Friday, 25 January 2013

দুজন বন্ধু আৰু এক চিনাকি নামৰ কথাৰে

যোৱাকলি জন্মদিনৰ নিমন্ত্ৰণ এটা আছিল ৷
তালৈ গৈ বৰ চিন্তাটো পৰিলোঁ,
মই মানুহটো অপৰিপক্ক, স্বাৰ্থপৰ আৰু অসংবেদনশীল নেকি বাৰু ??
(অসংবেদনশীল মানে মই Insensitive বুজাইছো )
কাহিনীটো পাছত লিখিম ৷ আজি আগতে টেগ কৰিম ৷ মোৰ যোৱা ৰাতি যিকেইজন বন্ধুলৈ মনত পৰিল সেই সকলোকে টেগ কৰিছোঁ আজি ৷ প্ৰকৃততে মই মোৰ সকলো বন্ধুকে/সকলো চিনাকিজনকে টেগ কৰিব লাগিছিল, ফেছবুকত আছে নে নাই সেই কথা এই টেগত আহিবই নালাগে ৷ কিন্তু ফেছবুকত টেগ কৰাৰ কিবা এটা সীমা আছে ৷ সেয়েহে সকলোকে টেগ কৰিব নোৱাৰিম চাগৈ ৷
১)
Nayan Goswami,
তোৰ লগত কটনত একে হোষ্টেলতে থাকিলোঁ দুবছৰ আৰু তাৰ পাছত AECত চাৰি বছৰ কটালোঁ ৷ তই এবাৰলৈকো মোক ছয়গাঁওলৈ লগ নধৰিলি ৷ ময়ো যাম বুলি কোৱা নাছিলোঁ অৱশ্যে ৷ বসন্তকুঞ্জত তোৰ ঘৰলৈকো গৈছিলোঁ ৷ তামাম লেকছাৰ মাৰিলোঁ ৷ তোৰ বাইদেউৰ বিয়াত নিউ হোষ্টেলৰ বন্ধু হিচাবে মই আৰু প্ৰনবেই আছিলোঁ ৷ এইবাৰ তই অসমলৈ আহোঁতে অকল তোকহে লগ পালোঁ ৷ কথাটো মনত ৰাখিবি ৷ পাছত মোক দোষ নিদিবি ৷
মই মানুহটো অপৰিপক্ক, স্বাৰ্থপৰ আৰু অসংবেদনশীল সেই কাৰণে বাৰু এনে হয় নেকি??
২)
Chandan Das
তোমাক নকৰি পাৰিম নে??
পঢ়িলে নিজেই গম পাবা কিয় টেগ কৰিলোঁ ৷
মই তোমাক বহুদিন লগ পোৱা নাই, তোমাৰ পৰিবাৰক এবাৰলৈকো লগ পোৱা নাই সেইবোৰ বাদ দিছোঁ ৷
কিন্তু মই কিছুমান কথা কিয় নাজানিলোঁ ??
মই মানুহটো অপৰিপক্ক, স্বাৰ্থপৰ আৰু অসংবেদনশীল সেই কাৰণে বাৰু এনে হয় নেকি??
৩)
Mridumoloy Sonowal
তই মোৰ নিউ হোষ্টেলৰ দিনৰ ৰূমমেট ৷
কিমান স্মৃতি আছে ৷ সেই ১৯৮৮ৰ ভূমিকম্পত যে তই মোক উলিয়াই আনিছিলি , ভূত ওলাওঁতে যে তই ৰেলিং বেকা কৰিছিলি, ..... !!!!!!!!!!!!!
তথাপিও তোৰ লগত দেখোন মোৰ পৰিচয় ইমানেই, ৰূমমেট বুলিহে মাথো !!!
মই মানুহটো অপৰিপক্ক, স্বাৰ্থপৰ আৰু অসংবেদনশীল সেই কাৰণে বাৰু এনে হয় নেকি??
৪)
Devika Medhi
তোমাক আজি ফোন কৰিছোঁ, গতিকে তুমি জানা তোমাক টেগ কৰিম ৷
মই মানুহটো অপৰিপক্ক, স্বাৰ্থপৰ আৰু অসংবেদনশীল সেই কাৰণে বাৰু এনে হয় নেকি??
৫)
Arun Dev Choudhury
তোমাক আৰু কি বুজাম
৬)
Navajyoti Medhi
এনেয়ে টেগ কৰিলোঁ, তুমি অনলাইন যে হ’বা কেতিয়াবা মই ভবা নাই ৷
৭)
Shyamoli Bania

৮)
Iftekhar Uz Zaman
আজি বিগ বাজাৰত লগ নোপোৱা হ’লেও লগ কৰিলো হয় ৷
কাৰন দুটা ৷
এক : তই মোৰ লিখাবোৰ পঢ়,
দুই : তই দুই নম্বৰ কাৰনটো পঢ়িলে নিজেই বুজিবি ৷
৯)
আন সকলো বন্ধু যিসকলৰ সৈতে মই মোৰ কলেজীয়া জীৱনৰ বহু পাহৰিব নোৱাৰা স্মৃতি সাঙোৰ খাই আছে ৷

এতিয়া …..

প্ৰথম বন্ধুৰ কথা : নৱ মেধিৰ কথা

নৱক মই লগ পালোঁ AECত, ১৯৮৯ চনত ৷
নৱ আৰু মই একে লগে আছিলোঁ Electrical Engineeringৰ 1989-93 Batchত ৷ কি কথাত কেনেকৈ দুয়োৰে মাজত সংযোগ এটা স্থাপন হ’ল নাজানো, মোৰ মনত নাই ৷
কিন্ত মই ভালকৈ জানো সেই চাৰিটা বছৰত আমি কলেজত উপস্থিত থকা দিনকেইটাত এনে এটা দিন নাছিল যিদিনাখন দুয়ো কথা নপতাকৈ আছিলোঁ ৷
নৱ মোৰ প্ৰজেক্ট পাৰ্টনাৰ আছিল ৷
নৱ আৰু মই একে লগে ট্ৰেইনিঙ (ট্ৰেইনিং হ’ব নেকি?) কৰিছিলোঁ ৷
সন্ধিয়া সময়ত পাছে মই নৱক বেছিকৈ লগ নধৰিছিলোঁ ৷ সেই সময়ত মই অকমান ছাত্ৰৰ বাবে নিষিদ্ধ কামত লিপ্ত হৈছিলো আৰু নৱ পঢ়া শুনাত, কেতিয়াবা মোৰ ভাগৰ পঢ়াখিনিও ৷
মানে নৱ আৰু মই সাংঘাটিক বন্ধু !

কলেজ এৰিলোঁ ৷
তেতিয়া মোৱাইল নালাগে, টেলিফোনেই নাছিল ৷ দুয়ো প্ৰতিয্ঠা লাভৰ যুঁজত নামিলোঁ ৷
যোগাযোগ কমি আহিল ৷
৩/৪ বছৰ পাৰ হ’ল ৷ ১৯৯৮চন মানৰ কথা ৷
নৱই NEEPCOত জইন কৰিলে ৷ ছিলঙত থাকে ৷ মই সেই সময়ত ঠিকাদাৰ মানুহ ৷ ছিলঙ (ছিলং হ’ব নেকি?) গ’লে নৱৰ তাতে থাকোঁ ৷ থাকোঁ মানে নথকাৰ কি কথা থাকিব আকৌ ??
মানে নৱ আৰু মই সাংঘাটিক বন্ধু !

নৱৰ বদলি ছিলঙৰ পৰা ৷ আকৌ যোগাযোগ হেৰাল ৷
মাজতে এদিন ক’ৰ পৰানো আহি খবৰ দিলে,‘প্ৰভু মোৰ বিয়া আহিবা ৷’
ওলালোঁগৈ মঙ্গলদৈ ৷ দিনৰ ভাগতে দেখা কৰিলোঁ ৷
উভতিবৰ সময়ত নৱই মোক আগবঢ়াবলৈ আহিল ৷ ৰভাখনৰ কাষতে আছিল এটা পোষ্ট অফিছ ৷ মই নৱক ক’লো,‘ব’লা ছিগাৰেট এটা মাৰি লওঁ ৷ পোষ্ট অফিছৰ পাছ ফালে ঠিয়হৈ দুই বন্ধুৱে আৰম্ভ কৰিলোঁ লেকচাৰ ৷ কি কথা পাতিছিলোঁ মনত নাই, কিন্তু এঘন্টা লেকচাৰ মাৰিছিলোঁ ৷ তাৰ পাছত বন্ধুক শুভেচ্ছা জনাই মই বিদায় ল’লোঁ, নৱ সোমাল গৈ ৰভা ঘৰত সোমাল ৷
বহুদিন পাছত নৱৰ পৰিবাৰক লগ পাওঁতে মোৰ লগত চিনাকি কৰি দিলে,‘সেই যে বিয়াৰ দিনা মোক অপহৰণ কৰিছিল, এইজনেই সেই প্ৰভু !’
ভালকৈ সুধি বুজিলোঁ এঘন্টা ধৰি দৰা নাই, ক’ত গ’ল কোনেও নাজানে ৷ সকলোৱে মাথো মন কৰিলে নৱ এটা Self Styled টপাৰ সৈতে ক’ৰবালৈ ওলাই গৈছিল ৷ বহুতে হেনো ভাবিছিল সেই ৰহস্যজনক টপাজনে নৱক অপহৰণ কৰিলে নেকি ?
দৰাসাজত থকা নৱক এঘন্টা ধৰি নোহোৱা কৰি দিছিলোঁ ৷
মানে নৱ আৰু মই সাংঘাটিক বন্ধু !

তাৰ পাছত আহিল মোবাইল ফোন ৷ এদিন @ Adityaৰ পৰা নৱৰ মোৱাইল নম্বৰটো পালোঁ ৷ নৱ তেতিয়া থাকে কামেঙত ৷ ইমান চেষ্টা কৰো, নালাগে কোনো মতেই ৷ এদিন লাগিল নম্বৰ ৷ চাৰপ্ৰাইজ দিম নৱক আজি, মনতে ভাবিলোঁ ৷
‘হৌৰা মেধি কি খবৰ ?’
নৱ,‘বাপৰে প্ৰতিভু কোৱা কোৱা কি খবৰ ?’
এইবাৰ মই চাৰপ্ৰাইজড,‘কেনেকৈ গম পালা মই বুলি ?’
নৱ,‘পৃথিবীত অকল এজন মানুহেই মোক ‘হৌৰা মেধি’ বুলি মাতে, তুমি !’
মই কথাতো ভাবিব লাগিছিল নৱই জানিবইতো ৷
মানে নৱ আৰু মই সাংঘাটিক বন্ধু !

বৰ্তমানলৈ আহোঁ ৷
নৱ এতিয়াও কামঙতে থাকে ৷
কিন্তু পৰিবাৰ থাকে আমাৰ প্ৰায় ওচৰতে ৷ নৱ গুৱাহাটীলৈ আহিলে প্ৰায়ে লগ পাওঁ ৷ মোৰ অফিছলৈ আহে, মই তাৰ ঘৰলৈ যাওঁ, কেতিয়াবা একেলগে পাৰ্টীলৈ যাওঁ, কেতিয়াবা অজন্তা পথতে ৰৈ ৰৈ কথা পাতোঁ ৷ মুঠতে লগ পাই থাকোঁ, নাপাম কিয় আকৌ ৷
মানে নৱ আৰু মই সাংঘাটিক বন্ধু !

দ্বিতীয় বন্ধুৰ কথা : অৰুণ দেৱ চৌধুৰীৰ কথা

১৯৮৯ত মই কটন এৰি AECত সোমোৱা বছৰতে অৰুণ বৰপেটাৰ পৰা আহি কটনত সোমালেহি ৷
মোৰ বহু অন্তৰঙ্গ বন্ধুৰ অৰুণ অন্তৰঙ্গ বন্ধু ৷ গতিকে আমাৰ মাজতো বন্ধুত্ব হ’ল ৷ নৱৰ দৰে সাংঘাটিক বন্ধু নহয়, কিন্তু তথাপিও ভাল বন্ধু ৷ কলেজত থকা কালত প্ৰায়ে লগ পাইছিলোঁ ৷ প্ৰতিষ্ঠা লাভৰ যুঁজত নমাৰ পাছত যোগাযোগ কমি আহিল ৷ প্ৰায় বহু বছৰ লগ পোৱা নাছিলোঁ ৷ জীৱনত অকণমান স্থিৰতা ঘূৰি অহাৰ পাছত আকৌ লগ পোৱা হ’লোঁ ৷ লগ পালেই ৰৈ কথা পাতো ৷ ভাল বেয়াৰ খবৰ লওঁ ৷ বন্ধুবোৰ খা-খবৰ আদান প্ৰদান কৰোঁ ৷ যাওঁ গৈ ৷ কোনো দিনে কিন্তু আমি দুয়ো আমাৰ ব্যক্তিগত জীৱনৰ কথা পতা মনত নপৰে ৷ অৰকুটত এদিন অৰুণ আৰু মই বন্ধু হ’লোঁ ৷ তাৰ পাছত এদিন ফেছবুক আহিল ৷ তাতো অৰুণ আৰু মই বন্ধু হ’লোঁ ৷

চিনাকি নামৰ কথা : দেৱীকাৰ কথা

গম পালোঁ অৰুণে দেৱীকাৰ সৈতে সংসাৰ আৰম্ভ কৰিলে ৷ কিন্তু কেনেকৈ জানিলোঁ নাজানো, মনত পৰা নাই এতিয়া ৷
কোনো দিনে অৰুণক অভিনন্দন জনোৱা নহ’ল ৷
কিন্তু দেৱীকা নামটো মোৰ চিনাকি ৷ কোনোবা বন্ধুৰ মুখত শুনিছিলোঁ সেই নাম ৷ অৱশ্যে তাতকৈ বেছি চিনাকি নাছিল ৷

যোৱাকালিৰ কথা : জন্মদিন
নৱই ৰাতিপুৱাই ফোন কৰিলে ৷ তাৰ ল’ৰাৰ জন্মদিন গতিকে সপৰিয়ালে নিমন্ত্ৰণ জনাইছে ৷
সন্ধিয়া ৮ মান বজাত পালো গৈ নৱৰ ফ্লেট ৷ নৱই মোক জনালে নিমন্ত্ৰিতৰ মাজত ময়ে এক মাত্ৰ কলেজৰ দিনৰ বন্ধু, আন সকল হয় তাৰ ফ্লেটৰ সহবাসিন্দা নহয় তাৰ আত্মিয় ৷ মই তাক ক’লো,‘তুমি নামাতিলে হ’ব নে ?’
মানে নৱ আৰু মই সাংঘাটিক বন্ধু !
পাহী মানে মোৰ ভন্তিকো লৈ গৈছিলো তালৈ ৷ নৱই পাহীক দেখি খুব উৎফুল্লিত হৈ গ’ল ৷ তাইক প্ৰায় ২০ বছৰ পাছত পাইছে ৷ বহু সময় কথা পাতিলে ৷

মোৰ চিনাকি কোনো নাই তাত ৷ গতিকে বহি আছো অকলে অকলে ৷ হঠাৎ দেখা পালো অৰুণক ৷ উঠি গৈ মাত লগালো ৷ সুধিব খুজিও নুসুধিলো, সি কেনেকৈ নিমন্ত্ৰণ পালে ৷ মনত পৰিল আমি কলেজ এৰাৰ পাছৰে পৰা নৱ আৰু অৰুণ বন্ধুত আৰম্ভ হৈছিল ৷ কেনেকৈ হৈছিল মই নাজানো , কিন্তু দুয়োকে মই বহু ঠাইত একেলগে দেখা পোৱা মনত পৰে ৷ হয় ভাল বন্ধু গতিকে নৱই মাতিছে, অৰুণ আহিছে ৷ মই সেইবোৰ বাদ দি অৰুণৰ সৈতে আদ্দা আৰম্ভ কৰিলো ৷ এপাকত দেখিলো অৰুণৰ পত্নীক ৷ কিন্তু মোৰ স্মৰণ শক্তিয়ে ঠগি দিলে মোক ৷ চিনাকি নামটো মনত নপৰা হ’ল ৷ মাতষাৰ দিবলৈ অসুবিধা পালো ৷ বহু চেষ্টা কৰিও নাম মনত পেলাব নোৱাৰি ভাবিলো, যাবৰ সময়ত মাত দি যাম আৰু ক্ষমা খুজি যাব লাগিব চিনাকি নামটো মনত নপৰাৰ কাৰনে ৷

এপাকত অৰুণৰ পত্নী মোৰ কাষলৈ আহি ক’লে,‘প্ৰতিভুৰ লগত মই নিজেই চিনাকি হওঁ ৷ বহু দিনৰ পৰা তোমাৰ নাম শুনি আছো ৷’
মোৰ চেলাউৰি কোছ খাই এটা প্ৰশ্নবোধক চিহ্নৰ ৰূপ ল’লে ৷
‘অৰুণে মোৰ কথা বহুদিনৰ আগৰে পৰা কিয় কয় তাৰ পত্নীৰ আগত? কি কয়নো ?’
মোৰ চকুৰ সেই প্ৰশ্নবোধক চিহ্ন হয়তো অৰুণৰ পত্নীয়ে দেখিলে ৷
তেওঁ মোক সহায় কৰিবলৈকে ক’লে,‘মই নৱৰ বায়েকে !’
মই ‘কিইইইইইইইইইইইই’ বুলি চিঞৰ এটা মাৰিবলৈ বাকী ৷

চিঞৰ নামাৰিম কিয় ?
মানে নৱ আৰু মই সাংঘাটিক বন্ধু !
নৱ মোৰ ক্লাছমেট, ব্ৰাঞ্চমেট, মোৰ প্ৰজেক্ট পাৰ্টনাৰ !
একে লগে দুয়ো ট্ৰেইনিং কৰিলো !
মই ঠিকাদাৰি কৰিবলৈ যাওঁতে নৱৰ তাতে থাকো মই !
অচিনাকি নম্বৰৰ পৰা প্ৰথম বাৰৰ বাবে ফোন কৰিলেও নৱই কয়,‘কোৱা প্ৰভু ’!
নৱৰ বিয়াত সি মোৰ খাতিৰত ৰভাতলীৰ পৰা হেৰাই যাব পাৰে !
মোক লগ পালে সি আন খবৰৰ মাজতে পাহীৰ খবৰ লয় (হয় সি মোক ‘তোমাৰ ভন্তি’ৰ বুলি খবৰ নলয় পাহীৰ খবৰ বুলি লয় ), মাইনাৰ খবৰ লয় ( হয় সি মোক ‘তোমাৰ ভাইটি’ৰ বুলি খবৰ নলয় মাইনাৰ খবৰ বুলি লয়) !
আৰু মই ????
আজি ইমান বছৰে নৱক তাৰ পৰিয়ালৰ কাৰো কথা সুধিবলৈকে সময় উলিয়াব নোৱাৰিলো ৷
মই নৱৰ বাইদেউ এজনী আছে বুলি জানিছিলো ৷
কিন্তু কেতিয়াও দেখোন নাভাবিলো সুধিব লাগে বুলি,‘নৱ বাইদেউৰ ভাল লে ?’
মই মানুহটো অপৰিপক্ক, স্বাৰ্থপৰ আৰু অসংবেদনশীল সেই কাৰণে বাৰু এনে হয় নেকি??
গোটেই ৰাতি কথাটো ভাবিলো ৷
মই দেখোন অকল নৱকে নহয় আৰু বহুতকে সোধা নাই !!!!!!!!!!!!!!!!
মানি লৈছো, সকলো বন্ধুকে সোধা সম্ভব নহয়, কিন্তু বহু বন্ধু আছে যিসকলক মই নাই সোধাৰ অৰ্থ ‘মই মানুহটো অপৰিপক্ক, স্বাৰ্থপৰ আৰু অসংবেদনশীল’

অলপ নিজকে সুধৰাবৰ সময় হ’ল !

No comments:

Post a Comment