১৯৯৪-৯৫ৰ কথা
৷
কলেজ এৰি চাকৰিত সোমাইছো ৷
Construction Power Facilityৰ কাম কৰি আছো ৷ ধুম-ধাম কাম চলি আছে ৷ খোৱা-শোৱাৰ কোনো হিছাব নাই ৷ তথাপিও প্ৰথম কাম, ডেকা তেজ, গতিকে ভাল লাগিছে কাম কৰি ৷
মাঘৰ বিহু আহি পালে ৷ আহি পালে মানে এদিন পুৱাহে গ’ম পালো ৰাতি লৈ উৰুকা ৷ কাম শেষ হোৱা নাই ৷ চুটি নিদিয়ে ৷ ঘৰ যাব নোৱাৰিম বুলি মন বেয়া হৈ গ’ল ৷ চাকৰিত সোমোৱাৰ পাছৰ প্ৰথম উৰুকাতে ঘৰলৈ মাছ কেইটামান লৈ যাব নোৱাৰিম তাৰমানে !
দুপৰীয়া ভাত-পানী খাই আহি অফিছ পাই দেখো, গুৱাহাটী অফিছৰ শৰ্মা চাৰ আৰু কলিকতা অফিছৰ স্বামীনাথন চাৰ আহি বহি আছে ৷ অফিছৰ বাকী সকলোৱে তেওঁলোকৰ ওচৰে পাজৰে থিয় হৈ আছে ৷
মোক দেখি শৰ্মা চাৰে মাত লগালে,‘দত্ত এইফালে আহাচোন ৷ মন বেয়া বোলে ?’
মই একো নকৈ মনে মনে ৰৈ আছো ৷
তেখেতে আকৌ ক’লে,‘এতিয়া এক বাজিছে ৷ চাৰি বজাৰ ভিতৰত ট্ৰাঞ্চফৰ্মাৰ ৰেডি হ’ব নে নাই ?’
কি আৰু উত্তৰ দিম ?? আজি নালাগে আৰু দুদিন কাম কৰিলেও হ’ব নে নাই নাজানো ৷ চাৰি বজাটো আকৌ ক’ৰ পৰা ওলাল ?
শৰ্মা চাৰ মোৰ ওচৰলৈ আহি পিঠিত হাত থৈ ক’লে,‘শুনা তোমালোকৰ দৰে মোৰ ওপৰতো বিৰাট প্ৰেচাৰ ৷ দেখিছা নহয় কলিকতাৰ পৰা মানুহ আহি পাই গৈছে ৷ কিবা অলপ কৰি দিয়া ৷’
মই মাত লগালো,‘চাৰ এই কিবা অলপ কেতিয়াৰ ভিতৰত কৰি দিব লাগে ?’
শৰ্মা চাৰে বৰ উৎসাহেৰে ক’লে,‘আজি চাৰিটাৰ ভিতৰত ৷’
মনতে ভাবিলো,‘চাৰ একো নহ’লেও ৰিজাইন দিব পাৰিম মই ৷’
বুজি নাপালো চাৰি বড়াৰ ৰহস্যটো কি ?
ক’লো,‘চাৰ সকলো কাম Schdeule মতে হৈ আছে, যি কেইটা কাম হোৱা নাই সেই কেইটা এতিয়া এনেও কৰিব নোৱাৰি ৷’
শৰ্মা চাৰে আৰু উৎসাহেৰে ক’লে,‘মই জানো, মই জানো ৷ তথাপিও কিবা অলপ কৰা ৷ আৰু শুনা তুমি আজি উৰুকাৰ ভোজ গুৱাহাটীৰ ঘৰত গৈ খাবা গৈ ৷ কাম চাৰি বজাৰ আগত শেষ কৰা ৷ আমি চাৰি বজাত বিল ল’ম আৰু একেলগে উলটিম ৷’
তেতিয়াহে বুজিলো চাৰি বজাৰ ৰহস্যটো কি !
মই সুবিধা পাই মাত লগালো,‘চাৰ যি পাৰো কৰিম, কিন্তু মই নাযাও নেকি ৷ চুটি নাপাম বুলি বেংকৰ পৰা টকা উলিয়াই নথলো ৷ হাতত ফুটা-কড়ি এটা নাই ৷ গৈ কি কৰিম ?’ তেতিয়াৰ দিনত এ.টি.এম. নাছিল ৷
শৰ্মা চাৰে মোৰ কথাত ৰস পাই হো-হোৱাই হাহি মাৰি ক’লে,‘ধেই ডেকা ল’ৰা, মই আছো নহয় ! কিমান লাগে মোৰ পৰা লৈ ল’বা ৷ আৰু শুনা তুমি মাছ কিনি নিব খুজিছা বুলি শুনিছো ৷ তোমাক মাছ মই কিনি দিম ৷ এতিয়া যোৱা, যোৱা, কাম খিনি শেষ কৰা ৷’
দুয়োজন ওপৰৱালা গ’ল একাউঞ্চ চেকচনৰ ফালে, আমি গ’লো কামৰ ফালে ৷
তিনি নৌ বাজোতেই শৰ্মা চাৰ কোবাকুবিকৈ আহি মাত লগালে,‘ব’লা ব’লা, আৰু দেৰি নকৰো ৷ এতিয়া ওলালে ন বজাৰ আগে আগে গুৱাহাটী পাম গৈ ৷ দত্ত আজি গাড়ী তুমি চলাবা ৷ ন বজাত গুৱাহাটী পাম গৈ নে ? ’
দৌৰা-দৌৰিকৈ গৈ কেম্প পালো গৈ ৷ মুখখন ধুই গাড়ীত বহিলো ৷ মই ড্ৰাইভিং চিটত ৷ আন কেইজন হ’ল শৰ্মা চাৰ, স্বামীনাথন চাৰ, সহকৰ্মী বড়ো দা আৰু চক্ৰবৰ্তী ৷
গাড়ী স্টাৰ্ট কৰিয়ে তীব্ৰ গতি ৷ মানুহ কেইজনে কথা বতৰা পাতিবলৈ আৰম্ভ কৰা আগতেই আহি বোকাখাট পালো গৈ ৷ বড়োদাই মাত লগালে,‘দত্ত, অলপ ৰখোৱা ৷ পুৰি খাই লওঁ, পেৰা কেইটামানো কিনো ৷’
‘দাদা মোৰ মাছ কিনা নহ’ব দেখোন ৷’
শৰ্মা চাৰে মাত লগালে,‘এহ্ দত্ত তুমি মাছৰ কাৰনে কিয় ইমান চিন্তা কৰিছা ? কহৰা নাইবা বাগৰিত ডাঙৰ মাছ পাই যাম ৷ এনেও তোমাৰ ভোজৰ মাছ মই কিনাৰ কথা আছে ৷ ব’লা, ব’লা পুৰি খাওঁ ৷’
বোকাখাটতত এফালৰ পাৰ আৰম্ভ হ’ল পুৰি, পেৰা, চাহ, জৰ্দা পান, ভেট ৬৯ ৷
৫ মান বজাৰ আগে আগে শৰ্মা চাৰেই ক’লে,‘যাওঁ যাওঁ দত্তৰ মাছ কিনিবলৈ আছে ৷’
আকৌ গাড়ী স্টাৰ্ট কৰিয়ে তীব্ৰ গতি ৷
কহৰাৰ ওচৰ পাওঁতে এঠাইত শৰ্মা চাৰে চিঞৰ মাৰিলে,‘ৰখোৱা ৰখোৱা ৷’
‘কাউউউছছছছ!!’কৈ ব্ৰেক মাৰি দিলো ৷ এনেয়ে ভেট ৬৯ত লৰি আছিল মানুহবোৰ, গাড়ীত যি ব্ৰেক মাৰিলো গোটেইবোৰ গাড়ীখনৰ ভিতৰত যেনিয়ে তেনিয়ে লুটি খাই গ’ল !
শৰ্মা চাৰ আৰু বড়ো দা গাড়ীৰ পৰা নামি গ’ল ৷
এখন্তেক পাছতে দুয়ো ঘুৰি আহিল ৷
‘ইয়াত নাই ব’লা, বাগৰিত পাই যাম ডাঙৰ মাছ !’
আকৌ গাড়ীৰ তীব্ৰ গতি ৷
আৰম্ভ হ’ল মাছৰ পুৰান ৷
কি কি যে নাম শুনিলো !!
মই জনা মাছ কেইটা আছিল – ৰৌ, বাহু, চিতল, আৰি, মিৰিকা, মাগুৰ, শিংৰা, পাভ…
সেইদিনাখন আন বহু মাছৰ নাম শুনিলো তোৰা মাছ, মালি মাছ, নেৰীয়া মাছ, বটীয়া মাছ আৰু বহু নাম ৷
কোন খন নদী বা বিলত কোনটো মাছ পাই, কোনটো মাছ কেনেকৈ ৰান্ধিব লাগে, মাছ কেনেকৈ পাতত দিব লাগে, মাছত দিবলৈ সৰিয়হ কেনেকৈ বটিব লাগে আৰু কি কি যে কথা পাতিছিল এতিয়া তাৰে বহু কথা পাহৰিলো ৷ কিন্তু মই বুজিলো শৰ্মা চাৰ, বড়োদা আৰু চক্ৰবৰ্তীয়ে ইলেক্ট্ৰিক চাব-ষ্টেচনৰ কথা যিমান জানে তাতকৈ বেছি মাছৰ কথা জানে ৷
এই মাছৰ পুৰান চলি থকাৰ মাজতে বাগৰি পালো গৈ ৷
শৰ্মা চাৰ নে বড়োদাই চিঞৰ মাৰিলে,‘ৰখোৱা ৰখোৱা ৷’
‘কাউউউছছছছ!!’কৈ আকৌ ব্ৰেক মাৰি দিলো ৷
আকৌ গাড়ীৰ ভিতৰৰ ভেট ৬৯ত টগবগ মানুহবোৰ গাড়ীৰ ভিতৰতে বাগৰি পৰিল ৷
ইমান পৰে বুকুতে বেগ এটাত চেকখন সামৰি মনে মনে আহি থকা স্বামীনাথন চাৰে মাত ল’গালে,‘দত্ত তু মৰোৱয়েগা ক্যা ?’
গাড়ী ৰখোৱাৰ লগে লগে শৰ্মা চাৰ আৰু বড়ো দা গাড়ীৰ পৰা নামি ৰাষ্ট্ৰীয় ঘাই পথৰ বাওঁফালে এটা সৰু বাটে কৰবালৈ গ’ল ৷ কাকো একো নোসোধাকৈয়ে মই বুজিলো দুই মাছ এক্সপাৰ্ট কাজিৰঙাৰ মাছৰ সন্ধানত গৈছে ৷
অলপৰ পাছতে পাছত দুয়ো উভতি আহিল ৷
বড়োদাই মাত লগালে,‘দত্ত গাড়ী জখলাবন্ধালৈ চুটাই দিয়া ৷ তাত ফ্ৰেছ মাছ পাম ৷’
মই লাহে কৈ সুধিলো,‘ফ্ৰেছ মাছবোৰ কৰা পৰা ওলালেগৈ তাত ?’
বড়োদা,‘কাজিৰঙাৰ মাছ ৷’
কাম কৰি থাকোতেই বুজিছিলো বড়োদাৰ কাৰনে অসাধ্য একো নাই ৷ তেওঁ কাজিৰঙাত নোপোৱা কাজিৰঙাৰ ফ্ৰেছ মাছ জখলাবন্ধাত উলিয়াই দিলে আচৰিত হ’ব লগা একো নাই ৷
আকৌ গাড়ীৰ তীব্ৰ গতি ৷
আকৌ আৰম্ভ হ’ল মাছৰ পুৰান ৷
মাছৰ টেঙাখন সোৱাদ লগা হ’বলৈ হ’লে শাকখিনি কেনেকৈ কুটিব লাগিব, বিলাহিকেইটা কেনেকুৱা হ’ব লাগিব……….
গাড়ী গৈ বঢ়াপাহাৰ পালে গৈ ৷ বাহিৰত তেতিয়া অন্ধকাৰ ৷ পাছৰ ছিটত বহি থকা মাছৰ এক্সপাৰ্ট কেইজনৰ মাতবোল বন্ধ হ’ল ৷ সন্মুখৰ ছিটত মনে মনে বহি থকা স্বামীনাথন চাৰৰ ফালে চাই সুধিলো,‘চাৰ আপলোগ মছলী নেহী খাতে হ্যায় ক্যা ?’ চাৰে যি মুদ্ৰাত মুৰটো জোকাৰিবলৈ ধৰিলে মই ভয় খাই গ’লো কেনেবাকৈ সুলকি পৰিব বুলি ৷
জখলাবন্ধাত গাড়ী ৰখাই দিলো, কাজিৰঙাৰ ফ্ৰেছ মাছ কিনাৰ কথা আছে ৷
পাছ ফালে ঘুৰি দেখো তিনি এক্সপাৰ্ট গভীৰ নিদ্ৰাত ৷ ভেট ৬৯ৰ কৃপাত ছাগৈ !
গাড়ীৰ পৰা নামি ইফালে সিফালে চালো কৰবাত কাজিৰঙাৰ ফ্ৰেছ মাছ দেখো নেকি বুলি ৷
দুজনমান মানুহ মোৰ ফালে দৌৰ মাৰি অহা দেখিলো ৷ মনটো ভাল লাগি গ’ল ৷ কাজিৰঙাৰ ফ্ৰেছ মাছ পাই গ’লো তাৰ মানে !
‘ডিব্ৰুগড়, ডুমডুমা, ডিগবৈ …..’
মই বৰ উৎসাহেৰে সুধিলো,‘কাজিৰঙাৰ ফ্ৰেছ মাছ ক’ত পাম ?’
দুয়োজনে মোক নেদেখাৰ দৰে, মোৰ কথা নুশুনাৰ দৰে গাৰ কাষেৰে পাৰ হৈ গ’ল ৷
পিঠিটো পোনাই আৰম্ভ হ’ল আকৌ গাড়ীৰ তীব্ৰ গতি ৷
মিছাৰ ওচৰ পাওতে শৰ্মা চাৰ খপজপকৈ সাৰ পাই মাত লগালে,‘দত্ত জখলাবন্ধা পাৰ হ’লো নেকি ?’
‘হয় চাৰ ৷’
‘এহ্ তুমি মাতি দিব লাগিছিল ৷ কাজিৰঙাৰ মাছ পালো হয় ৷’
‘চাৰ মই বিচাৰিছিলো, কিন্তু কাজিৰঙাৰ মাছৰ সলনি ডুমডমাৰ বাছহে পালো ৷ মাছ বাদ দিওঁ নেকি আৰু !’
চক্ৰবৰ্তী আৰু বড়োদা দুয়ো জেকজেকাই উঠিল ৷
‘কিয় বাদ দিবা হে, ব’লা ব’লা পাই যাম মাছ ৷ আমি থাকোতে তুমি মাছ নোপোৱাকৈ কেনেকৈ থাকিবা হে ?’
অকনমান সময় মনে মনে গৈ আছো ৷ এক্সপাৰ্ট কেইজন শুই গ’লো যাত্ৰাটো আমনিদায়ক হৈ পৰে ৷ গতিকে মই মাছৰ পুৰানখন মেলিবলৈ পাঙিলো ৷
‘চাৰ নাৰ মাছ খাইছেনে ?’
মই নিজে নাজানো নাৰ নামৰ মাছ আছে নে নাই, দেখাতো দুৰৰে কথা ৷
কুহিপাঠত পঢ়া ‘নাৰ বাত পাভ মাছ’ পদ্যটো মনত পৰি সুধি দিলো ৷ মই সুধিবহে পালো, চক্ৰবৰ্তীৰ বৰ্ননা আৰম্ভ হৈ গ’ল ৷ বালিজান প্ৰজেক্টত থাকোতে কেনেকৈ নাৰ মাছ কিনিছিল, কেনেকৈ ৰান্ধিছিল, কিমান সোৱাদ আছিল ইত্যাদি, ইত্যাদি ৷
এইবাৰ মই নতুন কথা এটা ক’লো,‘মই মাছ কিনিব নাজানো ৷ কিনিয়ে পোৱা নাই ৷’
ক’বলৈহে পালো কথাষাৰ তিনিও জনে এনেকুৱা এটা চিঞৰ মাৰিলে স্বামীনাথন চাৰ উচপ খাই উঠিল ৷ চক্ৰবৰ্তীয়ে অলপ তাচ্ছিল্যৰ সুৰতে ক’লে,‘কি কোৱাহে মাছ কিনিব নাজানা ? তোমাৰ বয়স দেখোন ২৩মান হৈছে ৷’
মোৰ মনতো বেয়া লাগি গ’ল ৷ ২৩ বছৰ হোৱাৰ আগতে যে মাছ কিনিবলৈ শিকিব লাগে মই নাজানিছিলো ৷ আত্মপক্ষ সমৰ্থন কৰি ক’লো,‘মই ক্লাছ এইটৰ পৰায়ে ঘৰৰ বাহিৰত আছো ৷ হোষ্টেলত থাকোতে মাছ কিনাৰ সুবিধাই নাপালো ৷ এতিয়া শিকিব লাগিব ৷’
শৰ্মা চাৰে মাত লগালে,‘আজিয়ে তোমাৰ ট্ৰেইনিং হ’ব ৷’
ট্ৰেইনিং হ’ব মানে থিয়ৰী ক্লাছ আৰম্ভ হৈয়ে গ’ল ৷
‘মাছৰ পেটতো কিয়, কেনেকৈ, কিমান জোৰত হেচুকিব লাগিব ৷ কাণখন ডাঙি ফুলটো কেনেকৈ চাব লাগিব ৷ মাছ দেখি কেনেকৈ গম পাম পেটত কনী আছে নে নাই ……..’
বড়োদাই এখোপ আগবাঢ়ি বুজালে কেনেকৈ মাছ দেখিয়ে বুজিব পাৰিম মাছতো বিলৰ নে নদীৰ ৷
মই উৎসাহিত হৈ সুধিলো,‘বড়োদা মাছটো দেখি বুজিব পাৰিম নে কোনখন নদী বা বিলৰ পৰা আহিছে ?’
মোৰ কথাত গুৰুত্ব নিদি বড়োদাই ক’লে,‘চাৰ দত্তৰ ট্ৰেইনিঙৰ কাৰনে ঠাই পাই গ’লো ৷ তাতকৈ ভাল ঠাই আৰু নাই মাছ কিনা শিকিবৰ বাবে ৷’
শৰ্মা চাৰ,‘কোন ঠাইৰ কথা কৈছা ?’
বড়োদা,‘ধৰমতুলত, দলং পাৰ হৈ…..’
চক্ৰবৰ্তীয়ে বৰ আনন্দ পালে প্ৰস্তাবটোত,‘ অ অ অ !’
মই মাত লগালো,‘তাত মাছ নিকিনো দেই ৷ বৰ ঠগে হেনো ৷ কিবা ভেলকিবাজীও কৰে বোলে !’
চক্ৰবৰ্তী জাঙোৰ খাই আহিল,‘ধেই আদিৰ এইদিনত কোনোবাই মায়াঙৰ যাদুৰ কথাত বিশ্বাস কৰে নে ? নাই নাই তাতেই কিনিম ৷’
মনতে প্ৰশ্ন এটা ৰ উদয়,‘হ’ল চক্ৰবৰ্তীয়ে যে বিয়াৰ কাৰেন ছোৱালী এজনী চাইছে তাইৰ ঘৰ কেনেবাকৈ ধৰমতুলত নেকি ?’
মুখ ফুটাই ক’লো,‘দামো হেনো বহুত বেছি কৈ দিয়ে ৷’
এইবাৰ শৰ্মা চাৰে মোক বুজালে মাছ কিনোতে চৰা দাম কোৱা মাছ বেপাৰীৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে,‘তোমাক যদি কেজি ৪০০ টকা বুলি কয় তুমি ক’বা ২০০ টকা দিম ৷ তেতিয়া বেপাৰীয়ে তোমাক গালিও পাৰিব পাৰে নাইবা ক’ব ৩৯০ তলত এক টকাও কমাব নোৱাৰে ৷ তুমি দমত ক’বা ১৯০ত দিয়া যদি দিয়া নহ’লে যাওঁ ৷ চাবা তোমাক ১৯০ত নহ’লেও ২০০ টকাত মাছ দি দিব ৷’
মন ভাল লাগি গ’ল,‘ভাল কথা শিকিলো ৷ কলেজৰ ছিলেবাছত এইবোৰ থাকিব লাগে ৷ ইমান টান টান কথা শিকিলো, কিন্তু যিবোৰ কথা দৈনিক লাগি থাকে সেইবোৰেই দেখোন শিকা নহ’ল ?’
গাড়ী গৈ ধৰমতুল পালে ৷ মোৰ প্ৰেক্টিকেলৰ কাৰনে গোটেইকেইজন গাড়ীৰ পৰা নামিলো ৷ মই নামিলো প্ৰেক্টিকেল দিবলৈ; শৰ্মা চাৰ, বড়োদা আৰু চক্ৰবৰ্তী নামিল প্ৰেক্টিকেল ল’বলৈ; স্বামীনাথন চাৰ খুব সম্ভব নামিছিল পিঠি পোনাবলৈ ৷ একেবাৰে আগত মই, বাকীকেইজন মোৰ পাছে পাছে ৷ বড়োদাই মোক সকিয়াই গৈছে,‘৪০০ ক’লে ২০০ ক’বা কিন্তু, ৪০০ ক’লে ২০০ ক’বা কিন্তু !’ কেইবাজনো মাছ বেপাৰীয়ে বিভিন্ন ধৰনৰ মাছ দেখুৱাই দেখুৱাই চিঞৰিছে,‘এইফালে দাদা, এইফালে ৷’ মই যাম কোনফালে ধৰিব পৰা নাই ৷ চক্ৰবৰ্তীয়ে এজনৰ ফালে দেখুৱাই মোক ক’লে,‘তাৰ তালৈ যোৱা ৷ সি তোমাক ৪০০ টকা বুলি ক’ব ৷’
মই সম্পূৰ্ন নিশ্চিত হ’লো চক্ৰৰ্বতীৰ ভাবি পত্নীৰ ঘৰ ধৰমতুলতে, নহ’লেনো সি কেনেকৈ জানিব কোন মাছ বেপাৰীয়ে কিমান দাম ক’ব ?
চক্ৰৰ্বতীয়ে দেখুৱাই দিয়া বেপাৰীজনৰ ওচৰ পালো গৈ ৷ মই ২০০ টকা দিম বুলি কোৱাৰ আগতেই বেপাৰীয়ে মাত লগালে,‘দাদা লৈ যাওঁক, একেবাৰে তাজা মাছ , ৮০ টকাত দি আছো ৷’
মোৰ তপকৈ মাতিলো,’৪০ টকা দিম ৷’
মনতে ভাবিলো,‘আজি বেটা তই কাক ঠগিব আহিছ গম পাবি ! পুৰা ট্ৰেইনিং লৈ আহিছো ৷’
বেপাৰীজনে ক’লে,‘দাদা কিনো ধেমালী কৰিছে ৷ দোকান বন্ধ কৰো ৷ সেয়ে ৮০ টকা কৈছো ৷ লৈ
যাওঁক, ক’তো নাপাব এনেকুৱা মাছ ৷’
মই কিবা এটা কোৱা আগতেই শৰ্মা চাৰে মোৰ হাতখনত টান মাৰি গাড়ীৰ ফালে লৈ গ’ল,‘ব’লা ব’লা, ইয়াত মাছ নিকিনো ৷ কিবা গন্ডগোল আছে ৷’
মই আচৰিত হৈ সুধিলো,‘কি গন্ডগোল চাৰ ?’
‘ইমান কম দাম কৈছে ৷ কিবা জৰুৰ গৰবৰ আছে ৷ নালাগে ইয়াত মাছ কিনিব ৷ ব’লা মই বেলেগ ব্যৱস্থা কৰিম ৷’
মোৰ মনতো বেয়া লাগি গ’ল ৷ ভোজলৈ মাছ লৈ যাব নোৱাৰাৰ কাৰনে নহয়, মাছ কিনাৰ ট্ৰেইনিং আধাতে শেষ হোৱাৰ বাবেহে ৷
সেইখিনিৰে পৰা যোৰাবাট পোৱালৈকে সকলো মনে মনেই গৈ আছিল ৷ যোৰাবাটত স্বামীনাথন চাৰে মাত লগালে,‘দত্ত তুমহাৰা মাচ্ছীতো নেহি হুৱা, এক জনী ৱাকাৰ হি লে ল ৷ পেইছা হাম দেগা ৷’ খানাপাৰাত গাড়ী ৰখালো ৷ সকলোৱে উৰুকাৰ বিশেষ বজাৰ কৰিলে ৷
গনেশগুৰিত মই গাড়ীৰ পৰা নামিলো ৷ সকলোকে বিদায় জনাই ভাবিলো মাছ কিনাটো নহ’ল জনী ৱাকাৰ লৈ ঘৰ যোৱাতকৈ আড্ডাৰ ফালে যোৱাই ভাল হ’ব ৷ আড্ডাত কেইবাজনো বন্ধু আছিল ৷ জনী ৱাকাৰৰ অধ্যায় সমাপ্ত কৰি, ঘৰলৈ বুলি খোজ দিলো ৷
ঘৰ পাওঁতে ১১ মান বাজিল ৷
ঘৰত খুড়াৰ পৰিয়াল, বাইদেউ দুজনীৰ পৰিয়াল, পেহীদেউৰ পৰিয়ালকে আদি কৰি ভালেমান মানুহ ৷ মনতে ভবিলো মাছ এটা আনিব পৰা হ’লে ভাল হ’ল হয় ৷
মোক দেখি মায়ে ক’লে,‘তোৰ শৰ্মা চাৰে বৰ ধুনীয়া বাহু মাছ এটা পঠিয়াই দিছে ৷ অলপ আগেয়ে ড্ৰাইভাৰজনে দি গৈছে ৷ টেঙাখন হয় গৈ মানে তই গা-পা ধুই ল গৈ যা ৷’

No comments:
Post a Comment