Friday 25 January 2013

কুৰিছুত ভোজন বিলাস



১৯৯৯-২০০০চনত মই কিছুদিনৰ কাৰনে ভুটানত আছিলো, কুৰিছু জল বিদ্যুৎ প্ৰকল্পত
তাৰেই দুটামান ভোজন বিলাসৰ অভিজ্ঞতাৰ কথা খুজিছো
তাৰ আগেয়ে অলপ ঠাই ডোখৰৰ আভাষ দি লওঁ তেতিয়া কুৰিছুলৈ  যাব লৈ প্ৰথমে যাব লাগে ৰঙিয়া তামুলপুৰ দৰঙা হৈ ছান্দ্ৰুপ ঝংখাৰলৈ ছামদ্ৰু ঝংখাৰত অনুমতি লৈ আগ বাঢ়িব লাগে টাছিগাং, মংগাৰ হৈ গেলপজিঙলৈ সেই গেলপজিঙতে আছিল কুৰিছু জল বিদ্যুৎ প্ৰকল্প ছামদ্ৰু  ঝংখাৰ পৰা টাছিগাঙলৈ ১৮০ কিলমিটাৰ তাৰ পৰা গেলপজিঙলৈ আৰু ১২০ কিলমিটাৰ



আন এটা কথা উনুকিয়াবলৈ মন গৈছে   কুৰিছু জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মান কৰিছিল ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমে(NHPC) সেই সময়ত কুৰিছু প্ৰকল্পত ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম বা আন আন বিভিন্ন সংগঠনৰ হৈ কেইবাশ অভিযন্তা, কাৰিকৰী অৰ্হতা থকা লোকে কাম কৰিছিল তাৰোপৰি অনেক পৈণত, অপৈণত বনুৱাই কাম কৰি আছিল সেই প্ৰকল্পত মই প্ৰায় মাহ কাল তাত আছিলো সেই মাহত মই নব পাটোৱাৰী নামৰ এজন অভিযন্তা, মোৰ দলটোত থকা জন অসমীয়া যুবক আৰু আন এটা দলত থকা কেইজনমানৰ বাহিৰে তাত অসমৰ কোনো লোক লগ নাপালো তাত বংগ, বিহাৰ বা ওডিছাৰ কথা বাদেই দিছো সুদুৰ কেৰেলাৰ পৰা অহা কেইবাজনো যুবকক লগ পাইছিলো ইমান ওচৰতে থকাৰ পাছতো অসমৰ মানুহনো ইমান কম  কেনেকৈ বুজি নাপালো !

কাহিনী : প্ৰথম যাত্ৰাত ছিফ ইঞ্জিনীয়াৰ চাহাবৰ ভোজৰ বজাৰত ভেড়া

১৯৯৯চনৰ মে মাহৰ কথা নিবিদা দাখিল কৰিবলৈ আৰু লগতে ঠাইডোখৰনো কেনেকুৱা তাৰ বিষয়ে জানিবলৈ বুলি কুৰিছুলৈ বুলি ওলালো মই, অনুকুল দা আৰু অনিল দা অনুকুল দা মই সেই সময়ত কাম কৰা অভিযান্ত্ৰিক প্ৰতিস্থানটোৰ স্বত্বাধিকাৰী আৰু অনিলদা তেখেতৰ বন্ধু
সেই সময়ত ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ কুৰিছু প্ৰকল্পৰ এটা কাৰ্যালয় আছিল গুৱাহাটীৰ উজান বজাৰত  সেই কাৰ্যালয়ত খবৰ কৰোতে তাত থকা জন সম্পৰ্কৰক্ষী বিষয়াজনে আমাক বাৰে বাৰে সকিয়াই দিলে যে আমি নিজ গাড়ী লৈ  নগলে বৰ অসুবিধাত পৰিম খা-খবৰ কৰি গম পালো যাত্ৰা পথত ঠায়ে ঠায়ে গাড়ী কেইবাহাজাৰ ফুট উচ্ছতা পাব গৈ অনুকল দাই অলপ ভয় কৰিছে গাড়ীলৈ যাবলৈ মই কিন্তু ৰোমাঞ্চিত হৈ আছো, হিমালয় পৰ্বতমালাৰ এটা ঠেঙুলীৰে গাড়ী চলাবলৈ পাম
নিৰ্দিষ্ট দিনত আমি তিনিও গৈ ছামদ্ৰুপ ঝংখাৰ পালো গৈ ছামদ্ৰুপ ৰঙিয়াহৈ যোৱা পথত ভুটানৰ দুৱাৰ মুখ পৰ্বতৰ পাদদেশত থকা এখন সৰু চহৰ তাতে ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ কুৰিছু প্ৰকল্পৰ আন এটা কাৰ্যালয় আছিল সেই কাৰ্যালয়ত আমাৰ বিভিন্ন নঠি পত্ৰ দাখিল কৰিলো সেই কাৰ্যালয়ৰ তেওঁলোকে আমাক পঠিয়ালে ভুটান চৰকাৰৰ আন এটা কাৰ্যালয়লৈ সেই কাৰ্যালয়ে আমাৰ নথি-পত্ৰ সমুহ পৰীক্ষা কৰি যাত্ৰাৰ যাবতীয় অনুমতি প্ৰদান কৰিলে সেই কাৰ্যালয়ৰে এগৰাকী বিষয়া আছিল শ্ৰীমতী থিনলে তেখেতে বৰ ভাল পালে আমি নিজৰ গাড়ীলৈ ভুটানৰ ভিতৰলৈ যাবলৈ ওলোৱাৰ বাবে ভুটানৰ ৰাষ্টা-ঘাট কিমান ভাল , ভুটানত গাড়ী চলোৱাতো কিমান সুৰক্ষিত আদিৰ ওপৰত এটা সৰু ভাষনেই দিলে এইখিনি হওঁতে হওঁতে দিনৰ ১০ মান বাজি শ্ৰীমতী থিনলেয়ে আমাক লগতে এইটো কথাও বুজাই দিলে যে যদিও কুৰিছুলৈ দূৰত্ব মাথো ৩০০ কিলমিটাৰ এই বাট আছেসুউচ্ছ পাহৰৰ মাজেদি গতিকে এদিনা চালকৰ বাবে প্ৰায় ১২ৰ পৰা ১৪ ঘন্টা সময় লাগিব আমি ১৮০ কিলমিটাৰ আগুৱাই টাছিগাঙত ৰৈ দিয়াৰ বাহিৰে উপায় নাই

শ্ৰীমতী থিনলেৰ উপদেশ আৰু ভুটান চৰকাৰৰ মোহৰ মৰা অনুমতি লৈ আমি ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ কাৰ্যালয় পালো গৈ প্ৰায় ১১ মান বজাত যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছো এনেতে ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ ছামদ্ৰুপত থকা জনসম্পৰ্কৰক্ষী বিষয়াজন প্ৰায় উধাতু খাই অহাদি আহি লে आप लोग क्या कर रहे हैं? आप इन पहाड़ों में अपनी खुद की कार के साथ यात्रा करना चाहते हैं? आप अपने आप को मार डाला करना चाहते हैं? ?’ কথা শুনি আমি হতবাক কি কয় এইজনে ?
আমি লো,‘গুৱাহাটী কাৰ্যালয়, শ্ৰীমতী থিনলে সকলোৱে আমাক নিজৰ গাড়ীলৈ যাবলৈ পৰামৰ্শ দিছে তেওঁ অলপ উত্তেজিত হৈয়ে লে,‘उन लोगों को क्या पता है? मैं इन स्थितियों के साथ काम कर रहा हूँ! मेरा विश्वास करो, एक भूटानी ड्राइवर ले लो
আমি ইজনে সিজনৰ ফালে চালো আমি নিজৰ মাজতে কথা পাতিলো,‘কি কৰিম এতিয়া, পাম ভুটানী ড্ৰাইভাৰ ?’
জনসম্পৰ্কৰক্ষী বিষয়াজনে আমাৰ কথা-বতৰাবোৰ শুনি লে,‘चिंता मत करो! मैं कार और एक भूटानी ड्राइवर के लिए व्यवस्था की है
তেওঁৰ কথা শেষ হৈছে আৰু ঠিক সেই সময়তে এখন বগা মাৰুতি ভেন আহি উপস্থিত আমাৰ আগত খবৰ কৰি গম পালো ভাড়া ৬০০০ টকা
আমি ধন্যবাদ জনাই গাড়ীৰ ফালে আগবাঢ়িব লওঁতেই জনসম্পৰ্কৰক্ষী বিষয়াজনে অনুকুল দাৰ ওচৰলৈ গৈ লে,‘एक छोटे से request है
তেখেতৰ কথাৰ পৰা গম পালো পাছদিনা কুৰিছু প্ৰজেক্টৰ ছিফ ইঞ্জিনীয়াৰে কিবা এটা ভোজৰ আয়োজন কৰিছে ৷ গতিকে আমাৰ গাড়ীখনতে অকনমান ভোজৰ বজাৰ পঠিয়াই দিব খুজিছে তেখেতে
বিশেষ একো নাভাবি অনুকুল দাই সন্মতি জনালে
মাৰুতি ভেনৰ ওচৰ পাই চকু কপালত উঠিল আমাৰ লগত ভোজৰ অকমান বজাৰ যাব নে ভোজৰ সমগ্ৰ বজাৰৰ লগত আমি তিনিজন মানুহ যাম ????
ভানখনৰ পাছফালে আটা-আলু-পিয়াজ আদিৰ বস্তা, মিঠাতেলৰ টিং, কেপছিকাম, বিলাহী, মটৰ, চছৰ বটল, মাখনৰ পেকেট, কটা-মাছৰ আৰু কটা-কুকুৰা মাংস টোপোলা(সামান্যকৈ ভাজি থোৱা, কিয় ভাজি থোৱা আছিল পাছত ) কেইটামান টোপোলা ভেনখনৰ মাজৰ ছিটটোত আৰু দুটামান টোপোলা ড্ৰাইভাৰৰ সন্মুখত থকা ডেছবৰ্ডত !!
অনিলদা আলহী মানুহ গতিকে তেখেত বহিল সন্মুখৰ ছিটত পাছৰ ছিটত মই আৰু অনুকুল দা
গাড়ী চলিল ডেকা ড্ৰাইভাৰজনে যাত্ৰা পথ বুজাই দিলে দেওথাং, ৱামৰং, কাংলুং, টাছিগাং, মংগাৰ আৰু শেহত গেলপজিঙ মানে কুৰিছু পাম গৈ

পাহৰৰ মাজেৰে অকোৱা-পকোৱা বাট যদি গাড়ী বাওঁফালে ঘুৰে মই গৈ বাগৰি পৰো গৈ অনুকুল দাৰ ওপৰত আৰু মোৰ ওপৰত বাগৰি পৰে মাজৰ ছিটত থৈ দিয়া টোপোলাবোৰ যদি গাড়ী সোফালে ঘুৰে তেনে লে মোৰ ওপৰত বাগৰি পৰে অনুকুল দা আৰু আমি দুয়ো বাগৰি পৰো ছিটত থোৱা টোপোলাবোৰৰ ওপৰত সেইখিনি সহ্য কৰিব পৰা কথায়ে আছিল কিন্তু কেপছিকাম, জলকিয়া, ভজা মাছ-মাংস আৰু গাড়ীৰ ভিতৰত থকা পেট্ৰলৰ গেলনটোৰ পৰা ওলোৱা গোন্ধটোৱে বন্ধ গাড়ীখনৰ ভিতৰত এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যে ভাবিবলৈ বাধ্য লো ভগবানে নাক বোলা বস্তুটো নিদিয়া লেও হয় !

অকমান দূৰ যোৱাৰ পাছত ড্ৰাইভাৰজনে মাত লগালে,‘আপোনালোকক পালো ভালেই নহলে অকলে অকলেই যাব লগা হয়
অনুকুল দাই মোক নে অনিলদাক সুধিলে,‘ভুটানত অকলে অকলে গৈ ভাড়া মাৰে নেকি ? তেতিয়া ভাড়া কোনে দিয়ে ?’
ড্ৰাইভাৰক সুধিলো,‘মানে ?’
ড্ৰাইভাৰে বুজালে,‘এই বজাৰ লৈ মই অকলেই যাব ওলাইছিলো তেতিয়া চাৰে লে আপোনালোকে হেনো ভাড়া গাড়ী বিচাৰি আছে ময়ো ভালেই পালো আপোনালোকক নিবলৈ পায় সেই চাৰৰ পৰা ভাড়া উলিৱা বৰ টান কিন্তু ইমান ভাল ৰাষ্টাত আপোনালোকৰ নিজৰ গাড়ী থাকোতেনো আপোনালোকে গাড়ী আকৌ কিয় ভাড়া কৰিলে ? এইখন ভুটান হয় চাহাব , বৰ সুৰক্ষিত অহাবাৰৰ পৰা গাড়ী ভাৰা নকৰিব

আমি বুজিলো ছিফ ইঞ্জিনীয়াৰ ভোজৰ বজাৰৰ লগত সেই ভেনখনত তিনিটা ভেড়াও গৈ আছে !

এটা কথা কিন্তু, ছিফ
ইঞ্জিনীয়াৰ ভোজত পাছে আমাক নিমন্ত্ৰণ কৰিছিল ৷ ৬০০০ টকা খৰছ কৰি যে আমি ভোজৰ বজাৰ কঢ়িয়াই আনিছিলো ৷

কাহিনী : কুৰিছুত খোৱা বোৱা

নিবিদাৰ পাছত কামৰ আবন্টন হৈ কাম আৰম্ভ কৰো কৰো মানে অক্টোবৰমাহ পালে গৈ মই সদলবলে কুৰিছুত উপস্থিত লো কাম আৰম্ভ
অক্টোবৰ মাহত কুৰিছুত ঠান্ডা পৰিবলৈ আৰম্ভ কৰিছে কাম কৰিবলৈ বৰ অসুবিধা পাইছো কিন্তু তাতকৈয়ো ডাঙৰ অসুবিধা পালো খোৱা-বোৱাকলৈ কেইখনমান দোকান আছে ৰছদপাতি পোৱা যায় ৰছদপাতি মানে চাউল, ডালি, তেল, নিমখ, ছেনী,কনী, মেগী, মাখন, ঘিউ, চাহপাত, পাপৰ, টেমাত ভৰাই থোৱা মাছ, আলু, পিয়াজ আৰু ছুৰপি নামৰ ভুটানত স্থানীয় ভাবে তৈয়াৰ কৰা এবিধ ছিজ এইকেই পদ সামগ্ৰীৰ বাহিৰে দোকানবোৰত আৰু একো পোৱা নাযায় কৰবাত কেতিয়াবা পাচলিৰ নামত দুটা এটা কিবা-কিবি ওলাই কিন্তু সেইবোৰ লেৰেলি যি অৱস্থা হৈ গৈ কি পাচলি কৈ নিদিলে মই ধৰিবকে নোৱাৰো কিনো বিক্ৰী কৰি আছে এটা উদাহৰণ দিওঁ বেঙেনাবোৰ শুকাই এনে এটা ৰূপ হয় গৈ যে কিবা হাইব্ৰিড লেচেৰামাহ যেন লাগেগৈ 
মাছ মাংস পাবলৈ নাই খা-খবৰ কৰি গম পালো ভুটানত বেছি ভাগ লোকে জীৱ হত্যা পাপ বুলি ভাবে গতিকে মাছ কুকুৰা আদি স্বাভাবিক ভাবে বা আন কোনো কাৰনত মৰিলেহে খায়, এনেয়ে নাখায় মোৰ মনত নপৰা মই তেনেকৈ কেতিয়াবা মাছ বা মাংস খাইছো নে নাই সেইযে ছিফ ইঞ্জিনীয়াৰৰ ভোজৰ মাছ মাংস যে ভাজি আনিছিলে তাৰ কাৰন বুজি পালো কুৰিছুত কুকুৰা মৰা নিষেধ !
মাজে মাজে নদীবান্ধৰ কামত কুৰিছু নদীত ডাইনামাইট বিস্ফোৰণ কৰি পাথৰ ভাঙে সেই বিস্ফোৰণত কুৰিছু নদীত থকা মাছবোৰ মৰে ভুটানী বেপাৰীয়ে লৈ আনে ডাইনামাইট বিস্ফোৰণত মৃত্যু মুখত পৰা মাছ মোৰ কিন্তু সাহয় নহ ডাইনামাইটেৰে মৰা মাছ খাবলৈ
আমি থকা ঠাইডোখৰত বিভিন্ন প্ৰতিস্থানৰ ভালেমান বাহৰ আছে প্ৰতি শুক্ৰবাৰে আবেলি সেই বাহৰবোৰত থকা লোক সকল এখন বিশেষ ট্ৰাকৰ বাবে অপেক্ষা কৰি থাকে সেই ট্ৰাকখন  গুৱাহাটীৰ পৰা আহে আৰু তাত বোজাই হৈ আহে পাচলি, কটা মাছ আৰু কটা মাংস !!!
আমি কথাটো বহু দিনলৈ গমেই পোৱা নাছিলো গম পোৱাৰ পাছত এদিন শুকুৰবাৰে মই আৰু মোৰ সহকাৰী লক্ষেশ্বৰ আৰু ৰন্তু ওলালো সেই বিশেষ ট্ৰাকখনৰ পৰা পাচলি আৰু মাছ-মাংস আনিবলৈ ট্ৰাকৰ ওচৰ নৌপাওঁতেই উৎকৎ গোন্ধ এটা আহি নাকত লাগিল ট্ৰাকত ভুমুকি মাৰি দেখিলো কটা মাছৰ ওপৰত ভেনা মাখিৰ ভেনভেননি সেই মাছবোৰ নিশ্চয়কৈ অন্ধ্ৰৰ পৰা অহা মাছ ৰঙিয়ামানত ছাগৈ সেইবোৰ কটা হৈছে তাৰ পাছত ট্ৰাকত উঠি কমেও চাৰিদিনৰ যাত্ৰাৰ পাছত আহি কুৰিছু পাইছে মোৰ ওকালি আহি ৰন্তুৱে লে,‘চাৰ মাছ নাখাও নেকি !’

কাহিনী : মংগাৰত ছিকেন ফ্ৰাইড ৰাইছ

এবাৰ কামত টকাৰ প্ৰয়োজন সৰহীয়াকৈ এনেয়ে টকা গুৱাহাটীৰ অফিছৰ পৰা ভুটান পোষ্টৰ মনি অৰ্ডাৰ যোগে আহে যথেষ্ট সময় লাগে সেই টকা পাওঁতে গতিকে মোৰ হাতত বিপদৰ সময়ৰ বাবে থৈ দিয়া ট্ৰেভেলাৰছ ছেক দুখনমান ভাঙিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলো তাৰ বাবে ৪০ কিলমিটাৰ দুৰৈত থকা মংগাৰলৈ লো মংগাৰ পূব ভুটানৰ এখন জংখা (dzongkhag) অৰ্থাৎ জিলা তাত বেংক আদি আছে মংগাৰত বেংক অব ভুটানৰ শাখাত সোমাই যেতিয়া লো,মই ডেৰ লাখ টকাৰ ট্ৰেভেলাৰছ ছেক ভঙাব খুজিছোতেতিয়া বেংকৰ পৰিচালকে বৰ দুখেৰে জনালে,‘Sir you will have to wait for few hours . We do not have that much in the branch. I am sending my people to bring the cash but that will take few hours. So you will have to wait .’
মোৰনো উপায় কি আছে ? গতিকে মই মংগাৰ চহৰখন ফুৰিবলৈকে মনস্থ কৰিলো পৰিস্কাৰ, সুন্দৰ, সৰু চহৰ ঘুৰি ঘুৰি কেইবা ঘন্টাও পাৰ কৰিলো মাজে মাজে বেংকত সোমাই খবৰ কৰো, টকা আহিল নেকি শেষৰ ফালে মই বেংকৰ দিশে খোজ লোৱা দেখিলেই বেংকৰ পৰা কোনোবা নহয় কোনোবাই হাত জোকাৰি বুজাই দিয়ে,‘নাই অহা
ভোক লাগিল ভাবিলো হোটেল এখনত সোমাই মেগীকে খোৱা যাওঁক ইমান দিন ভুটানত থাকি মই বুজি পাইছিলো যে ভুটানী হোটেলত মই খাব পৰা একমাত্ৰ খাদ্যবিধৰ নাম মেগী
সোমায়ে দেখিলো ইউৰোপীয় ভদ্ৰলোক-ভদ্ৰমহিলা এহালে তাত আহাৰ গ্ৰহণ কৰি আছে আঁৰ চকুৰে চালো কিনো খাই আছে ভাতখিনি দেখাত অলপ ৰঙচুৱা, লগতে কুকুৰা মাংস !!!!
মন ভাল লাগি ছিকেন ফ্ৰাইড ৰাইছ !!!!
হোটেল মালিকে জানিব বিচাৰিলে কি খাম মই
চকু দুটা বৰ তৃপ্তিত মুদি লো,‘ছিকেন ফ্ৰাইড ৰাইছ !’
মালিকে মুৰটো জোকাৰি লে,‘ছিকেন ফ্ৰাইড ৰাইছ নাই
মই বুজিলো এওঁলোকে ছিকেন ফ্ৰাইড ৰাইছক কিবা বেলেগ নাম দি থৈছে বুজালো ইউৰোপীয়হালে যি বস্তু খাইছে তাকেই খাম
অলপ সময়ৰ পাছত আহিল মোৰছিকেন ফ্ৰাইড ৰাইছ
উৱা !! এইবোৰ কি ????
ৰঙচুৱা ভাতখিনি এতিয়াও ৰঙচুৱা হৈয়ে আছে কিন্তু চয়াচছ দিয়াৰ কাৰনে ৰঙা হোৱা নাই চাউলখিনিয়ে ৰঙা দেখোন আৰু একোটা একোটা চাউল .কে.৪৭ বন্দুকৰ গুলিটোৰ সমান সাংঘাটিক ভোক লাগি আছিল বৰা চাউলৰ ভাতৰ দৰে বুলি খাবলৈ আৰম্ভ কৰিলো মাংসৰ বাটিত চামুছখন লগাই দিয়াৰ লগে লগে এনে এটা গোন্ধ পালো যে পেট পাক মাৰি কি শাক পাত মিহলাইছে জানো ? মাংসত দুকামোৰ মাৰি বাদ দিলো সুদা ভাতখিনিতে নিমখ আৰু মিঠাতেল মিহলাই খালো বৰ তৃপ্তি পালো
মালিকক টকা পৰিশোধ কৰি সুধিলো,‘আপুনি কুকুৰা মাংস পাইছে ?’
মই মনতে ভাবি আছিলো মংগাৰৰ পৰা কুকুৰা মাংস লৈ যাব লাগিব
মালিকে জনালে,‘মংগাৰত কুকুৰা নাপায়
মই আকৌ সুধিলো,‘তেনেহলে পালে মাংস ?’
মালিক,‘গোটেই মাংস ২৪০ কিলমিটাৰ আতৰৰ ছামদ্ৰুপৰ পৰা আহে মোৰ ভাইটোৱে তাৰ পৰায়ে কুকুৰাবোৰ কাটি বাছি  পঠিয়াই দিয়ে
মই অলপ সন্দেহেৰে সুধিলো,‘সদায় ?’
মালিকে ধেক ধেককৈ হাঁহি লে,‘নাই নাই সদায় পঠিয়াব ? ১৫ দিনমানৰ অন্তৰে অন্তৰে আহে আপুনি খোৱাখিনি ১০/১১ মান আগৰ চাওঁক মোৰ ফ্ৰীজ খালি হৈছে গৈ আৰু
ফ্ৰীজটো খুলি দেখুৱালে ভিতৰত কুকুৰা মাংস, গো মাংস, মাছ, গাহৰী মাংস একে লগে থৈ দিয়া আছে আৰু ফ্ৰীজটোৰ ভিতৰত থকা লাইটো জ্বলি থকা নাই !
মই বৰ আশাৰে সুধিলো,‘মংগাৰত কাৰেন্ট থাকেতো ?’
মালিকে লে,‘নাই নাই কাৰেন্ট সন্ধিয়া নমাৰ পৰা ৰাতি মান বজালৈ থাকে মই এই ফ্ৰীজটোত মাংসবোৰ আজিহে ভৰাইছো এনেয়ে মাংসবোৰ টৌ এটাত থওঁ আজি এজনে টৌটো কিবা সকামৰ কাৰনে লৈ গৈছে
মোৰ পেটটো গুৰগুৰাবলৈ ধৰিলে

কাহিনী : ভুটানৰ পাহাৰত কুকুৰা বিচৰা অভিযান
২০০০ চনৰ মাৰ্ছ মাহ কুৰিছুত আমাৰ কাম শেষ হৈ আহিছে শ্ৰীবাস্তৱ নামৰ ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমত কৰ্মৰত এজন ডেকা অভিযন্তাৰ সৈতে তেতিয়া মোৰ বন্ধুত্ব ৷
তেওঁ এদিন খবৰ দিলে,‘दत्ता बहुत खबर है !ভাল খবৰটো এনে ধৰনৰ যে শ্ৰীবাস্তৱে এজন মানুহ বিচাৰি পাইছে যি আমাক এটা কুকুৰাৰ ওচৰলৈ লৈ যাব পাৰিব ৷
কামৰ শেষত দুয়ো ওলালো আমাৰকুকুৰা প্ৰদৰ্শক লগ কৰিবলৈ
এজন নেপালী ডেকা ৰা তেওঁ আমাক লে দুটা পাহাৰ সিপাৰে এখন নেপালী গাওঁ আছে তাত কুকুৰা বিক্ৰী কৰে আৰু কুকুৰা মাৰি কাটি বাচিও দিয়ে
মোৰ প্ৰথম প্ৰশ্ন,‘দুটা পাহাৰ মানে কিমান কিলমিটাৰ ?’
কুকুৰা প্ৰদৰ্শকেমুৰটো জোকাৰি লে,‘নাজানো, কিন্তু গাড়ীৰে যদি যাওঁ তেনেহলে ৰাতিপূৱা লে দুপৰীয়া মানে আহি পায় যাম
মনতে ভাবিলে,‘সি বাৰু কিয় ভাবিছে আমি দুটা পাহাৰ এটা কুকুৰাৰ কাৰনে খোজ কাঢ়ি যাম ?’
পাছদিনা সাতমান বজাতে মই, অনুকুল দা, শ্ৰীবাস্তৱ আৰু আমাৰ কুকুৰা প্ৰদৰ্শক  ওলালো দুটা পাহাৰ সিপাৰৰ কুকুৰা বিচাৰি
গৈ আছো তিনিটামান পাহাৰ পাৰ হোৱাৰ পাছত কুকুৰা প্ৰদৰ্শক সুধিলো,‘হেৰা পাহাৰ দেখোন তিনিটা পাৰ লো, দুটা পাহাৰ সিপাৰেহে আছিল গাওঁখন ?’
চাৰ খোজ কাঢ়ি লে দুটা পাহাৰ গাড়ীত আহিছো আৰু দুটামান পাহাৰ পাৰ লাগিব
মনতে ভাবিলো,‘খাইহে এৰিম আজি কুকুৰা !’
এঘাৰমান বজাত কুকুৰা প্ৰদৰ্শকপ্ৰদৰ্শকে লে,‘পাই লো ৰখাওঁক
আমি ইফালে সিফালে চালো ৰাস্তাৰ সোহাতে এটা মসৃণ পাহাৰ, মাকৈ খেতিৰে ভৰি আছে বাওঁহাতে এখন সৰু দোকান আৰু দোকানখনৰ সিপাৰে খাৱৈ কিন্তু  গাওঁ , কুকুৰা ?
কুকুৰা প্ৰদৰ্শকেলে,‘চাৰ এই পাহাৰখনৰ সিপাৰেই গাওঁখন আছে বলক
আমি তিনিও ইজনে সিজনৰ চকুলৈ চালো
হেৰা তুমিয়ে যোৱা, যি পোৱা লৈ আনা আমি ৰৈছো ইয়াতে
কুকুৰা প্ৰদৰ্শক পাহাৰখনৰ সিপাৰলৈ আৰু আমি গৈ বহিলোগৈ বাওঁফালৰ দোকানখনত
আমি বহি লৈ কথা পাতিবলৈ আৰম্ভ কৰিলো অলপ পৰৰ পাছে পাছে পাহাৰখনলৈ চকু দিওঁ, কিজানিবা আহিছেই আমাৰ কুকুৰাটো !
এপাকত শ্ৰীবাস্তৱে লে,‘বিয়েৰ এটা এটা খাওঁ লা
মই লো,‘তোমালোকেই খোৱা মই গাড়ী চলাব লাগিব
ভুটানৰ দোকানবোৰৰ এটা বৈশিষ্ট আছিল দোকান মানেই তিনিবিধ বস্তু থাকিবই মেগী, ছিগাৰেট আৰু মদ
শ্ৰীবাস্তৱে ফষ্টাৰছৰ টেমা এটা খুলি লে আমি কথা পাতি আছো আৰু চকু পাহাৰ দিশে পোনাই থৈছো
এবাৰ উঠি গৈ খাৱৌটোৰ ফালে দেখুৱাই দোকানীজনক সুধিলো,‘দাজু সেই পাৰে কি আছে ?’
উত্তৰ শুনি মুৰ ঘুৰাই
দাজুৰ উত্তৰ আছিল,‘সৌৱা যে খুটাবোৰ দেখিছে তাৰ পৰা তিব্বত সীমান্ত !’
তাৰমানে এটা কুকুৰা বিচাৰি আমি ভুটানৰ পৰা আহি তিব্বত পালো !!!!!!
আজি খাইহে এৰিম বাপ্পেকে !!!!!
শ্ৰীবাস্তৱৰ ফষ্টাৰছৰ টেমাবোৰৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আকাশৰ ফালে চাই দেখিলো আমি আহি পাওঁতে মুৰৰ ওপৰত থকা বেলিটো গৈ পশ্চিম আকাশ পালে গৈ
কিন্তু পাহাৰখনৰ সিপাৰে থকা কুকুৰাটো আহি পোৱা নাই দেখোন
শ্ৰীবাস্তৱৰ জিভা লৰিবলৈ ধৰিলে,‘আজি তাৰ চাকৰি খাম মই ! মোক চিনি পোৱা নাই
দোকানীয়ে মাত লগালে,‘চাৰ সৌৱা আহি আছে আপোনালোকৰ কুকুৰা !’
আমি উঠি গৈ পাহাৰ ফালে চালো
কুকুৰা প্ৰদৰ্শকে  আনিছে কি ? তেতিয়াও কুকুৰা প্ৰদৰ্শক  আমাৰ পৰা বহু দূৰৈত আছে কিন্তু চকুৰে যি দিখিছো সেইটো কুকুৰাতকৈ এটা বাওনা উট চৰাই যেনহে লাগিছে দেখোন !

আমাৰ ওচৰ পাওঁতে দেখিলো সেইটো এটা কুকুৰাই হয় গীনিজ বুকুৰ কোনোবাই দেখা লে নিশ্চয় লে হয়,‘এইটো পৃথিবীৰ সবাতোকৈ বৃদ্ধ কুকুৰা !’
মোৰ কুকুৰা খাবৰ মন নোহোৱা
ইতিমধ্যে কুকুৰা প্ৰদৰ্শক’ , শ্ৰীবাস্তৱ আৰু দাজু ব্যস্ত কুকুৰা কটাত আৰু মই খুলি লো এটা ফষ্টাৰছৰ টেমা

ঘুৰি আহি কুৰিছু পাওঁতে নিশা ১০মান বাজিল
মই দুখে ভাগৰে শুই থাকিলো
পাছদিনা  লক্ষেশ্বৰহঁতে কোৱামতে প্ৰেছাৰ কুকাৰত এঘন্টামান সিজোৱাৰ পাছতহে সিজিছিল !
কুকুৰা মাংস চোবাই চোবাই ঘামি হেনো গোটেইবোৰ !!!

1 comment:

  1. অনন্য ভোজন বিলাস :)
    বৰ্ণনা অনুপম হৈছে ।

    ReplyDelete