাহমান মহাৰাষ্ট্ৰত থাকি অকনমান মাৰাঠী বুজি পোৱা হৈছো ৷ দুয়োজনৰ কথা যি শুনিলো আৰু  যি বুজিলো যে মই উত্তেজনাত ৰ’ব নোৱাৰা হ’লো ৷ অকনমান পাছতে লগৰজনৰ আহি মোৰ ওচৰ পায় মাত লগালে,‘‘প্ৰতিভূ দা ব’লক ৷’’
‘‘এহ্ অকনমান মনে মনে বহি থাকাচোন ৷’’
‘‘আজি আকৌ আপোনাৰ কি হ’ল ?? ময়ো দেখোন আজি অলপ সোনকালে খালো !’’
‘‘ৰ’বা হে আজি এই হোটেলখনলৈ গাভাস্কাৰ আহিব ৷’’
‘‘কি কয় প্ৰতিভূ দা ????? কেনেকৈ গম পালে ????? আমি অট’গ্ৰাফ কিহত ল’ম ?????’’
এই বুলি কৈয়ে বন্ধুজনেও হাতত বাতৰি কাকত এখন লৈ মোৰ সৈতে বহি ল’লে ৷
‘‘প্ৰতিভূ দা, আমি ড্ৰেছটো সলনি কৰি আহিলে ভাল আছিল নেকি বাৰু?’’
‘‘প্ৰতিভূ দা, আমি ৰাজেশ বৰাক চিনি পাওঁ বুলি ক’ম দিয়ক ৷’’
‘‘প্ৰতিভূ দা, মই বাৰু গাভাস্কাৰতকৈ কিমান ওখ হ’ম ??’’
মাজে মাজে উঠি গৈ হাতত থকা পেপাৰখন মোটোকাই লৈ ফ্ৰন্টফুট/বেকফুটত অদ্ভুতধৰনৰ ক্ৰিকেটৰ ছট কিছুমান অভ্যাস কৰে ৷
‘‘প্ৰতিভূ দা, গাভাস্কাৰৰ ফিছিং আউট ছাইড দা অফ ষ্টাম্প ছটটো বৰ ভাল লাগে মোৰ ৷ আপোনাৰ ?’’
এনেকৈ বহু ‘‘প্ৰতিভূ দা,…………..’’ পাৰ হ’ল ৷
এসময়ত হোটেল বন্ধ হ’বৰ হ’ল ৷
হঠাতে মই লগৰজনক ক’লো,‘‘ব’লা নিজৰ হোটেললৈ যাওঁ ৷’’
‘‘প্ৰতিভূ দা, গাভাস্কাৰক লগ নকৰাকৈয়ে ??’’
‘‘গাভাস্কাৰ আহি গ’ল গৈ !!’’
‘‘গাভাস্কাৰ আহি গ’ল গৈ !! কেতিয়া ? মই নেদেখিলোৱে দেখোন !!’’
‘‘ব’লা বাহিৰত বুজাম ৷’’

‘‘হেৰা, আমাৰ কাৰনেহে গাভাস্কাৰ মানে লিটিল মাষ্টাৰ ৷ কিন্তু মহাৰাষ্ট্ৰত যদি কোনোবাই কয় ‘গাভাস্কাৰ আহিব’ সেইয়া আমাৰ তাত কোৱা ‘বৰুৱা আহিব, দত্ত আহিব’ৰ দৰেই কথা ৷ আমি বহি থাকোতে মাত্ৰ এজনেই মানুহ আহিছিল ৷ এজন মূৰ্গী বেপাৰী ৷ গাভাস্কাৰ সেইজনেই আছিল ছাগৈ !!’’


মূৰ্গী বেপাৰী গাভাস্কাৰ ?? হৰি হৰি !!!!!!!!!!!!!

No comments:

Post a Comment