Friday 25 January 2013

কণী খুৱাইছানে ? (নতুনকৈ হোৱা বাপেক বোৰলৈ প্ৰীতি উপহাৰ)

আমাৰ ছোৱালী প্ৰাপ্তিৰ জন্মৰ আগয়ে যথেষ্ট জটিলতা আছিল ৷ ছোৱালীৰ জন্মৰ পাছতো শ্ৰীমতী প্ৰায় ৪/৫ মাহ কাল শয্যাগত হৈ আছিল ৷
গতিকে ছোৱালীৰ ৬ মাহ মান হোৱালৈকে আমাৰ ক’লৈকো ওলাই যোৱা নাছিলো ৷
অৱশেষত ২০০৬ এপ্ৰিল মাহত এওঁ ঘোষনা কৰিলে,‘মই এতিয়া সম্পূৰ্ণ সুস্থ ৷ ব’লা অকমান কাৰোবাৰ ঘৰলৈকে ফুৰিবলৈ ওলাই যাওঁ ৷’
কথা মতে কাম ৷ এদিন দেওবাৰে প্লাষ্টিকৰ নীলা বাস্কেট এটাত ছেৰেলেক, হাগীজ নেপী, বিভিন্ন ধৰণৰ কাপোৰ, টাৱেল, পানীৰ বটল, বাটি বোজাই কৰি আমি তিনিওটা ওলালো দিনটোৰ বাবে, প্ৰাপ্তিৰ প্ৰথম মহানগৰ ভ্ৰমণত ৷
প্ৰথমে গ’লো মোৰ বৰ প্ৰিয় ছাত্ৰ এজনৰ ঘৰলৈ ৷ আমাৰ লগত বেছ ঘৰুৱা সম্বন্ধ ৷ ছাত্ৰৰ মাকক বৌ বুলি মাতো ৷ কথা-বতৰা পাতি আছো ৷ হঠাতে ঘৰৰ বৌয়ে সুধিলে,‘প্ৰাপ্তিক কণী খুৱাইছা নে ?’
এওঁ উত্তৰ দিলে,‘এতিয়ালৈকে তাইক কণী দিয়া নাই ৷’
বৌ উচপ খোৱাৰ দৰে হ’ল,‘কি ?????????? ৬ মাহ হ’ল আৰু তাইক কণী দিয়া নাই ?? আমাৰ ইয়াক দেখোন কেতিয়াবাৰ পৰায়ে কণী দিছো ৷’
এওঁ বহি থকা চকিখনতে লৰচৰ কৰি সুধিলে,‘বৌ কণীটো কেনেকৈ খুৱাব লাগে ?’
‘তুমি কণীটো হাফ বইল কৰিবা আৰু চামুছেৰে খুৱাবা ৷ কিন্তু ফুল বইল একেবাৰে মানা দেই !’
এওঁ আকৌ সুধিলে,‘বৌ সপ্তাহত কেইদিন খুৱাব পাৰি ?’
তেখেতে অলপ চিন্তা কৰি ক’লে,‘মই পাহৰিলো কিন্তু ইয়াক প্ৰায়ে খুৱাইছিলো ৷’
আন আন কথা বতৰা চলিল ৷ এপাকত আহিবলৈ ওলালো ৷
বৌয়ে সোৱৰাই দিলে,‘পিকলু কণী খুৱাবলৈ নাপাহৰিবা ৷’

তাৰ পৰা ওলায়ে এওঁ মাত লগালে,‘বৰ বেয়া হ’ল কথাটো ! ব’লাচোন কাছাৰী বজাৰৰ ফালে যাওঁ ৷’
মই অলপ আচৰিত হৈ সুধিলো,‘কাছাৰী বজাৰলৈ কিয় ?’
‘তাত ভাল লোকেল কণী পায় !’
অলপ বিৰক্ত হৈয়ে ক’লো,‘হেৰা গনেশগুৰিতো ভাল লোকেল কণী পায় ৷ তাৰে পৰা আনি দিম ৷ এতিয়া মাহীৰ তালৈকে যাওঁ ৷’
মাহীৰ তাত বহি আছো ৷ কথা-বতৰা চলি আছে ৷ এপাক মাহীয়ে সুধিলে,‘প্ৰাপ্তিক কণী দি আছা নহয় ? তাইৰ গ্ৰোথটো বেছ ভাল হৈছে ৷’
‘দি আছো’ মই ক’বলৈ পোৱাৰ আগতেই এওঁ মাত লগালে,‘মাহী নাই দিয়া ৷ কিবা গন্ডগোল হ’ব নেকি এতিয়া ?’
মাহীয়ে হুৱাদুৱা লগালে,‘৬ মাহ হ’ল আৰু কণী দিয়া নাই ??? (মোৰ ফালে চাই ক’লে) তইনো ছোৱালীজনীৰ কাৰনে কণী আনি দিব পৰা নাই নে ?’
এওঁ কান্দো কান্দো হৈ সুধিলে,‘মাহী এতিয়া কি হ’ব ?’
মাহীয়ে মাত লগালে,‘একো নহয় ৰ’বা ৷ মই এতিয়াই কণী এটা ফুল বইল কৰো আৰু তাইকো খুৱাই দিয়া তুমি ৷’
ফুল বইল!!!!!!!!!!!!!!!!!!!
অলপ আগতে দেখোন হাফ বইল আছিল, ফুল বইল একেবাৰে মানা !!!!!!!!!!!
বুদ্ধি এটা উলিয়াই ক’লো,‘মাহী আচলতে ডাক্টৰে প্ৰাপ্তিক কণী দিবলৈ মানা কৰিছে ৷ ৮ মাহৰ পৰাহে খুৱাবলৈ কৈছে ৷’
কথাষাৰ শুনি মাহীয়ে বৰ দুখ পালে, নাতিনীক কণী খুৱাবলৈ নাপালে ৷

মাহীৰ তাৰ পৰা গ’লো মামাৰ ঘৰলৈ ৷ বাটত এওঁৰ এটা চিন্তা,‘ এতিয়া কি হ’ব ? কণী খুওৱা হোৱা নাই দেখোন !’
মামাৰ ঘৰত বহি কথা পাতি আছো ৷ মামাৰ ডাঙৰ বোৱাৰীয়েকে প্ৰাপ্তিক কোলাত লৈ আছে,‘ পিকলু তুমি যে তাইক কণীটো ৰেগুলাৰ দি আছা সেই কাৰেন গ্ল’টো মন কৰিছা ?’
এওঁ সেমেনা-সেমেন কৰি ক’লে,‘বৌ তাইক কণী দিয়া হোৱাই নাই ৷’
আগৰ দুঘৰৰ দৰে এইবাৰো বৌৰ সাংঘাটিক ৰিয়েকছন,
‘কি!!!!!!!!!!!
কিয় ???????????
(মোৰ ফালে চাই) অই তোক কৈ আহিছিলো দেখোন সপ্তাহত দুটাকে কণী খুৱাবলৈ ৷’
মই লাহেকৈ মাত লগালো,‘বৌ দি আছো তাইক ৷ দেখা নাই গ্ল’টো ? এওঁ নাজানে কথাটো ৷ ৬ মহীয়া ছোৱালীজনীক কণী নুখুৱালে কেনেকৈ হ’ব ?’
এওঁ সুধিলে,‘বৌ কেনেকৈ খুৱাব লাগেনো ?’
বৌয়ে উৎসাহেৰে উত্তৰ দিলে,‘কণীটো পুৰা হাৰ্ড বইল কৰিবা ৷ ফুল বইল নহয় দেই একদম হাৰ্ড বইল
কিন্তু ৷ তাৰ পাছত খুৱাই দিবা ৷ আমাৰ তিনিটাক তেনেকৈয়ে ডাঙৰ কৰিলো ৷’

মামাহ’তৰ ঘৰৰ পৰা আৰু এঠাইলৈ যোৱাৰ কথা আছিল ৷ মই যাবলৈ মন নকৰিলো ৷ যদি এইবাৰ আমলেটৰ কথা কৈ দিয়ে !!!!!

ঘুৰি আহি ঘৰ পালো ৷ এওঁলোকক নমাই মই বজাৰৰ ফালে ওলাই গ’লো ৷
৮মান বজাত উলটি আহিলো ৷
এওঁ,‘ক’তা ?’
মই,‘কি ক’তা ?’
এওঁ অলপ খঙেৰেই ক’লে,‘কণী অনা নাই নেকি ?’
মই বুজিলো আজি ৰাতি শুব নোৱাৰিম ৷
বুজাবলৈ যত্ন কৰিলো,‘হেৰা কণী ঘৰতে আছে ৷ কিন্তু খুৱাবা কেনেকৈ ?? হাফ বইল, নে ফুল বইল, নে হাৰ্ড বইল ?’

এওঁ বহি গ’ল শিশু আৰু গাৰ্হস্থ্য বিজ্ঞান নে তেনে কিবা এখনলৈ ৷
এপাকত ময়ে ক’লো,‘হেৰা সেইখন থাকক দিয়া, মই গীতাঞ্জলীলৈকে ফোন কৰো, কেনেকৈ খুৱাব লাগে সুধিবলৈ ৷’
এওঁ মোৰ প্ৰস্তাবত বৰ ভাল পালে,‘অ অ সোধাচোন ছাইল্ড স্পেছিয়েলিষ্টক সোধাই ভাল হ’ব ৷’

ৰাতি ১১ বজাত,‘হেল্ল গীতাঞ্জলী অসুবিধা এটা হ’ল হে ! মানে প্ৰাপ্তিক…….’

No comments:

Post a Comment