Friday 25 January 2013

গাড়ীৰ নাম্বাৰ প্লেট !

সৰুৰে পৰা গাড়ীৰ নাম্বাৰ প্লেট, তাত থকা সংখ্যাবোৰ, তাত থকা কথাবোৰে মোক আকৰ্ষিত বৰকৈ কৰি আহিছে ৷

১৯৮০ চনমানৰ পৰা দেউতাৰ ওচৰত এখন বিভাগীয় গাড়ী আছিল - ASG 3045 ৷
সেইখনত উঠি কেইবাবাৰো চালাকাটিৰ পৰা গুৱাহাটীলৈ গৈছিলো ৷ মই সন্মুখৰ আসনত বহি ৰাষ্টাৰ গাড়ীবোৰকেই প্ৰাধনকৈ লক্ষ্য কৰি যাওঁ, কি নাম্বাৰ প্লেট, কি লিখা আছে , কোন ৰাজ্যৰ গাড়ী হ’ব বাৰু..... ?

এবাৰ তেনে এক যাত্ৰাত মনলৈ খেয়াল এটা আহিল ৷ নাম্বাৰ প্লেটৰ আখৰবোৰে কি কি অৰ্থপূৰ্ন শব্দ পাব পাৰো !!
ASK, TRY, AMY................. বাকী শব্দবোৰ এতিয়া মনত পৰা নাই ৷

১৯৮৪চনত মই পঢ়া-শুনাৰ কাৰনে গুৱাহাটীলৈ আহিলো ৷
স্কুললৈ যাবলৈ বুলি গুৱাহাটী বিশ্ববিদ্যলয়ৰ মাজেৰ পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থাকোতে দুবিধ বেলেগ ধৰনৰ নাম্বাৰ প্লেট দেখা পালো - CH আৰু A/F ৷ মই গাওঁৰ পৰা অহা লৰা এইবোৰ বুজি নাপাওঁ ৷ বন্ধু এজনক সুধিলো,‘ক’ৰ গাড়ী এইবোৰ ?’
বন্ধুৱে বুজাই দিলে,‘CH চীনদেশৰ আৰু A/F বায়ুসেনাৰ !’

বহু দিন পাছৰ কথা ৷
কলেজত পঢ়ো, শিলঙলৈ গৈ আছিলো বাছেৰে ৷ মই, কল্যাণ আৰু কোনোবা এটা ৷ আমাৰ সন্মুখৰ বাছখনৰ নম্বৰ আছিল TRY-199 ৷ আমি ভাবিছিলো আকৌ TRY-199 এটা উপদেশ, সেইদিনা ‘তীৰ’ত কিমান নম্বৰ উঠিব !!!

আজি কালি গাড়ীৰ নম্বৰতকৈ নাম্বাৰ প্লেটত থকা আন কথাবোৰে বেছি আকৰ্ষিত কৰে ৷
তাৰো কিছু কথা অনুমান কৰি লওঁ কিয়নো লিখিলে, কেতিয়াবা বুজি নাপাওঁ কিয় লিখা আছে তেনেকৈ !

বহু গাড়ীৰ নাম্বাৰ প্লেটত SUNU, MUNU, RIDIP, JUNALI, ANKITA আদি বুলি লিখা থাকে ৷ মনতে ভাবি লওঁ সেইবোৰ কোনোবা প্ৰিয়জনৰ নাম ৷ মৰমতে লিখি লৈছে ৷

বহু গাড়ীৰ নাম্বাৰ প্লেটত ‘মা-দেউতাৰ আশীৰ্বাদ’ বুলি লিখা থাকে ৷ মনতে ভাবি লওঁ শ্ৰদ্ধা জনাবলৈ লিখি লৈছে ৷

বহু গাড়ীৰ নাম্বাৰ প্লেটত Hypo. to --- Bank বুলি লিখা থাকে ৷ মনতে ভাবি লওঁ বেংকটোক কৃতজ্ঞতা জনাবলৈ লিখি লৈছে ৷
বহু গাড়ীৰ নাম্বাৰ প্লেটত পদবীৰ কথা লিখা থাকে ৷ মনতে ভাবি লওঁ প্ৰতিপত্তি দেখুৱাবলৈকে লিখা ছাগৈ ! (অৱশ্যে কোনে নিৰ্দেশনা থাকিবও পাৰে গাড়ীৰ নাম্বাৰ প্লেটত পদবীৰ সংক্ৰান্তত ৷)

বহু গাড়ীৰ নাম্বাৰ প্লেটত DOCTOR বুলি লিখা থাকে ৷ মনতে ভাবি লওঁ ছাগৈ, তেওলোকে গৈ বাটত কোনো ৰোগী থাকিলে বা তেওলোকে গাড়ী ৰখাই থোৱা ঠাইত কোনো ৰোগী থাকিলে ডাক্টৰ বিচাৰিবলৈ সুবিধা হ’ব ৷

বহু গাড়ীৰ নাম্বাৰ প্লেটত PRESS বুলি লিখা থাকে ৷ মনতে ভাবি লওঁ হেঁচা মাৰি দিবলৈ কৈছে ছাগৈ !

বহু গাড়ীৰ নাম্বাৰ প্লেটত ADVOCATE বুলি লিখা থাকে ৷ মনতে ভাবি লওঁ ছাগৈ, ..................

যোৱা দুদিনমানত দুখন বেলেগ বেলেগ বাইকৰ এখনত দেখা পালো লিখা আছে Choreographer আৰু আন খনত লিখা আছে Architect ৷ মনতে ভাবি ল’লো ছাগৈ, ..................

মই কিন্তু একেবাৰে বুজা নাই কোনোবাই কিয় গাড়ীৰ নাম্বাৰ প্লেটত লিখি ল’ব
NACHI MAMA KUCHI MAMA
AS01-AT-01xx
1 2 DIE - GO FAST!!!!!!!!!!!!!!!!

কি হ’ব পাৰে কাৰনতো??
‘মোৰ গাড়ীৰ নাম্বাৰ প্লেট যিমন যায় তাকেই লিখিম’ - এইটো এটা কাৰন হ’ব পাৰে ৷ যদি নহয় কি হয় বাৰু??

টোকা - মোৰ কাম-বন বেছি নাই সেই কাৰনে এইবোৰ ভাবি থাকো ৷ আপুনি আকৌ বেলেগ কথা নাভাবিব !!

No comments:

Post a Comment